Monday, October 25, 2021

নতুন ‘হেড ছাৰ’

 (এক)

সুনীল গাভাস্কাৰ মানে বিশ্বাস৷ শচীন তেণ্ডুলকাৰ মানে ৰাণ-বন্যা৷ ৰাহুল দ্ৰাবিড় মানে অটলান্ত আস্থা৷ ক্ৰিজলৈ দ্ৰাবিড়ৰ আগমনত অনুৰাগীৰ সপোনে ভেটা ভাঙে৷ দ্ৰাবিড়ৰ পজিশ্যনত প্ৰতিপক্ষ চঞ্চল হয়৷ ৰাণ-আপ ল’বলৈ যোৱা বলাৰৰ মগজুত পাটীগণিত-বীজগণিত- ভেক্টৰ-ত্ৰিকোণমিতিয়ে ওপৰা-ওপৰি কৰে৷ তেওঁ কুৰুক্ষেত্ৰৰ অক্ষৌহিনী কৌৰৱ-বাহিনীৰ বিৰুদ্ধে একাকী অৰ্জুন৷ তেৱেঁই আলাবৈৰ লাচিত ৷ তেওঁক পৰাভূত কৰিবলৈকে সৃষ্টি হয় পানীপথ, ৰচনা হয় পলাচীৰ কূট-কৌশল৷ আৰু ‘শতৰু’ৰ হাজাৰ ফন্দী-ফিকিৰি ৰুধিবলৈ সেই শীতল মস্তিস্কই কম্পিউটাৰতকৈ দ্ৰুততাৰে ৰচি থাকে গাণিতিক সমীকৰণ৷

ৰাজামৌলিৰ ‘বাহুবলী, দ্য বিগিনিং’-ত কালকেয়ৰ নিযুত সেনানীৰ বিৰুদ্ধে মৃত্যুভয়ত পৃষ্ঠভংগ দিয়া মহাসেনাক সম্বোধি মহিস্মতীৰ যুৱৰাজ অমৰেন্দ্ৰই কোৱা সেই কথাকেইষাৰে পৰিচালকৰ নিৰ্দেশত সেনাবাহিনীকেই উজ্জীৱিত কৰা নাছিল, অগণিত দৰ্শকৰ বাবেও আছিল ৰোমহৰ্ষক৷ বাহুবলীয়ে কৈছিল—“মা আৰু মাতৃভূমিক ধ্বংস কৰিবলৈ অহাসকলক শক্তিশালী বুলি ভাবি পিছহোহকাতো মৃত্যু৷ শত্ৰুপক্ষ শক্তিশালী বুলি ভাবি যুঁজ নিদিয়াতো মৃত্যু৷” ২০১৫ত মুক্তি পাইছিল ৰাজামৌলীৰ এই ছবি ৷ নাজানো ৰাজামৌলীক কোনো সাংবাদিকে সুধিছিল নে নাই এই উদ্দীপনাময় সংলাপৰ কথা৷ সোধা হ’লে হয়তো পৰিচালকে ক’লেহেঁতেন, বাহুবলীৰ এই সংলাপৰ আঁৰত ক্ৰিয়াশীল দ্ৰাবিড়ৰেই ২০১১ চনৰ এটা ইনিংছ৷ পাৰ্থক্য এটাই— চিত্ৰনাট্যৰ স্বাৰ্থত ‘সেই মৃত্যুভয়ক মাৰিবলৈ মোৰ সংগী হ’ব কোন’ বুলি অমৰেন্দ্ৰই জনোৱা আহ্বানত সঁহাৰি দি ওলাইছিল হাজাৰ ৰণুৱা৷ বিপৰীতে ২০১১ চনৰ ২০-২১ আগষ্টত ভাৰতীয় ক্ৰিকেটাৰৰ মৃত্যুভীতিক জিনিবলৈ ক্ৰিকেট-বোদ্ধাৰ মহাসংগ্ৰামত সঁহাৰি দিবলৈ প্ৰায় সকলো সতীৰ্থ আছিল অপাৰগ৷

২০১১ৰ ইংলেণ্ড ভাৰতীয় বেটছমেনৰ বাবে আছিল তৰুহীন, জলহীন বিস্তৃত বলুকা৷ এণ্ডাৰছন- ব্ৰড- ব্ৰেছনানৰ বিষাক্ত ছুইঙে সেই মৰুভূমিত শচীন-চেহৱাগ- ধোনীৰ চকুৰ সন্মুখত সৃষ্টি কৰিছিল বালিৰ ধুমুহা৷ ৰাণৰ তৃষ্ণাপূৰণ দূৰৈৰ কথা, নাভিশ্বাস লোৱাৰ সামৰ্থ্য হেৰুৱাই সেই ধূলিৰ ঘূৰ্ণীত উৰি গৈছিল ভাৰতৰ বেটিং-শৌৰ্য৷ বাৰে বাৰে ভৰসা দিবলৈ নামি জম্বুদ্বীপবাসীৰ বাবে দ্ৰাবিড় হৈ উঠিছিল আশাৰ মৰুদ্যান—নিৰ্ভৰতাৰ অন্তিম প্ৰতিভূ৷ ঘৰুৱা দলৰ পেচ আক্ৰমণৰ সন্মুখত তেওঁ প্ৰথম আৰু দ্বিতীয় টেষ্টত কৰা শতৰানক মূল্য দিবলৈ ভাৰতীয় বেটছমেন হৈ পৰিছিল দুখ লগাকৈ অক্ষম৷ ৩-০ত পিছ পৰি চতুৰ্থ টেষ্টত শুভ্ৰ-ধোৱন ৰক্ষাৰ বাবে নামিছিল ধোনীবাহিনী৷ পিটাৰছন-বেলে তৃতীয় উইকেটত কৰা ৩৫০ ৰাণৰ যুটিৰ সৌজন্যত ৬ উইকেটত ৫৯১ ৰাণত ইংলেণ্ডে ঘোষণা কৰিছিল প্ৰথম ইনিংছ৷ প্ৰত্যুত্তৰত ২০ আগষ্টৰ দিনা চেহৱাগৰ সৈতে ভাৰতীয় ইনিংছ মুকলি কৰিবলৈ ক্ৰিজত নামিছিল সেই ঋজুদেহী খেলুৱৈ৷ এটা এণ্ডত নিৰন্তৰ উইকেট পতনৰ নিৰ্লজ্জকৰ পুনৰাবৃত্তি৷ চেহৱাগ, লক্ষ্মণ, শচীন, ধোনী, ৰাইনা, গম্ভীৰ কোনেও চুব নোৱাৰিলে সিকি-শতকৰ সীমা৷ কিন্তু আনটো এণ্ডত সুদীৰ্ঘ ৩৭৮ মিনিট ইংলিছ বলিং শক্তিৰ বিৰুদ্ধে দ্ৰাবিড় হৈ ৰ’ল সূচীভেদ্য ‘মোমাই কটা গড়’৷

তেতিয়াৰ কোনোজন ভাৰতীয় ক্ৰিকেটাৰে আজি আৰু মনত পেলাবলৈও সাহস নকৰে অভেলৰ সেই মেটচৰ কথা৷ ইনিংছটোত দহোজন খেলুৱৈৰ সৈতে খেলি অপৰাজিত ১৪৬ ৰাণেৰে কেৱল দ্ৰাবিড়ে চলাইছিল মৃত্যুভীতি অতিক্ৰমৰ দুৰ্বাৰ প্ৰয়াস৷ সহযোগহীনতাত নিষ্ফল হৈছিল অ-সম যুঁজৰ একাকী সেনাপতিৰ বল-বিক্ৰম৷ কিন্তু এইটো আছিল সেই ইনিংছসমূহৰে এটা, যাৰ বাবে তেওঁ হৈ উঠিছিল সৰ্বজনশ্ৰদ্ধেয় বিমুগ্ধ-বিস্ময়কৰ নাম৷ সেইবাবেই ভাৰতীয় দলৰ হেড ছাৰৰূপে ৰাহুল দ্ৰাবিড়ৰ নাম ঘোষণাত মাইকেল ভনৰ দৰে প্ৰাক্তন ইংৰাজ খেলুৱৈয়ে বিশ্বক জনাব পাৰে সাৱধান হোৱাৰ আহ্বান৷

 (দুই)

লক্ষ্য একেই— শত্ৰুনিধন ৷ কিন্তু শচীন সমৰক্ষেত্ৰৰ আগ্ৰাসী মেজৰ, ৰাহুল ৰাজধানী দৰবাৰৰ বিচক্ষণ কূটনীতিক৷ এজনৰ লক্ষ্য সমুখৰ যুঁজত বিজয়, আনজনৰ উদ্দেশ্য প্ৰতিপক্ষক সমূলি সংহাৰ৷ বিধ্বংসী অসিচালনেই দৰ্শকৰ প্ৰিয়৷ কিন্তু কূটনীতিকৰ অবুজ, ৰহস্যঘণ সূত্ৰই প্ৰতিপক্ষক কৰে অধিক বিভ্ৰান্ত ৷ হুক, পুল, কাট, ছুইপ, ফ্লিক, ড্ৰাইভ— প্ৰতিটো কৌশল প্ৰয়োগত দ্ৰাবিড়ৰ দক্ষতা অনায়াস ৷ তেওঁৰ পুলত মণিবন্ধৰ ঘূৰ্ণন হ’ব পাৰে ক্ৰীড়া আৰু শৰীৰ বিজ্ঞানৰ জটিল সম্পৰ্কৰ গৱেষণাৰ বিষয় ৷ অথচ বিপক্ষক বিৰক্ত কৰি প্ৰতিটো শ্বটৰ পূৰ্বে বেটলৈ বল অহাৰ অন্তিম মুহূৰ্তলৈকে কেনে এক দীঘলীয়া অপেক্ষা— যেন যতীন্দ্ৰনাথৰ সেই ‘দূৰ অতীতৰ ধ্যানমগ্ন যোগী’! পৰিনামত বহুসময়ত তেওঁৰ শ্বটৰ পূৰ্বানুমান হৈ ৰয় দুঃসাধ্য৷ এয়া যেন কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ অন্যতম প্ৰভাৱশালী দাৰ্শনিক গাইলছ ডেল্যুজে (‘কেপিটেলিজম এণ্ড স্বিজ’ফ্ৰেনিয়া গ্ৰন্থত) সেই অবোধ্য কিবা কিছুৰ আগমন ঘটাবলৈ জনোৱা আহ্বানৰে সঁহাৰি!

ৰাহুল দৰ্শন-সূত্ৰৰ অনুসৰণকাৰী মাথোঁ নহয়, তেওঁ স্বয়ং বাইশ গজৰ দাৰ্শনিক৷ এজন দাৰ্শনিকৰ দৰেই তেওঁ পোনতে নিৰ্মান কৰে আনৰ সাধ্যাতীত— ধীৰে ধীৰে সম্ভাৱনাৰ দুৱাৰ বিচাৰি তাক কৰি তোলে নিজৰ সাধ্য৷ দ্ৰাবিড়ৰ ক্ৰিকেটীয় ভাৱনা জীৱনৰেই দৰ্শন, ৰাহুলৰ ক্ৰিকেটীয় কৌশলেও অনেকক দিয়ে বিকল্পহীন জটিলতাৰ মাজত পথ বিচৰাৰ শিক্ষা৷ স্বলব্ধ জ্ঞান যে অনুভৱ, উদগনি কিম্বা শৃংখলাহীন অনুকম্পা-আহৰিত নহয়, বৰঞ্চ এক সম্পূৰ্ণ বিকশিত প্ৰক্ৰিয়া, দ্ৰাবিড়ৰ মাজতেই পাব পাৰি ডেল্যুজৰ বক্তব্যৰ ব্যৱহাৰিক শিক্ষা৷

আঃ! ২০০৩ চনৰ সেই এডিলেইড টেষ্ট! সেইদিনাতো ৰাহুলে বেট ধৰা নাছিল…

১২ ডিচেম্বৰত টছত জিকি বেট ধৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় বলাৰ আছিল দন্তহীন বাঘ৷ পাঠানৰ বলত হেডেনৰ শীঘ্ৰ-পতন হ’লেও লেংগাৰ-মাৰ্টিন-ষ্টিভ ৱ’-কাটিছক সংগী কৰি ৰিকি পণ্টিঙে মেলিছিল বলাৰ-বধৰ নাট ৷ পূৰ্ণ কৰ্ণাটকী শক্তিৰ ওচৰত পৰাভূত হৈ (কট দ্ৰাবিড়, বল্ড কুম্বলে) অৱশেষত পণ্টিঙে বিদায় লোৱাৰ পাছত ভাৰতে যেতিয়া বেট ধৰিবলৈ নামিল, সন্মুখত ৫৫৬ ৰাণৰ বিশাল পাহাৰ৷ দলৰ ৬৬ ৰাণত আকাশ চোপ্ৰা, ৮১ ৰাণত চেহৱাগ আউট হোৱাৰ পাছতো অনুৰাগীৰ মন ভাঙি পৰা নাছিল৷ কিন্তু ব্যক্তিগত ১ আৰু ২ ৰাণত ক্ৰমে শচীন-সৌৰভে মেলানি মগাৰ পাছত ভাৰতৰ অন্ধ-সমৰ্থকৰো বুকু হৈ পৰিছিল বিষাদ-বিধুৰ৷ সেই সময়ৰ পৰাই— ৪ উইকেটত ৮৫ ৰাণৰ ককালৰ জোৰা লৰা ক্ষণৰ পৰাই সলনি হ’ল চিত্ৰনাট্য৷ সৌজন্য ৰাহুল-লক্ষ্মণ৷

নাঃ! সেইদিনা দ্ৰাবিড়ে বেট ধৰা নাছিল৷ বেট ধৰিবলৈ নামি আহিছিল ক্ৰিকেটৰ ঈশ্বৰ৷ হয়৷ টেষ্টখনত বিজয়-গৌৰৱেৰে মহীয়ান কেপ্টেইন গাংগুলীয়েই কৈছিল— “ৰাহুল বেটেড লাইক গড ৷”

পূণ্যভূমি ভাৰতত বিশাল বিন্ধ্য পৰ্বতক পদানত কৰিছিল সপ্তৰ্ষীৰ অন্যতম অগস্ত্যই৷  এডিলেইডত ৰানৰ হিমালয়ক পদানত কৰিছিল আন এক ভাৰতীয়ই ৷ সাধনাত অটল, সংকল্পত অবিচল সেই ক্ৰিকেট-আত্মাক বশ কৰিবলৈ গিলেস্পি- উইলিয়ামছ- মেকগিল-কাটিছ… কাৰো সাধ্য নাছিল৷  বিভ্ৰান্ত ৱ’ই ঘনে ঘনে আনিছিল বলিঙৰ পৰিৱৰ্তন৷ পিছে বৰুণাস্ত্ৰ-মেঘবান, বজ্ৰ- পাশুপাত, ব্ৰহ্মাস্ত্ৰ-পৰশু যিয়েই নাহক কিয়,  সকলো অস্ত্ৰৰ বিৰুদ্ধেই সেই আত্মা আছিল অনৰ-অটল৷ যেন এক দাৰ্শনিক সিদ্ধ পুৰুষ৷  কলা- বিজ্ঞান- দৰ্শনৰ সুষম সমাহাৰ ঘটাই উৰ্বৰ মস্তিষ্কই ষ্ট্ৰেইট বেটেৰে দিলে প্ৰতিটো ভাবুকিৰ প্ৰত্যুত্তৰ৷ প্ৰথম ইনিংছৰ ২৩৩ৰ পাছত দ্বিতীয় ইনিংছতো অপৰাজিত ৭২৷ মেকগিলৰ চৰ্ট পিট্চড ডেলিভাৰী বাউণ্ডাৰী লাইনলৈ ঠেলি দ্ৰাবিড়েই লৈছিল বিজয়সূচক ৰাণ৷ দল যেতিয়া বিজয়ৰ আনন্দত মছগুল, অষ্ট্ৰেলিয়াৰ দলপতিয়ে সেই বল আনি তুলি দিছিল দ্ৰাবিড়ৰ হাতত৷ খেলৰ অন্তত ভূৰি ভূৰি ৰাহুল বন্দনাত মুখৰ হৈছিল ষ্টিভ ৱ’৷

ষ্টিভ ৱ’ওতো ক্ৰিকেটৰ সাধনাৰেই মহীয়ান৷ তেওঁৰ কালৰ এজনে ক্ৰিকেটতো নিৰ্মান কৰিছে দুঃসাধ্য-লংঘনৰ দাৰ্শনিকতাৰ স্তৰ, এয়াতো অভিভূত হোৱাৰে কথা৷ মহাকালৰ স্নাতকক শ্ৰদ্ধা কৰি নিজেইতো সন্মানীত হোৱা যায়... (আগলৈ)

@Diganta Oza.

Contact at  <digantadiganta@gmail.com>


No comments: