[নেভিল কাৰ্ডাছৰ গুড ডেইজ সম্পৰ্কীয় এটি টোকা]
দিগন্ত ওজা
'Man is born to sin and error'– Cardus
সেইখন দেশ কিমান মহান হলহেঁতেন, যিখন দেশৰ প্ৰতিগৰাকী লোক হ’লহেঁতেন ক্ৰিকেট মেচৰ আম্পায়াৰৰ দৰে…
খুব কম ক্ৰিকেট মেচ আছে, যিখন মেচত আম্পায়াৰৰ ভুল সিদ্ধান্তৰ বাবে এজনো বেট্ছমেন অসন্তুষ্ট হোৱা নাই৷ খুব কম ক্ৰিকেট মেচ আছে, য’ত আম্পায়াৰৰ সিদ্ধান্তই বলাৰক বিৰক্ত কৰা নাই৷ দৰ্শক ক্ষুব্ধ হোৱা নাই৷ আম্পায়াৰ ক্ৰিকেটৰ অবিচ্ছেদ্য, অথচ সাধাৰণতেই উপেক্ষিত চৰিত্ৰ৷ এই চৰিত্ৰৰ গুৰুত্ব তেতিয়াহে উপলব্ধি কৰা যায়, যেতিয়া তেওঁৰ সিদ্ধান্তই মেচখনত লয় নিৰ্ণায়ক ভূমিকা৷ অন্যথা কোনেও খেলপথাৰত আম্পায়াৰৰ সিদ্ধান্ত চাবলৈ নাহে৷ আহে বলাৰৰ চাতুৰ্য চাবলৈ, বেট্ছমেনৰ বিক্ৰম আৰু শৈলী উপভোগ কৰিবলৈ৷ ডব্লিউ জি গ্ৰেচে সেই তাহানিতে— তেওঁক আম্পায়াৰে আউট বুলি ঘোষণা কৰাৰ পিছতো ‘ইয়াত কোনেও আপোনাক চাবলৈ অহা নাই, আহিছে মোৰ বেটিং চাবলৈ’ বুলি ঘোষণা কৰি ক্ৰিজ এৰি নহাৰ কথাটো এতিয়া কিংবদন্তিতেই পৰিণত হৈছে! ক্ৰিকেটৰ চূড়ান্ত পেছাদাৰিত্বৰ দিনত, আম্পায়াৰৰ বিৰুদ্ধে বিষোদ্গাৰ কৰিলে নিলম্বনৰ ব্যৱস্থা বলৱৎ কৰাৰ সময়ত এতিয়া আৰু কোনো খেলুৱৈয়ে ডব্লিউ জি গ্ৰেচৰ সেই কাণ্ডৰ পুনৰাবৃত্তি ঘটোৱাৰ ধৃষ্টতা কৰিব নোখোজে; তথাপি জনমানসত আম্পায়াৰৰ প্ৰতি ধাৰণা বিশেষ সলনি হৈছে বুলি কোৱা টান৷
কিম্বদন্তি এম্পায়াৰ ডিকি বাৰ্ড |
সেইবাবেই কাৰ্ডাছে কৈছে ঃ 'What a great country this would be
if every man, whatever his station, concentrated half as much on the smallest
detail of his work as an umpire is compelled to do, from high noon to dewy
evening of a cricket match!’
কাৰ্ডাছ ঃ প্ৰবাদ-প্ৰতিম বিশ্লেষক |
কাৰ্ডাছক কিয় সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেট সাংবাদিকৰূপে গণ্য কৰা হয় সেই কথা আমি উপলব্ধি কৰিলোঁ গুড ডেইজ পঢ়ি৷ তেওঁৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থসমূহৰ মাজত গুড ডেইজৰ স্থান কি সেয়া সুকীয়া প্ৰশ্ন, কিন্তু যৌৱনৰ দুৱাৰডলিত দ্য হিন্দুৰ ক্ৰিকেট বিশ্লেষক আৰ মোহনৰ লেখাৰে মোহাৱিষ্ট হৈ ৰোৱা আমাৰ বাবে কাৰ্ডাছৰ আমেজ লোৱাৰ প্ৰথম সুযোগ গুড ডেইজৰ মাজেৰেই৷ এই কিতাপ পঢ়ি আমি গম পাইছিলোঁ যে ১৯৩৪ চনৰ টেষ্ট ছিৰিজৰ অ’ভেল টেষ্টৰ তৃতীয় দিনা এটা বিশাল দৃষ্টিনন্দন ‘ছিক্স’ মাৰিছিল ব্ৰেডমেনে, তাৰ দুদিন পূৰ্বে দ্বিতীয় উইকেটৰ যুটিত পঞ্চফৰ্ড-ব্ৰেডমেনে ৪৫১ ৰান সংগ্ৰহ কৰিলেও এই যুটিটো মানৱীয় ভুলৰ ঊধবৰ্ত নাছিল ['did not avoid human fallibility'],
দ্বিতীয় ইনিংছত আঘাতপ্ৰাপ্ত সোঁ মণিবন্ধ আৰু বাঁওহাতৰ ভগা তৰ্জনীৰে বেটিং কৰি ব্ৰেডমেনে অসাধ্য সাধন কৰিলেও ক্ৰছ বেট হীভৰ বাবে আউট হ’বলগীয়া হৈছিল৷ কিন্তু কিতাপখন পঢ়াৰ মাদকতা এনেবোৰ তথ্যজ্ঞানৰ বাবে নহয়— আমেজটো বৰঞ্চ লেখাসমূহত ফুটি উঠা লেখকৰ উৰ্বৰ ক্ৰিকেট মস্তিষ্ক, সাংস্কৃতিক চেতনা, সময়জ্ঞান, ভাষাৰ মাজত স্বাচ্ছন্দ্য বিচৰণ আদিৰ বাবেহে৷ তেওঁৰ লেখাত কেতিয়াবা আহি পৰিছে চোবাই চোবাই উচ্ছাৰণ কৰা কথ্য ভাষা ['Now look 'ee 'ere, he would say,
it is for yew to luke after yewre business, and oi'll luke after mine'], কেতিয়াবা উচ্ছস্তৰীয় সাহিত্যিক ভাষা৷ তদুপৰি আছে প্ৰতিখন ৰচনাৰ স্বকীয় পৰিৱেশনশৈলী— যেন পঢ়ুৱৈৰ লগত কথাহে পাতি আছে লেখকে; আকৌ কোনো এজন খেলুৱৈৰ বিষয়ে ক’বলৈ গৈ বিচাৰ কৰি চাইছে তেওঁ বহন কৰা ঐতিহ্যৰ পটভূমি৷ এই সকলোৰে সুষম সমাহাৰে এই ‘টি-২’ৰ দিনতো কাৰ্ডাছ-পঠন মধুময় কৰি ৰাখিছে৷ এৰা— ‘টি-২০’কতো ডিছপ’জিবল যুগৰ খেলৰ নিখুঁত চানেকি বুলিয়েই কোৱা হয়; কিন্তু এই ডিছপজিবল যুগতো কাৰ্ডাছৰ অনুৰাগী হ্ৰাস পোৱা নাই৷ পাবই বা কিয়, ডিছপ’জিবল যুগতে শচীনৰ বিদায়ী ভাষণে জানো বিশ্বৰ ক্ৰিকেটানুৰাগীক আৱেগসিক্ত কৰা নাই?
কাৰ্ডাছৰ মৃত্যুৰ সময়ত শচীন দুবছৰীয়া কেঁচুৱা; সুনীল গাভাস্কাৰৰ উত্থানে তামাম বিশ্বক আলোড়িত কৰিলেও ইতিমধ্যে পত্নী বিয়োগৰ পিছত বিমৰ্ষ কাৰ্ডাছে ক্ৰিকেটীয় ভাষাত ক’বলৈ গ’লে মনঃসংযোগ আৰু দৃঢ়তাও হেৰুৱাইছিল৷ ভাৰতীয় ক্ৰিকেটৰ এই দুই বিস্ময় প্ৰতিভাৰ বিষয়ে কাৰ্ডাছৰ সাৰ্থক বিশ্লেষণৰ পৰা আমি এনেদৰেই বঞ্চিত হৈ ৰ’লোঁ৷ সেইবুলি ভাৰতীয় ক্ৰিকেটৰ বিষয়ে কাৰ্ডাছৰ অভিমতৰ একেবাৰে অভাৱ বুলিব নোৱাৰি৷ গাভাস্কাৰ-ৰাহুল [দ্ৰাবিড়]-শচীনৰ মাজত দেখা ক্ৰিকেট শিল্পৰ পূৰ্বৰাগ যেন আমি ৰঞ্জিৎ সিংজীৰ বিষয়ে কাৰ্ডাছে কৰা মন্তব্যৰ মাজতে পাওঁ— ‘ক্ৰিকেটাৰসকলে কদাপি ৰঞ্জিৎ সিংজীৰ দৰে খেলুৱৈ নেদেখিব ঃ তেওঁ আছিল সম্পূৰ্ণ খাঁটি, আৰু বেট্ছমেনশ্বিপৰ সমগ্ৰ ইতিহাস আৰু বিকাশত এনে একো নাই যাৰ সৈতে আমি তেওঁক তুলনা কৰিব পাৰোঁ৷ ...ৰঞ্জিৎ সিংজীৰ বাবে ক্ৰিকেট আছিল তেওঁৰ আপোন দেশ৷ তেওঁ যেতিয়া বেট ধৰিছিল, ইংলেণ্ডৰ ফিল্ডত প্ৰথমবাৰলৈ দেখা গৈছিল এক অলীক পোহৰ, প্ৰাচ্যৰ পৰা অহা পোহৰ৷’ গুড ডেইজত ৰঞ্জিৎ সিংজীৰ বিষয়ে এই ৰচনা পঢ়ি যাওঁতে অনুভৱ হৈছিল— গাভাস্কাৰৰ পৰা শচীন-দ্ৰাবিড়-সৌৰভ হৈ এতিয়াৰ ৰোহিত-বিৰাটলৈ যি সমদল, তাৰ ধবজাবাহীজনকে যেন কাৰ্ডাছে সেই তাহানিয়েই তুলি ধৰিছিল!
গুড ডেইজৰ তিনিটা পৰ্বত ক্ৰমে আছে কেইগৰাকীমান তৎকালীন মহান ক্ৰিকেটাৰৰ বিষয়ে আলোচনা, ক্ৰিকেট সম্পৰ্কীয় ভিন্নসুৰী দুটিমান লেখা আৰু শেষত দুখনমান টেষ্ট মেচৰ [১৯৩৪ত ইংলেণ্ডত হোৱা অষ্ট্ৰেলিয়া-ইংলেণ্ড ছিৰিজৰ] প্ৰতিবেদন৷ এই তৃতীয় পৰ্বটোৱে পঢ়ুৱৈক ধাৰণা দিয়ে, এতিয়াৰ ক্ৰিকেট ৰিপ’ৰ্টিঙে আক্ষৰিক অৰ্থতে পৰিপূৰ্ণতা লাভ কৰিছিল কাৰ্ডাছৰ হাত ধৰিয়েই৷ ক্ৰিকেট সাংবাদিকতাৰ ইতিহাস বা বিৱৰ্তন বুজিবলৈও গুড ডেইজে অৱকাশ দিয়ে এই পথতেই৷
(এই নিবন্ধটো আমাৰ ২০১৪ চনত প্ৰকাশিত সাহিত্যৰ দৃষ্টি আৰু সৃষ্টি গ্ৰন্থত
অন্তৰ্ভুক্ত হৈছে৷ প্ৰকাশক ঃ অসম পাবলিচিং কোম্পানী, পানবজাৰ, গুৱাহাটী)
(আলোকচিত্ৰসমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত, ইয়াত আমাৰ কোনো স্বত্ত্ব নাই- লেখক)
No comments:
Post a Comment