Friday, January 14, 2022

মাঘৰ বিহুৰ বজাৰত দাম কেতিয়া কম আছিল?

(এটা বিশেষ বিষয়ক প্ৰবন্ধৰ সামান্য অংশ) 

দিগন্ত ওজা

উৰুকাৰ বজাৰত চুব নোৱাৰা দাম৷ বিগত কিছু বছৰত এই অভিযোগ প্ৰবল, সংবাদ মাধ্যমতো বিহুৰ আগদিনা এয়া বাতৰিৰ স্বাভাৱিক শিৰোনাম৷ কিন্তু ভোগালী বিহুৰ উৰুকাৰ বজাৰত বস্তুৰ দাম কেতিয়া কম আছিল?

২০২২ৰ মহানগৰীৰ এক মেজিঘৰ

১৯৪৪ চনত দ্বিতীয় মহাযুদ্ধৰ বিষম পৰিনতিত অসমত চৰকাৰী যোগান ব্যৱস্থাতো প্ৰভাৱ পৰিছিল৷ বছৰটোৰ আৰম্ভণিতেই যদিও ভাৰত চৰকাৰৰ খাদ্য যোগান পৰামৰ্শদাতা ডব্লিউ এইচ কিৰবিয়ে খাদ্য যোগান বিঘ্নিত নহয় বুলি ঘোষণা কৰিছিল, এই বাতৰি ওলোৱা অসমৰ কাকততে প্ৰকাশিত আন এটা বাতৰি অনুসৰি ধুবুৰীৰ যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া ৰেচন আছিল চাৰি তোলা চেনী, এপোৱা নিমখ, দুই তোলা কেৰ’ছিন৷ সেইবছৰ উৰুকাৰ ভোজ-ভাতৰ বজাৰৰ দাম কেনে আছিল? মহাৰণখনে উৰুকাক প্ৰভাৱিত নিশ্চয় কৰিছিল, কিন্তু তাৰ পোনপটীয়া তথ্য এইপৰ্যন্ত পোৱা নাই৷ এই ৰণে উৰুকাৰ আয়োজন স্তিমিত কৰক-নকৰক, চীনৰ যুদ্ধই কিন্তু ভোগালীৰ উদযাপনত বিধি-পথালি দিব পৰা নাছিল৷ ১৯৬৩ চনৰ ১৪ জানুৱাৰীৰ দিনা গুৱাহাটীৰ পৰা প্ৰকাশিত এখন কাকতৰ বাতৰি মতে ১৩ জানুৱাৰীৰ পুৱাই মহানগৰীৰ মাছৰ বজাৰত বিৰ দি নোপোৱা ভীৰ হৈছিল আৰু নিজৰ মনে বিচৰা অনুসৰি মাছ কিনাৰ বাবে গ্ৰাহকৰ মাজত লাগিছিল হেতা-ওপৰা৷ বজাৰৰ দাম সন্দৰ্ভত অৱশ্যে এই বাতৰিটোতো একো উল্লেখ নাই৷ উৰুকাৰ আয়োজনত কিছু বিঘিনি হোৱাৰ উল্লেখ আছে ১৯৬৫ চনৰ ১৪ জানুৱাৰীৰ দি আছাম ট্ৰিবিউনত৷ মাছৰ বজাৰত সেই বছৰ ভীৰ কৰিছিলহি তেতিয়াৰ ‘‘গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চল বেলতলা, উত্তৰ গুৱাহাটী, পলাশবাৰী আনকি সোণাপুৰ’’ৰো মানুহে৷ দামৰ উল্লেখ নাই, তথাপি বাতৰিটোৰ মতে বজাৰত সেইবাৰ ঘীঁ আৰু তেল মহঙা হোৱাৰ বাবে পিঠা-পনা পোৰা-ভজাৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছিল, তথাপি গৃহীনীৰ উদ্যমত ভেটা দিব পৰা নাছিল৷ মাছ, শাক-পাছলি, মিঠাতেল, চেনীৰ দামে জুৰুলা কৰাৰ বাবে ভোগালীৰ আয়োজনত গৃহিনীৰ উদ্যম শেঁতা পৰাৰ বাতৰি পাওঁ ১৯৬৮ চনৰ কাকতত৷

১৯৭৫ চনত অৱস্থা শোচনীয় হৈছিল৷ ভোগালীৰ পূৰ্বৰ পাঁচ সপ্তাহ ধৰি চাউল যোগানত ব্যৰ্থ হৈছিল চৰকাৰ৷ বিহুৰ পূৰ্বে ৮ হাজাৰ কুইণ্টল চাউল মুকলি কৰি দিয়া হ’ব বুলি ৰাজ্যৰ তেতিয়াৰ যোগান মন্ত্ৰী গজেন তাতীয়ে কৰা ঘোষণাও উৰুকাৰ দিনালৈকে কাৰ্যকৰী হোৱা নাছিল৷ এপিনে বজাৰত চৰকাৰী নিয়ন্ত্ৰণ আৰু আনপিনে চৰকাৰী যোগান ব্যাহত হোৱাৰ পৰিনতিত অসমত বিহুৰ আয়োজন স্বাভাৱিকতেই বিঘ্নিত হৈছিল৷ উৰুকাৰ দিনা চাউলৰ দাম ৩.৫০ টকালৈ উঠিছিল, যিটো সেই সময়ত আছিল ভাবিব নোৱাৰা কথা৷


অসম আন্দোলনৰ সময়ছোৱাত দুই-এবছৰ প্ৰতীকি বিহু উদযাপনৰ আহ্বান জনোৱা হৈছিল৷ খাদ্যসামগ্ৰীৰ দামৰ কথায়ো অৱধাৰিতভাৱেই কাকতত ঠাই পাইছিল৷ আন্দোলনৰ অন্তিম বছৰটোতো উৰুকাৰ সময়ৰ কাকতত বজাৰৰ দামে ঠাই পাইছিল৷ কিন্তু তাৰ মাজতো ১৯৮৫ চনত উলাহেৰেই বিহুৰ আয়োযন চলাৰ উল্লেখ আছে ১৩ জানুৱাৰীৰ আছাম ট্ৰিবিউনত-- Magh Bihu will be celebrated on January 14 with the usual gaiety and feasting despite the dampaning effect of spiralling prices which have already heard-hit the lower and middle income groups and those with fixed incomes.

বিহু, বজাৰ, বৰ্ধিত দাম-- পুৰণি কাকতসমূহে এই তিনিওটিৰে সহাৱস্থানৰেই আভাস দিয়ে৷ তাৰ মাজতেই চলি আছে বিহুৰ আয়োজন, উদযাপন৷

2 comments:

shankardutta.blogspot.com said...

বৰ লাগতীয়াল। নজনা তথ্য যোগান ধৰিলে। ভাল লাগিল পঢ়ি।

Jayanta Pathak said...

সুন্দৰ তথ্য