(৯ আগষ্টত ভাৰতত উপস্থিত হোৱা অলিম্পিকজয়ীসকলক আদৰিবলৈ কভিড বিধিৰ মাজতো দিল্লি বিমান বন্দৰত উপস্থিত হ’ল সহস্ৰ অনুৰাগী—টেলিভিছন পৰ্দাৰ সন্মুখত বহি ৰ’ল কোটি কোটি ভাৰতীয়—তাৰো আগতে টকিঅ’ত চলি থকা প্ৰদৰ্শনৰ সময়ত ‘ভাল খবৰ’ৰ অত্যুগ্ৰ হেঁপাহেৰে উৎকৰ্ণ হৈ ৰৈছিল আসমুদ্ৰ হিমালয় জম্বুদ্বীপবাসী৷ এই আপাহতে মনৰ পৰ্দাত ভাহি উঠিছিল আমাৰ ক্ৰীড়াজগতৰ কেইটামান অতীত-কথা৷ এয়া তাৰেই এটা…)
২৩ মাৰ্চ, ১৯৮০৷ লণ্ডনৰ টিউব ৰেইলত বহি আছে এজন সুঠাম ভাৰতীয় যুৱক৷ দক্ষিণ-পশ্চিম লণ্ডনৰ ৱেম্বলীলৈ তেওঁ যোৱা কিছুদিন এই টিউব-ৰেইলতেই অহা-যোৱা কৰিছে৷ দৈনিক চল্লিশ কিলোমিটাৰতকৈও অধিক যাতায়াত কৰিব লগা হৈছে যুৱকজনে৷ হাতত ধন-বিত তেনেদৰে নাই যে ৱেম্বলীতে হোটেলত থাকিব পাৰে৷ থাকিবলৈ লৈছে প্ৰায় ২১ কিলোমিটাৰ দূৰৈৰ ৱাই এম চি এ হোষ্টেলত৷ ৱেম্বলীৰ টিউব ৰেইল ষ্টেচনত নামি দুনাই ১৫ মিনিট খোজ ল’ব লাগে যুৱকজনে৷ লগত এটা কিট বেগ৷ কাষত কোনো নাই যে সামান্য সকাহ দিব৷ যুৱকজনৰ এই যাত্ৰা কষ্টৰেই নহয়, সপোনৰো৷ কত বছৰৰ সপোন পূৰণ কৰিবলৈ গৈ আছে তেওঁ…
যুৱকজনৰ নাম প্ৰকাশ৷ প্ৰকাশ পাড়ুকন৷ ১৯ মাৰ্চৰ পৰাই ৱেম্বলীত তেওঁ যুঁজি আছে৷ এই ৱেম্বলীতে চলি আছে অল ইংলেণ্ড চেম্পিয়নশ্বিপ৷ টেনিছৰ ক্ষেত্ৰত উইম্বলডনৰ গৰিমাৰ দৰেই বেডমিণ্টনৰ ক্ষেত্ৰত অল ইংলেণ্ড চেম্পিয়নশ্বিপৰ মাহাত্ম্য৷ তেওঁ য’ৰ পৰা আহিছে, সেই দেশৰ বেডমিণ্টনত এনে কোনো ঐতিহ্য বা পৰম্পৰা নাই যে তেওঁৰ দৰে এজন ভাৰতীয়ই আহি এই মহিমামণ্ডিত প্ৰতিযোগিতাত প্ৰত্যাহ্বান জনাব বুলি কোনোবাই বিশ্বাস কৰিব পাৰে৷ প্ৰকাশ আগতেও আহিছে ৱেম্বলীলৈ—ক’বলৈ গ’লে ১৯৭৩ চলৰ পৰাই অংশ লৈছে অল ইংলেণ্ডত৷ কিন্তু পূৰ্বে কোৱাৰ্টাৰ ফাইনেলেই আছিল সৰ্বোচ্চ শিখৰ৷ এইবাৰ ৱেম্বলীলৈ অহাৰ আগতেই জিনি আহিছে ডেনিছ অপেন আৰু চুইডিছ অপেন৷ শৈশৱতেই প্ৰকাশৰ বাবে যিজন হৈ উঠিছিল আদৰ্শ পুৰুষ, যাৰ ৰেকেট ধৰা শৈলী পৰ্যন্ত তেওঁ অনুকৰণ কৰিছিল, নিৰন্তৰ সাতবাৰ আৰু মুঠতে আঠবাৰ অল ইংলেণ্ড চেম্পিয়নশ্বিপ অৰ্জনেৰে বেডমিণ্টনত পুৰাকথাৰ চৰিত্ৰতুল্য হৈ উঠা সেইগৰাকী মৰ্যাদা-পুৰুষ ইণ্ডোনেছিয়াৰ ৰূডি হাৰ্টোনো কুৰ্ণিআৱানক চুইডিছ অপেনৰ ফাইনেলত প্ৰকাশে পৰাভূত কৰিছিল ৷ আৰু ডেনিছ অপেনৰ ফাইনেলত তৎকালীন বিশ্ব-বেডমিণ্টনৰ আন এগৰাকী পুৰোধা-শাসকস্বৰূপ ডেনমাৰ্কৰ মৰ্টেন ফ্ৰষ্ট হানছেনে পৰাভূত হৈয়েই মন্তব্য কৰিছিল— প্ৰকাশে যিদৰে খেলিছে, জগতৰ কোনো শ্বাটলাৰ তেওঁৰ ওচৰত তম্ভিব নোৱাৰিব৷
অল ইংলেণ্ডত দৈৱবাণী ফলিওৱাদি ফলিয়াইছিল ফ্ৰষ্টৰ কথা৷ ছেমিত পৰাজিত হৈছিল ফ্ৰষ্ট স্বয়ং৷ ফাইনেলত প্ৰকাশৰ প্ৰতিদ্বন্দ্বী আছিল বিশ্বক্ৰমৰ শীৰ্ষৰ খেলুৱৈ লিয়েম শ্বুই কিম৷ ডেনমাৰ্ক আৰু চুইডিছ অপেনৰ পৰা কিম আঁতৰি আছিল অল ইংলেণ্ডৰ প্ৰস্তুতিৰ বাবেই৷ তীব্ৰ গতি আৰু দুৰ্দান্ত জাপৰে ইণ্ডোনেছিয় এই শ্বাটলাৰ একপ্ৰকাৰ অদমনীয়ই আছিল৷ লিয়েম কিমৰ লগত যুঁজিবলৈকো পঞ্চম দিনৰ বাবেও টিউব ৰেলেৰে বগাই, ষ্টেচনৰ পৰা বাট বুলি ১৯৮০ৰ ২৩ মাৰ্চৰ দিনা হেলাই হেপাই ষ্টেডিয়াম পাইছিলগৈ প্ৰকাশ— প্ৰকাশ পাড়ুকন৷ পৰিণতি? প্ৰকাশৰ সুকৌশলৰ ওচৰত নতজানু কিমে পাছত মন্তব্য কৰিছিল— “সেইদিনা ক’ৰ্টত প্ৰৱেশৰ সময়তো মই জয়ক লৈ আছিলো নিশ্চিত; কিন্তু কিবা এক অদ্ভুত সন্মোহনে মোক যেন আচ্ছন্ন কৰি ৰাখিছিল!” পোনপটীয়া ছেটত কিমক বিধ্বস্ত কৰি বিজয়ীৰ ট্ৰফী লৈ ৱাই এম চি এলৈ টিউব ৰেলতেই উভতিবলৈ লৈছিল অল ইংলেণ্ডজয়ী প্ৰথমজন ভাৰতীয়৷ তেনেতে তেওঁৰ ওচৰলৈ আগুৱাই গৈছিল সেইদিনা খেল উপভোগ কৰিবলৈ যোৱা ভাৰতীয় দূতাবাসৰ এজন কৰ্মী৷ তেৱেঁই দায়িত্ব লৈছিল পাড়ুকনক আগুৱাই থোৱাৰ৷
পাড়ুকনৰ এই যাত্ৰা, এই বিজয়ৰ অন্তৰালে ১৯৮০ৰ দশকৰ প্ৰাকক্ষণৰ ভাৰতীয় ক্ৰীড়া সংস্কৃতিৰ ছবিখনেই দাঙি ধৰে৷ ইয়াৰ মাজেৰেই বিৱৰ্তিত হৈছে আমাৰ ক্ৰীড়াৰ বাতাবৰণ৷ পাড়ুকনে গঢ়া ঐতিহ্যৰ পথতে ওলাল গোপীচান্দ, ছাইনা, সিন্ধু৷ বেডমিণ্টন তথাপি সমাজৰ অগ্ৰণী সদস্যৰ খেল—কি হকী, কি বক্সিং, কি মল্লযুদ্ধ, প্ৰায় প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈৰ যাত্ৰা অনেক পাৰিবাৰিক আৰু সামাজিক সমস্যাক অতিক্ৰমী আত্মপ্ৰতিষ্ঠাৰ বাবে কৰা যাত্ৰা৷ এনেদৰেই তেওঁলোকে গঢ়ে ইতিহাস৷ অৱশ্যে কোনোবাই ঐতিহ্য গঢ়িলেই নহ’ব, সেই ঐতিহ্যৰ প্ৰতি সমাজৰ বুজন অংশৰ অনুৰাগো লাগিব৷ এনে অনুৰাগহীনতাৰ বাবেই হয়তো আমি অসমত পোৱা নাই দ্বিতীয় এগৰাকী মনালিছা বৰুৱা বা দীপাংকৰ ভট্টাচাৰ্য৷ সম্প্ৰতি ব্যক্তিগত পৰ্যায়ত হিমা, লাভলীনাই যি বাটেৰে সাফল্য আনিলে, এক ঐতিহ্যৰ সৃষ্টি কৰিলে, তাৰ প্ৰতি উছাহে অনুৰাগৰ ৰূপ ল’লেই গঢ় লৈ উঠিব যথাৰ্থ ক্ৰীড়া সংস্কৃতি৷ তেতিয়াহে আমি আশা কৰিব পাৰিম স্বৰ্ণমণ্ডিত ভৱিষ্যত৷
@Diganta Oza.
Contact at <digantadiganta@gmail.com>
No comments:
Post a Comment