Sunday, January 14, 2024

পুৰণি দিনৰ কথা- প্ৰথম দৰমহা আয়োগৰ প্ৰতিবেদন

দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছত অসমত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত গঠন হৈছিল প্ৰথম দৰমহা আয়োগ৷ এই আয়োগৰ প্ৰতিবেদন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰাৰ পাছত ১৯৪৮ চনৰ মে” মাহত প্ৰকাশ কৰিছিল৷ চৰকাৰৰ বোজা অধিক নাবাঢ়িবৰ বাবে শীৰ্ষ বিষয়াৰ ক্ষেত্ৰত ১৫০০ টকাৰ অধিক বেতন যাতে তেনেদৰে নহয়, তাৰ প্ৰতি নজৰ ৰখা হৈছিল৷ শীৰ্ষ পদাধিকাৰীৰ পৰা নিম্ন মজুৰি পোৱাজনলৈ বেতনৰ ক্ষেত্ৰত যাতে সমতুল ৰক্ষা পৰে সেয়াও আছিল আয়োগৰ লক্ষ্য৷ এই প্ৰতিবেদন ১৯৪৮ৰ ২৪ মে’ৰ আছাম ট্ৰিবিউন কাকতত আৰু ২৫ মে’ৰ দৈনিক অসমীয়া কাকতত প্ৰকাশ পাইছিল৷ ট্ৰিবিউনত সেইদিনাই সম্পাদকীয় নিবন্ধৰো বিষয় আছিল দৰমহা আয়োগৰ প্ৰতিবেদন৷ হৰেন্দ্ৰনাথ বৰুৱাই আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত অসমীয়া কাকতত সম্পাদকীয় বিশ্লেষণ কৰিছিল ২৮ মে’ৰ সংখ্যাত৷ বৰুৱাৰ বিশ্লেষণ অৱশ্যে আছিল বিস্তৃত৷ তেওঁ প্ৰতিবেদনৰ কেইবাটিও বিসংগতি নিজৰ সম্পাদকীয় নিবন্ধত তুলি ধৰিছিল৷

যি নহওক, এই প্ৰতিবেদন অনুসৰি তেতিয়াৰ কেইটিমান পদবীৰ দৰমহাৰ নিৰিখ উল্লেখ কৰিব পাৰি৷ জিলা পৰ্যায়ৰ লৱাৰ ডিভিজন (‘আণ্ডাৰ গ্ৰেজুৱেট’) কৰ্মীৰ দৰমহাৰ নিৰিখ আছিল ৫০-১০০ টকা, ছাব ডিভিজনেল হেড ক্লাৰ্কৰ বেতন ১৫০-২০০, মিনিটত কমপক্ষেও ১৫০টা শব্দৰ বেগ থকা ষ্টেন’গ্ৰাফাৰৰ বেতন ১৫০ - ৩৫০ টকা, আই জি পিৰ বেতন ১২০০-১৫০০ টকা, ডি আই জিৰ বেতন ১০০০-১২০০ টকা, শিক্ষা বিভাগৰ সঞ্চালক ঃ ১০০০-১৫০০ টকা, স্বাস্থ্য মহাপৰিদৰ্শক ঃ ১২০০-১৫০০ টকা আদি৷

No comments: