দিগন্ত
ওজা
বিজ্ঞান সমাজৰ বাবে, বিজ্ঞান সুস্থ চেতনাৰ বাবে— এই আদৰ্শকে সাৰোগত কৰি সেই হাইস্কুলীয়া দিনৰে পৰা অন্ততঃ ছটা দশকজুৰি নিজকে সমৰ্পীত কৰি অহা ক্ষীৰধৰ বৰুৱাৰ আজি ওপজা দিন৷ অসমৰ পঢ়ুৱৈসমাজৰ ওচৰত বিজ্ঞান-সাহিত্যিক বুলিয়েই মূলতঃ পৰিচিত এই ব্যক্তিজনৰ কিন্তু সেইটোৱেই একমাত্ৰ পৰিচয় নহয়— সাহিত্যিকৰো ঊৰ্ধত তেওঁ বিজ্ঞান আৰু সমাজৰ একত্ৰিত ভাৱনাৰ প্ৰতি এক উৎসৰ্গীত প্ৰাণ৷ সেইবাবেই ডেকা কালৰেপৰা চাইকেলত বিজ্ঞানৰ বিচিত্ৰ সঁজুলিৰ টোপোলা বান্ধি বাটকুৰি বাই গাঁৱে গাঁৱে ঘূৰি, সাধাৰণ কথাৰ মাজতো জড়িত থকা বৈজ্ঞানিক চেতনাৰ প্ৰতি গঞা আৰু ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰি আহিছে৷ সময়ৰ লগে লগে চাইকেলৰ স্থান ল’লে স্কুটাৰ আৰু চাৰিচকীয়াই৷ বয়সে শৰীৰত কেতিয়াবা বলিৰেখা পেলালেও উদ্যমত এতিয়াও হৈ ৰৈছে সেই সত্তৰ-আশীৰ দশকৰ যুৱকজন৷ আনকি সীমিত উপাৰ্জনেৰে পৰিয়াল পোষণৰ বস্তুবাদী দৰ্শনক নেওচি নিজে ক্ৰয় কৰা মাটিত নিজে সজা ঘৰ বিগত বিশ বছৰৰো অধিক কাল ব্যৱহাৰ কৰি আহিছে শিশুসকলক হাতে-কামে সাজি বিজ্ঞানৰ শিক্ষাদানত, কেতিয়াবা বিজ্ঞান লেখক আৰু সাংবাদিকৰ কৰ্মশালা পতাত৷ তেওঁৰ মানস সন্তাম ‘আকাশ’ৰ মাজেৰে ওলাই যোৱা অনেক আজি ব্যস্ত বিভিন্ন কৰ্মক্ষেত্ৰত৷ কোনে ক’ব— অনাগত দিনত এই ‘আকাশ’ৰ মাজেৰেই নোলাব কোনো যুৱ বিজ্ঞানী?
ধন অনেকে ঘটে৷ মধ্যবিত্তীয় জীৱনত কোনে নুই কৰিব ধনৰ প্ৰয়োজনীয়তা? কেইজনে সমাজক আগুৱাই নিয়াৰ স্বাৰ্থত নিজৰ উৎকৰ্ষৰ প্ৰতি আওকণীয়া হৈ ৰ’ব পাৰে?– ক্ষীৰধৰ বৰুৱা এইখিনিতেই বিৰল ব্যতিক্ৰম৷ বিজ্ঞান-সাহিত্যিক হিচাপে তেওঁ কেতিয়াবা ধৰিছে অনুবাদত ঃ ভাঙি উলিয়াইছে অতি জটিল বুলি খ্যাত বাৰ্টোল্ট ব্ৰেষটৰ ‘গেলিলিও গেলিলি’
নাটক (২০১১), বিজ্ঞান-দাৰ্শনিক আৰৱিন শ্ৰুডিংগাৰৰ ‘জীৱনৰ ৰহস্য’ (২০২০), এইচ জি ৱেল্ছৰ ‘দ্য টাইম মেচিন’ (২০০৪), বি এফ ছাপগাৰৰ ‘সাগৰৰ গৰ্ভত মানুহ’ (২০০০), চিন্তন এনভাইৰনমেণ্টেল ৰিচাৰ্ছ গ্ৰুপৰ ‘প্লাষ্টিক ঃ মানৱ জাতিৰ প্ৰতি ভাবুকি’ (২০০৭) আদি; কেতিয়াবা লিখিছে জীৱনী ঃ ‘ৰসায়নৰ পঞ্চৰত্ন’ (১৯৯৮), ‘বিশ্ববিখ্যাত মহিলা বিজ্ঞানী’ (১৯৮৩, ২০১৬) ‘লুই পেষ্টৰ’ (২০১৪), ‘একুৰি বিজ্ঞানীৰ ল’ৰালিৰ ৰেঙণি’ (২০০৫) আদি৷
ৰসায়ন বিজ্ঞানৰ অধ্যাপক আৰু গৱেষক ক্ষীৰধৰ বৰুৱাৰ প্ৰথম দুখন কিতাপ ওলাইছিল সেই সত্তৰৰ দশকতে– ‘আকাশীযানৰ কথা’ (১৯৭২) আৰু ‘সাগৰৰ কথা’ (১৯৭৫)৷ সেইসূত্ৰে তেওঁৰ কলমৰ পৰা ওলাব পাৰিলেহেঁতেন অনেক কিতাপ৷ কিন্তু ওপৰোক্ত গ্ৰন্থসমূহৰ বাহিৰে বৰুৱাৰ প্ৰকাশিত কিতাপৰ তালিকাত আছে ‘বিজ্ঞানৰ নতুন দিগন্ত’, ‘ৰসায়নৰ ৰসাল পৰীক্ষা’, বিজ্ঞানৰ সৰু-বৰ কথা’, ‘ৰসায়নৰ নানা ৰং’
আদি কেইখনমান কিতাপ, ‘পানীয়েই প্ৰাণ’, ‘বিজ্ঞানৰ ৰ’দালি’ৰ দৰে কেইখনমান পুস্তিকা৷ দৰাচলতে বিজ্ঞান জনপ্ৰিয়কৰণৰ আন্দোলনত একনিষ্ঠভাৱে তেওঁ ব্ৰতী হৈ ৰোৱাৰ বাবেই হয়তো বৰুৱাৰ প্ৰকাশিত গ্ৰন্থৰ তালিকা আন বহু লেখকৰ দৰে মেটমৰা নহ’ল৷ অৱশ্যে বিগত সুদীৰ্ঘ সময়ছোৱাত পোনতে ‘অসম বাণী’, ‘সাদিন’ আৰু বিগত ১৭ বছৰমান ‘প্ৰান্তিক’ত নিৰলসভাৱে তেওঁ লিখা কেইবা হাজাৰ বিজ্ঞানসম্পৰ্কীয় প্ৰবন্ধ আৰু নিবন্ধৰ আধাৰত কোনো প্ৰকাশক আগবাঢ়ি আহিলেযে অসমীয়া সাহিত্যত বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ভালেমান মূল্যবান সংকলন সম্ভৱ হৈ উঠিব, সেয়া নিশ্চিত৷বৰুৱাৰ সৰ্বাধিক কৃতিত্ব অৱশ্যেই ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ’ (বনলতা, ২০২১)৷ আন সকলো অৱদান বাদ দিও সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ১৩২৪ পৃষ্ঠাৰ এই বিশাল পৰিভাষা কোষৰ বাবেই ক্ষীৰধৰ বৰুৱাৰ নামটো অসমীয়া সাহিত্যৰ ইতিহাসত যে স্মৰণীয় হৈ ৰ’ব, তাৰ উল্লেখ বাহুল্য মাত্ৰ৷ এজন মানুহ ভাষাৰ প্ৰতি কিমান নিষ্ঠাবান, সৎ আৰু উৎসৰ্গীত হৈ
ৰ’লে এই বিশাল কাম সম্পন্ন হ’ব পাৰে পৰিভাষাকোষখন হাতত তুলি লোৱা ব্যক্তিমাত্ৰেই তাক অনুভৱ কৰিব পাৰে৷ ২০০৯ চনত বৰুৱাই প্ৰস্তুত কৰা ‘পৰিৱেশবিজ্ঞান অভিধানে’ই আছিল এক মূল্যবান অৱদান৷ সেইখনে দিয়া সাহসক ভেটি কৰি বৰুৱাই প্ৰস্তুত কৰা ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ’ এজন ব্যক্তিয়ে কৰিবপৰা বিস্ময়কৰ সৃষ্টিয়েই নহয়, এইখন সকলো ভাষাপ্ৰেমী অসমীয়াই ঘৰত ৰাখিবলগীয়া কোষ বুলি গণ্য কৰিব পাৰি৷ সন্দেহ নাই, এনে নিষ্ঠা আৰু আন্তৰিকতাৰ বাবেই অসম বিজ্ঞান সমিতিয়ে সমিতিৰ ৬৫ বছৰীয়া ইতিহাস গ্ৰন্থ সম্পাদনাৰ দায়িত্ব পৰমানন্দ মহন্তৰ সৈতে অৰ্পন কৰিছিল ক্ষীৰধৰ বৰুৱাক৷
এজন সম্পাদক হিচাপেও ক্ষীৰধৰ বৰুৱাৰ বৰঙণি যথেষ্ট৷ ‘বিজ্ঞান জেউতি’ৰ সম্পাদক হৈ থকাৰ কালত বৰুৱাই আব্দুল মালিক, লক্ষ্যধৰ চৌধুৰী, হীৰেন গোহাঁই, নৱকান্ত বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি আদিৰ দৰে যশস্বী সাহিত্যিককো তেখেতসকলৰ দৃষ্টিৰে বিজ্ঞানৰ বিষয়ে লিখাই পঢ়ুৱৈৰ মন জুৰাইছিল৷ গ্ৰন্থ সম্পাদক হিচাপে প্ৰস্তুত কৰিছিল ‘অসমীয়া বিজ্ঞান সাহিত্য’ (২০০৫), অসম সাহিত্য সভাই প্ৰকাশ কৰা বিজ্ঞান বিশ্বকোষৰ তিনিটা খণ্ডৰো তেওঁ আছিল সহযোগী সম্পাদক৷
আৰু কাৰ্টুন? ১৯৬৮ চনৰেপৰাই এইদিশত ব্ৰতী হৈ ৰোৱা ক্ষীৰধৰ বৰুৱাক অসমত বিজ্ঞান-কাৰ্টুনৰ সৃষ্টি আৰু জনপ্ৰিয়কৰণৰ অগ্ৰদূতৰূপেই অভিহিত কৰিব পাৰি৷
বিজ্ঞান-অন্ত প্ৰাণেৰে সমাজৰ কল্যাণৰ বাবে নিজক কায়মনোবাক্যে সমৰ্পন কৰা ব্যতিক্ৰমী ব্যক্তিগৰাকীক ১ ছেপ্টেম্বৰৰ ওপজা দিনত এই লেখাৰেই ওলগ যাচিলোঁ৷ আমি স্ব-প্ৰণোদিতভাৱে এই বৰেণ্য ব্যক্তিগৰাকীৰ জীৱন আৰু কৰ্ম বিষয়ক এখন গ্ৰন্থ সংকলন কৰাৰ কামতো নিযোজিত হ’বলৈ আগবাঢ়িছোঁ– যিখন প্ৰকাশ পালে ক্ষীৰধৰ বৰুৱাৰ বিশিষ্টতা অনুধাৱন কৰা অধিক সম্ভৱ হৈ উঠিব ৷
published in the Dainik Janambhumi, Sept. 1, 2023 on the occasion of his birthday.