[এই লেখাটো প্ৰকাশ পাইছিল ‘দৈনিক অসম’ৰ ২০১৪ বৰ্ষৰ, ১৯ জানুৱাৰী সংখ্যাৰ সম্পাদকীয় পৃষ্ঠাত৷ তেখেতৰ অনুমতিক্ৰমে লেখাটো ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’ৰ দ্বিতীয় মুদ্ৰণত অন্তৰ্ভুক্ত কৰা হৈছে৷]
দ্বিতীয় তাঙৰণৰ বকলা পিঠি |
জাতীয়তাৰ ধাৰণা আৰু আৱেগে যেনে ধৰণৰ হিংসা-বিদ্বেষৰ উদ্ৰেক কৰে, তাৰ মূলতে আছে এক ভ্ৰান্ত আৰু বিভ্ৰান্তিকৰ অনন্যতা [Uniqueness] সাব্যস্ত কৰাৰ উৎসাহ৷ অসমীয়া জাতিৰ নিজস্ব, স্বকীয় বৈশিষ্ট্য অনুসৰণ কৰি অসমীয়া জাতীয়তাবাদে আন সকলো অসমবাসী জনগোষ্ঠীৰ পৰা তাৰ পাৰ্থক্য প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰে৷ ফলত সেই জনগোষ্ঠীবোৰে নিজকে কেন্দ্ৰচ্যুত আৰু অৱহেলিত অনুভৱ কৰি ক্ষোভৰ জ্বালা অনুভৱ কৰে আৰু নিজেও স্বতন্তৰীয়া পৰিচয় সাব্যস্ত কৰিবলৈ উঠিপৰি লাগে৷ অৱশেষত তাৰ পৰিণতি হয় সংঘাত৷
দিগন্ত
ওজাৰ মতে, অসমীয়া সমাজৰ বৈশিষ্ট্য তাৰ অতুলনীয় সমন্বয়ধৰ্মিতা৷ আদি যুগৰে পৰা সি বিভিন্ন জনগোষ্ঠীৰ
সাংস্কৃতিক মিলন-মিশ্ৰণৰ মাজেৰে গঢ় লৈ উঠিছে৷ তাৰ
অনন্য চৰিত্ৰ হৈছে এই সাংস্কৃতিক সমন্বয়ধৰ্মিতা৷
সেই কথা উপলব্ধি কৰিলে অসমীয়াৰ আগ্ৰাসী জাতীয়তাবাদ সংযত হ’ব, আৰু তাৰ
ফলত বিভিন্ন জনগোষ্ঠীৰ ক্ষোভ আৰু ক্ৰোধো প্ৰশমিত হ’ব৷
পূৰ্বজ পণ্ডিত-গৱেষকসকলৰ গৱেষণাৰ বিচাৰভিত্তিক সংশ্লেষণ ঘটাই দিগন্ত ওজাই স্পষ্ট ভাষাত মত প্ৰকাশ কৰিছে যে অসমীয়া জাতীয়তাবাদৰ আধাৰ ভাষাভিত্তিক আৱেগ হোৱা বাবেই পোনছাটেই সি এক উগ্ৰ, উন্নাসিক আৰু বৈষম্যমূলক ৰূপ ধাৰণ কৰিছে৷ অসমৰ বিভিন্ন কথ্য ভাষাক আৰু শংকৰী সাহিত্যৰ ভাষাক আওকাণ কৰি এচাম বৰ্ণহিন্দু আৰু বৰ্ণবাদী লোকে শিৱসাগৰৰ কথ্য ভাষাক এক সংস্কৃতীয়া সাঁচত ঢালাই কৰি তাকেই অসমীয়া জাতীয় ভাষা বুলি প্ৰতিষ্ঠা কৰিলে আৰু নিজকে তাৰ সৰ্বপ্ৰধান ধাৰক-বাহক বুলি জোৰ-জবৰদস্তি কৰি প্ৰতিপন্ন কৰিলে৷ তাৰ ফলত আন বহু খিলঞ্জীয়া জনগোষ্ঠীৰ মুখৰ ভাষা সাধাৰণভাৱে তলখাপৰ ‘দোৱান’ বুলি বিবেচিত হ’ল৷ এই চেলুতে তেওঁলোকৰ জনগোষ্ঠীয় সংস্কৃতিও নিম্নস্তৰৰ বুলি অৱজ্ঞা কৰাৰ সুযোগ ওলাল৷ অতীতৰ শ শ বছৰৰ সাংস্কৃতিক সমন্বয়ৰ পৰম্পৰা ক্ষীয়মান হ’ল৷ তাৰ ঠাইত উচ্চ বৰ্ণৰ লোকসকলৰ সংস্কৃতিকে সকলো অসমবাসী জনগোষ্ঠীৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা প্ৰভাৱশালী হৈ উঠিল৷ সেই বৰ্ণবাদী আৰু অসহিষ্ণু ধাৰাৰ বিৰুদ্ধেই সাম্প্ৰতিক কালত বিক্ষোভৰ বিস্ফোৰণ ঘটিছে৷ সাংস্কৃতিক সমন্বয়ৰ ধাৰাবাহিকতা ৰক্ষা আৰু প্ৰধান জাতীয় ভাষাৰ ধাৰণাৰ বিসৰ্জন ওজাৰ মতে অসমৰ সমাজ জীৱনত সুস্থিৰতা, সম্প্ৰীতি আৰু সুস্থ বিকাশৰ বাট মুকলি কৰিবলৈ অপৰিহাৰ্য৷
দিগন্ত ওজাৰ এই সিদ্ধান্ত উলাই কৰিব পৰা ধৰণৰ নহয়৷ বিস্তাৰিত আৰু গভীৰ অধ্যয়ন আৰু সুশৃংখল চিন্তাৰ জৰিয়তে তেওঁ তাক প্ৰতিপাদন কৰিছে৷ এই বিষয়ে অৱশ্যে আমাৰ মনত কিছু খু-দুৱনি ৰৈ গ’ল৷ উদাহৰণস্বৰূপে, তেওঁ দাঙি ধৰা এই বিশেষ উদাহৰণটোত কিছুমান কথা আওকাণ কৰা হৈছে যেন লাগে৷ জনগোষ্ঠীসমূহ জনজাতীয় স্তৰত থকা সময়ত যিদৰে স্বয়ংসম্পূৰ্ণ আৰু তুলনামূলকভাৱে সংকীৰ্ণ পৰিসীমাত আৱদ্ধ হৈ থকা সম্ভৱ, কালক্ৰমে তাতকৈ বহল সমাজ এখনৰ অন্তভুৰ্ক্ত হোৱাৰ পিছত এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজন হয়৷ সেই ভাষাটোৱে সৰ্বসন্মত ভাষালৈ উত্তীৰ্ণ হোৱাৰ অন্তৰালত নানা ৰাজনৈতিক-সামাজিক কাৰকে কাম কৰে৷ নদীয়া-কৃষ্ণনগৰৰ ভাষাৰ আধাৰত বঙালী মধ্যবিত্ত শ্ৰেণীৰ উদ্যোগত গঢ় লোৱা আধুনিক বাংলা ভাষাও তেনে এটা ভাষা৷ অসমীয়া উমৈহতীয়া ভাষাৰূপে গঢ় লোৱাত উচ্চ বৰ্ণৰ অসমীয়া মধ্যবিত্তৰ আৰু ঔপনিৱেশিক প্ৰশাসনৰ যি নিৰ্দিষ্ট ভূমিকা আছিল, তাক স্বীকাৰ কৰি উঠিও এই কথা ক’ব লাগিব যে উপৰিউক্ত উদ্দেশ্য সাধনত এনে ধৰণৰ এটা উমৈহতীয়া ভাষাৰ নিতান্তই প্ৰয়োজন আছিল৷
আমাৰ
ধাৰণাত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উত্থান আৰু বিকাশত ঔপনিৱেশিক পৰিৱেশৰ যি অনিবাৰ্য প্ৰভাৱ
পৰিছিল, সি তাক গণতান্ত্ৰিক
মূল্যবোধ আৰু আৱেগৰ পৰা আঁতৰাই ৰাখিছিল৷ সেইটোৱেই তাৰ ঐতিহাসিক ভূমিকাক সংকীৰ্ণ আৰু বিকৃত কৰিছিল৷ ঔপনিৱেশিক অৰ্থনীতি আৰু প্ৰশাসনে বৰ্ণভেদ আৰু উচ্চ-নীচৰ ধ্যান-ধাৰণাত আঘাত কৰা দূৰৈৰ কথা, তাক নিয়ন্ত্ৰণ কৰি জীয়াইহে ৰাখিছিল৷ অৰ্থাৎ উগ্ৰ বৰ্ণবাদী ভাষিক জাতীয়তাবাদৰ মূল কাৰণ কেৱল মধ্যবিত্তৰ মনোবৃত্তি নহয়৷ তাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক শিপা আৰু গভীৰত৷ মধ্যবিত্তই যদি ভাষিক জাতীয়তাবাদক নিজৰ প্ৰতিপত্তি প্ৰতিষ্ঠা কৰিবলৈ ব্যৱহাৰ কৰে আৰু গণতান্ত্ৰিক ভাবাদৰ্শক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নাকচ
কৰে, তাৰ কাৰণ ঔপনিৱেশিক পৰিৱেশত নিজৰ বিশেষ সুবিধাভোগী অৱস্থান সুৰক্ষিত কৰিবলৈ তাৰ হাবিয়াস৷ ঔপনিৱেশিক প্ৰশাসনৰো তাত আপত্তি নাছিল, কাৰণ সমাজবিপ্লৱ তাৰ লক্ষ্য নাছিল৷ মানুহ মাত্ৰৰে সম-অধিকাৰৰ কথা
সি ভাবিব নোৱাৰে, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিওঁতেই পূৰ্ণ গণতন্ত্ৰক লক্ষ্য হিচাপে মধ্যবিত্তই লোৱা নাছিল৷ বৰং পৰম্পৰাগত বৰ্ণবাদী ধ্যান-ধাৰণাসমূহ অৰ্ধসামন্তবাদী অৱদমন আৰু শোষণৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল৷ স্বাধীনতাৰ পিছতো আইনী গণতন্ত্ৰ ক্ৰমে ক্ৰমে প্ৰৱৰ্তিত হ’লেও কাৰ্যক্ষেত্ৰত গণতন্ত্ৰ সমগ্ৰ ভাৰততে আজিও সুদূৰপৰাহত ৷ দলিতসকলৰ অবিৰত ক্ষোভ প্ৰকাশ আৰু সংগ্ৰাম তাৰ অন্যতম লক্ষণ৷
আচৰিত আৰু দুৰ্ভাগ্যজনক কথা এয়ে যে অৱদমিত জনগোষ্ঠীৰ মাজত স্বাধীনতাৰ পিছত যি মধ্যবিত্ত শ্ৰেণীয়ে গঢ় ল’লে তেওঁলোকেও মূল কেৰোণ গণতন্ত্ৰৰ দুৰ্বলতা দূৰ কৰিবলৈ কোনো চেষ্টা কৰা নাই৷ তেওঁলোকেও সদৌ অসম ছাত্ৰ সন্থাৰ অনুকৰণত নিজা নিজা ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ অনুকৰণত নিজা সাহিত্য সভা গঢ়ি তাক কেৱল গোষ্ঠীবাদ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে৷ ফলস্বৰূপে গোষ্ঠীবিদ্বেষ আৰু হিংসা ক্ৰমাগতভাৱে প্ৰবল হৈ অৱশেষত সন্ত্ৰাসবাদী অভিযানৰ ৰূপ লৈছে৷ নিৰীহ অসমীয়াক হত্যা কৰি আইন-শৃংখলাৰ বিপৰ্যয় ঘটাই মধ্যবিত্ত শ্ৰেণীটোৱে অধিক সা-সুবিধা আৰু ক্ষমতা আদায় কৰি আছে৷ [অৱশ্যে তাৰ অন্তৰালত ভাৰতৰ গৃহ দ৫১, খ্ৰীষ্টান চাৰ্চৰ একাংশও আছে৷] বহল গণতান্ত্ৰিক সমাজ গঠনৰ স্বাৰ্থত নিজা নিজা গোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যৰ কিছুমান প্ৰতিক্ৰিয়াশীল উপাদানো সংস্কাৰধৰ্মী কাৰ্যসূচীৰে দূৰ কৰা নাই৷ আন সংস্কৃতিৰ প্ৰগতিশীল উপাদানবোৰ পূৰ্বৰ দৰে গ্ৰহণ কৰাতো বিঘিনি জন্মিছে৷ সেয়ে সাংস্কৃতিক সমন্বয়ো ওজাই ভবাৰ দৰে এতিয়া সহজ আৰু স্বতঃস্ফুৰ্ত হৈ থকা নাই ৷ বৰং এই খেলিমেলিক বহুত্ববাদৰ [Pluralism] তত্ত্বৰে ঢাকি দিয়া হৈছে৷ মুঠতে প্ৰকৃত গণতন্ত্ৰণ বাবে, সকলো গোষ্ঠীৰ জনগণৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে, দ্বিধাহীন সংগ্ৰাম অবিহনে অসমৰ থলুৱা সমাজৰ সাৰ্থক ঐক্য-সংহতি অসম্ভৱ৷
‘দৈনিক অসম’ৰ পৃষ্ঠাটো |
অৱশ্যে অসমৰ জনগোষ্ঠীসমূহৰ মাজৰ সম্পৰ্ক বহু বেছি জটিল কৰি তুলিছিল হিন্দু-মুছলমানৰ বিভেদ সৃষ্টি কৰা সাম্প্ৰদায়িকতাই৷ দিগন্ত ওজাই ঘাইকৈ পৰোক্ষ উৎসৰ [Secondary Sources] পৰা সংগ্ৰহ কৰা বহু প্ৰমাণ দাঙি ধৰিছে যে দেশত সাম্প্ৰদায়িক কন্দল আৰু বিদ্বেষ বৃদ্ধিত এপিনে ব্ৰিটিছৰ সাম্ৰাজ্যবাদী কূটনীতি আৰু আনপিনে সাম্প্ৰদায়িক মেৰুবিভাজনত নেতৃত্ব দিয়া হিন্দু-মুছলমান নেতৃত্বৰ বিস্তৰ অৱদান আছিল৷ দিগন্ত ওজাই দিয়া কিছুমান তথ্য ময়ো প্ৰথমবাৰৰ বাবে গম পাইছোঁ৷ দেশবিভাজনৰ ক্ৰমবৰ্ধমান বিপদৰ পৰা অসমক ৰক্ষা কৰিবলৈ অসমীয়া বুদ্ধিজীৱী উদ্বিগ্ন হৈ পৰিছিল৷ কিন্তু তেওঁলোকে পূৰ্ববংগৰ পৰা অবিৰত ধাৰে হোৱা মুছলিম প্ৰব্ৰজনক চম্ভালিবলৈ ‘ভাষাক জাতীয়তাৰ আধাৰৰূপে গঢ়িব খুজিছিল৷ কিন্তু জাতীয় চেতনা গঢ় লৈ উঠিব পাৰে প্ৰবল সাংস্কৃতিক বোধৰ জৰিয়তেহে৷’ [পৃঃ ২১৬] অসমীয়া মধ্যবিত্ত সমন্বয়ৰ এই শক্তিশালী পৰম্পৰাগত সূত্ৰ কামত লগাবলৈ উদ্যোগী হোৱা নাছিল৷
এইক্ষেত্ৰত দিগন্ত ওজাৰ কিছুমান তথ্য অতিৰঞ্জিত তথা মনোগতবাদী যেন লাগে৷ তেওঁৰ সাধাৰণ মন্তব্যত আপত্তিজনক একো নাপালেও স্বাধীনতাৰ পূৰ্বে অসম উপত্যকাৰ মুছলমানপ্ৰধান জিলাকেইখনত ‘কামৰূপ, নগাঁও আৰু দৰং’ অন্তভুৰ্ক্ত কৰাও বিতৰ্কমূলক৷ অসমত তাহানিখনতে মধ্যযুগত মুছলমানৰ আৱিৰ্ভাৱ ঘটাৰ যুক্তিতে তেওঁ এই সিদ্ধান্তত উপনীত হৈছে৷ কিন্তু স্বাধীনতাৰ পূৰ্বৰ তিনিটা দশক আছিল প্ৰবল হাৰত মুছলিম প্ৰব্ৰজনৰ যুগ, যাৰ দ্ৰুতগতিয়ে সমন্বয়ৰ প্ৰক্ৰিয়াক সমস্যাজনক আৰু নিশকতীয়া কৰি পেলাইছিল৷ ২২০ পৃষ্ঠাত তেওঁ সেয়ে কৈছে যে মুছলিম প্ৰব্ৰজনকাৰীসকল থলুৱা লোকৰ আচাৰ-সংস্কাৰৰ প্ৰতি সহনশীল আৰু মনোযোগী হোৱাৰ কোনো পৰিৱেশ তেতিয়া নাছিল৷ বৰং তেওঁলোকৰ মনোভাব আছিল ‘এই ভূখণ্ডৰ পণ্য অৰ্থনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত’ হোৱা৷
মুছলিম লীগে ওজাৰ মতে ধৰ্মীয় সাম্প্ৰতিকতাৰ সঁজুলি সণ্টালনিকৈ ব্যৱহাৰ কৰি অসমত মুছলিম জনসংখ্যাৰ অনুপাত বঢ়াব খুজিছিল আৰু সেয়ে ১৯৪১ চনত সম্প্ৰদায় ভিত্তিত লোকপিয়ল অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল৷ তেওঁ এই ধাৰণা গ্ৰহণ কৰিছে হৰেকৃষ্ণ ডেকাৰ ‘প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ’ গ্ৰন্থৰ পৰা৷ কিন্তু ১৯৪১ চনত ‘ট্ৰাইবেল লীগে’ও সম্প্ৰদায় ভিত্তিত [বিশেষকৈ ‘জনজাতীয়’ সম্প্ৰদায়ৰ গুৰুত্ব বঢ়াবলৈ] লোকপিয়ল কৰাবলৈ প্ৰবল আন্দোলন চলাইছিল৷ ট্ৰাইবেল লীগৰ উৎপত্তি আৰু বিকাশৰ প্ৰতি দিগন্ত ওজাই যথোচিত মনোযোগ দিয়া নাই— অথচ আদিতে ‘ট্ৰাইবেল লীগ’ৰ বিক্ষোভ, সমাৰোহ আদিত ভাষাৰ প্ৰশ্নতকৈ গুৰুত্বপূৰ্ণ আছিল ভূমিহীনতা আৰু শিক্ষাৰ তথা নিযুক্তিৰ ক্ষেত্ৰত জনজাতীয়ৰ প্ৰতি চৰকাৰী অৱহেলা৷ সি যি নহওক, এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে ব্ৰিটিছ চৰকাৰৰ প্ৰশ্ৰয়ত লীগ চৰকাৰে বিপুল সংখ্যাত অসমলৈ পূৰ্ববংগৰ মুছলমান প্ৰব্ৰজনৰ ব্যৱস্থা কৰা বাবেও অসমৰ সংকট ঘনীভূত হৈছিল৷ ব্ৰিটিছৰ এই মনোভাব স্বাধীন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মনতো যে ৰৈ গৈছিল, ওজাৰ সেই মন্তব্যৰ প্ৰতিবাদ কৰিব নোৱাৰি, কাৰণ বিদেশী সমস্যাৰ বলিষ্ঠ আৰু দ্ৰুত সমাধানতকৈ কেন্দ্ৰই বাৰে বাৰে হোঁহকা-পিছলা কৰি সমস্যা সাংঘাতিক কৰি তোলাৰ প্ৰমাণ আমাৰ দিনলৈকে পৰিলক্ষিত হৈছে৷
এইদৰে জটিল হৈ পৰা ঐক্য-সংহতিৰ সমস্যা সমাধান কৰিবলৈ দিগন্ত ওজাৰ মতে অসমীয়া মধ্যবিত্তই ভাষিক জাতীয়তাবাদৰ পুৰণা আৰু দিনকদিনে অকামিলা হৈ পৰা ৰেকৰ্ডখনেই বজাই আছে৷ অসম সাহিত্য সভা, অসমীয়া আধুনিক চাৰুকলা, চলচ্চিত্ৰ—ক’তো সাংস্কৃতিক সমন্বয়ৰ প্ৰয়াস নাই, থাকিলেও সি নগণ্য৷ অথচ ভাষাটোক মকৰধবজ হিচাপে জোৰকৈ খুৱাই দি অসুখ নিৰাময় কৰক ছাৰি অধিক সংকটজনক কৰিহে তুলিছে মধ্যবিত্তই৷ দিগন্ত ওজাৰ ধাৰণা যে আহোম ৰাজত্বই যেনেকৈ বিভিন্ন গোষ্ঠীৰ স্বতন্ত্ৰ অস্তিত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি যোগাযোগ আৰু সমন্বয়ৰ পথ প্ৰশস্ত কৰিছিল, কিন্তু সকলোকে একেটা ভাষাৰ সঁজাত বন্দী কৰিব খোজা নাছিল— যাৰ ফলত এক জাতিৰ অবিহনেও এখন ঐক্যবদ্ধ সমাজ গঢ় লৈছিল— তেনে এক মনোভাবেহে অসমৰ বৰ্তমানৰ ৰক্তাক্ত বিশৃংখলাৰ অৱসান ঘটাব পাৰে৷ [পৃঃ ২৪৫] তেওঁ ভাবে যে শংকৰদেৱৰ ধৰ্ময়ো বিভিন্ন গোষ্ঠীৰ স্বকীয়তাত হাত দিয়া নাছিল৷
কিতাপখনত
আৰু বহুত ভাবোদ্দীপক কথা আছে, যিবোৰৰ উদাহৰণ বাহুল্যবশতঃ নকৰিলোঁ৷ কিন্তু জাতি শব্দটো যদি ব্যৱহাৰ কৰিবই লাগে, তেন্তে তাৰ আৰ্হি বৰ্ণাভিমানী অসমীয়া মধ্যবিত্তই দাঙি ধৰা আৰ্হিতকৈ যে বেলেগ হ’ব লাগিব, এইটোৱেই সুদীৰ্ঘ,
সমৃদ্ধ ঐতিহাসিক বিচাৰৰ শেষত তেওঁৰ সুচিন্তিত সিদ্ধান্ত৷
প্ৰতিপাদ্য মূল বিষয়টোৰ বাহিৰেও তাৰ আশে-পাশে বহুতো মৌলিক অন্তৰ্দৃষ্টিসম্পন্ন মন্তব্যৰে কিতাপখন সমৃদ্ধ৷ উদাহৰণস্বৰূপে তাহানি মোগল সম্ৰাটে পেছকছ বা কৰ হিচাপে হাতী বিচৰা কথাটোকে ধৰক৷ ওজাৰ আলোচনাৰ পৰা মই পতিয়ন গৈছোঁ যে সন্মানৰ চিন আৰু বাদশ্বাহী আড়ম্বৰৰ প্ৰকৰণতকৈ হাতীৰ এটা অৰ্থনৈতিক মূল্য আছিল৷ যুদ্ধ-বিগ্ৰহৰ উপৰি গধুৰ বস্তু কঢ়িয়াবলৈ বা দেৱাল ভাঙিবলৈ হাতীৰ প্ৰয়োজন হৈছিল৷ হাতীদাঁতৰ কথাও উল্লেখযোগ্য৷ আকৌ ধৰা যাওক এই তাৎপৰ্যপূৰ্ণ উক্তি ঃ ‘কিয়নো ৰজাই আগভাগ লয় সঁচা, সমন্বয়ৰ মূল চালিকাশক্তি পিছে সদায় প্ৰজাসকলহে৷’ [পৃঃ ৯৫] অসমীয়া উপন্যাস আৰু চলচ্চিত্ৰত নাৰী চৰিত্ৰৰ গুৰুত্বই যে অসমীয়া সমাজৰ বৈশিষ্ট্য প্ৰকাশ কৰে, সিও এক মনোজ্ঞ বক্তব্য৷ [পৃঃ ২৩৫] ইত্যাদি৷
লগে লগে আন কিছুমান কথাত আমাৰ আপত্তি প্ৰকাশ কৰিব লাগিব৷ উদাহৰণস্বৰূপে আমাৰ সমাজ-সংস্কৃতিত তামোল-পাণৰ স্থান অৰ্বাচীন যুগৰ অৱদান [পৃঃ ২৬] বোলাটো বা ‘লৌহিত্যপাৰৰ নগৰ সভ্যতা, যাৰ নেতৃত্বত আছিল নৰক’ যাযাবৰ যুঁজাৰু আৰ্য জাতিয়ে ধবংস কৰা [পৃঃ ৫৮] কথাটোও বিশুদ্ধ কল্পনা বুলি আমাৰ ধাৰণা হয়৷
কিন্তু এটা বৃহৎ argument বা যুক্তিৰ খুঁটিনাটিত কিছু আসোঁৱাহ থাকিবই৷ তৎসত্ত্বেও কিতাপখন চিন্তা-উদ্ৰেককাৰী বিশিষ্ট মৌলিক গ্ৰন্থ বুলি স্বীকৃতি পাবৰ যোগ্য৷
No comments:
Post a Comment