(২০০৮ চনৰ ৮ অক্টোবৰৰ দিনা শিৱসাগৰ জিলাৰ (বৰ্তমান চৰাইদেউ জিলাৰ অন্তৰ্গত) চলাপথাৰলৈ গৈছিলো বৌদ্ধ পণ্ডিত শাসনবংশ ভান্তেক লগ কৰাৰ উদ্দেশ্যে৷ সেইদিনা দীঘলীয়াকৈ হোৱা কথা-বতৰাৰ এই নিৰ্বাচিত অংশ প্ৰকাশ পাইছিল সাদিন কাকতত৷ সাদিনত প্ৰকাশিত ৰূপতেই ইয়াত ৰাখি থোৱা হ’ল৷)
সাক্ষাৎগ্ৰহণঃ দিগন্ত ওজা
সংযম আৰু কঠোৰ ৰীতি-নীতিৰ মাজেৰে পৰিচালিত হয় বৌদ্ধ ভিক্ষুৰ জীৱন৷ বৌদ্ধ বিহাৰত থাকি এনে জীৱন-যাপন কৰাৰ বাবে সৰ্বসাধাৰণৰ পৰা বহু সময়ত অগোচৰেই ৰৈ যায় এজন ভিক্ষুৰ কথা৷ অসমত থেৰবাদী বৌদ্ধধৰ্মৰো এনে বহু ভিক্ষু আছে যিসকলৰ শিক্ষাৰ সাধনা তবধ মানিবলগীয়া৷ এইসকলৰ মাজতো বিৰল ব্যতিক্ৰম চৰাইদেউ জিলাৰ লাকুৱা-চলাপথাৰ নিৱাসী শাসনবংশ মহাস্থবিৰ৷ ইচ্ছাশক্তি প্ৰবল হ’লে, উদ্দেশ্যত অটল থাকিলে এজন মানুহে তেওঁৰ জীৱদ্দশাত কিমান কৰ্ম সম্পাদন কৰিব পাৰে শাসনবংশ মহাস্থবিৰ তাৰ অনন্য উদাহৰণ৷ আশী বছৰৰো পূৰ্বে চলাপথাৰৰ দৰে দুৰ্গম ঠাইত জন্মগ্ৰহণ কৰি শিক্ষাৰ কণ্টকময় পথৰ ক্লান্তিহীন পথিক শাসনবংশ মহাস্থবিৰৰ পৰিচয় কেৱল বৌদ্ধ ধৰ্ম তথা দৰ্শনৰ সাধনাতে সীমাবদ্ধ নহয়৷ তেওঁৰ নামটো সৰ্বজনশ্ৰুত নহ’ব পাৰে; কিন্তু অসমীয়া বৌদ্ধ সাহিত্যলৈ তেওঁৰ বৰঙণি বিশিষ্ট, বুদ্ধগয়াৰ সংৰক্ষণত ভূমিকা অনন্য৷ চাকমসকলক সংস্থাপন দিয়াৰ পৰা অসমত সংস্কৃত বোৰ্ড গঠন কৰালৈ, দালাই লামাক মংগলাচৰণ কৰাৰ পৰা দেশৰ স্বাধীনতা সংগ্ৰামৰ জড়িত হোৱালৈকে বিভিন্ন ক্ষেত্ৰত তেওঁৰ বিচৰণ অনায়াস৷ চলাপথাৰ বৌদ্ধ বিহাৰত লোৱা এই সাক্ষাৎকাৰত প্ৰকাশ পাইছে অশীতিপৰ ব্যক্তিজনৰ সততা, নিষ্ঠা আৰু শিক্ষাগ্ৰহণৰ পথত অবিচলিত আস্থা৷
? আপুনি দেশৰ স্বাধীনতা আন্দোলনক ওচৰৰ পৰা দেখা পাইছিল৷ সেই সময়ৰ কথা কওকচোন৷
– ওপজাৰ পৰত মই বৰ নিশকতীয়া আছিলো৷ মৰোঁ মৰোঁ অৱস্থাৰ পৰা পিতৃ-মাতৃ, বাইদেউ-ককাইদেউহঁতৰ আদৰ-প্ৰতিপালনতহে বাচিবলৈ সক্ষম হৈছিলো৷ মোৰ বয়স ৫-৬ বছৰমান হোৱাৰ সময়তো তেনেই ক্ষীণ-মিন আছিলো৷ গতিকে মোৰ দ্বাৰা খেতি-বাতি কৰাটো নহ’ব বুলি ভাবি দেউতায়ে লিখা-পঢ়াৰ ফালে বেছিকৈ জোৰ দিলে৷ দিয়াতে গাঁৱৰ এল পি স্কুল পাছ কৰি, তেতিয়া ওচৰে-পাঁজৰে হাইস্কুল নাছিল নহয়– নাজিৰা হাইস্কুলত নাম লগাওঁগৈ ১৯৪০ত৷ কিন্তু পঞ্চম শ্ৰেণী পাওঁতেই গণবিপ্লৱ আৰম্ভ হ’ল৷ মই তেতিয়া সৰু যদিও আন্দোলনত লাগি পৰিলোঁ৷ এসময়ত স্কুলো বাদ দিলোঁ৷ বাদ দি ঘৰলৈ আহিলোঁ৷ স্বাস্থ্যও ভাল হৈছিল অলপ– খেতি-বাতিত লাগিলোঁ৷ এইদৰে ঘৰতে থাকিলোঁ দুবছৰমান আৰু বঙালী ভাষাত কিতাপ-পত্ৰ পঢ়িলোঁ৷ এনেদৰে বৌদ্ধ ধৰ্মৰ কিতাপ পঢ়ি ভাল লাগিল৷ মোৰ মনটোও ধৰ্মৰ প্ৰতি হালিবলৈ ধৰিলে৷ দিনটো ইটো-সিটো কৰি থাকিলেও গধূলি পৰত প্ৰাৰ্থনা নকৰাকৈ শুবলৈ যোৱা নাছিলো৷ কিতাপ পঢেঁ.া, কিবা শব্দৰ অৰ্থ নুবুজিলে দেউতাক সুধি লওঁ…
? দেউতাৰ শিক্ষা-দীক্ষা?
– এ..নাই... নিৰক্ষৰ৷ লিখিব-পঢ়িব নাজানিছিল৷ পিছে বঙালী ভাষাটো জানিছিল৷ আমাৰ সৰু কালত তেতিয়া বঙালী চলিছিল নহয়… গাঁৱৰ মানুহে পঢ়া-শুনাৰ নামত বঙালীহে জানিছিল৷ পঢ়িব নাজানিলেও ভাষাটো জানিছিল৷ গতিকে বঙালী কিতাপ পঢ়ি নুবুজিলে দেউতাক সুধি ল’ব পাৰিছিলো৷
? আৰু এনেদৰেই ধৰ্মত দীক্ষা ল’লে?
– নহয়, ধৰ্মৰ প্ৰতি আগ্ৰহী হৈছিলো ঠিকেই– এনেতে ১৯৪৬ত দদাইদেউৰ মৌজাৰ কামত সহায় কৰিবলৈ পেঙেৰীলৈ যাবলগীয়া হ’ল৷ পেঙেৰী তেতিয়া একেবাৰে জংঘল, ময়ো ডেকা ল’ৰা, দেশো স্বাধীন হোৱা নাই নহয়, মই গোটেই নিগ্ৰো মিলিটেৰীৰ মাজত আছিলো৷ তেওঁবিলাকৰ লগতে মিলি থাকোঁ, তেওঁবিলাকৰে খাওঁ৷ কংগ্ৰেছৰ চি আই ডিৰ লগতো পৰিচয় আছিল৷ মই ইফালে নাওহোলোং, বৰহোলোং… এইদৰে পিঠিতে বন্দুকটো বান্ধি গোটেইখন ঘূৰি ফুৰোঁ আৰু৷ একেবাৰে ফিল’বাৰী-টঙনা… এইখন গোটেইখন ঘূৰোঁ৷ তাৰ পৰা মাৰ্ঘেৰিটা…৷ খাজানা তুলিব লাগে– গোটেইবোৰ দুখীয়া মানুহ৷ মৰাণ-মটক-বড়ো… সকলোবোৰ৷ দুখীয়া মানুহ মানে খেতি কৰিবই নাজানে, এনেকুৱা৷ খাবলৈকে এমুঠি নহয়গৈ৷ এতিয়া খাজানা-পাতি লওঁ কেনেকৈ, সিহঁতৰ মাটিখিনি যায়! গতিকে মাটি-বাৰীখিনি ৰখাই খাজানাটো মই নিজে দি– এইখিনি মাটিত বোলো তোমালোকে ভালকে কিবা কৰা– এনেকে কৈ, তাৰ পিছত দেখিলোঁ এনেকৈ মই চলিব নোৱাৰোঁ, ঘৰলৈ ঘূৰি আহিলোঁ, একেবাৰে শুদা হাতে৷
আলোকচিত্ৰগ্ৰহণকাৰী ঃ দিগন্ত ওজা |
? তেতিয়াহ’লে স্বাধীনতা ৰণত আপুনি জড়িত হৈছিল?
– অ’তো৷ বিমলাপ্ৰসাদ (চলিহা) মুখ্য মন্ত্ৰী হৈ থাকোঁতে আমাৰ তেতিয়া কৰুণা গগৈ আছিল নহয়– এম এল এ– মোক ফৰ্ম এখন আনি দিলে৷ মই ক’লোঁ, এইবোৰ সব ঠিকে আছে, পিছে হেৰি নহয়– এই ফৰ্মত জে’ল খটাৰ কথাটো আছে নহয়৷ তেওঁবিলাকে ক’লে ঃ একো নহয়, জে’লৰ সেই পুৰণা ডকুমেণ্টছবোৰ নাই নহয়, কোনো কথা নাই৷ মই ক’লোঁ ঃ ডকুমেণ্টছ নাই হয়, পিছে ময়ো মিছা মতা হ’ব নহয়৷ বাৰু ফৰ্মখন আনিছে থৈ যাওক বাৰু… পূৰোৱা কিন্তু নহ’ল৷ বিচাৰিলে এতিয়াও ক’ৰবাত ওলাব চাগে ফৰ্মখন৷
? পেঙেৰীৰ পৰা উভতি আহি কি কৰিলে? আকৌ পঢ়া-শুনা?
– ঘূৰি আহি– তেতিয়া আমাৰ মন্দিৰতে এজন সেই হৌকং প্ৰদেশৰ আছিলে– ভিক্ষু, শ্ৰীমৎ উৰাংগাম মহাগুৰু, বহুত পঢ়া-শুনা কৰিছিল, ইয়াত আন্দোলনত জে’লো খাইছিল, তেওঁক পালোঁ৷ মোক আত্মীয়ই বিয়া-বাৰু পাতিবলৈ জোৰ দিছিল, কিন্তু টলাব নোৱাৰিলে৷ ধৰ্মলৈহে মতি বাঢ়িল৷ উৰাংগাম মহাগুৰুৰ পৰা জানিব পাৰিলোঁ ব্ৰহ্মদেশত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ অলপ বেছি৷ গতিকে তালৈ ওলালোঁ৷ তেওঁৰ উদ্দেশ্যটো অলপ বেলেগ আছিল– সুভাষক (নেতাজী সুভাষ চন্দ্ৰ বসু) লগ ধৰা৷ বোলে এনেকৈ স্বাধীন হ’লে নহ’ব, সুভাষৰ ‘গৰম’ পন্থা ল’ব লাগিব৷ মোৰ বন্ধু চাৰ্লি শ্যামো ওলাল– আমাৰ দুজনৰ লক্ষ্য আছিল বাৰ্মাৰ ভাষাটো শিকা৷ গতিকে তিনিও খোজকাঢ়ি ওলালোঁ আৰু যাবলৈ৷
– অ’– লিডু-লাকাপানী (লেখাপানী) পথেদি৷ ১৯৪৭ৰ ২৮ ডিচেম্বৰৰ দিনা ওলালোঁ৷ শিলগেটলৈকে যাওঁতে মেলিটেৰী ট্ৰাকতে গ’লোঁ৷ তাৰ পৰা খোজকাঢ়ি৷ পাটকাই পৰ্বত বগাই, জংঘলৰ মাজেৰে– ৰাতি ডাঙৰ ডাঙৰ খৰিৰে জুই জ্বলাই থওঁ থকা ঠাইৰ ওচৰত, নহ’লে আকৌ বনৰীয়া জন্তু আহিব পাৰে৷ ৰাতি পুৱালেই চুঙাতে চাউল সিজাই– সেইবোৰ যাওঁতেই বুকুনাত বান্ধি লৈ গৈছিলো– ভাতমুঠি খায়েই আকৌ খোজ লওঁ৷ দিনটোত ২০-২৫ মাইলৰ বেছি যাব নোৱাৰি৷ এনেকে দুদিনত পাটকাই পাৰ হৈ শিলগেটৰ পৰা ১৫-২০ দিনমানৰ মূৰকত হৌকং পালোঁগৈ৷ মিকিনাত আমি থাকোঁতেই গান্ধীজীক গুলীওৱাৰ খবৰ পালোঁ৷ তাতে শ্ৰাদ্ধ কৰিলোঁ৷ বাৰ্মাতো গান্ধীৰ ভক্ত আছে নহয়– আমি ভিক্ষু সংঘ লৈ সবেই তাতে শ্ৰাদ্ধ পাতিলোঁ৷ তাৰ পিছত দেখিলোঁ বাৰ্মাৰ ভাষা শিকোঁতে বহু দিন লাগিব, তাৰ পিছত আকৌ ধৰ্ম শিক্ষা৷ তাতোকৈ ঘৰলৈকে ওভতাটো ঠিক কৰিলোঁ– উৰাংগাম প্ৰভু থাকি গ’ল, আমি গুচি আহিলোঁ৷
– ১৯৪৮ৰ শেষৰ ফালে৷ আহি আকৌ ত্ৰিপুৰা প্ৰদেশৰ শ্ৰীমৎ বুদ্ধদত্ত গুৰুদেৱক পালোঁ৷ তেওঁক পাই স্বৰ্গ ঢুকি পোৱাদি হ’ল…
– তেওঁক মোৰ আগ্ৰহৰ কথা ক’লোঁ৷ তেৱোঁ গাত ল’লে৷ তাৰ পিছত ’৪৮ৰ ডিচেম্বৰতে হ’ব পায়– তীৰ্থ ভ্ৰমণলে লগ ল’লে৷ ময়ো ওলালোঁ৷ প্ৰথমে মহাত্মাক গুলীওৱা ঠাই চালোঁগৈ৷ তাৰ পৰা আগ্ৰা ফুৰিলোঁ৷ আহি একেবাৰে পাকিস্তানত সোমাই দিলোঁ৷ লাকচামত সোমাই নোৱাখালি পালোঁগৈ৷ তাৰ পৰা দহ দিনমান থাকি মথুৰা-বৃন্দাবনলৈ গ’লোঁ৷ তাৰ পৰা ১৫ দিনমান থাকি বুদ্ধগয়া পালোঁগৈ৷ তাৰ পৰা কলিকতা হৈ ঘৰলৈ উভতিলোঁ৷ আহি গুৰুদেৱৰ ওচৰত শিক্ষা আৰম্ভ কৰিলোঁ৷ তেতিয়াই আমাৰ গাঁৱৰ বুঢ়া মানুহসকল আছিল নহয়– নিচাইদেউ জাতীয়সকল– তেওঁলোকে কোনোমতে আখৰ দুটামান পঢ়িব পাৰে– তেওঁবিলাকে পালি বিদ্যালয় পাতিলে৷ সেই সময়ত পালি নো কি আমি জনাই নাছিলো– তেওঁবিলাকে ক’লে ঃ আমি বৌদ্ধ মানুহবোৰৰ মূল শাস্ত্ৰ গোটেইবোৰ এই পালিতে লিখা৷ গতিকে এই পালি যদি আমি নিশিকোঁ তেন্তে শুদ্ধকৈ আমাৰ মন্ত্ৰবোৰ পাঠ কৰিব নোৱাৰিম৷ গতিকে পালি বিদ্যালয় স্থাপন হ’ল৷ ময়ো শিক্ষা ল’লোঁ৷ আছোঁ তেনেকৈ– ১৯৫১ত এদিন মই আকৌ কলিকতালৈ গ’লোঁ৷ তাতে নাইট স্কুল এখনত নাম লগালোঁ, কাকো জনোৱা নাছিলো সেইবোৰ, পালিৰ নটামান ডিগ্ৰীও ল’লোঁ৷
? কলিকতাৰ ক’ত আছিল?
– অ’… এই….
খ্ৰীষ্টানপাৰাৰ ওচৰৰ… বৌ বজাৰৰ… অ’ সেই বৌদ্ধ ধৰ্মাংকুৰ মন্দিৰত৷
– অ’ তাৰ পৰাই আকৌ৷ ছবছৰ আছিলো কলিকতাত৷ তাতে পালোঁ– লণ্ডনৰ পৰা পাছ কৰি আহিছে এজন ভিক্ষু– ডক্টৰেট ডিগ্ৰী লৈ– বেংগলী ভিক্ষু, মই য’ত আছিলো তাতেই আছিল৷ মোৰ ৰূমমেটেই আছিল৷ তেওঁ ক’লে ঃ মই এতিয়া প্ৰফেছৰ হৈ আহিছোঁ নালন্দাত, তুমি তালৈ যাব লাগে৷ মই বোলো পাৰিম জানো? মোৰ ইমান জ্ঞানতো নাই৷ তেওঁ বোলে মই জানো নহয় তোমাক৷ তাৰ পৰা তেৱেঁই লৈ গ’ল, মোক নাম দিলে লগায়, তাৰ পিছতে আকৌ দ্বাৰভাংগা বিশ্ববিদ্যালয়ৰ পৰা আচাৰিয়া পাছ কৰিবলগীয়া হ’ল– আচাৰিয়া ডিগ্ৰী৷ ডিগ্ৰী লৈ তাৰ পিছত আকৌ বোলে ডিগ্ৰীতো পাছ কৰিবলগীয়া হ’ল– বি এটো৷ বিহাৰ বিশ্ববিদ্যালয়ৰ পৰা বি এটো লৈ কোনোমতে আৰু পালিত মাষ্টাৰ ডিগ্ৰীটো ল’লোঁ৷
? সেয়া কিমান চনৰ কথা?
–’৬০ৰ ওচৰৰ কথা৷ তেতিয়া এই আলিবোৰো নাছিল৷ গোটেইখন অগাইধনি হাবি৷ সিফালে শিৱসাগৰৰ পৰা এখন বাছ আহি গুদাম ঘৰতে ৰয়৷ তাৰ পৰা হাবিৰ মাজে মাজে আহিব লাগে৷ গধূলি পাইহি শিৱসাগৰৰ পৰা ৷ বস্তু-বেহানি গোটেইবোৰ শিৱসাগৰৰ পৰা আনিব লাগে ৷ পিঠিতে গোটেইবোৰ বান্ধি বাঘ-ভালুক থকা হাবিখনৰ মাজেদি আহি এইখিনি পাওঁতে ৰাতিয়েই হয়হি ৷
– তেতিয়াও আছিল ৩০-৪০ ঘৰমান৷
– ১৮৬৯ চনত
৷ আমাৰ খাময়াং মানুহসকল সোতৰ শতিকাৰ মাজডোখৰতে অসমলৈ আহিছিল৷ পাটকাই পাৰ হৈ আহি পোনতে সৌমাৰপীঠত আছিল৷ তাৰ পিছত টেঙাপানী আৰু শদিয়া৷ মোৱামৰীয়া বিদ্ৰোহৰ পিছত গৌৰীনাথ সিংহৰ দিনত তিতাবৰত ঢলিত থাকিবলৈ লৈছিল ৷ তাৰ পিছত বিভিন্ন ঠাইলৈ প্ৰব্ৰজন হয়৷ আমাৰ গাঁওখন সেইদৰে ১৮৬৯ত হ’ল নহয়৷ এই গাঁৱৰ পৰাও আকৌ প্ৰব্ৰজন চলি আছে৷ ৰহন শ্যাম গাঁওখন ইয়াৰ পৰাই উঠি যোৱা ৷ দ-চুক বুলি গাঁও এখন আছে নহয় অৰুণাচলৰ? এই দ-চুক, থাই চুক গাঁও ইয়াৰ পৰা যোৱা ৷ লোহিত জিলাৰ নামচাইৰ পৰা আগলৈ যাব লাগে সেইবোৰ গাঁৱলৈ৷ তালৈ বহুত মানুহ উঠি গ’ল৷…
– অ’... বুদ্ধদত্ত, তেখেতে আৰম্ভ কৰিলে নহয় বিদ্যালয়খন, নতুন অৱস্থাত প্ৰায় ৩০-৪০ জনমান ভিক্ষু আছিল৷ তেতিয়াই গোলমাল হ’ল৷ গোলমাল মানে খোৱা-বোৱা৷ ইমানখন মানুহ পৰিচালনা কৰা বৰ দিগদাৰ৷ গোটেই গাঁওবোৰে দায়িত্ব লৈছিল খুওৱাৰ, তথাপি গোলমাল হ’ল৷ হোৱাতে তেওঁবিলাক কলিকতালৈ গুচি গ’ল৷ তাৰ পিছত যিসকল আহিল তেওঁবিলাক বৰ এক্সপাৰ্ট নহয়৷ ভাষা আদি শিকাব পাৰে, কিন্তু মেনেজমেণ্টটো, মানে শৃংখলা, সেইটো বৰ দৰকাৰী বস্তু আকৌ, সেইটো বৰ নাজানে৷ নজনাত বিদ্যালয়খন কিবা হৈ থাকিল৷ মই ’৬০ত আহি থান-থিত লগালোঁ৷ ছাত্ৰও গোট খালে অলপ, ’৬২ত আকৌ মই কাম্বোডিয়াত তেতিয়া ৱৰ্ল্ড বুদ্ধিষ্ট কনফাৰেন্স হৈছিল নহয়– সেই তালে গ’লোঁ৷ গ’লোঁ মানে পোনতে বাৰ্মালে গ’লোঁ, তাৰ পৰা থাইলেণ্ড, থাইলেণ্ডৰ পৰা কাম্বোডিয়া পালোঁগৈ৷ তাৰ পৰা আকৌ বাৰ্মালে আহিলোঁ৷ তাত মোৰ বন্ধু মানুহ আছিল বহুত; তেওঁলোকে মোক ক’লে বোলে আপুনি যিমান পঢ়িলে সেইখিনি কমপ্লিট হোৱা নাই নহয়, আকৌ পঢ়িব লাগিব৷ তাতে মই আমাৰ বৌদ্ধিষ্ট ফিলছফিটো পঢ়িলোঁ৷ তেওঁলোকৰ মেথডটো মই প্ৰেক্টিকেলি দুমাহ-তিনিমাহমান পঢ়িলোঁ৷ এইদৰে মই পঢ়া-শুনাৰ মাজত ঘূৰি-পকি ফুৰা মানুহ…৷ …সাৰনাথলৈও গৈছিলো৷ তাত সেই বৌদ্ধিষ্ট সন্মিলন হৈছিল, তেতিয়া… ৰাধাকৃষ্ণণো আছিল, তাতো জইন কৰিছিলো৷
– ১৯৫৫ চন মানত আকৌ৷ তেতিয়া নালন্দাতে আছিলো নহয়– চৌ এন লায়ো আহিছিল তেতিয়া, পঞ্চেন লামা, আমাৰ নেহৰু ৷ হিউ এন চাং আহিছিল যে ভাৰতলে, তেওঁৰ নামতে তেওঁবিলাকে হিউ এন চাং মেম’ৰিয়েল হল এটা প্ৰতিষ্ঠা কৰিবলৈ আহিছিল ৷ দালাই লামাক ময়েই সেই… মংগলাচৰণ ময়েই কৰিবলগীয়া হ’ল৷
– অ’৷ বিদেশৰ বহুকেইজন আছিলে৷ ভাৰতৰ পৰা ময়েই আৰু… অকলে৷
– কেনেকুৱা মানে– দালাই লামাৰ লগত চৌ এন লাই আহিছিল৷ নেহৰুৱে আমাৰ ভিক্ষুসকলক কৈছিল ঃ এই ইন্ষ্টিটিউটটো আমি ইণ্টাৰনেশ্যনেল কৰি তুলিব লাগে৷ আমি বোলো সেইটো আপোনাৰ কথা৷ অ’– ৰিচিপশ্যনৰ দায়িত্ব আমাৰ ওপৰত পৰিল৷ মানে দায়িত্ব লৈছিলো আয়োজন সকলো গভৰ্নমেণ্টেই কৰিছিল– খালী মংগলাচৰণটো মই কৰিলোঁ৷ ৰাজেন্দ্ৰপ্ৰসাদো তেতিয়া আছিল– ৰাষ্ট্ৰপতি– তেওঁতো বিহাৰৰে মানুহ, তেৱোঁ ক’লে ঃ এইটো ভাল ৰূপ দিব লাগে৷ হিউ এন চাং মেম’ৰিয়েল হল সেই তেতিয়াই হোৱা৷
? অসমত সংস্কৃত বোৰ্ড গঠনৰ ক্ষেত্ৰতো আপুনি বলিষ্ঠ ভূমিকা লৈছিল৷ কেনে পটভূমিত সংস্কৃত বোৰ্ড গঠন কৰা হৈছিল?
– অসমত সংস্কৃত বোৰ্ড নাছিলেই৷ নথকাত মই ডি পি আইক ক’লোঁ– তেতিয়া আছিল ৰাজখোৱা, সুৰেশ ৰাজখোৱা৷ তাৰ পৰা মছলমান এজন ডেপুটী মিনিষ্টাৰ আছিল, সেই সময়ত ৰোজা আছিল, তেওঁৰ তালে গৈ ক’লোঁ বোলো অসমত পালি হওক সংস্কৃত হওক তেনেকুৱা বোৰ্ড নাই; বিহাৰত আছে, বেংগলত আছে, আমাৰ ইয়াতো হ’ব লাগে৷ তেৱোঁ ক’লে বোলে আমিতো ৰেডি আছোঁ, আপোনালোকে অৰ্গেনাইজ কৰক৷ তেতিয়া মুকুন্দ মাধৱ শৰ্মাহঁত আছিল, তেওঁলোকৰ লগ হ’লোঁ, লগ লাগি সংস্কৃত বোৰ্ড গঠন কৰিলোঁ৷ প্ৰথমে খাৰঘূলি পাহাৰত আছিল, তাৰ পৰা মই ক’লোঁ ইয়ালে অহা-যোৱা দিগদাৰী, তাৰ পৰা সেই উজান বজাৰলে আনিলোঁ৷ উজান বজাৰৰ পৰা– তাতে ভূঞা নে কি আছিল আমাৰ বৰ আপোন মানুহ, ডি পি আই আছিল– তেওঁক ক’লোঁ এই ডি পি আইতে আমাক দুটামান কোঠা দিব লাগে৷ শৰৎ সিংহকো ক’লোঁ, তেওঁ বৰ খাৰাংখাচ মানুহ নহয়, ক’লে ঃ হৈ যাব৷ তাৰ পৰা ডি পি আইক ক’লোঁ ঃ আমাক দিবলৈ কৈছে৷ তেতিয়া সেই ডি পি আইৰ সন্মুখৰ ফালে আমাক দুটামান ৰূম দিলে৷ তাৰ পৰা তাতে আছোঁ ৷ ময়ো তেতিয়াৰে পৰা বোৰ্ডৰ মেম্বৰ৷ থাকি থাকি এতিয়া আৰু যাব নোৱাৰা হ’লোঁ ৷ সেয়ে বাদ দিলোঁ আৰু ৷ তথাপি সম্পৰ্কটো আছে ৷
? বুদ্ধগয়াক ৰক্ষা কৰাৰ লগতে ইয়াক ন-ৰূপ এটা দিয়াৰ ক্ষেত্ৰতো আপোনাৰ বৰঙণি কম নহয়৷ এইক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ লৈছিল জনাবনে?
– বুদ্ধগয়াৰ যিটো আমাৰ মূল মন্দিৰ, ভগৱান বুদ্ধৰ বুদ্ধত্ত্ব প্ৰাপ্তি হৈছিল সেইটো আগতে মহন্তৰ হাততহে আছিল৷ নেহৰুৰ দিনত আম্বেদকাৰে ক’লে, অৰবিন্দ স্বামীও আছিল, বোলে এইটো আচলতে বুদ্ধৰহে৷ গতিকে বিদেশৰ চকুত এইটো বেয়া কথা হ’ব৷ গতিকে আপুনি কিবা কমিটি এখন গঠন কৰি দিয়ক৷ তেতিয়া তেওঁ চাৰিজন হিন্দু, চাৰিজন বৌদ্ধৰে কমিটি এখন কৰি দিছিল৷ ময়ো তাতে পৰিলোঁ৷ দ্বিতীয়খন কমিটিত ময়ো মেম্বৰ হ’লোঁ৷ কমিটিত পৰি– সেইটো কোন চনৰ কথা মনত পৰা নাই দেই– মেম্বৰ হৈ দেখিলোঁ গোটেইখন জংঘল হৈ আছে৷ এতিয়া চাফা কৰিবলৈ টকা-পইচাৰ কথাও আহিল৷ তাৰ পিছত ভিক্ষুসকলক লৈ বিদেশৰ, মানে আমাৰ বৌদ্ধধৰ্মৰ দেশবোৰৰ কেবাটাও এম্বেছিলৈ গ’লো৷ তেওঁবিলাকে আগবাঢ়িবলৈ ভৰসা দিলে৷ তাৰ পিছত গোটেইখন চাফা কৰি তোৰণ-চোৰণ গোটেই ডাঙৰ ডাঙৰ ভিক্ষুসকলৰ নামত দি একেবাৰে সুন্দৰ কৰিলোঁ৷ তাৰ পিছত আকৌ মহন্তসকলে এজন পুৰোহিত ৰাখি থৈছে৷ আমিতো তেওঁক খেদিব নোৱাৰোঁ৷ বেয়া হ’ব কথাটো৷ গতিকে মহন্তৰ লগত বন্ধু হ’লোঁ৷ মই যাওঁ তেওঁৰ ওচৰলে৷ তেওঁৰ তাতে খাওঁ, কথা-বতৰা হওঁ ৷ তাৰ পিছত তেওঁ মান্তি হ’ল ৷ তাৰ পিছত ক’লে বোলে আমাৰ মহন্তসকলক আপোনালোকে পাৰ্মেনেণ্ট মেম্বৰ কৰি দিয়ক, তাৰ পৰা আপোনালোকে যি কৰে কৰি থাকক ৷ এইটো আপোনালোকৰ বস্তু হয় মই জানো ৷ হ’ল হয়, পিছে ভিতৰৰ যিখিনি বৌদ্ধ মূৰ্তি তেওঁলোকৰ দখলত আছিল সেইবোৰ উলিয়াব নোৱাৰিলোঁ৷ আৰ্কিঅ’লজি ডিপাৰ্টমেণ্টেও উলিয়াব নোৱাৰিলে৷ বহুত ডাঙৰ ডাঙৰ মূৰ্তি তেওঁবিলাকে ৰাখি থ’লে ৷ যি নহওক, এইদৰে বুদ্ধগয়া আমি দেখিবলৈ একেবাৰে ধুনীয়া কৰি তুলিলোঁ ৷ তাৰ পিছত নেকি যিটো মহন্তৰ ফালে সেই ৰাস্তাটো গৈছিলে– গভৰ্নমেণ্টে এইফালে আকৌ মেইন ৰাস্তা এটা উলিয়াই দিলে, মগধ ইউনিভাৰ্ছিটিৰ ফালে, তেতিয়া আমি সেই সিফালৰ ৰাস্তাটো বন্ধ কৰি পেলালোঁ৷ তাৰ পৰা কিছুমান চাহাবৰ মহল আছিল, সব উঠালোঁ৷ তাৰ পিছত কিছুমান মছলমান গাঁও আছিল পুখুৰীটোৰ কিনাৰত, গভৰ্নমেণ্টে তেওঁলোককো আকৌ বহিবৰ বাবে দুই-এখন গাঁও বহাই দিলে, তেওঁলোককো তাত থাকিবলৈ দি দিলোঁ ৷ ভালদৰে আছে এতিয়া তেওঁলোক তাতে৷ এতিয়া আৰু সেইখন নগৰ হৈ গ’ল৷
? আপুনি এতিয়ালৈকে অসমীয়া ভাষাত নিৰলসভাৱে বৌদ্ধ সাহিত্যৰ চৰ্চা কৰি আহিছে৷ তিনি কুৰিমান কিতাপ বোধহয় লিখিছে, চল্লিশখনমান প্ৰকাশো পাইছে৷ লিখা-মেলাৰ ক্ষেত্ৰখনত কিদৰে প্ৰৱেশ কৰিলে?
– এনেদৰেই লিখাটোও হৈ উঠিল৷ বিশ্বনাৰায়ণ শাস্ত্ৰী তেতিয়া প্ৰকাশন পৰিষদত– মোক ক’লে, আপুনি কলিকতাত থাকোঁতে যিখিনি সংগ্ৰহ আছে সেইখিনি মোক দি দিয়ক, মই কিতাপ কৰি দিম৷ সধৰ্ম শিক্ষাখন তেনেকৈ ওলাল, সেইখন মোৰ প্ৰথম কিতাপ৷ মানুহে তেতিয়া দেখিলো বৰ আগ্ৰহ কৰে৷ তাৰ পিছত চন্দ্ৰপ্ৰসাদ (শইকীয়া) আহিল, তেৱোঁ সহায় কৰিলে৷ তেতিয়া সেইবোৰ অনুবাদ কৰি দিছোঁ, পালি গাঁথাবোৰ– সাহিত্য সভায়ো কিবা বিচাৰিলে শিশুৰ উপযোগীকৈ– মানুহৰ এইদৰে আগ্ৰহ দেখিয়েই ইখনৰ পিছত সিখন লিখি লিখি এতিয়ালৈকে ৩৮-৩৯ খনমান কিতাপ প্ৰকাশ হৈ উঠিছেগৈ আৰু৷ এতিয়া এখন ছপা হৈ আছে– ‘মিলিন্দ প্ৰশ্ন’– প্ৰেছে অলপ খেলিমেলি নকৰা হ’লে ইমানদিনে ওলাবই লাগিছিল৷ এতিয়া ডিচেম্বৰত ওলাব বুলি কৈছে৷ অলপ ডাঙৰ কিতাপ এইখন৷
? কোনে প্ৰকাশ কৰিছে?
– এইখন মই নিজেই কৰিছোঁ৷ মোৰ তেনে কোনো প্ৰকাশক নাই, মানুহবোৰে পা-পইচা দিয়ে– সেয়া অৰুণাচলৰ পৰা এজন ভিক্ষুৱে দিলে পাঁচ হাজাৰ, কোনোৱে এহেজাৰ দিয়ে, কোনোৱে কিবা এটা দিয়ে৷ তাৰ পৰা এতিয়ালৈ প্ৰায় ৩৪ হাজাৰ দিয়া হ’ল প্ৰেছত, ‘মিলিন্দ প্ৰশ্ন’ৰ বাবে, আৰু দিব লাগিব…
? আপোনাৰ এই কিতাপবোৰ কোনোবাই যদি প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহে…
– পাৰিব, পাৰিব৷ মোৰনো কি কিতাপ, এইবোৰ আৰু অনুবাদৰ লেখীয়াহে৷ বুদ্ধৰ ধৰ্ম, দৰ্শন আৰু চিন্তা-চৰ্চাৰ প্ৰচাৰহে কৰিছোঁ এইবোৰ…
? আকৌ অন্য প্ৰসংগলৈ উভতি আহিব খুজিছোঁ ৷ পালি বিদ্যালয়ৰ পৰা অৱসৰৰ পিছত পেঞ্চন আদি পাইছিল নে?
– অ’ পেঞ্চন! মই সেই ৰ-চ্ছ্ৰ-২০০১তে ৰিটায়াৰ কৰিলোঁ নহয়৷ তেতিয়ালৈ প্ৰভেন্সিয়েলাইজড হৈ গৈছিল (বিদ্যালয়খন)৷ ৰিটায়াৰ হওঁতে মই নাজানো নহয় পেঞ্চন পাইনে নাপায়৷ সেই সময়তে কেইজনমানে দিলে হাইক’ৰ্ট কৰি৷ তেওঁবিলাকেই আগভাগ ল’লে৷ মোক ক’লেঃ কেলৈ পেঞ্চন নাপাব? ক’ৰ্টৰ ফালৰ পৰা চিঠি দিলেঃ আপুনি ফৰ্ম ফিল-আপ কৰক৷ তাৰ পিছত মই চিন্তা কৰিলোঁ, এইবোৰ বৰ জঞ্জাল, নকৰাই ভাল হ’ব নেকি! তাৰ পৰা তেওঁবিলাকে বৰ জোৰ কৰিলে৷ বোলে আপুনি কিবা কৰক, বস্তুখিনি আমাক দি দিয়ক৷ এবাৰ দিলোঁ, ভুল লাগিল৷ তাৰ পিছত আকৌ দিলোঁ৷ ৰিজাল্ট ওলাল৷ পেঞ্চনটো এতিয়া পাবগৈ লাগে৷
? সাহিত্যিক পেঞ্চনৰ বাবেও বিবেচিত হৈছিল?
– অঁ… ২০০৫ চনতে৷ নাপালোঁ… এ… বাদ দিলোঁ৷ এহ!… এইবোৰ বৰ ঘটং-মটং কাম ৷
? এতিয়া লিখা-মেলা কৰি আছে?
– এতিয়া লিখা-মেলা কৰা অলপ দিগদাৰ৷ বয়সো হ’ল নহয়! ১৯২৬ চনতে জন্ম৷ বহু কথা পাহৰি যাওঁ৷ কেতিয়াবা সন্মুখতে মানুহজন বহি থাকে, নামটো পাহৰি যাওঁ৷ তথাপি চৰ্চাটো ৰাখিছোঁ৷
? চাকমাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰতো আপুনি জড়িত হৈছিল…
– চীনৰ সেই গোলমালৰ সময়ত আকৌ৷ তেতিয়াই চল্লিশ হাজাৰ চাকমা সোমাই আহিল ভাৰতলৈ৷ গভৰ্নমেণ্টে ক’লেঃ তেওঁলোকক অৰুণাচলত ছেটলমেণ্ট দিব লাগিব৷ চাকমাক ছেটলমেণ্ট দিবলৈ এতিয়া কোন যাব? এনেকুৱা বেয়া জেগা৷ ময়ে ওলালোঁ আৰু৷ তেতিয়া সেই মেওৰ ওচৰত (নামদফাৰ সমীপৱৰ্তী) এক নং, দুই নং, তিনি নং– এনেদৰে গোটেইখন জংঘল ঘূৰি তাতে মই ছেটলমেণ্ট দিলোঁ৷ লগত ইন্দ্ৰজিৎ৷
? ইন্দ্ৰজিৎ মানে?
– এই বৰদলৈ ট্ৰফী খেলে (খেলিছিল) যে… নামচুম… ইন্দ্ৰজিৎ নামচুম৷ চৌখামুন গোহাঁইৰ সৰু ভাই (চৌখামুন গোহাঁই নেফাৰ প্ৰথমজন সাংসদ, সম্ভৱতঃ দেশৰ প্ৰথমগৰাকী বৌদ্ধিষ্ট সাংসদ, খামটি ৰজাৰ পুত্ৰ, সম্প্ৰতি প্ৰয়াত)৷ ইন্দ্ৰজিৎ আমাৰ লগত আছিল, আৰু বহুকেইজন আছিল৷ এইদৰে চাকমাবোৰক ক’লোঁ তোমালোকে এইবোৰ গাঁও লোৱা, ইয়াতে থাকা৷ তেওঁলোক বৰ কৰ্মঠ আছিল নহয়, এবছৰতে একেবাৰে খেতি-খোলা কৰি বহিল৷ গভৰ্নমেণ্টৰ পৰা টকাও দিছিল তেতিয়া৷ তেওঁলোকক বৌদ্ধ ধৰ্মৰ প্ৰতিও টানিলোঁ ৷ মন্দিৰতো নাছিল তেতিয়া, (বেৰত ওলমি থকা ছবি এখনলৈ দেখুৱাই) সেয়া সেই ছবিখন যে, সেইবোৰকে অঁকাই আমাৰ ফালৰ পৰা বৌদ্ধ ধৰ্মটো যাতে ৰক্ষা কৰে, তাৰ বাবে দিলোঁ৷ তেওঁলোক এতিয়াও বৌদ্ধ হৈ আছে৷ ধৰ্মটো ৰাখিব৷ চাকমাসকলে আগতে আনকি মছলমানৰ লগত যুদ্ধও কৰিছিল৷ পাৰ্বত্য চট্টগ্ৰাম যেতিয়া কিবা হ’ল– জিন্নাহঁতৰ লগত– তেতিয়া তেওঁবিলাকে ক’লে যে আমি ফ্লেগ কাঢ়িলোঁ৷ আমাৰ ভাৰতীয় পতাকাও উত্তোলন হৈছিল তাত ৷ গভৰ্নমেণ্টে ক’লে বোলে নহয় আমি এতিয়া শান্তি চুক্তি কৰিছোঁ, সেইখিনি এতিয়া পাকিস্তানক এৰি দিয়ক৷ তেতিয়াহে এৰি দিয়া হ’ল৷…
? আপুনি বহুকেইগৰাকী সাহিত্যিকৰ ব্যক্তিগত সান্নিধ্য লাভ কৰিছে৷ তেখেতসকলৰ বিষয়ে ক’ব নেকি?
– লীলা গগৈৰ লগত খুব ঘনিষ্ঠতা আছিল৷ তাৰ পিছত এতিয়াৰ একেবাৰে নগেন শইকীয়া, ভীমকান্ত বৰুৱা৷ মৰাণতো বহুকেইজন আছে৷ আমাৰ অম্বেশ্বৰ চেতিয়া ফুকনো আছে ৷ সম্পৰ্ক মোৰ কাৰো লগত বেয়া নহয়৷ নৱকান্ত বৰুৱাতো মোৰ নিজৰ ভাই-ককাইৰ লেখীয়া আছিল৷ নৱকান্ত বৰুৱা… মানে দেৱকান্ত বৰুৱাৰ কিবা, একেবাৰে ডেকাটো হৈ থাকোঁতে ইয়ালৈ আহিছিল৷ বিৰিঞ্চি কুমাৰ বৰুৱা, তেওঁ আকৌ বাংগালোৰত পালি ভাষা পাছ কৰি অহা নহয়, তেওঁ চলাপথাৰলৈ আহিছিল মন্দিৰটো দানৰ সময়ত৷ লগত নৱকান্ত৷ তেতিয়া মই সৰু, ব্ৰহ্মদেশৰ পৰা উভতি অহাৰ পিছৰ কথা সেইটো, বোধহয় ১৯৪৮… হয়, ’৪৮ৰ কথা৷ পাছত বিৰিঞ্চি কুমাৰেহে মোক ঠেলিলে৷ মই কলিকতাত থাকোঁতে তাতে বিৰিঞ্চি কুমাৰক পাইছিলো ৷ তেওঁ মোক ক’লে– ভান্তে, আপুনি উভতিব নোৱাৰে৷ নালন্দালৈ যাওক ৷ তেওঁবিলাকৰ কথা পেলাব নোৱাৰি গ’লোঁগৈ৷ বৰ মধুৰ সম্পৰ্ক আছিল৷ তাৰ পিছত প্ৰদীপ চলিহা৷ তেওঁ আমাৰ লগতে কলিকতাত থাকিল, কলিকতাৰ পৰা বাৰ্মা পালেগৈ৷ থাইলেণ্ডৰ পৰা এই কিছুমান আৰ্ট যে, তেৱেঁইহে অনা৷ নৱকান্ত বৰুৱা সেইদৰে– তেওঁৰ বৌদ্ধ হোৱাৰ মন ৷ মই বোলো বৌদ্ধ দুই ধৰণৰ আছে নহয়, এটা আছে জন্মগত, এটা আছে নীতিগত ৷ নীতিগতভাৱে আপুনি বৌদ্ধই৷ কিন্তু জন্ম হিচাপে আপুনি কিছু আঁতৰি আছে ৷ তেওঁৰ ঘৰতে ধেমালি কৰি কওঁ, আপুনি পকা বৌদ্ধই ৷ লীলা গগৈ আকৌ আমাৰ চেৰেকাপাৰাৰ মানুহহে৷ তেওঁ আহিয়েই থাকে৷ ৰেডিঅ’ত গাঁথা-চাথা দিয়া এইবোৰ তেৱেঁই কৰি দিয়ে৷ গোটেইবোৰ সেই তেওঁৰ দ্বাৰাই৷ ৰিপুনাথ বুঢ়াগোহাঞি ইয়াতে থকা৷ নগেন শইকীয়াৰ লগতো মোৰ ভাল ৷ একেবাৰে ঘৰুৱাৰ নিচিনাই আৰু৷ মই কিন্তু সাহিত্যিক যদি দেখিবলৈ পাইছোঁ, লীলা গগৈৰ লেখীয়া দ্বিতীয় এজন নাপাম ৷ আৰু যোগেন চেতিয়া৷ এতিয়া বয়স হৈছে, কিন্তু তেওঁলোক বৰ নিৰপেক্ষ৷ এতিয়া মই বৌদ্ধৰ কথা কৈ দিলোঁ নহয়, তেওঁলোকে কেৱল সেইখিনি নল’ব, হিন্দুৰ লগত কি মিল-অমিল আছে তেনেকুৱা বিচাৰো কৰিব৷ সেইখিনি তেওঁবিলাকে পঢ়ে৷ এইটো বৰ ডাঙৰ গুণ৷
No comments:
Post a Comment