(১)
বাৰে বাৰে মই তোমাৰ প্ৰেমত পৰোঁ৷ তুমি মোৰ অনুভৱৰ কুসুম কণ্যা৷ মোৰ বাবে সৌন্দৰ্যৰ সুনীল সমুদ্ৰ৷ তোমাৰ মাজতে পাওঁ উৰ্মিল নিতম্বিনী গজগামিনী৷ তুমি মোৰ স্বপ্নসম্ভৱা মৃগাৰণ্য৷ মোৰ শৰীৰলৈ নব’ব পাৰে তোমাৰ ওষ্ঠধাৰাৰ বিদ্যুৎ সঞ্চাৰী স্ৰোত, কাহানিও নাপাব পাৰোঁ তোমাৰ চেনেহ পৰশ, তথাপি নিজৰ অজানিতে মোৰ মনত সিঁচি আছা ঊষালগনৰ দিনমণিৰ বেঘনীসেহাসুৰ ৰূপ৷ সেইবাবেই তোমাৰ মৰুময় অন্তৰৰ মই হৈ ৰৈছোঁ অনন্ত জোন৷ ভালপোৱাৰ অন্তহীন পোহৰৰ ক্লান্তিহীন প্ৰতিফলক৷ হ’ব পাৰে, তোমাৰে শৰীৰ সম্পৰ্ক দাবী কৰি দুৰ্ণাম ৰটনা কৰাজনৰ সৈতেও ঘনিষ্ঠতা ৰাখি মোৰ কলিজাত তুমি গুজি দিছা সহস্ৰ গোলাপৰ কাঁইট, তথাপি তোমাৰ মাততেই পাওঁ অটলান্ত আটলাণ্টিকৰ গভীৰতা৷ তুমি মোৰ উদ্যমৰ অমৃতকুম্ভ৷ তোমাৰ মাতত শুনা পাওঁ পানীপোতাত পৰা বৰষুণৰ সৈতে বতাহৰ সুহুৰিৰ যুগলবন্দী৷ তোমাৰ হাঁহিৰ জুনুকাত ঘণ তমসাৰ মাজতো জাগৰুক হৈ উঠে ভূমাস্পৃহা৷ তুমিয়েই মোৰ ঈপ্সিত নাৰী, মোৰ ঈপ্সিতা৷ তোমাৰ বাবেই ব্ৰাহ্মণ তুল্য মেধাৰ অধিকাৰী হৈও হ’ব পাৰি প্ৰেমৰ ভিক্ষাৰী, ক্ষমতাৱান হৈও হ’ব পাৰি নতজানু৷ হ’ব পাৰে একপক্ষীয়, তথাপি মোৰ এই অনুভৱেই সৰ্বোত্তম প্ৰাপ্তি তোমাৰে প্ৰেমৰ৷
(২)
কেতিয়াবা গোপনেই থাকে ভালপোৱা
চেনাইতো দূৰৰে কথা—
একান্ত নিজৰ ওচৰতো খোলা নাযায় প্ৰেমৰ পেড়া
(প্ৰেমকলৈতো আত্মগৌৰৱ কৰা নাযায় !)
কিন্তু বুকুত যেতিয়া প্ৰেম মেঘে গৰজে
মনত প্ৰোথিত হয় বিষাদৰ মূল
ভটীয়নি সোঁতত জাজী হয়
প্ৰিয়জনৰ সমগ্ৰতাত বিলীন হ’ব নোৱাৰাৰ দুখ
কত সমগ্ৰতাৰ সমষ্টি এই জীৱন
সমগ্ৰতাৰ মাজতো কত সমগ্ৰ
যিদৰে মহাবিশ্বৰ মাজত নক্ষত্ৰপুঞ্জ, হাতীপটীৰ মাজত সৌৰজগত
খণ্ডিত সমগ্ৰতাৰ মাজতে জীৱনৰ অস্তিত্ব
অথবা অনস্তিত্ব
তাৰ মাজতো আমি বিছাৰোঁ দুই পৃথক সত্ত্বাৰ
সামগ্ৰিক মিলনৰ সম্ভাৱনাৰ সূত্ৰ
বাধা মানেই উলংঘাৰ আকুলতা ৷
মই ক’লো চৌহদৰ কণমানিটোৰ কথা
এখোপ ওপৰত তুমি ক’লা—
বিধাতাৰ নিষেধ ভঙা আদিম পিতা আদমলৈ চোৱা,
জ্ঞানবৃক্ষৰ সেই ফল ভক্ষণেই গঢ়ি দিছে মানুহৰ নিয়তি
মই ক’লো— ইয়েইতো সংঘাতৰ মাজেৰে নিৰন্তৰ যাত্ৰাৰো উদ্গনি
তাৰপিছত
কিতাপ বন্দী দুহাতত বাধা দি যেতিয়া তুলি ধৰিছিলো তোমাৰ সুগোল দুবাহু
দুই সত্ত্বাৰ মিলনৰ বাটত তুমি গঢ়ি তুলিছিলা শ্ৰদ্ধাৰ অলংঘ্য প্ৰাচীৰ
মোৰ বুকুত সিঁচি দি নিমিষৰ স্পৰ্শৰ কৰুণ মাদকতা
মোৰ প্ৰেম, আমাৰ জীৱন…
কোন কাৰ দ্ৰষ্টা, কোন কাৰ স্ৰষ্টা
আমিতো হৈও নহ’লো ইতিহাস নিৰ্মাতা
অপ্ৰাপ্তিতেই নেকি জীৱনৰ কৌতুকময় সফলতা?
সম্প্ৰতি উত্তৰ যিহেতু অনিৰ্ণিত
তোমাৰ সামগ্ৰিকতাক লৈয়েই তুমি থাকা, মোৰ জীৱনকলৈ মই
অনন্ত ব্ৰহ্মাণ্ডব্যাপ্ত ইথাৰৰ দৰে
আমাৰ মাজত নাই যিহেতু কোনো মাধ্যম,
মহাশূ্ন্যই কাহানিও তোমাক নজনাব মোৰ কথা
অনাগত ভৱিষ্যততো গোপনেই থাকিব এই ভালপোৱা
(৩)
এৰা৷ অপ্ৰাপ্তিতেই জীৱনৰ কৌতুকময় সফলতা৷ ভালপোৱাৰ নাথাকে স্বাৰ্থ পূৰণৰ কোনো সহজ চুক্তি৷ সৰ্বান্তৰকৰণে প্ৰিয়জনৰ মংগল কামনাইতো অক্লেদ্য প্ৰেমৰ অনাৱিল প্ৰকাশ৷ অনুভৱৰ পূৰ্ণতাই তেতিয়াই দিয়ে গভীৰ প্ৰশান্তি৷ প্ৰেম এই প্ৰশান্তিৰেই অন্য নাম৷ অপ্ৰাপ্তিয়েও দিব পাৰে প্ৰশান্তি-- এয়াই প্ৰেমৰ মহত্ত্বম উপলব্ধি৷ এনে মুহূৰ্ততেই অনাদি অনন্তপ্ৰসাৰী বিশ্বজীৱনৰ জ্যোতিৰে উদ্ভাসিত হৈ কোনো মণিমুগ্ধই উপলব্ধি কৰিব পাৰে-- পোহৰ হ’ল৷ এৰা, পোহৰ হ’ল৷
(৪)
অসমীয়া সাহিত্যত প্ৰেমৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাশ বুলিলে মই থমকি ৰওঁ জ্যোতিপ্ৰসাদৰ সৃষ্টি মায়াব’ত, অভিভূত হওঁ মণিমুগ্ধত; বিমোহিত হৈ ৰওঁ নৱকান্তৰ ’ৰাৱণ’ত৷ হয়, দেৱকান্তৰ কবিতাৰ শব্দব্যঞ্জনাৰ মাজৰ অৰ্থ প্ৰৱাহ, অনুপ্ৰাসৰ সঘন প্ৰয়োগেৰে শৰ্মা পাঠকে অংকন কৰা চিত্ৰ, কিম্বা হীৰেন ভট্টাচাৰ্যৰ আবৃত্তিযোগ্য কবিতাৰ মাজতো নৱকান্তৰ ’ৰাৱণ’ৰ মাজতেই পাওঁগৈ ভাৱ আৰু ভাষাৰ অপূৰ্ব অন্বয়ৰে ফুটাই তোলা প্ৰেমৰ দাৰ্শনিকতা--
...
"তাৰ বাবে লাগে মোক কেৱল এমুঠি প্ৰেম
তাৰ বাবে লাগে মোক তোমাৰ অকনি প্ৰেম
দাবী নাই ভাৰ নাই যাৰ আছে দায়
... ...
মই যে ৰাৱণ, মই শিল্প শৌৰ্য্য সভ্যতাৰো সিপাৰৰ ৰাষ্ট্ৰদূত
মই প্ৰেম ভিক্ষা কৰোঁ
ভিক্ষা মোৰ সৰ্বশ্ৰেষ্ঠ দান৷"
আৰু মায়াব’!
ৰূপালীমক নেদেখাৰ পৰৰ অন্তৰ্দাহী বেদনা পেঁপাৰ সুৰ হৈ গলোৱা মায়াব’! বুকুৰ কুটুমক পাবৰ বাবে বনৰ বাঘক শৰবিদ্ধ কৰা মায়াব’! হৃদয় ৰাণীৰ অন্তৰ জিনিও সকলো হেৰুওৱা মায়াব’!
বা মণিমুগ্ধ?
ৰূপালীমৰ "সৌন্দৰ্যৰ এটা ৰূপ ধৰা পিয়াহ" হৈও, তাইৰ "সুশুভ্ৰ আত্মালৈ হোৱা এটা চিৰদিনীয়া হাবিলাষ" হৈও নিজৰ অদম্য পৌৰুষেৰে শৰীৰ সুধা পান কৰাৰ সকলো সুযোগৰ বিপৰীতে ৰূপালীমৰ অন্তৰ শক্তিৰ ওচৰত যিজন থমকি ৰৈছিল, আৰু লাভ কৰিছিল সনাতন সত্যৰ বিশ্ব জীৱনৰ জ্যোতি!
প্ৰেমৰ শক্তিয়েই সেই সনাতন সত্য৷ প্ৰেমহীন দৈহিক ক্ষুধাত নাথাকে সেই বিশ্ব জীৱনৰ জ্যোতি৷
মই তোমাৰ বাবে মায়াব’ৰ বাঁহীৰ সুৰ৷ মই মণিমুগ্ধ, কামনাবিদ্ধ হ’লেও নিবিছাৰোঁ মনহীন তনু৷ তোমাৰ মাজেৰেই বিছাৰোঁ আলোক পথৰ সন্ধান৷ মই ৰাৱণ-- প্ৰেমৰ ভিক্ষাৰী৷
(৫)
প্ৰেম আছে৷ প্ৰেম থাকিব৷ কোনো লোকৰেই নিৰ্দিষ্ট এগৰাকী প্ৰেমিক নাথাকে৷ বা এগৰাকী প্ৰেমিকা৷ জীৱন জুৰি চলে প্ৰেমৰ সন্ধান৷ সেই প্ৰেম যে অধৰা, যি আমাক কৰি তোলে অমৃতৰ সন্তান!
comments on facebook : https://www.facebook.com/digantaoza/posts/10213161610713134
No comments:
Post a Comment