ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাৰ এই আলোচনা প্ৰকাশ পাইছিল ২০১২ বৰ্ষৰ দৈনিক জনমভূমিৰ ২ জুন আৰু ৯ জুনৰ সংখ্যাত৷ এই আলোচনাত বড়ো ভাষাৰ সংখ্যা-গণনা, ‘আৰ্যেতৰ’ সন্দৰ্ভত কৰা মন্তব্য আৰু সংস্কৃতৰ শ্ৰেষ্ঠত্ব সম্পৰ্কীয় মন্তব্যৰ বিৰোধিতা কৰি ৰিপুঞ্জয় গগৈয়ে প্ৰেৰণ কৰা এখন পত্ৰ ২ জুলাইৰ দৈনিক জনমভূমিত প্ৰকাশ পাইছিল৷ উক্ত পত্ৰ আৰু ১১ জুলাইত প্ৰকাশিত গোৱিন্দ প্ৰসাদ শৰ্মাৰ উত্তৰো এই লেখাৰ ইনছেটত দিয়া হৈছে৷
১
অসমীয়া কোন? অসমৰে বহুতো নৃগোষ্ঠীয়ে সম্প্ৰতি যেনেদৰে অসমীয়া নহয় বুলি দোহাৰিবলৈ লৈছে, তেনে পৰিস্থিতিত অসমীয়া জাতিৰ স্বৰূপ আৰু অস্তিত্ব লৈ আমি সকলোৱে এতিয়া শংকাজনিত প্ৰশ্নৰ সন্মুখীন হৈছোঁ৷ বিভিন্ন কাকত-আলোচনীত এই বিষয়ে বিভিন্নজনে মতামত ব্যক্ত কৰিছে, সুচিন্তিত প্ৰবন্ধ প্ৰকাশ কৰিছে৷ মই নিজেও এই বিষয়ত একাধিক প্ৰবন্ধ প্ৰকাশ কৰিছোঁ [দ্ৰষ্টব্য ঃ ‘অসমীয়া জাতি চিন্তা’, জনসাধাৰণ, বিশেষ বসন্ত সংখ্যা, এপ্ৰিল ২০১২; ‘উত্তৰাধুনিকতা আৰু অসমীয়াৰ সাম্প্ৰতিক জাতীয় সংকট’, সময়, শাৰদীয় সংখ্যা, ২০০৮; ‘উত্তৰাধুনিকতাৰ পোহৰত শ্ৰীমন্ত শংকৰদেৱ’, সাতসৰী, মাৰ্চ ২০১১]৷ কিন্তু বিষয়টি খৰচি মাৰি, প্ৰয়োজনীয় সকলো তথ্যৰ বিশ্লেষণেৰে এক সিদ্ধান্তত উপনীত হোৱা এখন পূৰ্ণাংগ গ্ৰন্থৰ আমাৰ অভাৱ আছিল৷ বিষয়টিৰ দিশ
বিশেষত আলোকপাত কৰা গ্ৰন্থ আমাৰ নোহোৱা নহয়৷ কিন্তু সমগ্ৰ বিষয়টিৰ এনে তথ্যসমৃদ্ধ, বিশ্লেষণাত্মক আলোচনাৰ গ্ৰন্থ আমাৰ নাছিল৷ সুখৰ কথা, তৰুণচাম লেখকৰ ভিতৰত গভীৰ অধ্যয়নশীল আৰু চিন্তাশীল লেখক হিচাপে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দিগন্ত ওজাৰ অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন নামৰ শেহতীয়া গ্ৰন্থখনে আমাৰ সেই অভাৱ দূৰ কৰি অসমীয়া জাতিৰ স্বৰূপ, অতীত, বৰ্তমান সম্পৰ্কে আমাক চিন্তাৰ খোৰাক যোগালে৷ অৱশ্যে, এই গ্ৰন্থৰো বিভিন্ন অধ্যায় বিভিন্ন আলোচনী-কাকতত প্ৰকাশিত হৈ গৈছে আৰু সেইবোৰে সমাদৰো লাভ কৰিছে৷ সেইবোৰ এতিয়া আমি ঐতিহাসিক কালচেতনাৰে একাদিক্ৰমে পঢ়িবলৈ পাই অধিক উপকৃত হৈছোঁ৷ অসমীয়া জাতিটোৰ সামগ্ৰিক এক ইতিহাস হিচাপে ইয়াক পঢ়ি সেই বিষয়ে আৰু চিন্তা কৰিবলৈ অনুপ্ৰাণিত হৈছোঁ৷ তিনিশৰো অধিক পৃষ্ঠাৰ এই সুখকৰভাৱে পদ্ধতিমূলক গৱেষণাধৰ্মী গ্ৰন্থখনত কি আছে? তাত প্ৰকাশিত ভাব আৰু সিদ্ধান্তবোৰ কিমান দূৰ গ্ৰহণযোগ্য?
দৈনিক জনমভুমিৰ ২জুন, ২০১২ৰ ছোৱা |
ওজাই ইয়াত বৈজ্ঞানিক অনুসন্ধানকাৰী হিচাপে সেই যুগৰ আৰ্য আৰু আৰ্যেতৰ দুই জাতিৰ সভ্যতা-সংস্কৃতিৰ মিশ্ৰণ আৰু মিলন, দ্বন্দ্ব আৰু সংঘাতত শেহান্তৰত দেখিছে এক ঐক্য; আৰু কামৰূপৰ সেই ঐক্য মিলিত হোৱা দেখিছেগৈ বিশাল ভাৰতীয় ঐক্যত৷ লেখকৰ নৰকাসুৰ-ভগদত্ত, বাণ-অনিৰুদ্ধ, হৰিহৰৰ যুদ্ধৰ সম্প্ৰদায়-নিৰপেক্ষ, নিৰ্মোহ তাৎপৰ্য বিচাৰ ইয়াত শলাগিবলগীয়া৷ এইখিনিতে পাঠকসকলক এই প্ৰবন্ধত মোৰ ‘আৰ্যেতৰ’ শব্দৰ ব্যৱহাৰ সম্পৰ্কে এষাৰ কথা জনাই থওঁ৷ আৰ্যৰ জাতিগত বা সাম্প্ৰদায়িক শ্ৰেষ্ঠতা কাৰো বাবে মান্য হোৱা উচিত নহয়৷ সেইদৰে উচিত নহয় অনা-আৰ্যসকলৰ হীনতাৰ ধাৰণা৷ নিৰপেক্ষ আলোচক-বিশ্লেষক দিগন্ত ওজা দুয়োটা জাতি-সম্প্ৰদায়ৰ প্ৰতি সমানে শ্ৰদ্ধাশীল আৰু সমানুভূতিপূৰ্ণ বাবে আৰ্য আৰু আৰ্যেতৰ শব্দ দুটিৰ ব্যৱহাৰতো তেওঁ সন্তুষ্ট নহয়৷ কাৰণ আৰ্যই যদি ধাৰণা দিয়ে ‘শ্ৰেষ্ঠ’ৰ, অনাৰ্য বা আৰ্যেতৰে ধাৰণা ওপজায় হীন বা নিম্নৰ৷ কিন্তু এই বিষয়ৰ বহু গৱেষকে দেখুৱাইছে যে আৰ্য শব্দ ঋ-ধাতুৰ পৰাহে উৎপন্ন৷ আৰু ঋ-ধাতুৰ অৰ্থ গমন কৰ বা ভ্ৰমণ কৰ৷ অৰ্থাৎ যিসকল ভ্ৰাম্যমাণ আৰু কোনো ঠাইৰ খিলঞ্জীয়া লোক নহয় তেওঁলোককে আগতে আৰ্য বোলা হৈছিল৷ তেওঁলোকৰ শ্ৰেষ্ঠত্বৰ ধাৰণা আৰ্যসকলৰহে স্ব-আৰোপিত৷ সেইদৰে আৰ্যই যদি শ্ৰেষ্ঠক বুজায়, তেন্তে অনাৰ্যই অৱশ্যে হীন বা নগণ্যজনক বুজাব৷ সেইবাবেই বহুতক ব্যৱহাৰ কৰা দেখা যায় অনাৰ্যৰ সলনি আৰ্যেতৰ৷ ইতৰ শব্দৰ অৰ্থ প্ৰথমতঃ অন্য বা ভিন্নহে৷ মই এই প্ৰবন্ধত আৰ্যেতৰৰ দ্বাৰা আৰ্যভিন্ন গোষ্ঠীবোৰক বুজাইছোঁ– কাৰো নিম্নতাৰ ইংগিত দিয়া নাই৷ সকলো গোষ্ঠী-সম্প্ৰদায়ৰ প্ৰতি সমভাবাপন্ন দিগন্ত ওজা কিন্তু আৰ্যেতৰ শব্দটিতো সন্তুষ্ট নহয়৷
এই যে আৰ্য আৰু আৰ্যেতৰৰ সংমিশ্ৰণ আৰু মিলনৰ ভূমি প্ৰাচীন কামৰূপ বা পৰৱৰ্তী যুগৰ অসমীয়া জাতিৰ আদিমস্থলী, তাতে লেখকে দেখা পাইছে পিছৰ অসমীয়া জাতিৰ স্বৰূপ৷ এই আৰ্য-আৰ্যেতৰৰ মিলন-মিশ্ৰণ, ক্ৰিয়া-প্ৰতিক্ৰিয়াই যেন পৌনঃপুনিকভাৱে ক্ৰিয়া কৰি আছে অসমীয়া জাতিৰ গঠন আৰু বিকাশত৷ হিউৱেন চাং বৰ্ণিত ভাস্কৰ বৰ্মাৰ যুগ, কোঁচ-কছাৰী, আহোমশাসিত অসম—
ইতিহাসৰ তথ্য সমৰ্থিত এই যুগবোৰতো সেই একেই প্ৰক্ৰিয়া৷ কিন্তু এই আহোম আৰু কোঁচ যুগতে ধৰ্মীয় দৃষ্টিৰে চাবলৈ
গ’লে প্ৰধানকৈ হিন্দু সমাজখনলৈ আহিল অন্য এটি প্ৰধান ধৰ্ম ইছলাম৷ সময়ত ইছলাম সভ্যতা-সংস্কৃতি অসমীয়া সভ্যতা-সংস্কৃতিৰ এটি অংগ হৈ উঠিল৷ শংকৰদেৱৰ অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু সেই ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সৃষ্টি কৰা গীত-মাত, নাট্য-নৃত্যই এই অসমীয়া সংস্কৃতিৰ পুনৰ সৌষ্ঠৱ বঢ়ালে৷ এইখনেই হৈ উঠিল অসমীয়া সমাজ৷
কিন্তু দিগন্ত ওজাই প্ৰচুৰ আয়াসলব্ধ তথ্যৰে ইয়াকো দেখুৱাইছে যে এনে বিকাশৰ সত্ত্বেও একে ভূখণ্ড
হ’লেও একে ৰাজ্য নোহোৱা এই অঞ্চলটোত ব্ৰিটিছৰ আগলৈকে আছিল অনেক গোষ্ঠীপ্ৰধান, সম্প্ৰদায়প্ৰধান সমাজৰ বহু সংস্কৃতি-সভ্যতা৷ ব্ৰিটিছৰ দিনতে এই ভূখণ্ডই তেওঁলোকৰ হাততে নাম পালে আছাম [Assam] আৰু ইয়াৰ অধিবাসীসকলে আৰু তেওঁলোকৰ ভাষাই নাম পালে আছামীজ [Assamese]৷ এই আছামীজ বা অসমীয়া ভাষাৰ স্বৰূপ বা প্ৰকৃতি প্ৰথমতে কাৰ দৃষ্টিত কেনে আছিল আৰু কেনে হোৱা উচিত বুলি কোনে ভাবিছিল আৰু তাৰ হকে কাম কৰিছিল, ওজাই বিশদভাৱে ব্ৰন্ছন, হেমচন্দ্ৰ বৰুৱা আদিৰ কৰ্মৰ তথ্যসহকাৰে তাক দেখুৱাইছে৷
ব্ৰিটিছৰ অসম দখলৰ পাছত আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে যিটি অসমীয়া ভাষাৰ ৰূপকে প্ৰকৃত অসমীয়া ভাষা বুলি গ্ৰহণ কৰিছিল, সেই ভাষাতে অৰুনোদই উলিয়াইছিল আৰু তাৰ অভিধান আৰু ব্যাকৰণ ৰচনা কৰিছিল৷ ওজাই সেই অসমীয়া ভাষাই আজিলৈ প্ৰচলিত হৈ থাকিলে ই বহু গোষ্ঠী-সম্প্ৰদায় বিভক্ত আজিৰ অসমীয়া জাতিৰ বেছি গ্ৰহণযোগ্য হৈ থাকিলহেঁতেন বুলি মত প্ৰকাশ কৰিছে৷ শংকৰদেৱৰো তুলনামূলকভাৱে সংস্কৃতীয়া আৰু বহু পৰিমাণে কৃত্ৰিম সাহিত্যিক অসমীয়া ভাষাতকৈ ওজাৰ মতে মিছনেৰীসকলৰ এই ‘দেসি’ [দেশী] অসমীয়া ভাষাইহে অসমীয়া জাতিৰ অন্তভুৰ্ক্ত বিভিন্ন গোষ্ঠীৰ বেছিভাগৰে বেছি গ্ৰহণযোগ্য ভাষা হ’লহেঁতেন৷ কিন্তু হেমচন্দ্ৰ বৰুৱাক জাত্যাভিমানী সংৰক্ষণশীলতাৰ বহু ওপৰৰ বুলি তথ্যৰে দেখুৱায়ো অসমীয়া ভাষাক সংস্কৃতীয়া ৰূপত প্ৰতিষ্ঠা কৰা তেওঁৰ কাৰ্যক ওজাই সৰ্বান্তঃকৰণে গ্ৰহণ কৰিব পৰা নাই৷ অৱশ্যে হেমচন্দ্ৰ বৰুৱাই দান কৰি যোৱা অসমীয়া ভাষাৰ গতি আৰু দিশৰ বিপৰীতেও উভতি যোৱাৰ এতিয়া আৰু উপায় নাই বুলি তেওঁ মতো প্ৰকাশ কৰিছে৷
দিগন্ত ওজাৰ এই মতৰ ঠিক বিৰোধিতা কৰিবলৈ নহয়, কিন্তু পাঠকসকলে চিন্তা কৰি চাবৰ বাবে এই বিষয়ৰ অন্য এটা দিশলৈ ইয়াতে আঙুলিয়াওহঁক৷ শিৱসাগৰৰ আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে শিৱসাগৰ অঞ্চলত শুনা মানুহৰ মুখৰ মাতক এই দেশৰ ভাষা হিচাপে বা ইয়াৰ ভাষাৰ মান্যৰূপ হিচাপে গ্ৰহণ কৰিলে৷ কিন্তু তাৰ আগেয়ে ১৮১৩ আৰু ১৮৩৩ খ্ৰীষ্টাব্দতে শ্ৰীৰামপুৰৰ মিছনাৰীসকলৰ মুখ্য উইলিয়াম কেৰীয়ে সংস্কৃতভিত্তিক অসমীয়াতহে বাইবেল অনুবাদ কৰাই প্ৰকাশ কৰিছিল৷ শিৱসাগৰৰ ব্ৰাউন-ব্ৰন্ছনে অসমীয়া ভাষা এই দেশৰ মানুহে কোৱা শুনিছিল আৰু তাৰে ওপৰত ভিত্তি কৰি অৰুনোদই উলিয়াইছিল বা বিভিন্ন গ্ৰন্থ ৰচনা বা অনুবাদ কৰিছিল৷ এওঁলোকে কিন্তু এই ভাষাৰ পূৰ্বৱৰ্তী লেখক শংকৰদেৱ-মাধৱদেৱ-মাধৱ কন্দলী পঢ়াৰ উদাহৰণ নাই৷ এওঁলোকে সংস্কৃতো কিমান জানিছিল আৰু অসমীয়া ভাষাৰ তাৰ লগত কেনে সম্পৰ্ক সেই বিষয়েও কিমানখিনি অৱগত আছিল কোৱা টান৷ অৱশ্যে ব্ৰন্ছনক আমি আমেৰিকান বিশ্ববিদ্যালয় এখনৰ ভাষাৰ ছাত্ৰ হিচাপে ভাষাবিদ বুলি জানো৷ শ্ৰীৰামপুৰৰ উইলিয়াম কেৰী কিন্তু কেইবাটাও ভাৰতীয় ভাষাৰ জ্ঞানৱান লোকেই নহয়, কেইবাটাও ভাৰতীয় ভাষাৰ অভিধান-ব্যাকৰণ প্ৰণেতা বা প্ৰণয়নৰ তত্ত্বাৱধায়কেই নহয়– তেওঁ কলকাতাৰ ফোৰ্ট উইলিয়াম কলেজৰ সংস্কৃত ভাষাৰো অধ্যাপক আছিল৷ তেৱেঁই আমাৰ আত্মাৰাম শৰ্মাক সংস্কৃতজ্ঞ লোক হিচাপে তেওঁৰ তত্ত্বাৱধানতে অসমীয়ালৈ বাইবেল ভাঙিবলৈ নিযুক্ত কৰি প্ৰথমতে ১৮১৩ খ্ৰীঃত ইয়াৰ কেইটামান অধ্যায় ধৰ্মপুস্তক নামত প্ৰকাশ কৰে আৰু ১৮৩৩ খ্ৰীঃত সম্পূৰ্ণ অসমীয়া বাইবেল প্ৰকাশ কৰে৷ সংস্কৃত পণ্ডিত আৰু বহু ভাৰতীয় ভাষাৰ পণ্ডিত উইলিয়াম কেৰীৰ তত্ত্বাৱধানত সংস্কৃত পণ্ডিত আত্মাৰাম শৰ্মাৰ দ্বাৰা অনূদিত এই বাইবেল অসমীয়া মানুহৰ মুখৰ ভাষাৰ নহয় বুলি ব্ৰন্ছনে প্ৰত্যাখ্যান কৰিছিল যদিও আমাৰ সন্দেহ ৰৈ যায়৷ ব্ৰাউন-ব্ৰন্ছন প্ৰমুখ্যে আমাৰ শিৱসাগৰৰ মিছনাৰীসকলে ভট্টদেৱৰ কথা-গীতাৰ অসমীয়াকো, শংকৰদেৱৰ অসমীয়াকো মানুহৰ মুখৰ অসমীয়া নহয় বুলি প্ৰত্যাখ্যান কৰিলেহেঁতেন নেকি? শ্ৰীৰামপুৰৰ উইলিয়াম কেৰীৰ তত্ত্বাৱধানত আৰু আত্মাৰাম শৰ্মাৰ অনুবাদৰ অসমীয়া বাইবেলৰ নতুন সংস্কৰণ এতিয়া সূৰ্য হাজৰিকাৰ দ্বাৰা পুনঃপ্ৰকাশিত হ’ব৷ সেইখন দেখিলে দিগন্ত ওজাই উত্থাপন কৰা হেমচন্দ্ৰ বৰুৱাই দিয়া আধুনিক অসমীয়া ৰূপ সম্পৰ্কে সঠিক জ্ঞান আমি লাভ কৰিব পাৰিম৷
কিন্তু এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব৷ অসমীয়াৰ সংস্কৃতকৰণত কিছু আপত্তিৰ ভাব ৰখা দিগন্ত ওজাই বড়ো ভাষা শব্দসম্ভাৰত অতি চহকী বুলি উল্লেখ কৰিছে৷ মই প্ৰাথমিক স্কুলৰ পৰা হাইস্কুললৈ একেটা শ্ৰেণীৰ নলে-গলে লগা বন্ধু হিচাপে পাইছিলোঁ হৰি ৰামচিয়াৰী বুলি মোৰ সমনীয়া এজনক৷ হৰি চোকা ছাত্ৰ৷ হাইস্কুলত দুয়ো সংস্কৃত আৰু অসমীয়া ব্যাকৰণৰ নীতি-নিয়মবোৰ শিকি শিকি তাতে মজি গ’লোঁ৷ হৰিৰ পৰা মই মুখে মুখে বড়ো ভাষা শিকাৰ চেষ্টা কৰোঁ৷ কালি শিকা কথা আজিতে পাহৰি তাক কওঁ, ‘আমাৰ অসমীয়া, সংস্কৃত, ইংৰাজী ভাষাৰ দৰে তহঁতৰ এখন ব্যাকৰণ কিয় নাই
?’ অসমীয়া ভাষাৰো ভাল ছাত্ৰ আৰু তেতিয়ালৈ লিখিত ৰূপ নোহোৱা [৫০১ দশক] নিজৰ বড়ো ভাষাৰ প্ৰতিও সংবেদনশীল হৰি ৰামচিয়াৰীয়ে কয়— ‘আমি দুয়ো আৰু দুবছৰৰ মূৰত যেতিয়া মেট্ৰিক দি উঠি তিনি মাহৰ সময় পাম, তেতিয়াই দুয়ো লগ লাগি বড়ো ভাষাৰ এখন ব্যাকৰণ লিখিম দেই৷ এতিয়াৰ পৰাই দুয়ো নিয়মবোৰ নোট কৰি যাওঁ৷’ আমি দুয়ো সঁচাকৈ সেই ব্যাকৰণ লিখা হ’লে তাত সংস্কৃত ব্যাকৰণৰ সাঁচত নাইবা হেমচন্দ্ৰ বৰুৱাৰ ঠাঁচৰ অসমীয়া ব্যাকৰণৰ সাঁচত ঢালি দিলোঁহেঁতেন৷ সঁচা-মিছা ক’ব নোৱাৰোঁ— বৰমা অঞ্চলৰ অষ্টম-নৱমমানৰ চোকা ছাত্ৰ এই হৰি ৰামচিয়াৰীয়ে মোক কৈছিল— তেওঁলোকৰ বড়ো ভাষাত পাঁচটা আঙুলিৰে লেখিব পৰাকৈ একৰ পৰা পাঁচলৈকে শব্দ পোৱা যায়৷ অষ্টম-নৱমমানৰ ছাত্ৰ মই আচৰিত হৈ সোধোঁ, ‘ছয়ৰ পৰা ওপৰলৈ কেনেকৈ গণনা কৰ তহঁতৰ ভাষাত
?’ সি ক— ‘বড়ো ভাষাত পাঁচ পাৰ
হ’লেই আমি ছয়, সাত, আঠ আদিত অসমীয়াৰেই সহায় লওঁ৷’ অসমীয়াত সোমোৱা সংস্কৃত শব্দবোৰ বাদ দিয়াৰ পাছত যিখিনি অসমীয়া শব্দ ৰ’ব,
তাৰেই হৃদয়ৰ সকলো অনুভূতি আৰু মগজুৰ সকলো চিন্তাই নিশ্চয় প্ৰকাশ কৰিব পৰা নাযাব৷ উচ্চ চিন্তা, গভীৰ অনুভূতি প্ৰকাশৰ বাবে সংস্কৃতৰ দৰে ভাষা এটিলৈ যাবলৈ আমি বাধ্য হওঁ৷ আজিৰ অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ, স্বাস্থ্যবিজ্ঞানৰ, উচ্চ
দৰ্শনৰ শব্দবিলাকৰ বাবেও আমি কিয় ভাৰতত প্ৰাচীন ভাষা সংস্কৃতৰ আৰু পাশ্চাত্যত প্ৰাচীন ভাষা লেটিনৰ সহায় ল’ববলগীয়া হয়? কাৰণ এই প্ৰাচীন ভাষাবোৰৰ শব্দবোৰ, ধাতুবোৰ ভাঙি-ছিঙি তাৰ পৰাই আৰু অনেক নতুন নতুন শব্দ গঢ়ি উলিয়াব পাৰি৷ অৰ্থাৎ এই প্ৰাচীন ঐশ্বৰ্যশালী ভাষাবোৰ
highly inflectional ৷ শংকৰদেৱে তেওঁৰ সাহিত্য-সংস্কৃতি, ধৰ্মৰ সকলো সৃষ্টিৰ বাবে আমাৰ গাঁও-ভূঁইৰ সাধাৰণ মানুহৰ সংস্কৃতিৰ পৰাই উপাদান সংগ্ৰহ কৰা সত্ত্বেও তেৱোঁ কিয় সংস্কৃতীয়া ঠাঁচৰ অসমীয়া লিখিলে, মধ্যযুগীয় ধৰ্মীয় ভাষা ব্ৰজাৱলীৰ আশ্ৰয়
ল’লে— এইবোৰ প্ৰশ্নৰ উত্তৰ এনে কথাতেই পোৱা যাব৷ এইবোৰ কথাৰ প্ৰতি সজাগ হ’লেই আমি বোধহয় শিৱসাগৰৰ ব্ৰন্ছন আৰু শ্ৰীৰামপুৰৰ কেৰীৰ মাজৰ পাৰ্থক্যও বুজি পাম৷
২
আৰ্য-আৰ্যেতৰৰ মিলন আৰু মিশ্ৰণভূমি অসমত জাতীয় সমস্যাৰ উদ্ভৱ নোহোৱাৰ বাবে আৰ্য বা বৰ্ণহিন্দু সংস্কৃতিৰ স্থানতকৈ আৰ্যেতৰ সংস্কৃতিৰ স্থান ওপৰৰ
হ’ব লাগিছিল বুলি দিগন্ত ওজাই বুজি পাইছে৷ তাৰ বাবেই ইয়াৰ পাছত, অৰ্থাৎ কিতাপখনৰ দ্বিতীয়াৰ্ধত অসমৰ বৰ্ণহিন্দু শ্ৰেণীটোৰ প্ৰতি তেওঁক বেছ কঠোৰ হোৱা দেখা গৈছে৷ কিতাপখনৰ প্ৰায় প্ৰথম আধাত অসমৰ সকলো গোষ্ঠী, জাতি, সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ যি পক্ষপাতমুক্ত সমানুভূতিপূৰ্ণ সৃষ্টি, দ্বিতীয়াৰ্ধত তাৰ বিপৰীতে অসমৰ বৰ্ণহিন্দুসকলৰ প্ৰতি তেওঁৰ দৃষ্টিৰ কঠোৰতা যেন তেওঁৰ ক্ষেত্ৰত খাপ নোখোৱা৷ তেওঁ দেখুৱাইছে আদিম কালৰ পৰা মধ্যযুগৰ প্ৰায় আধাখিনি সময়লৈ অসমীয়া সভ্যতা-সংস্কৃতিৰ গঠনত সমান ভূমিকা থকা সকলো জাতি-সম্পদায়ৰে যদিও সমান স্থান আছিল, মধ্যযুগৰ প্ৰায় মাজভাগৰ পৰা বা ৰুদ্ৰসিংহৰ কালৰ পৰা উচ্চ হিন্দুসকলৰ প্ৰভাৱ অসমভূমিত খাপ নোখোৱাকৈ বাঢ়িবলৈ ধৰিলে আৰু ঊনবিংশ শতাব্দীৰ শেষৰ পৰা বা আধুনিক অসমৰ উন্মেষণিৰ পৰা বৰ্ণহিন্দুসকলৰ প্ৰভাৱ আৰু আধিপত্য সৰ্বত্ৰ বিৰাজ কৰিলে৷ এই আধুনিক অসমেই আনিলে পূৰ্বৰ বহু সমাজৰ সমষ্টি বৃহৎ অসমীয়া সমাজখনলৈ অসমীয়া জাতিৰ ধাৰণা৷ দিগন্ত ওজাৰ সিদ্ধান্ত— অসমখন এক কৰি ৰাখিবলৈ অসমত এটা অসমীয়া জাতিৰ ধাৰণাতকৈ এখন অসমীয়া সমাজৰ ধাৰণাহে বেছি উপাদেয়৷ এই ধাৰণা দিগন্ত ওজাৰ সম্পূৰ্ণ নিজস্ব আৰু সেইখিনিতেই তেওঁৰ মৌলিকতা৷ ওজাই দেখুৱাইছে, আধুনিক অসমত যি অসমীয়া জাতিৰ সৃষ্টি হ’ল, তাত পূৰ্বৰ আৰু সৰু জাতি-গোষ্ঠীবোৰে নিজৰ সমাজ স্বকীয় কেন্দ্ৰীয় অৱস্থান হেৰুৱালে আৰু প্ৰধান হৈ বহিলে আধুনিকমনা বৰ্ণহিন্দুসকল৷ তেওঁলোকৰেই প্ৰতিপত্তি বাঢ়িল অসমৰ সৰ্বত্ৰ৷ ফলত অসমৰ সৰ্বত্ৰ এতিয়া গোষ্ঠীগত অশান্তি, সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদ৷
দৈনিক জনমভূমিৰ ৯ জুন, ২০১২ৰ ছোৱা |
ইয়াৰ নিৰাময়ৰ বাবে ওজাই বিচাৰে পূৰ্বৰ সমাজৰ ধাৰণাৰেই সকলো গোষ্ঠীক সমাজৰ এখন অসমীয়া সমাজ— য’ত সকলোৰে আগতে নিজৰ নিজৰ সমাজত থকাৰ দৰে একে স্থান৷ ওজাৰ বৰ্ণহিন্দুসকলৰ প্ৰতি ক্ষোভে দেখুৱায়– তেওঁৰ ধাৰণাৰ সেই অসমখন গঢ়াৰ বাবে ৰক্ষাৰ বাবেও সময় এতিয়া পাৰ হৈ গ’ল৷ আৰু যদি তাৰ সময় পাৰ হৈ যোৱা নাই তেন্তে কি পৰিকল্পনাৰে আমি আজিও সেইখন অসম গঢ়িম তাক গ্ৰন্থকাৰে স্পষ্ট কৰি দিয়া নাই৷
দিগন্ত ওজাৰ এই গ্ৰন্থত প্ৰকাশিত ধাৰণা মই ভুল বুলি গণ্য কৰিব পৰা নাই৷ কিন্তু এটা অসমীয়া জাতিৰ ঠাইত তেওঁ যি এখন অসমীয়া সমাজ বিচাৰিছে, সেইখন কেনেকৈ গঠিত হ’ব পাৰিলেহেঁতেন— ইতিহাসৰ যি দুৰ্বাৰ গতিস্ৰোত তাৰ মাজতো, তাৰ যিহেতু মই এই গ্ৰন্থত আভাস নেদেখিলোঁ, গতিকে মই ওপৰত উল্লেখ কৰি অহা মোৰ অসমীয়া জাতীয় চিন্তাযুক্ত প্ৰবন্ধবোৰত অসমীয়া জাতিৰ গঠনৰ কাৰণ আৰু ইয়াক ৰক্ষাৰ বাবে যিবোৰ উপায় আগবঢ়াইছোঁ, সেইবোৰো মোৰ ভুল বুলি প্ৰতীয়মান
নহ’ল৷ দিগন্ত ওজাৰ গ্ৰন্থখন পঢ়াৰ পাছতো মোৰ মনত এই ধাৰণাই বদ্ধমূল হৈ থাকিল যে অসমীয়া জাতি বা বৃহৎ অসমীয়া জাতি বা বৰ অসম গঠিত হৈছিল ব্ৰিটিছ প্ৰভাৱত৷ সেই অসমীয়া জাতিৰ আজিৰ সংকটো, তাত অস্বাভাৱিক নহয়৷ আৰু সেই সংকট মোচনৰ উপায়ো মই দেখা পাইছোঁ পাশ্চাত্য চিন্তাতেই৷ মোৰ পূৰ্বোল্লিখিত প্ৰবন্ধবোৰত মই তাকেই দেখুৱাইছোঁ৷
দিগন্ত ওজাই কিছু অসহনশীলভাৱেই আধুনিক অসমীয়া সমাজৰ যি বৰ্ণহিন্দুসকলৰ কথা কৈছে তেওঁলোক আচলতে পাশ্চাত্য আধুনিক শিক্ষালব্ধ আধুনিক অসমীয়া৷ এই শ্ৰেণীৰেই প্ৰথম স্তৰৰ লোকসকল হ’ল কলিকতাত উচ্ছ শিক্ষা ল’বলৈ গৈ সেই পাশ্চাত্য শিক্ষা-দীক্ষাৰ প্ৰভাৱত অঃ ভাঃ উঃ সাঃ সভা গঠন কৰা আৰু জোনাকী আলোচনী প্ৰতিষ্ঠা কৰা অসমীয়া ডেকাসকল৷ এই বৌদ্ধিক, সাহিত্যিক নেতাসকলৰ লগতে আছিল আধুনিক অসমৰ নিৰ্মাণৰ লগত জড়িত নামনিৰ মাণিক চন্দ্ৰ বৰুৱা আৰু উজনিৰ জগন্নাথ বৰুৱাৰ দৰে লোক৷ এওঁলোকৰ লগত বা আগে-পিছে থকা সকলো লোক বৰ্ণহিন্দু নিশ্চয় নাছিল৷ কিন্তু তেওঁলোকৰ গোষ্ঠী যিয়েই নহওক, আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত ব্ৰিটিছশাসিত এই ভূখণ্ডত তেওঁলোকে এখন দেশৰ এটা জাতি হিচাপে থিয় দিব খুজিছিল৷ মনত ৰাখিব লাগিব যে ভাৰতৰ পৰা বিদেশী শাসন ওফৰাবৰ বাবে সকলো ভাৰতীয় এক হৈ এটা জাতি হিচাপে থিয় হোৱাৰ যি প্ৰচেষ্টা ঊনবিংশ শতাব্দীৰ প্ৰায় মাজভাগৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত হৈ আহিছিল, তাৰ ফলতে আমাৰ অসমীয়া ছাত্ৰসকলে অঃ ভাঃ উঃ সাঃ সঃ গঠন কৰা বা জোনাকী প্ৰতিষ্ঠা কৰা এইছোৱা কালতে শেষত সমগ্ৰ ভাৰতৰ বাবে এক জাতীয় অনুষ্ঠান সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ বা All
India National Congress স্থাপিত হৈছিল৷ আনহাতে এক ভাৰতীয় জাতিৰ প্ৰতিষ্ঠাৰ সেই কালতে অসমত এক অসমীয়া জাতিৰ প্ৰতিষ্ঠা হোৱাৰ দৰে ভাৰতীয় জাতিৰে অন্তৰ্গত অন্য প্ৰান্তীয় জাতিৰো প্ৰতিষ্ঠা হৈছিল– যেনে ঃ বাঙালী জাতি, মাৰাঠা জাতি ইত্যাদি৷ এই আধুনিক যুগৰ ভাৰতীয় তথা অসমীয়াসকলে একেটা জাতিৰ মহামন্ত্ৰত দীক্ষিত হওঁতে তেওঁলোকৰ সেই মহামন্ত্ৰ বা মহাবীক্ষা আছিল পাশ্চাত্য মহাবীক্ষা– সমগ্ৰ ভাৰতৰ একেটা মহান সভ্যতা, একেটা মহান সংস্কৃতি৷ স্বাভাৱিকতে ইয়াত প্ৰান্তীয় জাতিৰো চেতনা ধৰা পৰিলেও তাৰে মাজৰ সৰু-সুৰা জাতি, সৰু-সুৰা ভাষা-সংস্কৃতিৰ কথাবোৰ অদৃশ্য হৈ আছিল৷ এয়া তেতিয়া আছিল সামাজিক-ৰাজনৈতিক আদৰ্শৰ আধুনিকতা৷ আমাৰ জোনাকীযুগীয় বুদ্ধিজীৱী, আধুনিক অসম নিৰ্মাতাসকলে এই সময়তে ক্ৰমে ক্ৰমে ভাৰতীয় জাতীয়তাবাদত দীক্ষিত
হ’বলৈ ধৰিলেও সমান্তৰালভাৱে একে আদৰ্শ আৰু একে বীক্ষাৰে অসমীয়া জাতীয়তাবাদো গঢ়ি তুলিলে৷ সেইদৰে বংগদেশত বাঙালী জাতীয়তাবাদ৷
কিন্তু ভাৰতীয় আৰু অসমীয়া জাতীয়তাবাদৰ এই ধাৰণা পাশ্চাত্য ধাৰণা৷ অৱশ্যে তাক প্ৰয়োগ কৰা হৈছে অকল মোৰ দ্বাৰা নহয়, ভাৰতৰ স্বাধীনতা আন্দোলন, জাতীয়তাবাদী আন্দোলন অধ্যয়ন কৰা দেশী-বিদেশী সকলো পণ্ডিতৰ দ্বাৰা৷ কিন্তু এনে বিদেশী ধাৰণাৰে দেশক বুজাৰ চেষ্টা সদায় আনন্দদায়ক বা সুফলদায়ক নহ’বও পাৰে৷ ইয়াৰ বিপৰীতে এই তৰুণ অসমীয়া বুদ্ধিজীৱী দিগন্ত ওজাৰ দেশক বুজাৰ চেষ্টা নিঃসন্দেহে আকৰ্ষণীয়৷ কিন্তু ই কিমান ত্ৰুটিমুক্ত আৰু গতিকে সুফল সম্ভৱ?
প্ৰথম কথা হ’ল দিগন্ত ওজাৰ গ্ৰন্থত জাতি হিচাপে আলোচিত পূৰ্বৰ বামুণ, কলিতা, আহোম, মৰাণ, চুতীয়া আদিৰ আলোচনাৰ পাছত আধুনিক অসমত যেতিয়া ভাৰতীয়ৰ ক্ষেত্ৰত বা অসমীয়াৰ ক্ষেত্ৰত আকৌ জাতি শব্দটো ব্যৱহৃত হ’ল এই জাতিৰ [nation] ব্যুৎপত্তি বা ধাৰণা সম্পৰ্কে তেওঁ পাঠকক কিছু কথা ক’ব লাগিছিল৷ আমাৰ পূৰ্বৰ জাত, সম্প্ৰদায় আদি বুজোৱা জাতিৰ পৰা এই জাতি [nation] যে ভিন্ন তাৰ আভাসৰ অৰ্থে আৰু এই জাতিৰ গঠন বা উদ্ভৱৰ সম্পৰ্কে কিছু কথা ক’লে তেওঁ জাতিৰ বিপৰীতে যি সমাজৰ ধাৰণা থিয় কৰাইছে তাক বুজা আমাৰ সহজ হ’লহেঁতেন৷ এই জাতি [nation] আমাৰ ভাৰতীয় সমাজৰ জাত বা জাতিৰ ওপৰৰ আধুনিক পাশ্চাত্য ধাৰণাৰ জাতি– ইয়াকে দেখুৱাই আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গোষ্ঠীগত, জাতিগত সমাজবোৰ আৰু তাৰ বিপৰীতে এখন বহল বা বিশাল সমাজৰ গঠন বা উদ্ভৱ কেনেকৈ সম্ভৱ তাৰ বিতং আৰু স্পষ্ট আলোচনা থকা হ’লে ওজাৰ চিন্তা আৰু বক্তব্য আমাৰ বাবে বেছি স্পষ্ট হ’লহেঁতেন৷
ভাৰততো পাশ্চাত্য ধাৰণাৰ জাতিৰ প্ৰয়োজন কিয় হ’ল? পাশ্চাত্য জগত বা ইউৰোপ যেতিয়া ঔদ্যোগিক বিপ্লৱৰ বাবে [Industrial
Revolution] মানুহৰ ব্যৱহৃত সামগ্ৰীত প্ৰচুৰ উৎপাদনক্ষম হৈ উঠিল, তেতিয়া সেই প্ৰভূত অতিৰিক্ত সামগ্ৰীৰ বাবে বহল বহল একোখন বজাৰৰো প্ৰয়োজন হৈ উঠিল৷ গতিকে সৰু সৰু দেশৰ সৰু সৰু বজাৰৰ সলনি বৃহৎ একোখন দেশৰ বৃহৎ একোখন বজাৰৰ বাবে বৃহৎ একোটা জাতিৰ ধাৰণাৰো প্ৰয়োজন হ’ল৷ [পূৰ্বোল্লিখিত বিহু সংখ্যা জনসাধাৰণৰ মোৰ প্ৰবন্ধটি দ্ৰষ্টব্য৷] গঢ়ি উঠিল অষ্টাদশ, ঊনবিংশ শতাব্দীৰ বৃহৎ বৃহৎ জাৰ্মান জাতি, ফৰাচী জাতি, ইটালীয় জাতি ইত্যাদি৷ সেই জাতিৰ ধাৰণাৰে ভাৰতত গঢ়ি উঠা ভাৰতীয় জাতিৰ উদ্ভৱৰ কাৰণ কিন্তু ভিন্ন৷ সমগ্ৰ ভাৰতবৰ্ষ অধিকাৰ কৰি তাত শাসনৰ আধিপত্য স্থাপন কৰা বিদেশী ঔপনিৱেশিক ব্ৰিটিছসকলক ওফৰাবলৈ ভাৰতৰ পূৰ্বৰ দেশবোৰৰ মাজত বা সমসাময়িক ব্ৰিটিছ প্ৰদেশবোৰৰ মাজত ঐক্যৰ টান অপৰিহাৰ্য৷ এই তাগিদাতে গঢ়ি উঠিল ভাৰতীয় জাতি [nation] তাৰে ভিতৰতে আৰু গঢ়ি উঠিল বিভিন্ন প্ৰান্ত বা প্ৰদেশত একো একোটা জাতিৰ ধাৰণা৷ পূৰ্বৰ ভাৰতীয় আদৰ্শৰ জাত-পাত ভিত্তিক জাতিৰ ধাৰণাৰ তাত স্থান নাই৷ বা সেইবোৰ বাটেৰে গৈ থাকিব লাগিলে ভাৰত কেতিয়াও স্বাধীন হ’ব নোৱাৰিব৷ এনে তাগিদাতে ভাৰত পালেহি এই বিদেশী ধাৰণা৷ এনে তাগিদাতে অসমীয়াসকলেও গঢ়ি তুলিলে অসমীয়া ভাষা-সংস্কৃতিক কেন্দ্ৰ কৰি প্ৰান্তীয় অসমীয়া জাতীয় চেতনা তথা আন্দোলন৷ বৃহত্তৰ ভাৰতীয় স্বাৰ্থত তেতিয়া অৱশ্যে সকলো প্ৰান্ততে নিজৰ নিজৰ প্ৰান্তীয় জাতীয় চেতনা উজ্জীৱিত কৰি ৰাখিও বৃহত্তৰ ভাৰতীয় চেতনাকে সকলোৱে প্ৰাধান্য দিছিল৷ আনহাতে প্ৰান্ত বা প্ৰদেশবোৰৰ গোষ্ঠীগত চেতনাবোৰ তেতিয়া বৃহত্তৰ স্বাৰ্থতে দমিত হৈ আছিল৷ এনে দমিত গোষ্ঠীগত চেতনা অসমত ছেগা-চোৰোকাকৈ তেতিয়াও ধৰা পৰাৰ উদাহৰণ ওজাই তেওঁৰ গ্ৰন্থতো দুই-এটা দিছে৷
এই পাশ্চাত্য গঢ় লোৱা জাতিৰ ধাৰণাক কেন্দ্ৰ কৰি বহু সৰু সৰু জাতি একত্ৰিত হওঁতে আৰু এটি ভাব বা ধাৰণা ক্ৰিয়াশীল আছিল৷ ই আছিল বহু জাতিৰে মিলিত সেই জাতিৰ সভ্যতা-সংস্কৃতিৰ বৈশিষ্ট্যৰ শ্ৰেষ্ঠতা যিয়ে টানি নিয়ে একেটা দিশলৈ তাত ভুক্ত হোৱা সৰু-সুৰা জাতিবোৰক৷ উত্তৰাধুনিক চিন্তাৰ চিন্তাবিদ কাঁচোৱা লিয়টাৰ, ডেভিদ হাৰ্ভে আদিয়ে এই আধুনিক জাতিৰ শ্ৰেষ্ঠতা নিৰ্ণায়ক কাৰকসমূহকে বা প্ৰণালীটোকে বুলিছে মহাবীক্ষা [Grand
narrative\Grand view]৷ আমি ভাৰততো ভাৰতীয় জাতিৰ ধাৰণা গঢ়ি তোলোতে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ শ্ৰেষ্ঠতা নিৰ্ণায়ক ভাৰতীয় মহাবীক্ষাৰ আশ্ৰয় লৈছিলোঁ৷ সেইদৰে অসমীয়া জাতিৰ ধাৰণা গঢ়োঁতে অঃ ভাঃ উঃ সাঃ সঃ, জোনাকী আলোচনী আৰু পাছত অসম সাহিত্য সভাই অসমৰ সৰু-সুৰা জাতিবোৰকো বৃহৎ অসমীয়াৰ অন্তভুৰ্ক্তিৰে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ মহাবীক্ষা গঢ়ি তুলিছিল৷ আমাৰ অঃ ভাঃ উঃ সাঃ সঃ আৰু জোনাকী যুগৰ অসমীয়া ছাত্ৰসকলৰ লগৰ কলিকতালৈ যোৱা-নোযোৱা সকলো ছাত্ৰ আৰু ভাব প্ৰকাশৰ শক্তি আহৰণ কৰা সকলো অসমবাসীয়ে বা সেই ব্ৰিটিছ অসমৰ অধিবাসীয়ে জাতি-গোষ্ঠী-ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সেই এক অসমীয়া জাতিৰ ধাৰণা, আৰু সেই ধাৰণাৰ বাহক অসমীয়া জাতিৰ মহাবীক্ষা সৰৱে অথবা নীৰৱে মানি লৈছিল৷
ৰিপুঞ্জয় গগৈৰ প্ৰতিক্ৰিয়া |
এই ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসম আৰু অসমবাসীৰ বিষয়ে একে অসমীয়া জাতিৰ লোক হিচাপে চিন্তা কৰা আৰু বৌদ্ধিক নেতৃত্ব দিয়া আধুনিক অসমীয়াসকলক দিগন্ত ওজাই চিহ্নিত কৰিছে বৰ্ণহিন্দু সম্প্ৰদায়ৰ লোক বুলি৷ তেওঁলোকৰ মাজত যিহেতু বৰ্ণবিন্দু সম্প্ৰদায়ৰ বাহিৰৰ লোকো আছিল আৰু বৰ্ণহিন্দু-অবৰ্ণহিন্দু সকলো লোক ইউৰোপীয় আধুনিক আদৰ্শৰ আধুনিক অসমীয়া হিচাপেহে অসমৰ চিন্তা কৰিছিল নিৰ্মোহ বিশ্লেষণ-বিচাৰৰ তুলাচনীত এনে সাম্প্ৰদায়িক চেতনাৰ ভাবে পাঠকৰ মনত আউল লগাব খোজে৷ এনে বিচাৰে আধুনিক বা উত্তৰাধুনিক অসমতো সাম্প্ৰদায়িকতাৰ বীজ সিঁচিব পাৰে৷ এই মূল্যৱান আৰু অতি গুৰুত্বপূৰ্ণ কিতাপখনৰ ক্ষেত্ৰত এই শংকা এইবাবেই ব্যক্ত কৰিছোঁ যে আধুনিক অসম নিৰ্মাতা এইসকল অসমীয়া বা তেওঁলোকৰ সহযোগী, সহগামী, অনুগামীসকলক বৰ্ণহিন্দু বুলি চিহ্নিত নকৰি আধুনিক অসমীয়া বা আধুনিকমনা অসমীয়া বুলি চিহ্নিত কৰি তেওঁলোকৰ কাৰ্যকলাপৰ সুফল, কুফল বিচাৰ কৰিলেও আমি সকলো, সাম্প্ৰদায়িক চেতনা তথা বিদ্বেষৰ বহু ওপৰৰ তৰুণ বুদ্ধিজীৱীৰ অসমীয়া জাতি আৰু সমাজ সম্পৰ্কে যি সিদ্ধান্ত, তাতেই উপনীত হ’ব পাৰোঁ৷ মোৰ পূৰ্ব প্ৰকাশিত প্ৰবন্ধ তিনিটাতো এই একে সিদ্ধান্তৰ সাৰতে পাশ্চাত্যৰ উত্তৰাধুনিকতাৰ বিশেষণ-বিচাৰেৰে উপনীত হৈছিলোঁ৷
ড০ শৰ্মাৰ প্ৰত্যুত্তৰ |
পাশ্চাত্য মহাবীক্ষাৰ ধাৰণাৰে অসমত এক অসমীয়া জাতিৰ যি ধাৰণা আৰু তাক বৰ্তাই ৰখাৰ বাবে আমাৰ বহুতৰ যি উন্নাসিক কাৰ্যপ্ৰণালী তাত আমাৰ সৰু-সুৰা কিন্তু আত্মপৰিচয়সম্পন্ন গোষ্ঠীবোৰ অসন্তুষ্ট হৈ জী উঠা স্বাভাৱিক৷ ওজায়ো সেইবোৰ অতি সুন্দৰকৈ দেখুৱাইছে৷ কিন্তু সেই সমস্যাৰ সমাধান সাম্প্ৰদায়িকভাৱেই কৰিব লাগিবনে? বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে আমিও জাত-পাতৰ বিচাৰেৰেহে নিৰ্বাচন খেলি আজিৰ সমস্যা সমাধান কৰিব লাগিবনে? অসমৰ বৰ্তমান জাতীয় পৰিস্থিতিৰ বাবে দিগন্ত ওজাই এসময়ৰ বৰ্ণহিন্দুৰ বৌদ্ধিক নেতৃত্বকে দায়ী কৰিলেও এই সমস্যাৰ সমাধানৰ উপায় অৱশ্যে এনে সাম্প্ৰদায়িকতাই বুলি সিদ্ধান্ত কৰা নাই৷ তেওঁ সিদ্ধান্ত কৰিছে তেনে ঠেক সাম্প্ৰদায়িক ভাবাৱেগৰ বহু ওপৰৰ এক নিজস্ব ধাৰণাৰে৷ ওজাই দেখুৱাইছে যে অসমীয়া জাতিৰ ধাৰণাৰে অসমক বুজি আৰু ইয়াৰ হকে কাম কৰিবলৈ এনেদৰে আগুৱাই নাহি এক অসমীয়া সমাজ গঢ়াৰ আদৰ্শৰে আমি আগুৱাই অহা
হ’লে আজিৰ এই সংকটময় অৱস্থাত অসম বা অসমীয়া সমাজখন নপৰিলহেঁতেন৷ কিন্তু আগতে কৈছোঁৱেই, পৰ্যাপ্ত বিচাৰ-বিশ্লেষণৰ সহায়ত ওজাৰ পৰিকল্পিত অসমীয়া সমাজখন আমাৰ আগত স্পষ্টভাৱে দাঙি ধৰা নহ’ল৷ সেই পৰিকল্পনা বাস্তৱত কেনেকৈ ৰূপায়িত কৰিব পৰা গ’লহেঁতেন বা এতিয়াও পাৰি, তাৰ পন্থাও দেখুৱাই নিদিয়া বাবে তেওঁৰ এই গ্ৰন্থৰ সিদ্ধান্তৰ সফলতা সম্পৰ্কে আমাৰ সংশয় থাকি যায়৷ আৰু ইয়াৰ সঠিক সমাধান বুলি মোৰ অন্ততঃ তথাপি ভাব হয় উত্তৰাধুনিক পাশ্চাত্য ধাৰণাৰ এক জাতিৰ ভিতৰৰে বহু কেন্দ্ৰৰ ধাৰণা আৰু স্বীকৃতি৷ [মোৰ জনসাধাৰণ, বিহু সংখ্যা ২০১২ আৰু সময়, শাৰদীয় সংখ্যা ২০০৮১ প্ৰবন্ধত আলোচিত আৰু প্ৰদৰ্শিত৷]
দিগন্ত ওজাৰ ধাৰণাৰ বা কল্পনাৰ অসমীয়া সমাজৰ অসমখনো নিশ্চয় বহু জাতি-উপজাতিৰ সংস্কৃতিৰে বহুৰঙী অসমেই হ’ব৷ ময়ো মোৰ প্ৰবন্ধলানিত দেখুৱাই আছোঁ এক অসমীয়া জাতিৰ অসমখনতো আধুনিক ধাৰণাৰ একেটা কেন্দ্ৰৰ ঠাইত উত্তৰাধুনিক ধাৰণাৰ বহুতো কেন্দ্ৰই স্বীকৃতি পাব৷ সেই কেন্দ্ৰবোৰতো থাকিব আমাৰ সকলো জাতি-উপজাতিবোৰ তেওঁলোকৰ নিজৰ নিজৰ সমাজ আৰু সভ্যতা-সংস্কৃতিৰো অৰ্থাৎ আমাৰ জোনাকী যুগৰ বুদ্ধিজীৱীসকলে গঢ়িব খোজা বৰ অসম বৰ অসম হৈয়ে থাকিব; কিন্তু সি এক অসমীয়া মহাবীক্ষাৰে একৰঙী নহয়৷ হ’ব উত্তৰাধুনিক মহাবীক্ষাৰে গঢ়া বহুতো সৰু সৰু বীক্ষাৰ সমৃদ্ধিৰে বহুৰঙী৷ অসম একৰঙী নহয়৷ অসম বহুৰঙী৷ দিগন্ত ওজাৰ পৰিকল্পিত সেই অসমো একেদৰেই বহুৰঙী৷ তেওঁৰ অসমীয়া সমাজখনো মই যদি ভুলকৈ বুজা নাই একেদৰেই বহুৰঙী৷
যি নহওক, এই তৰুণ বুদ্ধিজীৱীৰ এনে গুৰুত্বপূৰ্ণ গ্ৰন্থখনৰ বহুল প্ৰচাৰ আৰু অধ্যয়ন মই বিচাৰিছোঁ আমাৰ অসমীয়া জাতিৰ অসমৰ ভৌগোলিক অসমীয়া সকলো গোষ্ঠী-সম্প্ৰদায়ৰ মংগলৰ বাবে– অসমৰ মংগলৰ বাবে৷
No comments:
Post a Comment