দিগন্ত ওজা
আহা, তোমাৰ লেহন-
স্তম্ভন-
দংশনৰে
পূৰ্ণ
কৰা
মোৰ
সত্ত্বা
পৰিপূৰ্ণতাইতো শূণ্যতা,১
অস্তিত্বহীনতাই
যিদৰে
মৃত২
কত লক্ষ বছৰৰ
অনস্তিত্বৰ
পিছত
মোৰ
জন্ম
জীৱন মানেইতো
চেতনাৰ
মাজেৰে
মৃত্যুৰ
পৰা
মৃত্যুমুখি
পৰিভ্ৰমন
যাত্ৰাপথতো অৰ্থ-অনৰ্থ কতনা
জীৱন
আহিবাইতো? খন্তেক ৰ’বা৷
ঘৰ
সাজো৷
তোমাৰ
ঘৰ৷
চেতনাৰ মাজতে তোমাক
অৰ্থপূৰ্ণ
কৰাৰ
প্ৰয়াস
কৰোঁ৷
[২৯৷০১৷১৮]
১৷ পৰিপূৰ্ণতাইতো শূণ্যতা : এই ভাৱটোৰ
আঁৰত
ক্ৰিয়া
কৰিছে
ঈশোপনিষদৰ
“পূৰ্ণস্য পূৰ্ণমিদায়
পূৰ্ণমেৱাৱশিষ্যতে”
কথাষাৰে৷
স্বয়ম্ভৱ
মনুৱে
ৰচনা
কৰা
সম্পূৰ্ণ
শ্লোকটি—
ঔম পূৰ্ণমাদাহ
পূৰ্ণমিদাম
পূৰ্ণত
পূৰ্ণমুদস্যতে৷
পূৰ্ণস্য পূৰ্ণমাদায়
পূৰ্ণমেৱাৱশিষ্যতে৷৷
ঔম শান্তি শান্তি
শান্তি৷৷
প্ৰকৃতিৰ বাস্তৱতা
আৰু
আত্ম
উপলব্ধিৰ
পথৰ
জ্ঞান
অন্তৰ্লীন
হৈ
থকা
বুলি
গণ্য
কৰা
শ্লোকটিৰ
বিভিন্ন
ভাঙনি
আৰু
আৰু
ভাষ্যকাৰে
বিভিন্ন
অৰ্থ
প্ৰকাশ
কৰিছে৷
তেনে
কেইটিমান
অৰ্থ
এনে—
(ক) ঔম৷
সেয়া
ভৰপূৰ৷
এয়াও
ভৰপূৰ৷
এই ভৰপূৰ যেতিয়া সেই
ভৰপূৰত
লীন
হ’ব
তেতিয়া
ভৰপূৰ
হৈয়েই
থাকিব৷
ঔম
শান্তি,
শান্তি,
শান্তি৷
(খ) পূৰ্ণতা
সেয়া,
পূৰ্ণতা
এয়া৷
পূৰ্ণতাৰ
পৰাই
পূৰ্ণতা
আহিছে৷
পূৰ্ণতাৰ
পৰা
পূৰ্ণতালৈ
যোৱা
হওক,
পূৰ্ণতাক
পূৰ্ণতাৰ
সৈতে
জুৰি
দিয়া
হওক,
থাকিব
কেৱল
পূৰ্ণতা৷
(গ) সেয়াও অনন্ত,
এয়াও
অনন্ত৷
সেই
অনন্তৰ
পৰা
আহিছে
এই
অনন্ত৷
সেই
অনন্তৰ
পৰা
এই
অনন্ত
বাদ
দিয়াই
হওক
বা
দুয়োকে
জুৰি
দিয়াই
হওক,
অনন্ত
অনন্ত
হৈয়েই
ৰ’ব৷
(ঘ) ব্ৰহ্ম অসীম৷
অনন্ত
সংখ্যক
ব্ৰহ্ম
আহিব
আৰু
অনন্ত
ব্ৰহ্মত
লীন
যাব,
ব্ৰহ্ম
অপৰিৱৰ্তনীয়
হৈয়েই
ৰ’ব৷
আমি সংস্কৃতৰ
ছাত্ৰ
নহওঁ,
টীকা-ভাষ্য
সম্বলিত
পুথি-পাজি-ভাঙনিয়েই
আমাৰ
সাৰ৷
মাজে
সময়ে
বৈদিক
সাহিত্যৰ
মণি-মুকুতাৰ
সন্ধান
কৰা
আমাৰ
পল্লৱগ্ৰাহী
মনটো
পিছে
আধা-কেচেলুৱা
আধুনিক৷
সেয়ে
পূৰ্ণৰ
পৰা
পূৰ্ণ
গ’লে
পূৰ্ণই
থাকিব—
“পূৰ্ণস্য
পূৰ্ণমাদায়
পূৰ্ণমেৱাৱশিষ্যতে”
কথাষাৰে
আহি
শূণ্যৰ
পৰা
শূণ্য
গ’লে
শূণ্যই
থাকিব,
এই
গাণিতিক
ধাৰণাত
খুন্দিয়ালেহি৷
আন
এটা
দিশৰ
পৰাও
পূৰ্ণ
আৰু
শূণ্যৰ
মাজত
সংগতি
স্থাপন
কৰিব
পাৰি,
যেনে
যেনে
মহাকাশ৷
*২৷
প্ৰশ্নটো
হেনো
কৰা
হৈছিল
মাৰ্ক
টোৱেইনক—
মৃত্যুলৈ
আপুনি
ভয়
কৰেনে?
তেওঁৰ
উত্তৰ
আছিল,
ভয়
কৰিবলৈ
কিদাল
আছে?
ওপজাৰ
আগেয়ে
লাখ
লাখ
বছৰ
ধৰি
দেখোন
মই
মৃতই
আছিলো!
“অস্তিত্বহীনতাই
মৃত”
ভাৱৰ
বুৰবুৰণিটো
তাৰপৰাই
অহা৷
No comments:
Post a Comment