Thursday, October 07, 2021

যাত্ৰাৰ মাজেৰে যাত্ৰা

 

অসমীয়া লেখকৰ গদ্যৰীতি সন্দৰ্ভত লেখা প্ৰণালীবদ্ধ কিতাপখনৰ জৰিয়তেই স্মৃতিৰেখা ভূঞাই ৰসিক পঢুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ‘অসমীয়া গদ্যৰীতি ঃ ‘জোনাকী’ৰ পৰা ‘ৰামধেনু’লৈ’ শীৰ্ষক গ্ৰন্থখনৰ কিছু সীমাবদ্ধতা যে নাছিল, তেনে নহয়৷ যেনে অসমীয়া ভাষা-ৰাজনীতিৰ অভিযোগ তুলি প্ৰকাশিত ‘আসাম-বান্ধৱ”ৰ গদ্যৰীতিৰ আলোচনাৰ অভাৱ এই গ্ৰন্থত দেখা যায়৷ তদুপৰি ‘জোনাকী’ ৰ পৰা ‘ৰামধেনু’ৰ সময়সীমাৰ ভিতৰৰ যি কেইগৰাকী সাহিত্যিকৰ গদ্যৰীতিৰ ভূঞাই আলোচনা কৰিছে, তেওঁলোকৰ প্ৰভাৱাধীন পৰৱৰ্তী লেখককূলৰ অধিক আভাস দিয়াৰ থল আছিল৷ (উদাহৰণস্বৰূপে ধৰা হওক বেণুধৰী গদ্যৰ অনুসৰণকাৰী সত্যেন বৰকটকী৷) আনহাতে ভাষাৰ সৈতে সমাজ-ৰূপান্তৰৰ দিশবোৰ যে জড়িত থাকে বা একে ভাষাতো একো একোটা মণ্ডলৰ আৰ্থ-সামাজিক পৰিৱেশে যে একোগৰাকী লেখকৰ ভাষা নিয়ন্ত্ৰণ কৰে, অসমীয়া ভাষাৰ সাপেক্ষে তেনেবোৰ কথা এই আলোচনাত উপেক্ষিত হৈ ৰ’ল৷ সময়ৰ লগে লগে ভাষাই সাজ সলোৱাৰ বহু উপকৰণ থাকে— ইয়াত সামাজিক ৰূপান্তৰৰ প্ৰভাৱো থাকে৷ এনে পৰিবৰ্তনৰ মাজত সুৱদী ভাষাৰে একোগৰাকী লেখকে সমকালীন অন্য লেখকৰ মাজতো প্ৰভাৱ বিস্তাৰ কৰে৷ অসমীয়া ভাষাৰ এনে ৰূপান্তৰ উপলব্ধি কৰিব পৰাকৈ সুযোগ দিব নোৱাৰিলেও এই বিষয়ক ভৱিষ্যতলৈ চিন্তাৰ বাট কটাৰ আলোচনা হিচাপে ‘অসমীয়া গদ্যৰীতি ঃ ‘জোনাকী’ৰ পৰা ‘ৰামধেনু’লৈ’  কিতাপখনে আলোচ্য বিষয়-বস্তুৰ মাজেৰেই বিশিষ্টতা দাবী কৰে৷ সেই  বাবেই স্মৃতিৰেখা ভূঞাৰ পৰা আমাৰ আশাও আছিল যথেষ্ট৷ সেইগৰাকী আলোচকে শেহতীয়াকৈ আগ বঢাইছে আন এখন গ্ৰন্থ ‘আধুনিক অসমীয়া ভ্ৰমণ-সাহিত্য ঃ ঐতিহ্য আৰু শিল্প’৷

অসমীয়া মানুহ ভ্ৰমণ-বিমুখ বুলি প্ৰচলিত অভিযোগ সত্বেও অসমীয়া ভাষাত ভ্ৰমণ-বৃত্তান্ত নিচেই তাকৰো নহয়৷ এনে কিছুমান কিতাপৰ আলোচনা কাকত-আলোচনীৰ পাততে সীমাবদ্ধ হৈ ৰয়৷ সাহিত্যৰ দৃষ্টিকোণৰ পৰা ভ্ৰমণ-কথাৰো যে সুকীয়া মূল্য থাকিব পাৰে বা আছে, তেনে বিষয়ে পদ্ধতিগত বিতং আলোচনা আমাৰ ভাষাত চকুত পৰা বিধৰ নহয়৷ সেইক্ষেত্ৰত ড০ ভূঞাৰ চাৰিশ পৃষ্ঠাৰ এই কিতাপখনে এক নতুন দিশ অৱলোকনৰ প্ৰয়াস কৰিছে৷ ভ্ৰমণ সাহিত্যনো কি, সেইবিষয়ে এঘাৰ পৃষ্ঠাৰ প্ৰস্তাৱনা তৰি কেইবাগৰাকী লেখকৰ ভ্ৰমণ-কথাৰ মাজেৰে তেওঁ প্ৰথম অধ্যায়ত অসমীয়া ভ্ৰমণ সাহিত্যৰ ঐতিহ্য তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ কিতাপখনৰ এই অধ্যায়টোৱেই সবাতোকৈ দীঘল—৮৯ পৃষ্ঠাৰ৷ পৰৱৰ্তী এঘাৰটি অধ্যায়ত আছে জ্ঞানদাভিৰাম বৰুৱাৰ পৰা অৰূপা পটংগীয়া কলিতালৈকে এঘাৰগৰাকী সাহিত্যিকৰ ভ্ৰমণ-কথাৰ সবিশেষ আলচ৷

তথ্যান্বেষী ভূঞাই দেখুৱাইছে যে “ (আধুনিক) অসমীয়া ভ্ৰমণ সাহিত্যৰ বীজটো আচলতে অনুবাদৰ মাধ্যমেৰেই অংকুৰিত হৈছিল” আৰু সেইটো আছিল ‘অৰুনোদই’ৰ ১৮৪৬ৰ মাৰ্চত প্ৰকাশিত ‘লংকাৰ বিবৰন’৷ (পৃ. ৩০) প্ৰথম মৌলিক ভ্ৰমণ কাহিনী প্ৰাণনাথ বৰুৱাৰ ‘কলিকতা আদি ভাটি দেশৰ বিবৰন’ প্ৰকাশ পাইছিল ‘অৰুনোদই’তেই, ১৮৪৯ চনৰ জানুৱাৰী সংখ্যাত৷ ‘অৰুনোদই’-এ কটা বাটেৰে ‘ঊষা”ৰ পাতলৈকে ভ্ৰমণ-সাহিত্যই “মূলতঃ এখন অচিনাকি ঠাইৰ বাহ্যিক পৰিৱেশৰ বৰ্ণনাক ঘাই লক্ষ্য কৰি আগবাঢিছিল৷… শিল্পসন্মত পূর্ণাংগ ভ্ৰমণ-সাহিত্যৰ নিদৰ্শন” হ’লগৈ জ্ঞানদাভিৰামৰ ‘বিলাতৰ চিঠি’৷ (পৃ. ৩৭)

এনেদৰে স্তৰে স্তৰে প্ৰাপ্ত বহু সমল লুটিয়াই ড০ ভূঞাই অসমীয়া ভ্ৰমণ-সাহিত্যৰ ঐতিহ্যৰ ভেটিটো নিৰ্ধাৰণৰ প্ৰয়াস কৰিছে৷ এই আলচত আমি সততে অনালোচিত বহু লেখকৰ বিষয়ে উল্লেখ পাওঁ, যিটো কথাই অসমৰ বৌদ্ধিক ইতিহাস চৰ্চাকাৰীকো ভৱিষ্যতে উপকৃত কৰাৰ থল ৰাখে৷ অৱশ্যে এই প্ৰথম অধ্যায়ত ষাঠিগৰাকীৰো অধিক লেখকৰ ভ্ৰমণ-কথাৰ আলোচনা কৰাৰ সময়ত প্ৰতিগৰাকী লেখকৰ নাম উপ-অধ্যায়ৰূপে সন্নিৱিষ্ট কৰাৰ প্ৰয়োজন আছিল৷ আন নহ’লেও ব’ল্ড টাইপত কিছু ডাঙৰ পইণ্টত লেখকসকলৰ নাম দিয়াহেঁতেনো পঢুৱৈয়ে থাউকতে সংশ্লিষ্ট লেখকগৰাকীক বিচাৰি পোৱাৰ অৱকাশ থাকিলহেঁতেন৷ সজ্জাগত এনে অমনোযোগিতা বা উপেক্ষাৰ ফলত পৰিশ্ৰমী আলোচকগৰাকীয়ে কৰা ঐতিহ্যৰ বিচাৰ লেধাৰি নিচিগা অৱতৰণিকাস্বৰূপ হ’ল৷

সেয়ে হ’লেও এই দীঘলীয়া প্ৰথম অধ্যায়টোত ভ্ৰমণ-সাহিত্য সম্পৰ্কীয় ভূঞাৰ দৃষ্টিকোণে পঢুৱৈৰ মনোযোগ আকৰ্ষণ কৰাৰ থল ৰাখিছে৷ প্ৰথমতে ক’বলৈ গ’লে, সংশ্লিষ্ট বিষয়টোৰ শিল্পগুণৰ বিচাৰ কৰিবলৈ যাওঁতে তেওঁ বিভিন্ন ধৰণৰ ভ্ৰমণ-কাহিনীৰ বিচাৰ কৰিবলৈ যত্নপৰ হৈছে৷ সেইবাবেই তেওঁ নৱকান্ত বৰুৱা, আব্দুল মালিক আদিৰ ভ্ৰমণ-কথা যিদৰে তুলি ধৰিছে, একেই আন্তৰিকতাৰে পাত লুটিয়াইছে প্ৰণয় বৰদলৈৰ হিমালয় অভিযানৰ কথা (‘উত্তুংগ যোগীন’), সৌম্যদীপ দত্তৰ অৰুণাচলৰ অন্তৰ্মুখী যাত্ৰা (‘অপৰূপা অৰুনাচল”) বা এজন বিদ্ৰোহী নেতাৰ সন্ধানত সাংবাদিকৰ যাত্ৰাৰ কাহিনী (ৰাজীৱ ভট্টাচাৰ্যৰ ‘পৰেশ বৰুৱাৰ সন্ধানত’)৷ এই মোহমুক্ত উদাৰ বিচাৰধাৰা কিতাপখনৰ  আন এক বৈশিষ্ট্যৰূপেই বিবেচিত হ’ব৷ আনহাতে আলোচ্য কিতাপ তথা ৰচনাসমূহৰ বিষয়ে ভূঞাই কৰা মন্তব্যই স্পষ্ট কৰে কথা-বস্তুক বিভিন্নধৰণে আলোচক গৰাকীয়ে বিচাৰ কৰাৰ চেষ্টা৷ কোনো এখন কিতাপ বা ৰচনা হয়তো পোনপটীয়া অৰ্থত ভ্ৰমণ-কথা নহয়, কিন্তু তাৰ মাজতো শিল্পগুণসম্পন্ন ভ্ৰমণ-সাহিত্যৰ উপাদান থাকিব পাৰে নেকি তাৰ বিচাৰ কৰাৰ চেষ্টাই পঢুৱৈৰ চিন্তাজগতকো ত্বৰাণ্বিত কৰাৰ থল ৰাখে৷ এইবিষয়ে উদাহৰণ দাঙি আমাৰ আলোচনা দীঘলীয়া কৰিব খোজা নাই৷ মাত্ৰ এটা কথালৈ আঙুলিয়াব খোজা হৈছে যে ভূঞাৰ মতে “ভ্ৰমণ-বৃত্তান্ত আৰু ভ্ৰমণ-কাহিনীক সাহিত্যৰ শাৰীলৈ নিব পৰা উপাদানটোৱেই হ’ল ইয়াৰ শিল্পৰীতি৷” (পৃ.২০) “শিল্পৰীতিৰ নিজস্ব বৈশিষ্ট্যই ভ্ৰমণ-সাহিত্যক ব্যতিক্ৰমী, মন পৰশা কৰি তোলে৷” (পৃ. ২৩) পঢুৱৈয়ে দেখিব যে এই দৃষ্টিকোণৰেই ভূঞাই কৰিছে সমলৰ বিচাৰ৷

অৱশ্যে আমাৰ দুটিমান ওজৰো নথকা নহয়৷ সৃষ্টিৰ সময়ত লেখকৰ মনোভংগী আৰু আদৰ্শই শিল্পৰীতিত কৰা প্ৰভাৱ বিস্তাৰৰ আধাৰত ভৃঞাই ভ্ৰমণ সাহিত্যক তেওঁৰ দৃষ্টিৰে ছটা শ্ৰেণীত বিভক্ত কৰিছে৷ সেয়া হ’ল ৰাজনৈতিৰ আদৰ্শপুষ্ট, জ্ঞানপ্ৰাপক, অনুভূতিপ্ৰধান, মৈলিক মাত্ৰাযুক্ত, অভিযানমূলক আৰু তথ্য আৰু বাৰ্তাবাহী৷ (পৃ.২৫) এই বিষয়ে অসমীয়াত নহ’লেও পূৰ্বসূৰী আন ভাষাৰ সমালোচকে কৰি থৈ যোৱা শ্ৰেণী বিভাজন আৰু তাত ভূঞাৰ সংযোজন-বিযোজন কি আৰু কিয়, তেনে আভাস এটা থকা হ’লে এই বিভাজন অধিক যুক্তিনিষ্ঠ হ’লহেঁতেন৷ ই গৱেষণামূলক কৰ্মৰ ধৰ্মও৷ তদুপৰি ‘হুবহু একে নহয়’ (পৃ. ২১) জাতীয় কিছু প্ৰয়োগগত বিসংগতিও গ্ৰন্থখনত আছে৷ আনহাতে গ্ৰন্থপঞ্জীত আলোচ্য প্ৰতিখন ভ্ৰমণ-কথাৰ প্ৰণালীবদ্ধ উল্লেখ থাকিলেও মূল আলোচনাৰ সময়ত সংশ্লিষ্ট কিতাপখনৰ প্ৰকাশৰ চন উল্লেখ কৰাৰ প্ৰয়োজন আছিল৷ আৰু এটা কথা৷ ভ্ৰমণ-কাহিনীৰ বিচাৰ কৰিবলৈ যাওঁতে সংশ্লিষ্ট ভূ-খণ্ডৰ আৰু কাহিনীকাৰৰ ভ্ৰমণৰ সময়ৰ আৰ্থ-সামাজিক দিশটোৰ প্ৰতিও   বিশ্লেষকে মন দিয়াৰ প্ৰয়োজন৷  ভূঞাই এনেবোৰ ত্ৰুটি-বিচ্যুতিলৈ মন কৰা হ’লে ‘আধুনিক অসমীয়া ভ্ৰমণ-সাহিত্য ঃ ঐতিহ্য আৰু শিল্প’’ নিসন্দেহে অধিক নিখুঁট হ’লহেঁতেন৷

এনে কিছু বিসংগতি সত্বেও বিষয় এটাৰ সামগ্ৰিক আলোচনাৰ প্ৰাৰম্ভিক গ্ৰন্থ হিচাপে ‘আধুনিক অসমীয়া ভ্ৰমণ-সাহিত্য ঃ ঐতিহ্য আৰু শিল্প”ই পঢুৱৈ তথা আলোচকক বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তুলিব৷ মন কৰিবলগীয়া যে ভ্ৰমণ-কথাসমূহৰ আলোচনাৰ মাজেৰে সংশ্লিষ্ট ৰচনাৰ সীমাৱদ্ধতা দাঙি ধৰাৰ উপৰি অসমীয়া ভ্ৰমণ-কাহিনীৰ দূৰ্বল দিশবোৰো ভূঞাই উনুকিয়াই গৈছে (পৃ. ১১৪-১১৬, যদিও এই বিষয়ে সুকীয়া অধ্যায় বা উপ-অধ্যায় এটাৰ প্ৰয়োজন আছিল৷) আনহাতে পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে এই গ্ৰন্থত এঘাৰ গৰাকী লেখক-লেখিকাৰ ভ্ৰমণ কথাৰ সুকীয়াকৈ বিতং আলোচনা কৰা হৈছে৷ (এই এঘাৰ গৰাকীয়েই কিয় বা ইয়াত আন পৰিভ্ৰমণকাৰীৰ বৃত্তান্ত অন্তৰ্ভুক্ত নহ’ল কিয় তাৰ সপক্ষে এটা সবল টোকাৰ প্ৰয়োজন আছিল৷) বহু সময়ত ভূঞাৰ বিশ্লেষণী দৃষ্টিকোণৰ বাবে এই আলোচনা  মনোগ্ৰাহী হৈ উঠিছে৷ উদাহৰণস্বৰূপে নিৰ্মলপ্ৰভা বৰদলৈৰ ‘চেৰিফুলৰ দেশ জাপান আৰু বিস্ময়কৰ চীন’’ৰ বিষয়ে আলোচনা কৰিবলৈ লোৱাৰ পূৰ্বে পঢুৱৈক সোৱৰাই দিছে যে নিৰ্মলপ্ৰভাৰ পৰিচয় দুটা— এটা সংবেদনশীল কবি আৰু গীতিকাৰৰ আৰু আনটো বিদ্যায়তনিক ক্ষেত্ৰৰ চিৰিয়াছ গৱেষকৰ৷ ইয়াৰ আধাৰত ভূঞাৰ পৰ্যবেক্ষণ— “প্ৰথমেই থকা ‘চেৰিফুলৰ দেশ জাপান’ অংশটো আলফুলীয়া, মধুৰ, কোমল আৰু সৃষ্টিশীল সাহিত্যৰ দৰে মনোৰম৷ লেখকৰ গৱেষক মনটোও সমানেই সক্ৰিয় হৈ আছে যদিও সেই মনটোৱে তেওঁৰ আনটো সত্তাক আঘাত কৰা নাই৷… আনহাতে ‘বিস্ময়কৰ চীন’ অংশটো… কঠোৰ৷ ইয়াত মুখ্যতঃ সাহিত্য-সংস্কৃতিৰ অন্বেষণত প্ৰতিটো মুহূৰ্ত ব্যয় কৰিব বিচৰা সকলো সময়তে গৱেষণাধৰ্মী মন এটাই প্ৰভাবিত কৰি থকা এজন গৱেষক তথা বিদ্যায়তনিক ব্যক্তিৰ সবল বিচৰণ লক্ষণীয়৷…” (পৃ. ২১৮), এনে ধৰণৰ আলোচনাৰে তেওঁ সিদ্ধান্তত উপনীত হৈছেগৈ যে লক্ষ্মীনন্দন “বৰাৰ শিল্পৰীতিৰ মাজত এজন ঔপন্যাসিকৰ দৃষ্টি আৰু উপস্থিতি বিদ্যমান” (পৃ. ২৬২), নগেন শইকীয়াৰ “শিল্পৰীতিয়ে অসমীয়া ভ্ৰমণ সাহিত্যৰ ইতিহাসত এক বৰ্ণনাত্মক, বিদ্যায়তনিক, সংহত শৈলীৰ প্ৰতিনিধিত্ব কৰে” (পৃ. ২৮৯), বা “সাহিত্যকেন্দ্ৰিক মানসিক ভ্ৰমণ আৰু চাক্ষুস অভিজ্ঞতাৰ ভাৰসাম্য মিশ্ৰণৰ আধাৰত ৰূপ দিয়া এক ক্ৰিয়াশীল, সৰস আৰু গতিময় শিল্পৰীতিৰ প্ৰণেতা হৈছে গোবিন্দ প্ৰসাদ শৰ্মা” (পৃ. ৩৭২) ইত্যাদি৷  ড০ ভূঞাৰ এনে তৰহৰ বিশ্লেষণ আৰু অনুসন্ধানে ‘জীৱনৰ জটিলতম সময়ত’ শেষ কৰা (‘একাষাৰ’ দ্ৰষ্টব্য) আধুনিক অসমীয়া ভ্ৰমণ-সাহিত্যৰ এই প্ৰণালীবদ্ধ বিশ্লেষণৰ প্ৰয়াসক যাত্ৰাৰ মাজেৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত পঢুৱৈক সহায় কৰিব বুলি ভবাৰ থল আছে৷

 আধুনিক অসমীয়া ভ্ৰমণ-সাহিত্য ঃ ঐতিহ্য আৰু শিল্প / ড০ স্মৃতিৰেখা ভূঞা / পূৰ্বায়ণ প্ৰকাশন, পানবজাৰ, গুৱাহাটী- ১ / ডিচেম্বৰ, ২০২০, দাম ৪০০ টকা

(প্ৰকাশৰ ২০২১ বৰ্ষৰ অক্টোবৰ সংখ্যাত প্ৰকাশিত)

@Diganta Oza.

Contact at  <digantadiganta@gmail.com>

No comments: