Saturday, April 30, 2011

মুনীন বৰকটকী বঁটা : প্ৰশস্তি-পত্ৰ আৰু মোৰ ভাষণ Munin Barkataky Award : CITATION and My Speech

মোক মুনীন বৰকটকী বঁটা প্ৰদান কৰি পাঠ কৰা প্ৰশস্তি-পত্ৰ


২০০৯ চনৰ মুনীন বৰকটকী বঁটা বিজয়ী

শ্ৰী দিগন্ত ওজা

প্ৰিয়বৰেষু

মুনীন বৰকটকী স্মাৰক ন্যাসে দুহাজাৰ ন (২০০৯) চনৰ বঁটাটি

আপুনি ৰচনা কৰা সন্ধিক্ষণত মানুহ নামৰ গ্ৰন্থখনৰ

বাবে আগবঢ়াবলৈ পাই নথৈ আনন্দিত হৈছে আৰু

আন্তৰিক অভিনন্দন জনাইছে|

ৰাজনীতি, অৰ্থনীতি আৰু সমাজবিজ্ঞানৰ নানানকেইটা শাখা

আপুনি বহুদূৰলৈকে অধ্যয়ন কৰি

সমাজ নামৰ অবিৰত অসম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ

গতি- বিধি নিৰীক্ষণ কৰিছে| তাৰ ভিত্তিত বিশ্ব-মানৱতাৰ

সাম্প্ৰতিক স্থিতি বিশ্লেষণ কৰিবলৈ আপুনি প্ৰয়াস কৰিছে|

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা প্ৰকট হৈ উঠা ক্ষয়িষ্ণু মানৱতা

আৰু মানৱৰ বিপন্ন স্থিতিৰ বিষয়ে আপুনি নিৰ্মোহভাৱে

আৰু যুক্তিযুক্ত তথ্যসহকাৰে সুলিখিত আলোচনা আগবঢ়াইছে|

মননশীল পৰ্যালোচনাৰ অধ্যয়নৰ প্ৰতি আপোনাৰ ধাউতিয়ে

আমাক অতিশয় আনন্দিত কৰিছে| সমাজলৈ আৰু অধিক

বৰঙণি আগবঢ়াবৰ বাবে এই পুৰস্কাৰে আপোনাক অনুপ্ৰাণিত

কৰিব বুলি আমি আশা কৰিলোঁ|

পুনৰ অভিনন্দন আৰু শুভেচ্ছাৰে

ভৱদীয়

মুনীন বৰকটকী স্মাৰক ন্যাসৰ হৈ

পঞ্চৱটী, শিলপুখুৰী পশ্চিম (স্বাক্ষৰ)

গুৱাহাটী ৰেণুকা দেৱী বৰকটকী

৫ মাৰ্চ, ২০১১ চন

বঁটা গ্ৰহণ কৰি দিয়া ভাষণ

(মাত্ৰ কেইদিনমানৰ পূৰ্বে আমাৰ সপোন, আমাৰ আশা, আমাৰ প্ৰথম সন্তানটিয়ে জন্মৰ সপ্তম দিনা আমাক এৰি চিৰদিনৰ বাবে গুচি গ’ল| শ্বাৱানামোৰ পত্নীয়ে সন্তান ধাৰণ কৰা বুলি গম পোৱাৰ পৰা চিজাৰিয়ানৰ বাবে অস্ত্ৰোপচাৰ কক্ষত সুমুওৱলৈকে ২৩৩ দিনৰ প্ৰায় প্ৰতিটো ক্ষণ আমি সপোন ৰচিচিলো আমাৰ মাজলৈ আহিব লগীয়া অতিথিক লৈ, কল্পনা কৰিচিলো ইতিমধ্যে ঘোষিত মুনীন বৰকটকী বঁটা গ্ৰহণ কৰিবলৈও যাম তিনিজন হৈ! সেই সপোন অধৰা হৈ ৰ’লমানসিক দ্বিধা আৰু বেদনাত ভাৰাক্ৰান্ত হোৱা বাবেই বঁটা গ্ৰহণ অনুস্থানত উপস্থিত থাকিব নোৱাৰিলো, মোৰ হৈ বঁটা গ্ৰহণ কৰিলে বাইদেউ অজন্তা ওজাই| অনুস্থানত তেওঁ পাঠ কৰে মোৰ এই লিখিত ভাষণ|)

শৈশৱ- কৈশোৰত বহু পৰিমানে শৰীৰ-ৰসায়ন আৰু কিছু পৰিমানে মনোজাগতিক ক্ৰিয়া- বিক্ৰিয়াই দোলা দি থকিলে জীৱন সম্পৰ্কীয় কল্পনাবিলাস কিম্বা ভাৱ প্ৰৱনতাৰ বিপৰীতে কাৰোবাৰ মনত স্বাভাৱিকতে গঢ় লৈ উঠে জীৱন নীৰিক্ষণ কৰাৰ তাগিদা| পদাৰ্থ বিজ্ঞানী হোৱাৰ সপোন লালন কৰা এনে এজন যুৱক জীৱনৰ দ্বাৰা পীড়িত হৈ যদি ঘটনা অথৱা দুৰ্ঘটনাক্ৰমেই কলমজীৱী হয়, তেওঁৰ বাবে কবিতা- গল্পৰ সৃষ্টিশীল সাধনাতকৈ সমাজ-সাহিত্য সম্পৰ্কীয় টোকা প্ৰস্তুত কৰাতোৱেই হয় সহজতৰযিবোৰক কোনোৱে অত্যুক্তি কৰি আখ্যা দিব পাৰে সমালোচনা, আন কেতিয়াবা হয়তো চিন্তামূলক ৰচনা | অৱশ্যে বহল অৰ্থত সমালোচনাও সৃষ্টিশীলতা, বা ক’ব পাৰিসমালোচনাক সৃষ্টিশীল ৰচনাত পৰিণত কৰিব পৰাটোতেই সমালোচকৰ সফলতা | তাৰ বাবে গন্ধীয়া ভড়াঁলত আবদ্ধ থাকিলেই নহ’ব, লগে লগে লাগিব জীৱনৰ অনুষংগ বিশ্লেষণৰো বিচক্ষণতা | আমাৰ জীৱন জৰ্জৰজীৱন যন্ত্ৰণায়েই নিলগাই ৰাখিলে আজিৰ এই সন্মানীয় মঞ্চৰ পৰাকিন্তু ব্যক্তিগত বেদনাক সমষ্টিৰ ৰূপত চোৱাৰ প্ৰয়াসো আমাৰ আছে | লেখকে জীৱনৰ বিষয়েই লিখে, লিখিবৰ বাবেই যাপন কৰিব লগীয়া হয় জীৱন; সেয়া যিমানেই যন্ত্ৰণাদায়ক নহওক কিয় | নিজৰ যোগ্যতাৰ সীমাৱদ্ধতাৰ কথাও আমি জানো, সমাজৰ বিপুলায়তন উপলব্ধি কৰিব পৰাকৈ জ্ঞানৰ বিভিন্ন শাখা- প্ৰশাখাৰ মাজত সংযোগ স্থাপন কৰা দূৰৈৰ কথা, সিবিলাক স্পৰ্শ কৰাৰ সামৰ্থ্যও হয়তো নাই | এয়া বিনয় বচন নহয়, বাস্তৱ সত্য | পিচে সমাজক পৰ্যবেক্ষণ কৰাৰ সময়ত যোগ্যতাৰ যথাযোগ্য ব্যৱহাৰ কৰাত, নিজৰ দায়বদ্ধতা প্ৰকাশৰ সততা যত্পৰোনাস্তি বজাই ৰখাত কাৰ্পন্যও অন্তত: কৰা নাই | হ’ব পাৰে এই বঁটা সেই সততাৰে স্বীকৃতি | মুনীন বৰকটকীৰ দৰে এগৰাকী বৰেণ্য সমালোচকৰ নামত প্ৰদান কৰা সন্মান এজন চিন্তামূলক গদ্য লেখক হিচাপে এই অকিঞ্চনলৈ আগ বঢ়োৱা কথাই সেইবাবেই আমাক পৰম অনুগৃহীত কৰিছে | আপোনালোক সকলোলৈকে ধন্যবাদ আৰু উপস্থিত থাকিব নোৱাৰাৰ বাবে ক্ষমাপ্ৰাৰ্থী |

দিগন্ত ওজা

গুৱাহাটী, ০৪/ ০৩/ ১১

7 comments:

Mrinal Devburman said...

Short and simple. Every word was selective. Yes, your politeness and courteousness were reflected properly.

KUSHAL DUTTA said...

BOLD & COMPACT. APONAR KATHA MORO KATHA.

বুলজিৎ said...

অভিনন্দন....

Mukul Pathak said...

প্ৰথম কথা,যোগ্য এজনক এটি পাবলগীয়া বঁটাৰ বাবে বাচনী কৰা বাবে মুনীন বৰকটকী স্মাৰক ন্যাস ্ধন্যবাদৰ পাত্ৰ |দিগন্ত দাদা অমাযিক আৰু পৰিপাটি | সেই ফালৰ পৰা তেখেতৰ প্ৰতিটো কামতেই এটা সতেজতা থাকে | বঁটা পোৱা বাবে অভিনন্দন | কিন্তু যিটো কথাই আপোনালোক দুজনৰ অন্তৰত দুখ দিলে , আমি তাৰ সমভাগী | আনে কি ভাবে নাজানো, ম‍ই ব্যক্তিগতভাৱে দিগত্ন দাদাৰ পৰা অসম আৰু অসমীয়া সাহিত্যই আৰু বহুত পাব লগা আছে বুলি বিশ্বাস কৰো |

Mukul Pathak said...

প্ৰথম কথা,যোগ্য এজনক এটি পাবলগীয়া বঁটাৰ বাবে বাছনি কৰা বাবে মুনীন বৰকটকী স্মাৰক ন্যাস ধন্যবাদৰ পাত্ৰ |দিগন্ত দাদা অমায়িক আৰু পৰিপাটি | সেই ফালৰ পৰা তেখেতৰ প্ৰতিটো কামতেই এটা সতেজতা থাকে | বঁটা পোৱা বাবে অভিনন্দন | কিন্তু যিটো কথাই আপোনালোক দুজনৰ অন্তৰত দুখ দিলে , আমি তাৰ সমভাগী | আনে কি ভাবে নাজানো, ম‍ই ব্যক্তিগতভাৱে দিগন্ত দাদাৰ পৰা অসম আৰু অসমীয়া সাহিত্যই আৰু বহুত পাব লগা আছে বুলি বিশ্বাস কৰো |

DIGANTA OZA. দিগন্ত ওজা said...

@ Mrinal Devburman : Thank you dada.

@ Kushal Dutta : ধন্যবাদ

@ Mukul Pathak : ইমান প্ৰশংসাৰ যোগ্য মই নহওঁ৷ কিন্তু আশা আৰু সহমৰ্মিতাৰ বাবে ধন্যবাদ৷

Lohit said...

Diganta, Tomar Bhashanto Khuuub dhunia hoiche. It's touchy.