Monday, June 21, 2021

অনুবাদৰ মাজেৰে সৰ্বোৎকৃষ্ট উপহাৰ


(প্ৰিন্সিপিয়াৰ অসমীয়া অনুবাদ সন্দৰ্ভত তিনিটা পৰ্বত কৰা অৱলোকন)

কেতিয়াবা পলমকৈ পোৱা একোটা ভাল খৱৰেও মন ভৰাই তোলে৷ খৱৰটো কিয় আগতে পোৱা নগ’ল সেই কথা ভাবি বুকুখন কৰবাত মোচৰ খোৱাতকৈও ভাল লগা ভাবৰ প্ৰবাহে মনত অধিক ক্ৰিয়া কৰে৷ এই অনুভৱ ব্যাখ্যাতীত৷ কেতিয়াবা দীৰ্ঘ সময় জুৰি থাকে তাৰ প্ৰভাব৷ যোৱা বছৰৰ শেষৰপিনে হৃদয় জুৰোৱা তেনে এক কথাই যিদৰে এতিয়াও ৰেখাপাত কৰি আছে৷ সেয়া প্ৰিন্সিপিয়াৰ খৱৰ৷ অসমীয়া ভাষাত প্ৰকাশ পাইছে নিউটনৰ প্ৰিন্সিপিয়া ৷ যিখন গ্ৰন্থই মানৱ চিন্তাৰ গতি ত্বৰান্বিত কৰিছিল, জাগতিক চেতনালৈ আনিছিল প্ৰভূত বিৱৰ্তন, সেই গ্ৰন্থ এতিয়া অসমীয়া ভাষাতো উপলব্ধ৷ হ’লেই যেনিবা মূল গ্ৰন্থ প্ৰকাশৰ ৩৩০-৪০ বছৰৰ পাছত তাৰ অসমীয়া সংস্কৰণ— তথাপি এনে এখন বিশাল, গাণিতিক ব্যাখ্যা সম্বলিত কিতাপৰ অসমীয়া ভাঙনি হোৱাটো কি মুখৰ কথা? কিতাপখন কিনি অনাৰ দিনাই মোৰ আঠ বছৰীয়া সন্তানলৈ আগবঢাই লিখি থ’লোঁ— “চয়ন, তুমি বুজিব পৰা বয়স হ’লেই এইখন পঢ়িবা। এনে এখন কিতাপৰ অসমীয়া অনুবাদ হোৱাটোৱেই ডাঙৰ কথা৷ অসমীয়াত এইখন পঢ়ি বুজিব পাৰিলেই মোৰো ভাল লাগিব৷ সেইবাবেই আজি এইখন কিনি তোমাক দিলোঁ৷” মনে মনে কৃতজ্ঞতাৰ পাশত আবদ্ধ হ’লোঁ অনুবাদক ড° জয়ন্ত কুমাৰ শৰ্মাৰ প্ৰতি— যাৰ সৈতে মোৰ কোনো পূৰ্ব-পৰিচয় নাই, কিন্তু এই অনুবাদৰ মাজেৰে কৰা উপৰুৱা যাত্ৰাৰ জৰিয়তে জানিব পাৰিলোঁ যে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ এইগৰাকী প্ৰাধ্যাপকে প্ৰায় সাত বছৰজোৰা পৰিশ্ৰমেৰে সম্পাদন কৰিছে এই অনুবাদ! ইচ্ছা কৰা হ’লে এই সময়ছোৱাত তেওঁ কৰিব পাৰিলেহেঁতেন আন কোনো বৈষয়িক কাম-কাজ, অথবা বৃত্তিগত বিকাশত ব্যয় কৰিব পাৰিলেহেঁতেন এইখিনি সময়; সেই সকলো বাদ দি তেওঁ জড়িত থাকিল প্ৰিন্সিপিয়াৰ ভাঙনিত— ইমানেই গভীৰ তেওঁৰ অসমীয়া ভাষাপ্ৰেম৷ (অলপ পাছতে আমি আলোচনা কৰিম এই গ্ৰন্থৰ অনুবাদৰ জটিলতাৰ প্ৰসংগ৷) আমাৰ মন অজানিতেই ড° শৰ্মাৰ প্ৰতি কৃতজ্ঞতাত ভৰি উঠাৰ কাৰণ এইটোৱেই৷

এই অনুবাদৰ মাজেৰে আমাৰ যাত্ৰা আছিল কিছু উপৰুৱা, কাৰণ ছাত্ৰজীৱনৰ কিছু সময় পদাৰ্থ বিজ্ঞান পঢ়িলেও কিছু অৰ্থনৈতিক আৰু কিছু আন কাৰণত সেই বিষয়ত আৰু উচ্চ শিক্ষা লোৱা হৈ নুঠিল— পৰৱৰ্তীকালত পদাৰ্থ বিজ্ঞানৰ সৈতে সংযোগ আবেগজনিতহে, পেচাৰ সৈতে দূৰত্ব য’ত যোজনৰ৷ নিয়মীয়া গাণিতিক অনুশীলনবিনেও পদাৰ্থ বিজ্ঞানৰ সৰল আভাস পাব পাৰি, কিন্তু বিষয়ৰ অধিক গভীৰলৈ যাব নোৱাৰি৷ নিউটনৰ আপেলকেন্দ্ৰিক প্ৰবাদটোৱেই ধৰক৷ আপেল তললৈ সৰি পৰাৰ লেখিয়া কথাটো দূৰ অতীজৰে পৰা মানুহে দেখি আহিছে— হয়তো ‘বুজি’ও আহিছে যে ‘কিবা এটা শক্তি‘ আছে, যি এইবোৰ তললৈ টানি আছে; কিন্তু নিউটনেহে দেখুৱালেগৈ যে এই শক্তিটো পৃথিৱীৰ মাধ্যাকৰ্ষণ বল, আৰু তাৰ আকৰ্ষণৰো এটা নিৰিখ থাকে৷ তাকে কৰিবলৈ যাওঁতে নিউটনে কৰিবলগীয়া হৈছিল বহু গাণিতিক হিচাপ৷ সেইবাবে নিউটনৰ মাধ্যাকৰ্ষণ কেৱল ভূ-পৃষ্ঠলৈ বস্তুৰ (আপেলৰ!) পতনতে সীমাৱদ্ধ হৈ নৰ’ল, মহাজগতৰ বস্তুপিণ্ডৰ আকৰ্ষণী বললৈও প্ৰসাৰিত হ’ল৷ গাণিতিক হিচাপবোৰৰ অবিহনেও মাধ্যাকৰ্ষণৰ ধাৰণাটো পাব পাৰি, কিন্তু কিদৰেনো নিউটনে সূত্ৰসমূহত উপনীত হৈছিল সেয়া বুজিবলৈ গাণিতিক ধাৰণা লাগিবই৷ তেতিয়াহে প্ৰিন্সিপিয়াৰ দ্বিতীয় সংস্কৰণৰ পাতনিত ৰ’জাৰ কোটছে কোৱা এই কথাষাৰ নিজে অনুধাৱন কৰিব পাৰিগৈ যে “…সকলেবোৰ বস্তু, যিবিলাকে এখন সমতলত থকা কোনো বেকা পথেৰে গতি কৰে, আৰু যাতে স্থিৰ বা যিকোনো ধৰণেৰে গতি কৰা কোনো বিন্দুলৈ টনা ব্যাসাৰ্ধৰ দ্বাৰা সেই বিন্দুসাপেক্ষে অতিক্ৰম কৰা কালি সময়ৰ সমানুপাতিক হয়, সেই বিন্দুলৈ কোনো হলৰ দ্বাৰা আকৰ্ষিত হয়৷” (ড° শৰ্মাৰ অনুবাদ, পৃ.xxix)৷  গতিকেই সাধাৰণ জ্যামিতিৰ পৰা কলন গণিতলৈ নিয়মীয়া অনুশীলন কৰা ব্যক্তিৰ বাবে প্ৰিন্সিপিয়াত প্ৰৱেশ কৰাটো অনায়াসসাধ্য; কেৱল আবেগক সাৰথি কৰি এই দেওনা অতিক্ৰম কৰিব পৰা নাযায়৷ তাৰ মাজতো, কেতিয়াবাই এৰি অহা বিষয়টোৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ Newton’s Principia for the Common Reader (Oxford, 1996, 1996)ৰ পাত লুটিওৱা মোৰ পল্লৱগ্ৰাহী মনটোৱে ড° শৰ্মাৰ অনুবাদৰ খেও ধৰি Florian Cajoriৰ পাতনি সম্বলিত Andrew Motteই ১৭২৯ চনত ইংৰাজীলৈ অনুবাদ কৰা Mathematical Principles of Natural Philosophy and His System of The Worldৰ (যিখনৰ পৰা ড° শৰ্মাই অসমীয়া ভাঙনি কৰিছে)ত চকু ফুৰাবলৈ প্ৰৰোচিত কৰিলে৷ তাৰ লগে লগে যোৱা কেইমাহমানত মই হাতত তুলি লোৱা কিতাপৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন অতি আকৰ্ষণীয় কিতাপ, Niccolo Guicciardiniৰ Reading the Principia : The Debate on Newton’s Mathematical Methods for Natural Philosophy from 1687 to 1736 (Cambridge, 1999)৷ এনে আৰু এখন কিতাপ আছিল I Bernard Cohenৰ Introduction to Newton’s Principia (Cambridge, 1965, pdf)৷ নক’লেও হ’ব—এইবোৰৰ বহু কথা মোৰ বাবে আছিল, ক্ৰিকেটীয় পৰিভাষাত যাক কয় বাউন্সাৰেই নহয়, বীমাৰ৷ তথাপি এইবোৰৰ মাজত প্ৰৱেশ কৰিবলৈ প্ৰৰোচিত কৰি ব্যক্তিগতভাৱেও প্ৰিন্সিপিয়াৰ অসমীয়া ভাঙনিকাৰ ড° জয়ন্ত কুমাৰ শৰ্মাই আমাক অনুগৃহীত কৰিছে৷ (জানোতাইহে জানে, বুজা-নুবুজাৰ দেওনাত ৰৈ সাঁথৰ ভঙাৰ খেলে কেনে আনন্দ দিয়ে৷)

(২)

আইনষ্টাইনছ ড্ৰীমছৰ স্ৰষ্টা, লেখক তথা পদাৰ্থ বিজ্ঞানী এলান লাইটমেনে ব্যক্তিগত জীৱনৰ কৰুণ অভিজ্ঞতাৰে এই সিদ্ধান্তত উপনীত হৈছিল যে প্ৰকৃতিৰ সত্যবোৰ জগতত থাকেই, কোনোবা নহয় কোনোবা এজনে সেয়া উদ্ঘাটন কৰিবই৷ (কথাটো এনেকুৱা যে আইনষ্টাইনে নকৰা হ’লেও আপেক্ষিক তত্ত্ব আন কোনোবাই আৱিষ্কাৰ কৰিলেহেঁতেন, নিউটন নাথাকিলেও মাধ্যাকৰ্ষণ সূত্ৰৰ সম্ভেদ পোৱা গ’লহেঁতেন!) অৰ্থাৎ নিউটনৰ আৱিষ্কাৰ আছিল মানৱ সভ্যতাৰ বাবে অনিবাৰ্য প্ৰয়োজনীয়তাৰে ফচল৷ আলেকজেণ্ডাৰ পোপে তাকেই দৈৱৰ অনুগ্ৰহ বুলি বিবেচনা কৰি লিখিছিল—

Nature and Nature’s laws lay hid in Night,

God said let Newton be! And all was Light.

আমাৰ অনুবাদক ড° জয়ন্ত কুমাৰ শৰ্মাই নিউটনৰ আৱিষ্কাৰৰ অনিবাৰ্য প্ৰয়োজনীয়তা তুলি ধৰিছে ‘অনুবাদকৰ টোকা’ত— তাকে কৰিবলৈ গৈ থোৰতে, অথচ সৰল পঢুৱৈৰ মনোগ্ৰাহীকৈ বৰ্ণনা কৰিছে নিউটন-পূৰ্বৱৰ্তী বলবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ গতি-বিধি৷ অসমীয়া ভাষাত ইমান সাৱলীল ভাষাত প্ৰিন্সিপিয়াৰ প্ৰেক্ষাপটৰ কথা পূৰ্বে পঢ়া মনত নপৰে৷ শৰ্মাই দেখুৱাইছে যে ১৬৮৪ চনৰ আগষ্ট মাহত (জন হেৰিভেলৰ মতে অৱশ্যে বছৰটোৰ মে’ মাহত) এডমাণ্ড হেলীয়ে কেম্ব্ৰিজত নিউটনক কৰা সাক্ষাতেই  প্ৰিন্সিপিয়া  লিখিবলৈ নিউটনক উৎসাহিত কৰিছিল— আৰু জগতে পাইছিল মানৱ চেতনাৰ সমৃদ্ধিৰে ভৰা সৰ্বকালৰ এখন সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ৷ পিছে হেলীয়েও হেনো নিউটনৰ সকলো গাণিতিক বিশ্লেষণ বুজিব পৰা নাছিল৷ (‘অনুবাদকৰ টোকা’ দ্ৰষ্টব্য) কিন্তু প্ৰিন্সিপিয়াক লৈ হেলী ইমানেই গদগদ হৈছিল যে নিউটনৰ বন্দনাত সুদীৰ্ঘ কবিতাই লিখিছিল৷ প্ৰিন্সিপিয়াৰ মূল গ্ৰন্থত সন্নিৱিষ্ট এই কবিতাটো ড° শৰ্মাই অনুবাদ কৰোৱাইছে অমৰজ্যোতি চৌধুৰীৰ জৰিয়তে৷

অৱশ্যে প্ৰিন্সিপিয়াৰ প্ৰকাশৰ সময়ত আৰু পাছতো কিছুদিনলৈ এই গ্ৰন্থখনক লৈ কিছু সমালোচনাও হৈছিল৷ নিউটনৰ কিতাপখনৰ সুদীৰ্ঘ নামটোত ভৌতিক বিশ্ব বা ভৌতিক দৰ্শনৰ সৈতে গাণিতিক সূত্ৰক সাঙুৰি দিয়াটোকলৈ অষ্টাদশ শতিকাত বহুতো বিদ্বানে আপত্তি দৰ্শাইছিল৷ আনহাতে কলন গণিতৰ উদ্ভাৱনৰ কৃতিত্বক কেন্দ্ৰ কৰি আৰম্ভ হোৱা নিউটনপন্থী আৰু লেইবনিয্পন্থীৰ বিবাদতো নিউটনপন্থীয়ে কলন গণিতৰ জ্ঞান যে নিউটনে আগতেই আয়ত্ব কৰিছিল, তাৰ প্ৰমানস্বৰূপে প্ৰিন্সিপিয়াক টানি আনিছিল৷ গুইকুয়াৰ্ডিনিৰ ভাষাত— “The Principia was often referred to in the debate. It becomes crucial for the Leibnizians to use the magnum opus as proof of the inadequacy and old fashioned character of Newton’s mathematical methods. Johann Bernoulli was particularly active in this field. On the other hand, Newtonians wished to use the Principia as proof either of Newton’s knowledge of calculus, or of the superiority of his geometrical methods over the algorithmic Leibnizian ones….” (p. 200) নিউটনপন্থীসকলৰ, আনকি নিউটনৰ নিজৰো বক্তব্য আছিল এনেধৰণৰ যে প্ৰিন্সিপিয়াৰ কিছুমান ধ্যান-ধাৰণাত উপনীত হ’বলৈ কলন গণিতৰেই অবলম্ববন লোৱা হৈছিল, মাথোঁ প্ৰকাশ কৰাৰ সময়ত ধ্ৰুপদী জ্যামিতিৰ আশ্ৰয় লোৱা হৈছিল৷  অৱশ্যে গুইকিয়াৰ্ডিনিয়ে তেওঁৰ গ্ৰন্থৰ আৰম্ভণিতেই আঙুলিয়াই দিছে যে “However, external and internal evidence seems to be against Newton’s statement. The preparatory manuscripts of the Principia reveal little use of calculus and seem to indicate that Newton wrote it in the form in which it was published. (p.4) সেয়া যি নহওঁক, এনে বিবাদে মানৱ চিন্তাৰ বিৱৰ্তনলৈ প্ৰিন্সিপিয়াই অনা বৈপ্লৱিক ভূমিকাক নূই কৰিব পৰাটো নাছিলেই, বৰঞ্চ কম সময়ৰ ভিতৰতে তাক প্ৰতিষ্ঠাহে কৰিছিল৷ বিস্ময়-বিমুগ্ধতাৰে সকলোৱে উপলব্ধি কৰিছিল, এই গ্ৰন্থই নিৰ্ধাৰণ কৰিবলৈ ওলাইছে জগত সম্পৰ্কীয় মানুহৰ দৃষ্টি আৰু দৰ্শন— যি অপৰিৱৰ্তিত থাকে পৰৱৰ্তী প্ৰায় দুশটা বছৰ৷

মানৱিক চিন্তাৰ বিকাশত নিউটনৰ প্ৰিন্সিপিয়াৰ ভূমিকা কিমান বিশাল, সেয়া থোৰতে তুলি ধৰিবলৈ আমি এলবাৰ্ট আইনষ্টাইন আৰু লিঅ’পল্ড ইনফেল্ডৰ আশ্ৰয় ল’ব পাৰোঁ৷ তেওঁলোকে যুটীয়াভাৱে লিখা দি ইভল্যুচন অৱ্ ফিজিক্স গ্ৰন্থৰ আৰম্ভনিতেই উল্লেখ কৰিছে যে বিশ্ব প্ৰকৃতিৰ অনন্ত ৰহস্যৰ অনুসন্ধানী ভাষা বিজ্ঞানীসকলে বুজিবলৈ আৰম্ভ কৰিছিল গেলিলিও-নিউটনৰ সময়ৰ পৰাই৷ প্ৰকৃতিৰ অটলান্ত ৰহস্য সন্ধানৰ পদ্ধতি, সূত্ৰ অনুসন্ধানৰ আৰু অনুসৰণৰ সুশৃংখল পদ্ধতিৰ বিকাশ হৈছে তেতিয়াৰ পৰাই৷ “সমাধান হৈছে প্ৰকৃতিৰ কেতবোৰ ৰহস্যৰ৷ অৱশ্যে পাছৰ গৱেষণাৰ পোহৰত দেখা গৈছে যে ইয়াৰে অনেক সমাধানেই অস্থায়ী আৰু অগভীৰ৷” (পদার্থবিদ্যার বিবৰ্তন ঃ আদিম চিন্তাধারা থেকে অপেক্ষবাদ এবং কোয়াণ্টামতত্ত্ব বিকাশের কাহিনী, বাংলানুবাদ ঃ শত্ৰুজিৎ দাশগুপ্ত, কলকাতা, ১৯৮৫৷ এই কিতাপখন অসমীয়া ভাষালৈ ড° বসন্ত ডেকাই অনুবাদ কৰিছে যদিও মোৰ হাতত উচ্চতৰ মাধ্যমিকত পঢি থকা সময়তে কিনা বাংলানুবাদখনহে আছে৷)

(৩)

কোহেনে আমি ওপৰত উল্লেখ কৰা গ্ৰন্থৰ পাতনিত লিখিছে—

Isaac Newton published his great treatise, Philosophiae Naturalis Principia Mathematical in three editions … differing from one another in choice of language, in technical content, and in expressed philosophical position. But there has never been till now, some two and a half centuries later, an edition with variant readings (or ‘variorum’^ edition) enabling the reader to see at a glance the successive alterations made by Newton during the span of about four decades from the completion (in 1686) of the manuscript for the first edition up to the printing of the third and ultimate authorized edition in 1726.

এই অভাৱ দূৰ কৰিবলৈকে কোহেনে আধুনিক সৰল ভাষাৰ সংস্কৰণ এটি প্ৰকাশ কৰিছিল— ড° শৰ্মায়ো তেওঁৰ ‘অনুবাদকৰ টোকা’ত এইবিষয়ে উল্লেখ কৰিছে৷ কিন্তু ১৭২৯ চনত এণ্ড্ৰিউ ম’টই কৰা অনুবাদৰ ভাষানো আছিল কেনে? ক’মা, ছেমিক’লন আদি অসংখ্য যতিচিহ্নৰে একো-একোটা দীঘল বাক্য, ক’বলৈ গ’লে পাক লগা, সেয়াও ভৌতিক জগত সম্পৰ্কীয় বক্তব্য, তাকো বহু সময়ত গাণিতিক প্ৰতিপাদ্য সম্বলিত৷ এটা উদাহৰণ—

“…But I consider philosophy rather than arts and write not concerning manual but natural powers, and consider chiefly those things which relate to gravity, levity, elastic force, the resistance of fluids, and the like forces, whether attractive or impulsive; and therefore I offer this work as the mathematical principles of philosophy, for the whole burden of philosophy seems to consist in this—from the phenomena of motions to investigate the forces of nature, and then from these forces to demonstrate the other phenomena; and to this end the general propositions in the first and second books are directed….” (প্ৰথম সংস্কৰণৰ নিউটনৰ পাতনি, পৃ.-XVII-XVIII) ড০ শৰ্মাৰ অনুবাদত-- ‘‘কিন্তু মই কলাৰ সলনি দৰ্শনহে বিবেচনা কৰিছোঁ আৰু কায়িক নহয়, প্ৰাকৃতিক শক্তিৰ বিষয়েহে লিখিছোঁ, আৰু মুখ্যতঃ সেইবোৰ বিষয়হে বিবেচনা কৰিছোঁ যিবোৰৰ মাধ্যাকৰ্ষণ, লঘুত্ব, স্থিতিস্থাপক বল, তৰলৰ প্ৰতিৰোধ আৰু আকৰ্ষণী বা প্ৰঘাতী ধৰণৰ বলৰ লগত সম্পৰ্ক আছে; আৰু গতিকে মই এই কামখিনি দৰ্শনৰ গাণিতিক নীতি হিচাপে আগবঢাইছোঁ, কাৰণ দৰ্শনৰ সমগ্ৰ বোজাটো এইটো যেন লাগে যে গতিৰ পৰিঘটনাৰপৰা প্ৰকৃতিৰ বলৰ বিষয়ে অনুসন্ধান কৰিব লাগে, আৰু তাৰপাছত বলৰপৰা আন পৰিঘটনা প্ৰদৰ্শন কৰিব লাগে; আৰু এই উদ্দেশ্যলৈয়েই প্ৰথম আৰু দ্বিতীয় খণ্ডৰ সাধাৰণ প্ৰতিজ্ঞাসমূহ নিৰ্দেশ কৰা হৈছে৷’’ (পৃ. XXV)

অনুবাদক শৰ্মাই জনোৱা মতে “পাঠকক মূল গ্ৰন্থৰ সোৱাদ দিবলৈ যত্ন কৰা হেতুকে অনুবাদ সাধ্যানুসাৰে আক্ষৰিক কৰা হৈছে৷” ইয়াৰ ফলত অনুবাদকে স্বীকাৰ কৰিছে যে “ইংৰাজী আৰু অসমীয়া ভাষাৰ বাক্য গঠন প্ৰণালী একে নোহোৱা বাবে অনুবাদৰ কোনো কোনো অংশত বাক্যৰ সাৱলীলতা ৰক্ষা কৰিব পৰা নাই৷” তেওঁ এইবুলিও মন্তব্য কৰিছে যে “…এই অসমীয়া অনুবাদ সম্পূৰ্ণ শুদ্ধ হ’বই বুলি চিন্তা কৰাটো ভুল হ’ব৷’’ সাত বছৰত ড° শৰ্মাই কৰা অনুবাদটি পাঁচ বছৰত সম্পাদনা কৰা পদাৰ্থ বিজ্ঞানৰেই অধ্যাপনা-গৱেষণাত একালত জড়িত তথা অনুবাদক ড° বসন্ত ডেকায়ো মন্তব্য কৰিছে—“কেতিয়াবা আধা পৃষ্ঠাজোৰা নিউটনৰ একোটা বাক্য লৈ কেইবাঘণ্টাও ৰৈ আছিলোঁ৷” (‘সম্পাদকৰ টোকা’ দ্ৰষ্টব্য)

এণ্ড্ৰিউ ম’ট অনূদিত ইংৰাজী কিতাপখনত চকু ফুৰোৱাৰ সূত্ৰে আমাৰ মন আছিল. ওপৰত কৰি অহা উল্লেখক বাদ দিও, মূল লেটিনৰ পৰা ম’টই কৰা অনুবাদৰ আৰু কেইটিমান উদ্ধৃতি দি তাৰ সৈতে ম’টৰ পৰা ড০ শৰ্মাই কৰা ভাঙনি তুলি ধৰি এই অনুবাদ কৰ্মৰ তুলনামূলক বিচাৰ কৰি দেখুওৱাৰ৷ যিকোনে অনুবাদ কৰ্মৰ মান বিচাৰ কৰাৰ বাবে এইটো জৰুৰীও৷ কিন্তু সুদীৰ্ঘ বাক্য তুলি ধৰি তেনে তুলনামূলক বিচাৰ কৰিবলৈ গ’লে এই আলোচনাৰ কলেৱৰো প্ৰসাৰিত হ’ব বাবেই সেই পথ ত্যাগ কৰা হ’ল৷ আমাৰ ব্যক্তিগত ধাৰণা— ভাঙনিৰ সময়ত, আনকি সম্পাদনাৰ পৰতো এনে কিছু বাক্য মসৃন কৰাৰ থল আছিল৷ উদাহৰণস্বৰূপে ওপৰত নিউটনৰ প্ৰথম সংস্কৰণৰ পাতনিৰ ম’টৰ ইংৰাজীৰূপ আৰু ড০ শৰ্মাই কৰা অনুবাদৰ যি উদ্ধৃতি দাঙি ধৰা হৈছে, তাত ‘আৰু গতিকে’ৰ সলনি কেৱল ‘গতিকে’ বা ‘এইটো যেন লাগে’ৰ পৰিৱৰ্তে ‘এনে যেন লাগে’ কৰিব পৰা গ”লহেঁতেন৷ তথাপি আমি ক’ব পাৰোঁ, মনোযোগী পঢ়ুৱৈৰ বাবে (আমি ‘পাঠক’ শব্দতকৈ লিংগ-বিভেদ নথকা ‘পঢ়ুৱৈ’ শব্দ ব্যৱহাৰৰ পক্ষপাতী) শৰ্মাৰ অনুবাদৰ মাজেৰে নিউটনৰ চিন্তাৰ জগতলৈ যাত্ৰা খুউব এটা কষ্টকৰ নহ’ব৷ আৰু দিকদৰ্শী মানৱীয় চেতনাৰ জগতখনটো মনোযোগী পঢ়ুৱৈৰ বাবেই!

অনুবাদ কৰ্মটিয়ে আমাক আন দুটা দিশতো আকৃষ্ট কৰিছে৷ প্ৰথমতে, অনুবাদকে উল্লেখ কৰা মতে এয়া সম্ভৱতঃ যিকোনো ভাৰতীয় ভাষালৈ হোৱা প্ৰিন্সিপিয়াৰ প্ৰথম অনুবাদ৷ অথচ কিতাপখনৰ ক’তোৱেই জয়ন্ত কুমাৰ শৰ্মাৰ নিজক জাহিৰ কৰাৰ সামান্যতমো প্ৰয়াস নাই— বকলা পিঠিতটো দূৰৈৰ কথা, প্ৰথম দুটা পৰিচয়-পাততো (title page) অনুবাদকৰ নামোল্লেখ নাই৷ নিউটনৰ প্ৰিন্সিপিয়াৰ অসমীয়া অনুবাদ— এনে কথাতহে আৰোপ কৰা হৈছে সৰ্বাধিক গুৰুত্ব৷ বিষয়ী নহয়, বিষয়ত গুৰুত্বাৰোপ— এয়া সাম্প্ৰতিক অসমীয়া লেখক-অনুবাদকৰ মাজতেই বিৰল৷ দ্বিতীয়তে, বুজা-নুবুজাৰ মাজেৰে ভাঙনিটোৰ মাজেৰে কৰা যাত্ৰাত প্ৰতিভাত হয় অনুবাদকৰ সততা আৰু ঐকান্তিকতা৷ এনে এখন কিতাপৰ বক্তব্য, বাক্য, শব্দৰ সমতুল ৰক্ষাত কেনে নিষ্ঠাৰ প্ৰয়োজন, ভৱিষ্যতৰ আন কোনো বৈজ্ঞানিক বা দাৰ্শনিক গ্ৰন্থৰ অনুবাদকেও যেন তাৰ নিদৰ্শন ড° জয়ন্ত কুমাৰ শৰ্মাৰ প্ৰিন্সিপিয়াৰ অনুবাদৰ মাজতেই পাব৷ অৱশ্যে দুই-এটা মৃদু আপত্তি থাকি গ’ল৷ ৰয়েল ছচাইটীক ‘ৰাজকীয় সমিতি’ কৰাৰ দৰে দুটিমান শব্দৰ অসমীয়াকৰণৰ পথ অনুবাদকে এৰাই চলিব পাৰিলেহেঁতেন৷ আনহাতে এই বিশাল কামটোত বিদ্যাৰ্থীৰ উপযোগীকৈ অনুবাদক/সম্পাদকে ঠায়ে ঠায়ে পাদটীকা দিব পাৰিলেহেঁতেন৷ হয়তো মূল প্ৰিন্সিপিয়াৰ সৌন্দৰ্য হানি হোৱাৰ শংকাতেই অনুবাদক/সম্পাদকে সেই পথ এৰাই চলিল৷ আন এটা আপত্তি লে-আউট সম্পৰ্কীয়৷ এ-ফ’ৰ ছাইজৰ কিতাপ এখনত দুটা স্তম্ভ (কলাম) থাকিলেে পঠনত সুবিধা হয়৷ এই অনুবাদত কোনা পৃষ্ঠাতেই কিন্তু স্তম্ভ-বিভাগ নাই৷

ভাষা এটাৰ শক্তি নিৰ্ভৰ কৰে ভাষাটোৰ পৰিচৰ্যাৰ ওপৰত৷ ভাষা এটা যিমানে সমৃদ্ধিশালী হয়, সিমানে বৃদ্ধি পায় ভাষাটোৰ নিৰ্ভৰশীলতা৷ তাৰবাবে ভাষাটোলৈ বিশ্বৰ গুৰুত্বপূৰ্ণ ৰচনা-গ্ৰন্থৰ অনুবাদ হ’ব লাগিব, নিত্য নতুন চিন্তা-চেতনাৰ আগমন ঘটিব লাগিব৷ আমি সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক হৈ থকাৰ কালত ভিন্ন বিষয় নিৰ্ধাৰণ কৰি লেখিবলৈ অনুৰোধ/ আহ্বান জনোৱাৰ পৰত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ দুগৰাকীমান লেখকে সেমেকা ভাৱেৰে মন্তব্য কৰিছিল যে তেওঁলোকৰ অধ্যয়ন/ গৱেষণাৰ বিষয়ে লিখিবলৈ অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তিৰ অভাৱ! অথচ প্ৰিন্সিপিয়াৰ অনুবাদ কৰিবলৈ গৈ ড° জয়ন্ত কুমাৰ শৰ্মাই এপিনে বিজ্ঞানৰ পৰিভাষা, আৰু আনপিনে অষ্টাদশ শতিকাৰ আগভাগৰ ইংৰাজী ভাষাৰ মূল কিতাপখনৰ বিষয়-উপস্থাপনৰ ঠাঁচত অসমীয়ালৈ ভাঙনি কৰি একাংশ উন্নাসিকৰ এনে মনোভাৱক প্ৰত্যাহ্বান জনোৱাই নহয়, নিজৰ গভীৰ ভাষা-প্ৰেমো দাঙি ধৰিলে৷ উদ্দেশ্যৰ সততাৰে যে পথ দীঘলীয়া হ’লেও সকলো হেঙাৰ অতিক্ৰম কৰিব পাৰি, প্ৰিন্সিপিয়াৰ অসমীয়া অনুবাদ তাৰ এটা উদাহৰণ হৈ ৰ’ল৷ নিজৰ ভাষাক লৈ গৌৰৱ কৰিব খোজা প্ৰতিজন অসমীয়াই নপঢ়িলেও, নুবুজিলেও এই কিতাপখন কিনা উচিত, ভাষাটোলৈ অনূদিত সভ্যতাৰ বিকাশত অতুল্য ভূমিকা লোৱা এখন উচ্চ স্তৰীয় গ্ৰন্থৰ চিনস্বৰূপে, পৰৱৰ্তী প্ৰজন্মলৈ দিব পৰা সৰ্বোৎকৃষ্ট উপহাৰ হিচাপে৷

 প্ৰিন্সিপিয়া ঃ প্ৰাকৃতিক দৰ্শনৰ গাণিতিক নীতি মূল ঃ আইজাক নিউটন, অসমীয়া অনুবাদ ঃ ড০ জয়ন্ত কুমাৰ শৰ্মা/ অৰ্কিড প্ৰকাশন, লেম্ব ৰোড, লতাশিল, গুৱাহাটী- ৭৮১০০১/ প্ৰথম প্ৰকাশ ২০১৯চন/ দাম ঃ ১৪০০ টকা৷

@Diganta Oza.

Contact at  <digantadiganta@gmail.com>

  

No comments: