Sunday, November 01, 2020

On Pranabendu Bikash Dhar

 

তেওঁ উভতি আহিছে


নিশা তেতিয়া গভীৰ৷ সঠিক সময় এতিয়া আৰু ক’ব নোৱাৰিম৷ সিকি-গুৱাহাটীও তেতিয়া সাৰে নাই৷ চেলফোন অসমত তেতিয়াও ব্যাপক নহয়৷ লেণ্ড লাইনেই মূল ভৰসা৷ হঠাৎ টেলিফোনৰ ৰিঙত সাৰ পাই উঠিলো৷ সহাৰি দিয়াৰ লগে লগে সিমূৰৰ পৰা ভাহি আহিল সেই চিৰ পৰিচিত গলগলীয়া কণ্ঠ : দিগন্ত, মোৰ পৰৱৰ্তী চিৰিজ কি হ’ব জানা...


জীৱন পথত বহু লোকক লগ পোৱা যায়৷ এওঁলোকৰ ভিতৰত কিছুলোকে জীৱন জুৰি মুগ্ধ কৰি ৰাখে৷ প্ৰণৱেন্দু বিকাশ ধৰ মোৰ ক্ষেত্ৰত তেনে এজন লোক৷ অন্তহীন উদ্যম, চাতুৰ্যপূৰ্ণ বাকভংগী, সৰল দুষ্টামিৰে পূৰ্ণ টিপ্পনী, সৰ্বোপৰি অনন্ত প্ৰাচুৰ্যময় প্ৰাণশক্তিৰ গৰাকী প্ৰণৱেন্দু বিকাশ ধৰৰ লগত জড়িত হৈ আছে কত স্মৃতি! বহুদিন দীঘলী পুখুৰীৰ পাৰৰ সাহিত্য সভা ভৱনত কেৰম খেলি গধূলি চানমাৰিলৈ চানা খাই খাই খোজকাঢ়ি ওভতাৰ পথত কথাৰ লেজুৱে কত পাক খাইছিল! তেনেদৰে আহি থাকোঁতে কেতিয়াবা অভাৱনীয়ভাৱে উফৰি আহিছিল দুষ্টামিৰে ভৰা একোটা বাক্য : “ইফালে সিফালে ছোৱালীলৈও চাবা, নহ’লে কিহৰ ডেকাল’ৰা! কেতিয়াবা তেখেতৰ গাড়ীত উঠি পাইছিলোগৈ উদ্যোগিক পামৰ ব্ৰঞ্জ খোদাই চলি থকা ঠাই, আন কেতিয়াবা বশিষ্ঠ, কেতিয়াবা হয়তো গীল্ডৰ কাৰ্যালয়৷ স্ক্ৰেপৰ তেখেত আছিল মায়াবী খনিকৰ৷ প্ৰণৱেন্দুৰ-- প্ৰণৱদাৰ “সূৰ্য” শৃংখল এসময়ত মায়া সনা কথা হৈ, সহস্ৰজনৰ জিভাৰ জুটি লৈ মহানগৰীৰ প্ৰতিজন শিল্পপ্ৰাণৰ মাজত পাকঘূৰণি খাইছিল৷ কাৰণ সূৰ্যক তেওঁ চাইছিল অন্য দৃষ্টিৰে৷ সূৰ্য স্ৰষ্টা, সূৰ্য শক্তি-- সেইবাবেই সূৰ্য কেৱল পুৰুষ নহয়, নাৰীও! সূৰ্যৰ নাৰীৰূপতো প্ৰণৱদাই নিৰ্মাণ কৰিছিল দুটিমান ভাস্কৰ্য৷ আৰু নৱকান্ত বৰুৱাৰ ঘৰত শোভাবৰ্ধন কৰা সেই ধ্যানমগ্ন ফেচাঁ! ফেঁচাৰ এই  ৰূপে ভাস্কৰ্যটিক পৰিগণিত কৰাইছে প্ৰজ্ঞাৰ নিৰন্তৰ সাধকত৷ ফেঁচাৰ সেই ৰূপে মোৰ মনলৈ আনে নৱকান্তৰেই কবিতাত ৰাৱনে লাভ কৰা কালাতীত স্নাতকৰ ৰূপটি৷ আপাত দৃষ্টিত কোনো সাদৃশ্য নাথাকিলেও দুয়োটাত যেন সৃষ্টিৰ আঁৰৰ স্ৰষ্টাৰ বোধৰ ব্যাপ্তিৰেই যোগসূত্ৰ ঘটিছে৷ বা সেইদৰে "কাউৰী" তেওঁৰ সৃষ্টিত হৈ উঠিছিল সমসাময়িক সংকট আৰু উদ্বাউল অথচ পথহীন মানুহৰ সাৰ্থক প্ৰতিফলন৷


কিমান ঘনিষ্ঠতা আছিল তেখেতৰ সৈতে! মোৰ "সন্ধিক্ষণত মানুহ"ৰ কাম চলি থাকোঁতেই তেখেতে উপযাচি কৈছিল, তোমাৰ কিতাপৰ কভাৰ মই দিম৷ তাৰ পিছত উলিয়াই দিছিল আমাৰ কালৰ আন এগৰাকী বিশিষ্ট শিল্পী জ্ঞান দা, মানে জ্ঞানেন্দ্ৰ বৰকাকতিৰ মেটেলিক ভাস্কৰ্য crisis of civilizationৰ প্ৰণৱদাই নিজে তোলা ফটো৷ তোমাৰ কিতাপৰ লগত খাপ খাব-- এয়া আছিল তেখেতৰ অভিমত৷ প্ৰণৱদাৰ কথা, তেখেতে তোলা ফটো, মই স্নেহধন্য হোৱা আন এগৰাকী চিত্ৰকৰ-ভাস্কৰ্য শিল্পী জ্ঞানেন দাৰ শিল্পকৰ্ম : তাৰ পিছত "সন্ধিক্ষণত মানুহ"ৰ আন প্ৰচ্ছদ হ’ব পাৰেনে! কিতাপখনৰ দ্বিতীয় তাঙৰণত প্ৰচ্ছদ সজ্জাৰ সামান্য সালসলনি হ’লেও মূল ছবি সলনি হ’বলৈ নিদিলোঁ-- ভৱিষ্যতেও সলনি কৰিব নোৱাৰিম৷


 অনেক তৰ্ক কৰিছিলো প্ৰণৱদাৰ সৈতে৷ তেখেতৰ পৰা লৈছিলো সংগীতৰো ভিন্ন সোৱাদ৷ বিশ্বৰ বহু দেশৰ লোকগীতৰ কেছেটৰে ভৰি আছিল তেখেতৰ এটি সৰু বাকছ৷ আনক দিছিল নে নাই নাজানো, মই মাজে সময়ে সেই সংগ্ৰহৰ পৰা আনিছিলো বহু দেশৰ লোকগীতৰ সঁফুৰা৷ এনে ঘনিষ্ঠতাৰ বাবেই সহিছিলো প্ৰণৱদাৰ মৰমৰ "অত্যাচাৰ"৷ মুখামুখি আলাপত৷ ফোনত৷ এদিন গভীৰ ৰাতি বাজিছিল ফোন৷ বোধহয় তাৰ খন্তেক পূৰ্বে তেখেতৰ মনলৈ আহিছিল নতুন সৃষ্টিৰ ধাৰণা৷ সিমূৰৰ পৰা প্ৰশ্ন কৰিছিল : মোৰ পৰৱৰ্তী ছিৰিজ কি হ’ব জানা? মোৰ জিজ্ঞাসাৰ উত্তৰত দুনাই কৈছিল : eunuch৷ তাৰ ব্যাখ্যাও দিছিল তেখেতে৷ তেতিয়া মই এখন কাকত এৰি আন এখন কাকতলৈ যোৱাৰ প্ৰস্তুতি চলাইছোঁ৷ আগৰ দৰে সঘন যোগাযোগ তাৰ মাজত সম্ভৱ নাছিল৷ নাজানিলো প্ৰণৱদাই সেই কামত সঁচাকৈয়ে হাত দিছিল নে নাই৷ নে সেয়াও আছিল তেখেতৰ নিৰ্দোষ ধেমালি৷ নাজানিলো৷ নতুন কাকতত ফেব্ৰুৱাৰীত ময়েই লিখিব লগীয়া হৈছিল প্ৰণৱদাৰ মৃত্যু সংবাদ৷


 মই লগ পোৱা কোন কেইগৰাকী ব্যক্তিক লগ নাপালে আক্ষেপ থাকি গ’লহেঁতেন বুলি কোনোৱে যদি প্ৰশ্ন কৰে, তেতিয়া মই যি যি মুষ্টিমেয়সকলৰ নাম ক’ব লাগিব, প্ৰণৱদা তেওঁলোকৰ অন্যতম৷ সেই প্ৰণৱদা উভতি আহিছে৷  হয়৷  ৩১ অক্টোবৰৰ পৰা গুৱাহাটী আৰ্টিষ্ট গীল্ডত চলিছে প্ৰণৱেন্দু বিকাশ ধৰৰ শিল্পকৰ্মৰ প্ৰদৰ্শনী৷ ৩০ তাৰিখে খবৰটো পোৱাৰে পৰাই বহু কথাই মনত ভীৰ কৰিছে৷ সকলো কথাটো ক’ব পৰা নাযায়৷ কিন্তু  প্ৰণৱদাৰ শিল্পকৰ্মৰ মাজেৰে পুনৰ তেখেতক উপলব্ধি কৰাৰ চেষ্টা কৰিম৷ ৫ নবেম্বৰলৈকে প্ৰদৰ্শনী চলিব-- দুই এদিনতে তেখেতক সৃষ্টিৰ মাজেৰেই পুনৰ লগ ধৰিম৷ পাৰিলে আপোনালোকো আহিব৷ আমাৰ কালৰ অত্যন্ত প্ৰতিভাশালী এগৰাকী ভাস্কৰক বুজাৰ সুযোগ পাব৷ তেতিয়াই অনুভৱ কৰিব প্ৰণৱেন্দু আৰু নীলপৱনক উদ্দেশ্যি নৱকান্ত বৰুৱাই লিখা কবিতাৰ সাৰ্থকতা :

দেখিলোঁ, তোমালোকৰ মুখাবোৰেই আচল৷

কাঠি-কুহিলাৰ মুখা, লো পিতলৰ মুখা, (তেজ-মঙহৰ মুখা?)

মুখাতেই সকলো স্থিৰ৷ সকলো ধ্ৰুৱ৷ 

স্থানু তাত আনন্দ, নিঠৰ তাত ক্ৰোধ, জড় তাত চেতনা

ভিতৰত অবিৰত পৰিৱৰ্তনশীল শূন্যতা...

সাজিবা নেকি ভাইহঁত, সেই আলোড়িত শূন্যতাৰ মুখা


Originally posted on November 01, 2019 at Facebook. Here is the link:

https://facebook.com/story.php?story_fbid=10212495424298890&id=1780994328

No comments: