Thursday, October 23, 2014

ছাত্ৰ-ছাত্ৰীৰে মুখামুখি

উত্তৰ লখিমপুৰ নিৱাসী বৰেণ্য শিক্ষাকৰ্মী মোহন চন্দ্ৰ ৰয় আমাৰ দূৰ সম্পৰ্কীয় জেঠো আৰু ডাঙৰ বাইদেউৰ খুৰা শহুৰ৷ যোৱা … অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু হয়৷ সেই উপলক্ষে ১৮ অক্টোবৰ (২০১৪) তাৰিখে নিশাৰ বাছত উত্তৰ লখিমপুৰলৈ গৈছিলোঁ৷ ১৯ তাৰিখে উপস্থিত হ’ম বুলি কেনেবাকৈ জানিব পাৰি ১৮ তাৰিখে সন্ধিয়াই নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক ভাতৃপ্ৰতীম ডক্টৰ অৰবিন্দ ৰাজখোৱাই এইবুলি অনুৰোধ জনালে যে তেওঁৰ কলেজৰ কেইগৰাকীমান বিদ্যানুৰাগী ছাত্ৰ-ছাত্ৰীয়ে মোৰ সৈতে অন্তৰংগভাৱে আলাপ কৰিব বিচাৰে৷ মই সততে মেল-সভা আদিৰ পৰা আতৰি থকাৰ পক্ষপাতী৷ কিন্তু এইক্ষেত্ৰত একাষাৰে সন্মতি দিলোঁ ঘাইকৈ দুটা কাৰণত—প্ৰথমতে লখিমপুৰ আৰু ধেমাজিৰ শিক্ষানুৰাগী বাতাবৰণে যোৱা কিছু বছৰ ধৰি মোক আকৃষ্ট কৰি আহিছে আৰু এইটো দেখা গৈছে যে সেই জিলা দুখনৰ পৰা বেছ কিছু প্ৰতিভা ওলাই আহিব ধৰিছে৷ এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে যিহেতু নৰ্থ লখিমপুৰ কলেজখনেই প্ৰথম পছন্দ, সেয়ে কলেজখনলৈ গ’লে নিশ্চিতভাৱে এনে প্ৰতিভাৱানসকলৰ চিন্তাৰ এক চমকনি দেখা পাম৷ দ্বিতীয়তে, জনসাধাৰণ কাকতত মই কাম কৰাৰ পৰাই তেতিয়াৰ ছাত্ৰ অৰবিন্দ ৰাজখোৱাৰ লেখা-মেলা তথা চিন্তা-চৰ্চাৰ বাবে তেওঁৰ সৈতে মোৰ এক সম্পৰ্ক গঢ় লৈ উঠিছিল৷ সেই অৰবিন্দই নখিমপুৰ মহাবিদ্যালয়ত অধ্যাপনা কৰাৰে পৰা যোৱা কিছু বছৰত মহাবিদ্যালয়খনত এক সুস্থ চিন্তাৰ বাতাবৰণ গঢ়াত আগভাগ লৈ অহাৰ কথা তেওঁৰ কেইজনমান ছাত্ৰৰ মুখেৰে জানিব পাৰিছিলো৷ দীৰ্ঘদিনৰ মুৰকত লখিমপুৰত উপস্থিত হৈ এই বাতাবৰণৰ বুজ লোৱাৰ সুযোগো মই হাতচাৰা কৰিব খোজা নাছিলো—তেওঁৰ অনুৰেধত মই একেষাৰে সহাৰি জনোৱাৰ দ্বিতীয়টো কাৰণ আছিল এইটো৷ তদুপৰি, মোৰ কথাই যদি সঁচাকৈয়ে দুটি বা এটি ছাত্ৰ-ছাত্ৰীক সামান্য অনুপ্ৰেৰণা যোগাব পাৰে, তেন্তে তাৰপৰা মই আঁতৰি থকাটোও নিশ্চয় অপৰাধ হ’ব৷    
 



No comments: