Sunday, January 14, 2024

অসমীয়া সাহিত্যত ৯ জানুৱাৰী


(১)
‘’আমি এই ক্ষুদ্ৰ পুখীখানি ছপাবলৈ আগ বাঢ়িছো হয় কিন্তু ইয়াক পাঠ কৰি পাঠক সকলে যে সন্তোষ পাব ইয়াক আশা কৰা নাই। তত্ৰাচ তিৰুতাই ৰচা বুলি ইয়াৰ দোষ পাঠক সকলে ক্ষমা কৰিব এই সাহতে ইয়াক মুদ্ৰিত কৰা হল। সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল দেখুৱাই এই পূথীৰ প্ৰধান উদ্দেশ্য৷”
ছটা অধ্যায়ত ৪২ পৃষ্ঠাৰ এখনি পুথি৷ অসমীয়া সাহিত্যৰ ইতিহাসত এই কিতাপখন আছিল যথেষ্ট গুৰুত্বপূৰ্ণ৷ কাৰণ ১৮৮৪ চনত প্ৰকাশ পোৱা এইখনেই অসমীয়া লোকে লিখা প্ৰথমখন উপন্যাসৰূপে স্বীকৃত৷ ‘সুধৰ্মাৰ উপাখ্যান’ নামৰ এই কিতাপখন লিখিছিল বিলাতী শিক্ষা লোৱাৰ বাবে জাত যোৱা বুলি সমাজে গণ্য কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ কণ্যা পদ্মাৱতী দেৱী ফুকননীয়ে৷ জাত-পাতৰ বিচাৰ ইমানেই প্ৰৱল আছিল যে জাত যোৱা পৰিয়ালৰ দুহিতাক বিয়া কৰোৱাৰ বাবে পদ্মাৱতীৰ স্বামী যোৰহাটৰ নন্দীশ্বৰ বৰুৱা চিৰস্তদাৰক সমাজচ্যুত কৰা হৈছিল আৰু তাৰ প্ৰতিবাদত বৰুৱায়ো নিজৰ উপাধি ত্যাগ কৰি শহুৰেকৰ উপাধি ‘ফুকন’ লিখিবলৈ লৈছিল৷ আজি ন জানুৱাৰী সেই পদ্মাৱতী দেৱী ফুকননীৰ ওপজা দিন৷
১৮৫৩ চনৰ ৯ জানুৱাৰীত বৰপেটাত জন্ম লাভ কৰা পদ্মাৱতীৰ বিয়া হৈছিল তেতিয়াৰ পৰম্পৰা অনুসৰি ৯ বছৰ বয়সতে৷ স্কুলীয়া শিক্ষা নাছিল, পঢ়া-শুনা কৰিছিল ঘৰত থাকিয়েই৷ ৯ বছৰত বিয়া, ৩৩ বছৰীয়া দাম্পত্যৰ অন্তত ৪২ বছৰ বয়সত বৈধব্য৷ ১৮ টা সন্তানৰ জননী (অৱশ্যে তিনিটিহে পাছত জীৱীত আছিল)—স্বামীৰ চাকৰিসূত্ৰে তেজপুৰ, শ্বিলং, নগাঁও, শ্ৰীহট্ট আদিত ঘূৰি ফুৰিবলগীয়া হৈছিল৷ তাৰ মাজতো শৈক্ষিক-সাংস্কৃতিক পৰম্পৰাৰ এই উত্তৰাধিকাৰীয়ে পঢ়া-শুনা কৰি আছিল, লিখা-মেলা কৰিছিল৷ এইক্ষেত্ৰত স্বামীৰো অনুপ্ৰেৰণা অৱশ্যেই আছিল৷ ‘সুধৰ্মাৰ উপাখ্যান’ তেওঁ লিখিছিল স্বামীৰ ঘৰত থাকিয়েই৷ ‘আসাম-বন্ধু’, ‘জোনাকী’ আৰু পাছলৈ ‘বাঁহী’ আদি আলোচনীত কবিতা তথা প্ৰবন্ধ লিখা পদ্মাৱতী আছিল অসমীয়া সাহিত্যত ভৱানীপুৰীয়া আতা গোপালদেৱৰ কণ্যা পদ্মপ্ৰিয়া আইৰ পৰৱর্তী প্ৰথমগৰাকী অসমীয়া সফল লেখিকা৷ স্বামীৰ বিয়োগৰ পাছত নিজৰ পিতৃভিঠাত থাকিবলৈ লোৱা পদ্মাৱতী দেৱী ফুকননীৰ ১৯২৭ চনত গুৱাহাটী-ভৰলুমুখৰ পিতৃৰ ঘৰতে মৃত্যু হয়৷ তেখেতৰ আন এখন প্ৰকাশিত কিতাপ ‘হিতসাধিকা’৷
ওপজা দিনত পদ্মাৱতী দেৱী ফুকননীক এই লিখাৰেই স্মৰণ কৰিছোঁ৷
(২)
‘জোনাকী’, ‘বাঁহী’, ‘উষা’, ‘জয়ন্তী’ আদি আলোচনীত বিভিন্ন প্ৰবন্ধৰে অসমৰ বুৰঞ্জী-পুৰাতত্ত্বৰ অধ্যয়নত বিশেষ অৰিহনা আগবঢ়োৱা সোনাৰাম চৌধুৰী আছিল অসমত উদ্ধাৰ হোৱা কেইবাখনো শিলালিপিৰ পাঠ-উদ্ধাৰ কৰোঁতা৷ কিছুসংখ্যক গীত আৰু নাটৰো ৰচক চৌধুৰীয়ৈ ‘সাহিত্যবোধ’ নামেৰে এখন অসমীয়া ব্যাকৰণো লিখিছিল৷ অসম সাহিত্য সভাৰ ১৯৩১ চনত বহা শিৱসাগৰ অধিৱেশনৰ বুৰঞ্জী শাখাৰ সভাপতি চৌধুৰীৰ জন্ম হৈছিল আজিৰ এই ৯ জানুৱাৰী তাৰিখতে, ১৮৭০ চনত, উত্তৰ গুৱাহাটীৰ ৰংমহলত৷ তেখেতৰ মৃত্যু হৈছিল ১৯৪২ চনৰ ২ ডিচেম্বৰত৷ চৌধুৰীদেৱকো এই টোকাৰেই সুঁৱৰিছোঁ৷ (চৌধুৰী সম্পৰ্কীয় টোকাৰ উৎস ঃ শিৱনাথ বৰ্মনৰ 'অসমীয়া জীৱনী অভিধান'৷)

No comments: