Tuesday, December 12, 2023

নটসূৰ্য সমাৰোহৰ ‘আলি দোমোজাত’

 ৯ ডিচেম্বৰ আছিল খ্যাতিমান নাট্যকাৰ, ব্যংগ সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰয়াণৰ দিন৷ এইবেলি তেওঁৰ মৃত্যুৰ দিনটোতে আৰম্ভ হোৱা #নটসূৰ্য_নাট_সমাৰোহত পৰিৱেশিত হ’ল মলয়া গোস্বামীৰ পৰিচালনাৰে মহেন্দ্ৰ বৰঠাকুৰৰ নাটক ‘আলি দোমোজাত’৷

একালত মহেন্দ্ৰ বৰঠাকুৰৰ কিছু নাটক চোৱাৰ আৰু গোটাদিয়েক পঢ়াৰ সুযোগ লাভ হ’লেও ‘আলি দোমোজাত’ৰ সৈতে মোৰ পৰিচিতি নাছিল৷ ২০০৫ বৰ্ষত মৃত্যুবৰণ কৰা বৰঠাকুৰৰ এই নাটখনৰ বিষয়বস্তু অসমীয়া সমাজৰ পৰিৱৰ্তিত সময়সন্ধি ঃ ৰচনাৰ সময়সীমা যতদূৰ সম্ভৱ বিগত শতিকাৰ অন্তিম দশক—হয়তো আশীৰ অন্তিমভাগ৷ তিনিগৰাকী বোৱাৰী আৰু শাহুক মুখ্য হিচাপে লৈ আঠগৰাকী নাৰী চৰিত্ৰৰে লিখা এই নাটত মূলতঃ বিধৃত হৈছে সাতামপুৰুষীয়া পৰম্পৰা, মূল্যবোধৰ স্থিতি আৰু আধুনিক শিক্ষাই জন্ম দিয়া মুকলিমুৰীয়া মনৰ সংঘাত৷ বৰঠাকুৰৰ ‘আলি দোমোজাত’ সৃষ্টিৰ পৰা সময়ৰ লেখেৰে হয়তো অতিক্ৰম কৰিছে ২৫-৩০ বছৰ ঃ অথচ তাৰ মাজতেই সমাজৰ যি পৰিৱৰ্তন ঘটিল, সৃষ্টিৰ মুহূৰ্তত ‘আলি দোমোজাত’ৰ মাজত প্ৰকাশিত বক্তব্যৰ চোক এই সময়লৈ আৰু মৰ্মস্পৰ্শী হৈ নাথাকিল৷ কিন্তু নাটক অৱশেষত পৰিৱেশ্য কলা, সেইসূত্ৰেই ‘নটসূৰ্য সমাৰোহ’ৰ প্ৰথম পৰিৱেশনাই দৰ্শকৰ মনত যে ৰেখাপাত কৰি গ’ল তাৰ কৃতিত্ব নিসন্দেহে পৰিচালনাৰ দায়িত্বত থকা মলয়া গোস্বামীৰ লগতে শাহু (মণি বৰদলৈ), বৰ বোৱাৰী (মিতালী শৰ্মা), মাজু বোৱাৰী (গৰিমা মজুমদাৰ) তথা সৰু বোৱাৰী (নিশিতা গোস্বামী)ৰ দূৰন্ত অভিনয়৷
এই প্ৰথম চালোঁ মলয়া গোস্বামীৰ নাট্য-নিৰ্দেশনা৷ ‘শাহু’কেন্দ্ৰিক পৰিয়ালটোৰ তিনিও বোৱাৰীৰ জীৱন আৰু চিন্তাধাৰাক তুলি ধৰাৰ বাবে মধ্য-পৃষ্ঠ-সোঁ-বাঁওক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পৰিচালিকাৰ মঞ্চ-দৃশ্য বিভাজন যথাৰ্থতে চমকপ্ৰদ৷ শাহুৰ আৰামী চকীৰ পিছপিনেই পৰম্পৰাৰ ধাৰক-বাহক বৰ বোৱাৰীৰ প্ৰৱেশ-প্ৰস্থান৷ সৰু বোৱাৰীৰ অৱস্থান আৰু প্ৰৱেশ-প্ৰস্থানৰ মাজত অনায়াস গতিময়তা৷ তাৰ মাজতেই মাজু বোৱাৰী অহা-যোৱা৷ এনে টনা-আঁজোৰাৰ মাজতেই নেকি ঘড়ীৰ স্থিৰতা? পোহৰ প্ৰক্ষেপনৰ মাজতো পৰিচালিকাৰ বুদ্ধিদীপ্ততাৰ প্ৰকাশ ঘটিছে৷
নাট পৰিচালনাৰ ক্ষেত্ৰত গোস্বামীৰ সাৰ্থকতাৰ সম্পূৰ্ণ ভাগীদাৰ অভিনেত্ৰীসকল৷ জ্যেষ্ঠ অভিনেত্ৰী মণি বৰদলৈ আৰু মিতালী শৰ্মাৰ অনায়াস সাৱলীলতাই বহুদিন মুগ্ধ কৰি ৰাখিব৷ আপাতদৃষ্টিত সৰল জীৱন অথচ চৰিত্ৰত থকা বৈচিত্ৰ্যৰ সুযোগৰ এনে সদ্ব্যৱহাৰ মনত ৰাখিবলগীয়া৷ অভিনয় শিল্পীৰ আচল পৰিচয় মঞ্চ৷ নিশিতা গোস্বামীক কিয় পাৱাৰফুল অভিনেত্ৰী বোলা হয়, ‘আলি দোমোজাত’ তাৰ অন্যতম শেহতীয়া নিদৰ্শন৷ দৰ্শকে পাহৰিব নোৱাৰিব নিশিতাৰো এই মঞ্চাভিনয়৷ গৰিমা মজুমদাৰৰ অভিনয়ো নিখুঁত চৰিত্ৰানুগ৷ বহু সময়ত মঞ্চত শিল্পীৰ অতিনাটকীয় প্ৰদৰ্শনৰ বিপৰীতে সকলো শিল্পীৰ পৰা এনে প্ৰদৰ্শন আদায় কৰিব পৰাটো পৰিচালকৰ বাবে কম স্বস্তিৰ কথা নহয়৷
(নটসূৰ্য সমাৰোহৰ আৰম্ভণি অনুষ্ঠানত অত্যন্ত বিৰক্তিকৰ আৰু শ্ৰুতিকটূ হৈ উঠিছিল অনুষ্ঠান পৰিচালিকাৰ পৰিচালনা৷ ২৭ বছৰীয়া সমাৰোহ এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত পেছাদাৰী লোকক দায়িত্ব দিয়াৰ পৰিৱৰ্তে এনে এগৰাকী ব্যক্তিক অৰ্পন কৰাৰ প্ৰয়োজন কিয় আয়োজকসকলে অনুভৱ কৰিলে সেয়া আমাৰ বাবে সাঁথৰ হৈ ৰ’ল৷)

No comments: