Saturday, September 15, 2018

হিমা দাস, চয়নৰ এটা সপোন, এখন ছবি আৰু এটা পুৰষ্কাৰ

হিমা দাস এতিয়া সপোনৰ আন এটা নাম৷ বিশ্ব চেম্পিয়নশ্বিপৰ পিছত এছিয়ান গেইমছত পাৰদৰ্শিতাৰে সপোন দেখুৱাইছে হিমাই৷ কনমানিহঁতৰ বাবে হিমা এতিয়া আদৰ্শ৷ এটা লক্ষ্য৷ চাৰে পাঁচ বছৰীয়া চয়নৰো সপোন হিমাৰ দৰে দৌৰাৰ৷ হিমাক অতিক্ৰম কৰাৰ৷ মুখেৰে কোৱাই নহয়, ছবিৰেও বুজালে সেই কথা৷ লৰাটিৰ বাবে ছবি মানে আঁক বাকতকৈ ওপৰৰ হয়তো সামান্য কিবা এটা৷ ছবিৰ ন শিকাৰু মাত্ৰ, কিন্তু নিজা আগ্ৰহতে ছবিৰ প্ৰতিযোগিতা এখনত বহি আঁকিলে এখন ছবি৷ সেয়া আছিল বৰনগৰীয়া সমাজে আয়োজন কৰা অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা সোঁৱৰণি চিত্ৰাংকন প্ৰতিযোগিতা৷ অংশ লৈছিল মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ বিদ্যৰ্থীয়ে৷ ক শাখাত আছিল অংকুৰ/ নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে৷ ১২ ছেপ্তেম্বৰত বঁটা বিতৰণী অনুষ্ঠানত কোৱা কথাকেইষাৰ কনমানিটিয়ে পোৱা পুৰষ্কাৰতকৈ যেন বেছি মূল্যবান!  


No comments: