● দিগন্ত ওজা
১৯৮৪ চনৰ কথা৷ পূজাৰ বতৰ৷ নিম্নমধ্যবিত্তীয় সংসাৰৰ জোৰা মাৰি ৰাহি কৰা ধনকেইটিৰে সন্তানক চোলা-পেণ্ট কিনি দিয়াৰ মানসেৰে মা ওলাই গৈছিল৷ আমাৰো মন অধীৰ৷ গধূলি ৰিক্সাৰ পৰা হাঁহি হাঁহি নামি অহা মাৰ হাতত কাপোৰৰ টোপোলা নাছিল, আছিল কিতাপৰ ভাণ্ডাৰ৷ মাৰ মুখেৰে জানিব পাৰিলোঁ, টাউনত ৰিক্সাৰ পৰা নামিবৰ পৰতে উমা ছাৰে (বাইদেউহঁতৰ শিক্ষক আছিল, পাছলৈ আমি পঢ়া বিদ্যালয়খন এৰি বেলেগ এখনলৈ গৈছিল) তেখেতৰ ‘কলেজ ষ্ট’ৰছৰ পৰা মাত লগালে-- ‘‘ৰেণু, জ্যোতিপ্ৰসাদ ৰচনাৱলী আহিছে অ’৷” মা পোনছাটেই কিতাপৰ দোকানত সোমাল৷ বিশ্বনাথ চাৰিআলি তেতিয়া সৰু নগৰ৷ সম্ভৱতঃ প্ৰথমবাৰলৈ নগৰখনলৈ গৈছে জ্যোতি ৰচনাৱলী (তাকো দুটা নে তিনিটা ক’পী)৷ সেইখনৰ লগতে মায়ে ল’ৰা-ছোৱালীহঁতলৈ বুলি তুলি নিছিল কৃষ্ণকান্ত সন্দিকৈ ৰচনাসম্ভাৰ, ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ, সৈনিক শিল্পী বিষ্ণু ৰাভা আদি কেইখনমান কিতাপ৷ দেউতাই ‘কাপোৰ একোৱেই নল’লা নেকি’ বুলি সোধোঁতে মাৰ উত্তৰ-- ‘কাপোৰ পিন্ধিব, ফাটিব৷ কিতাপবোৰতো থাকি যাব৷ সেইবাবে এইবাৰ পূজাত কিতাপেই আনিলোঁ৷’ কিতাপ থাকি যায়৷ সেই কিতাপকেইখনো এতিয়াও আছে৷
এই ব্যক্তিগত পাতনিৰ কাৰণ এটাই-- কিতাপৰ ক্ষেত্ৰত ‘দাম’টো গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ হ’ল কিতাপখনৰ ‘মূল্য’, অৰ্থাৎ কিনোতাৰ বাবে কিতাপখনে বহন কৰা ‘গুৰুত্ব’৷ আমাৰ শৈশৱ-কৈশেৰতে মাই আমাক কিতাপৰ ব্যৱহাৰিক মূল্য অনুধাৱন কৰিবলৈ যি শিক্ষা দিছিল, সেয়া ভৱিষ্যতৰ পাথেয় হৈ ৰ’ল৷ বজাৰলৈ গৈ কিতাপ এখনৰ ‘দাম’ কম বাবেই মই সেইখন কিনি আনিম নে, বা ‘দাম’টো বেছি হ’ল বাবেই নিকিনাকৈ থাকিম নে? তেনে কাম মই নকৰোঁ৷ কিতাপ এখন ক্ৰয় কৰাৰ সময়ত মোৰ বিবেচনালৈ স্বতঃস্ফুৰ্তভাৱে অহা কথাটো হ’ল এইখন পঢ়ি মই তৃপ্ত হ’ম নে? কেতিয়াবা আনকি গুৰুত্বপূৰ্ণ যেন লগা কিতাপ মোৰ প্ৰয়োজন নাথাকিলেও কিনি আনো৷ এটা উদাহৰণ৷ ২০২০ চনৰ আগষ্ট মাহত পানবজাৰলৈ যাওঁতে ‘বান্ধৱ’ৰ ষ্টলত দেখা পালোঁ নিউটনৰ প্ৰিন্সিপিয়াৰ অসমীয়া অনুবাদ৷ পদাৰ্থ বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষাৰ সৈতে মোৰ সম্পৰ্ক চ্ছিন্ন হোৱা ২৫-২৬ বছৰেই হৈছিল, এতিয়া পদাৰ্থ বিজ্ঞান পঢ়িলেও সেয়া মনৰ আনন্দত, বা দৰ্শনৰ কিতাপ পঢ়োঁতে কিছুমান কথা স্বচ্ছ হোৱাৰ তাগিদাত৷ সেইসূত্ৰে নিউটনৰ প্ৰিন্সিপিয়াৰ অনুবাদ মোৰ ‘নপঢ়িলেও চলে’৷ কিন্তু (তেতিয়ালৈকে মোৰ অপৰিচিত) জয়ন্ত কুমাৰ শৰ্মা অনূদিত কিতাপখন দেখিয়েই মনটো অজান আবেগত ভৰি উঠিল-- অসমীয়াৰ দৰে ভাষা এটাত ইমান মহতী কাম সম্পাদিত হৈছে! এজন মানুহৰ ভাষাপ্ৰেম কিমান গভীৰ হ’লে বৈষয়িক সুখ-সমৃদ্ধিত ব্যয় কৰিবলগীয়া সময় এনে অনুবাদত নিয়োজিত কৰে! কিতাপখন মই কিনি আনিলোঁ৷ সেই সময়ত ৱান-ফ’ৰ ক্ৰাউন ছাইজৰ ৪৬০+৫২ পৃষ্ঠাৰ কিতাপখনৰ ‘দাম’ যে ১৪০০ টকা, তেনে কথা মোৰ মনলৈ অহা নাছিল, ইয়াৰ ‘মূল্য’টোহে মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ ধৰা দিছিল৷ (এনে কাৰণতে পাছত প্ৰিন্সিপিয়া সম্পৰ্কীয় আন কেইবাখনো কিতাপ পঢ়ি অসমীয়া অনুবাদৰ এটা দীঘল আলোচনাও লিখি আগ্ৰহী পঢ়ুৱৈক অৱগত কৰিছিলোঁ৷ আগ্ৰহীসকলে উক্ত আলোচনাটো মোৰ ব্লগত পাব৷) ইয়াৰ অৰ্থ এইটো নহয় যে মই বিত্তশালী লোক৷ মোক জনাসকলে অন্ততঃ তেনে অভিধা এটাত যে অভাৱনীয় ৰস পাব, ধুৰূপ৷ সেইবুলি প্ৰয়োজনীয় কিতাপ কিনিবৰ ক্ষেত্ৰত মনৰ তাগিদাৰ ওচৰত ধন প্ৰতিবন্ধক হেৱা নাই, আজিলৈকে৷ (এইটো চাৰি মাহৰ এই বেকাৰ আৰু চাকৰিসন্ধানী সময়ছোৱাতো প্ৰায় বিশ হাজাৰ টকাৰ কিতাপ কিনা গৈছে৷) মোৰ বিশ্বাস, প্ৰকৃত পঢ়ুৱৈ আৰু ক্ৰেতা কাৰোৱেই এই সমস্যা হোৱা নাই-- পৃষ্ঠা সংখ্যাৰে কিতাপৰ দামৰো তেওঁলোকে তুলনা কৰা নাই, নকৰে৷ কিতাপৰ ৰসগ্ৰাহী, ৰুচিশীল লোকৰ বাবে কিনিব খোজা কিতাপখনৰ উপযোগিতা বা ব্যৱহাৰিক মূল্যটোহে গুৰুত্বপূৰ্ণ, পৃষ্ঠাৰ সৈতে দামৰ বিচাৰ তাত হাস্যস্পদ৷
‘কিতাপৰ দাম বেছি’--এই অভিযোগটো দৰাচলতে কিতাপ কিনিব নোখোজা মানসিকতাৰ সমৰ্থনত এটা দূৰ্বল যুক্তি৷ এই অভিযোগ কৰাসকলৰ কিমানে ৰেষ্টোঁৰা-ঢাবাত এসাজ খাওঁতে দৰ-দাম কৰে, খাদ্য ‘ছাৰ্ভ’ কৰোঁতাক ‘টিপছ’ নিদিয়াকৈ আহে? কিমানে ‘ব্ৰেণ্ডেড’ কাপোৰ কিনিবলৈ গৈ দামৰ কথা চিন্তা কৰে, নিজৰ একাউণ্টত গেছৰ ছিলিণ্ডাৰৰ ৰাজ-সাহায্য কেতিয়াৰ পৰা সোমোৱা বন্ধ হৈছে তাৰ হিচাপ ৰাখিছে? তাৰ মাজতে এচামৰ অধিক স্পষ্ট অভিযোগ-- ‘অসমীয়া কিতাপৰ দাম বেছি৷’ এনে এটা মন্তব্যৰ আঁৰৰ তুলনাৰ ভিত্তি কি? পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ ক্ৰিছ ফেৰীয়ে ৬-৮ বছৰীয়া শিশুৰ উপযোগীকৈ লিখা বিজ্ঞানৰ এলানি গ্ৰন্থ আছে ( কোৱাণ্টাম ফিজিক্স ফৰ বেবীজ, নিউক্লীয়েৰ ফিজিক্স ফৰ বেবীজ, হোৱেৰ ডিড উই কাম ফ্ৰম আদি)-- ২৪ পৃষ্ঠাৰ পৰা ৪০ পৃষ্ঠাৰ এনে একো-একোখন কিতাপৰ দাম ৬০০ৰ পৰা ৮০০ টকা পৰ্যন্ত৷ এমাজনে ৰেহাই দৰত দিয়া জন ছাৰ্লেৰ মাইণ্ড, লেংগুৱেজ এণ্ড ছচাইটী নামৰ ১৭৪ পৃষ্ঠাৰ কিতাপখনৰ দাম আছিল ৮০০ টকা৷ মই শেহতীয়াকৈ ৰাহুল দ্ৰাবিড় সন্দৰ্ভত লিখা এলানি লেখাত অভিভূত হৈ ভাতৃপ্ৰতীম সঞ্জয় সান্যালে কলকাতাৰ পৰা আনি উপহাৰ হিচাপে দিয়া দুখনমান কিতাপৰ পৃষ্ঠা সংখ্যা আৰু দাম এনে-- বোরিয়া মজুমদারৰ ঈশ্বর একাদশ ও শতকোটি ভারতীয় (পৃ. ৩৪০, দাম ৩৫০ টকা), গৌতম ভট্টাচাৰ্যৰ ডাগOUT (পৃ. ৩০৪, দাম ৩২৫ ট.), Pradeep Magazineৰ Not Just Cricket (পৃ. ৩৭০, দাম ৫৯৯ ট.)৷ আনহে নালাগে শেতহীয়া অসম গ্ৰন্থমেলাৰ পৰা আমি কিনি অনা ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগ প্ৰকাশিত ভারতের বিচার ব্যৱস্থা ঃ অতীত থেকে বৰ্তমান নামৰ ৱান-ফ’ৰ ডিমাই ছাইজৰ ‘মাত্ৰ ৫১৪ পৃষ্ঠা’ৰ কিতাপখনৰ দাম ১৬৫০ টকা৷ সেই তুলনাত অসমীয়া কিতাপৰ দাম এতিয়াও কম বুলিয়েই আমাৰ ধাৰণা৷
কিতাপ এখনৰ প্ৰকাশনো এক ব্যৱসায়-- ই এতিয়া সাধাৰণ ব্যৱসায়ো নহয়, এক উদ্যোগ৷ এই উদ্যোগৰ সৈতে ‘প্ৰকাশক’ নামৰ লোকজনেই জড়িত নাথাকে, তেওঁৰ ‘দোকান’খনৰ ভাড়াৰ পৰা বিক্ৰেতা কেইগৰাকীৰ বেতন, ছপাশালৰ যাৱতীয় খৰছ, কাগজৰ দাম, আৰ্হি-নীৰিক্ষক/ লেখক/ ডিটিপি অপাৰেটৰৰ মাননি (হয়, ডিটিপি অপাৰেটৰে এতিয়াও ‘মাননি’হে পায়, বিগত কুৰি বছৰে তেওঁলোকৰ পাৰিশ্ৰমিক নাবাঢ়িল), পৰিৱেশক-খুচুৰা বিক্ৰেতাক দিবলগীয়া ৰেহাই আদি বিভিন্ন দিশ জড়িত থাকে৷ এইবোৰৰ মাজত কিছুমান কিতাপৰ দাম ‘বেছি’ বা ‘কম’ হোৱাৰ আঁৰত আন কেতবোৰ কাৰকো থাকে, যিবোৰ আমাৰ দৰে কিনোতাৰ বাবে বুজিবলৈ অসুবিধা নহয়৷ মূল কথাটো হ’ল দামৰ এই ‘বেছি’ বা ‘কম’ কথাটোৱে কিতাপখনৰ ‘উপযোগিতা’ থাকিলে প্ৰকৃত ক্ৰেতাক কিনাৰ ক্ষেত্ৰত বাধা নিদিয়ে৷
কিতাপৰ প্ৰকাশনৰ আঁৰত জড়িত থকাসকলৰ আন কিছু ভূমিকাক লৈ সমালোচনা হ’বই পাৰে-- কিন্তু কিতাপ কিনিব নোখোজা মানসিকতাক ঢাকি ৰাখিবলৈ দামৰ দোহাই দিয়াটো, আৰু লগতে অসমীয়া কিতাপৰ দাম বেছি বুলি হকে-বিহকে ধাৰণা এটা প্ৰচাৰ কৰি অসমীয়া কিতাপৰ বিক্ৰীত হেঙাৰ দিব খোজাটো মানি ল’ব নোৱাৰি৷ সেইবাবেই, ফেচবুকৰ ‘কিতাপ’ নামৰ গোটটোত কিতাপৰ দামক লৈ হোৱা চৰ্চাৰ প্ৰতি মোক এগৰাকী অনুজে দৃষ্টি আকৰ্ষণ কৰি এই বিষয়ে মন্তব্য জানিব বিচৰাতহে এইখিনি কথাৰ অৱতাৰণা কৰা হ’ল৷
No comments:
Post a Comment