Wednesday, October 27, 2021

নতুন ‘হেড ছাৰ’ (2)

 মহামতি বিজ্ঞানী আইনষ্টাইনে হেনো কোনো এক বাছযাত্ৰাত কণ্ডাক্টৰে সঠিক ধন ওভতাই নিদিয়া বুলি অভিযোগ আনিছিল৷ কণ্ডাক্টৰে এটা এটাকৈ ভঙনীয়াৰ হিচাপ দি কৈছিল, আপুনি অংকত বৰ কেঁচা ডাঙৰীয়া !

গণিতৰ প্ৰখৰ মস্তিষ্কৰ গণনাত ভুল ! জীৱন কিমান বিপৰীত পৰিহাসৰ সমষ্টি ! আৰু আমাৰ নতুন ‘হেড ছাৰ’?

একে বছৰতেই জন্ম৷ কিন্তু দ্ৰাবিড়ৰ টেষ্ট অভিষেক হোৱালৈ বয়সত  দুমাহমানৰ সৰু শচীন হৈ উঠিছিল বিশ্বৰ বিস্ময়৷ বিগত শতিকাৰ অন্তিম দশকটো একপ্ৰকাৰ অকুণ্ঠচিত্তে তেণ্ডুলকাৰকেই সমৰ্পন কৰিছিল তামাম ক্ৰিকেট-বোদ্ধাই ৷ আঁৰত ক্ৰিয়াশীল ব্ৰেডমেনৰো আশীৰ্বাদ ৷ ক’বলৈ গ’লে শচীনৰ ছত্ৰছায়াতেই আৰম্ভ হৈছিল ৰাহুলৰ ৰথাৰোহন৷ অভিষেক টেষ্টৰ দ্বিতীয় ইনিংছত ৯৫ৰে চমক দিলেও শতৰাণৰ বাবে নৱম টেষ্টলৈ অপেক্ষা৷ মাজে মাজে তিনি অংকৰ সীমা স্পৰ্শ কৰিলেও ৮০-৯০ক শতকলৈ ৰূপান্তৰত ব্যৰ্থতা৷ শচীনৰ সৈতে ৯০ৰ ঘৰতে সৰ্বাধিক ক্ষান্ত থকাৰ অবাঞ্চিত ভাৰতীয় অভিলেখো ৰাহুলৰেই৷ সিমানেই নহয়— ক্ৰিকেটীয় ভাষাবিজ্ঞানৰ এই নমস্যপুৰুষৰ নামত আছে ক্লিন ব’ল্ড হোৱাৰো পৰিহাসমূলক পৰিসংখ্যা৷

এনে নেতিৰ মাজেৰেই চলি থাকে জীৱন৷ নাপালেয়ঁৰ দৰে দুৰ্দম বিক্ৰমীওতো পৰাভূত হৈছিল ব্ৰাছান’ত, পৰাজিত হৈছিল লাওঁ, একৰ্, লেইপজিগ, ৱাটাৰ্লুত ৷ আৰু ক্ৰিকেটত শতৰানেই জানো সকলো?

…মনত পৰে ২০০৬ৰ জামাইকা টেষ্ট ৷…

ৱেষ্ট ইণ্ডিজগামী শচীনহীন দলৰ নেতৃত্বত আছিল স্বয়ং ৰাহুল৷ ৩৫ বছৰে কেৰিবিয়ান ভূমিত ভাৰতে দূৰ কৰিব পৰা নাছিল টেষ্ট শৃংখলা জয়ৰ অপয়া ৷ প্ৰথম তিনিওখন টেষ্ট অমীমাংসীত হৈ ৰোৱাৰ অৱস্থাত ৩০ জুনৰ পৰা আৰম্ভ হৈছিল অন্তিম টেষ্ট৷ জামাইকাৰ ছাবিনা পাৰ্ক মানেই বলাৰৰ নন্দনকানন৷ মাইকেল হল্ডিং, কৰ্টনী ৱালছ, পেট্ৰিক পেটাৰছন— কত বিশ্বত্ৰাস বলাৰ ওলাই আহিল ছাবিনা পাৰ্কৰ মাজেৰে৷ এণ্ডি ৰবাৰ্টছ, মেলকম মাৰ্শ্বেলৰ আঙুলিৰ ভাজেৰে ওলাই অহা ৰকেটবোৰৰ স্মৃতিতো ষ্টেডিয়ামৰ ধূলিয়ে এতিয়াও সাৱটি ৰাখি বিশ্বক সোঁৱৰায়৷ সেই ছাবিনা পাৰ্কত টছত জিকি বেট ধৰিবলৈ ওলোৱা দ্ৰাবিড়ৰ সিদ্ধান্তক আৰম্ভনিতেই প্ৰত্যাহ্বান জনাইছিল কেৰিবিয়ান পেচাৰে৷ প্ৰথম অভাৰতে পেড্ৰ’ কলিঞ্চৰ বলত চেহৱাগৰ বিদায়৷ চতুৰ্থটো অভাৰ শেষ নৌহওঁতেই প্ৰথম টেষ্টৰ দ্বিশতককাৰী ৱাছিম জাফৰো ক্লিন ব’ল্ড! টছৰ সিদ্ধান্ত যেতিয়া ভুল প্ৰমাণৰ পথত, তেতিয়াই মঞ্চত স্থিতধী পুৰুষৰ প্ৰৱেশ৷

প্ৰাগজ্যোতিষপুৰলৈ আগমনত মধুসোদনৰ বাধা আছিল ৰাশি ৰাশি পাহাৰৰ শাৰী৷ প্ৰবল বেগী, পৰম শক্তিশালী গৰুড়ৰ বাবেও অভেদ্য হৈ থিয় দিছিল নৰকৰ দূৰ্গ৷ তাৰ ছিদ্ৰ বিচাৰিবলৈ বিষ্ণুৰ বাহনে কৰিব লগীয়া হৈছিল অসাধ্য সাধন৷ তাৰ পাছতহে সম্ভৱ হৈছিল জনাৰ্দনৰ নৰক নিধন৷ ছাবিনা পাৰ্কত দ্ৰাবিড়ে একেলগেই ল’বলগীয়া হৈছিল গৰুড় আৰু সুদৰ্শনধাৰীৰ ৰূপ৷ লক্ষ্মণ-বুৱৰাজ- কাইফ- ধোনী কোনেও চুব নোৱাৰিলে ‘বিশ’ৰ ঘৰ৷ একমাত্ৰ কুম্বলেৰ পৰা আহিল ৪৫ৰ অনুদান৷ আৰু ৰাহুল? সন্মুখৰ খহনীয়া দেখিও লক্ষ্যত অবিচ্যুত৷ বলাৰৰ শত প্ৰলোভনতো মনঃসংযোগ অবিঘ্নিত ৷ এনেদৰেই প্ৰায় ছয় ঘণ্টা চলিল দ্ৰাবিড়ী প্ৰতিৰোধ ৷ সমান্তৰালভাৱে ৮১ ৰাণৰ একক বৰঙণিৰে সাজিলে দলৰ ২০০ ৰাণৰ সৌধ৷ দ্বিতীয় ইনিংছতো একে নাটৰেই পুনৰাবৃত্তি৷  এইবাৰ লক্ষ্মণ-ধোনী কোনোমতে পাৰ হ’ল ১৫-ৰ সীমা ৷ কেৰিবিয়ান বলাৰৰ চক্ৰবেহুত দ্ৰাবিড়ে ল’বলগীয়া হ’ল অভিমন্যুৰ ৰূপ৷ দীৰ্ঘ পাঁচ ঘণ্টা ব্যতিব্যস্ত কৰি ৰখা প্ৰতিপক্ষৰ শক্তিৰে সমানে ফেৰ মাৰি অৱশেষত যেতিয়া ৰাহুলে বিদায় ল’লে, পূবৰ আকাশত তেতিয়া ভুমুকিয়াবলৈ লৈছিল ভাৰতৰ বিজয়ৰ হেঙুলীয়া আভা৷ জয়দ্ৰথ বধেৰে ‘কুৰি শতিকাৰ অভিমন্যু’ক সন্মানীত কৰাৰ আনুষ্ঠানিকতাখিনি কুম্বলে-শ্ৰীছান্থে সম্পন্ন কৰিলে৷ কিন্তু ৱেষ্ট ইণ্ডিজ জয়ৰ পথত ৩৫ বছৰীয়া অভিসম্পাত দূৰ কৰা যজ্ঞৰ দ্ৰাবিড়েই আছিল প্ৰধান পুৰোহিত৷ এই যজ্ঞত শতকৰ যজমানি নাছিল৷ পিছে এই যুঁজেৰেই প্ৰতিষ্ঠা হৈছিল সেই ক্ৰিকেটীয় প্ৰবাদ— দ্ৰাবিড় অভেদ্য, দ্ৰাবিড় অজেয়৷ 

(৪)

কোনে জানো কৈছিল— জীৱন এটা বছৰ- মাহ- দিন- ক্ষণৰ সমষ্টি নহয়, একোটা ক্ষণতেই থাকে অনেক জীৱন৷ প্ৰতিটো ক্ষণৰ অনেক জীৱনৰ মাজত বাচি ল’ব লাগে নিজৰ জীৱন৷

বাইশ গজৰ জীৱনে দিয়ে ইয়াৰ ব্যাখ্যা৷

দুই ছেকেণ্ডৰ ভিতৰতেই বেটছমেনৰ কাষ পায় ঘণ্টাত এশ ষাঠি কিলোমিটাৰ বেগেৰে ধাৱমান ‘অস্ত্ৰ’৷ চকুৰ পৰ্যবেক্ষণ পঢ়ি মগজুৱে বিচাৰি উলিয়াব লাগিব অস্ত্ৰ বশীকৰণৰ প্ৰকৃত মন্ত্ৰ৷ মস্তিষ্কই হাত-ভৰিলৈ দিব লাগিব সিদ্ধান্ত কাৰ্যকৰীৰ নিৰ্দেশ৷ আৰু এই সকলো হ’ব লাগিব ছেকেণ্ডৰ ভগ্নাংশত৷ প্ৰক্ৰিয়াৰ প্ৰকৃত পৰিচালনাই অস্ত্ৰক নিয়ন্ত্ৰণৰে ‘শতৰু’ৰ মাজত সঞ্চাৰ কৰিব সমীহ৷ অন্যথা সেই তীব্ৰ গতিয়ে শেল হৈ হানিব বুকুত৷ তাৰবাবে কেনে অপৰিমিত হ’ব লাগিব মগজুৰ নিয়ন্ত্ৰণ…

‘বাইশ গজ’ৰ যুঁজে সেয়ে দিয়ে ধৈৰ্য, শক্তি, সাহসৰ শিক্ষা৷ ‘বাইশ গজ’ৰ পৰাই পাব পাৰি একাগ্ৰতা, নিষ্ঠা, জটিলতাক অতিক্ৰমৰ হাবিয়াসৰ পাঠ৷ বাইশ গজ আত্ম-উত্তৰণৰ মাজেৰে প্ৰতিষ্ঠা লাভৰ সংগ্ৰামৰ নাম৷ জীৱনক বুজি পোৱাৰ, জীৱনক জুখি চোৱাৰ কিতাপ এই ‘বাইশ গজ’৷

দ্ৰাবিড় সেই ধৈৰ্য-শক্তি-সাহসৰ অন্য নাম৷ একাগ্ৰতা- নিষ্ঠা- জটিলতাৰ বিৰুদ্ধে বিজয়প্ৰাপ্তিৰ হাবিয়াসৰ উদাহৰণ৷ ‘বাইশ গজ’ৰ অলিখিত কিতাপৰ সাৰ্থক গ্ৰন্থাকাৰ৷

চকুৰ আগত কত দৃশ্য-ছবি- ইনিংছৰ অগা-দেৱা! ছেকেণ্ডৰ পাছত ছেকেণ্ড বিষাক্ত আউট ছুইং, ক্ষয়ংকৰী ইন ছুইং, আচম্বিত গুগলি, ধাৰাসাৰ বৰ্ষিত যাদুকৰী স্পিনৰ মাজত  হিমালয়সম স্থিৰতা, লৌহসম দৃঢ়তাৰে চলাই গৈছে নিৰন্তৰ ৰণ৷ যেন নিৰ্বিকাৰ, নিৰাসক্ত কৰ্মযোগী মাত্ৰ৷ আৰু এনেদৰেই বিশ্ব ক্ৰিকেটে পাইছিল দ্ৰাবিড়ীয় যুগ, যাৰ সূচনা সম্ভৱতঃ ১৯৯৯ৰ হেমিল্টনত৷

১৯৯৮ৰ ডিচেম্বৰত নিউজিলেণ্ডলৈ ৰাওনা হৈছিল মহম্মদ আজহাৰুদ্দিনৰ দল৷ বৰষুণৰ কোপদৃষ্টিত প্ৰথম টেষ্টত টছৰ লগ্নও নিমিলিল৷ তেনেদৰেই ডুনেডিনৰ পৰা ৱেলিংটনলৈ যাত্ৰা৷ কিন্তু নিউজিলেণ্ডৰ ৰাজধানী চহৰৰ সৈতেও নাহিল ভ্ৰমণকাৰী দলৰ ৰাহিযোৰা৷ ৱেলিংটনত আজহাৰুদ্দিন-শচীনৰ শতকেও ৰুধিব নোৱাৰিলে ষ্টিফেন ফ্লেমিং বাহিনীৰ জয়ৰ ঘোঁৰা৷ ১৯৯৯ৰ ২ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা হেমিল্টন টেষ্ট সেয়ে ভাৰতীয় দলৰ বাবে আছিল সন্মান ৰক্ষাৰো ৰণ৷ টছত জয়ী আজহাৰে প্ৰথম অভাৰতে বেল আৰু অধিনায়ক ফ্লেমিঙক পেভেলিয়নৰ পথ দেখুৱাই থৌকিবাথৌ কৰি তুলিছিল অনুৰাগীৰ মন৷ পিছে সপোনে সপ্তম গগণত আৰোহণ কৰাৰ সেই সময়তেই ঘটিল ছন্দপতন৷ থাৰ্ড শ্লিপত ফিল্ডাৰৰ হাতৰ ফাকেৰে সৰকি গ’ল অপেনাৰ মেট হৰ্নৰ সহযোদ্ধাৰূপে অহা ৰ’জাৰ ট’জৰ কেট্চ৷ ইতিমধ্যেই ট’জে ৱান ডে’ত দেখুৱাইছে সৰ্বসংহাৰী ৰূপ৷ তেওঁৰ কেট্চ মিছড!

ব্যক্তিগত সাত ৰানত নৱজীৱনপ্ৰাপ্তিৰ উদ্দীপনাৰে উজ্জীৱিত ট’জে আৰম্ভ কৰিলে হিচাপী যাত্ৰা৷ ২৭৫ বলত ৮৭ ৰানৰ পথত হৰ্ন আৰু ক্ৰেইগ মেকমিলানৰে গঢ়িলে দুটাকৈ গুৰুত্বপূৰ্ণ যুটি৷ আৰু মেকমিলান! যিজনে সেই টেষ্টত খেলা-নেখেলাটোৱেই আছিল অনিশ্চিত, ৯০-ঊৰ্ধৰ ষ্ট্ৰাইক ৰেটেৰে তেওঁৰ বেটৰ পৰাই আহিল ৯২৷ অৱশেষত ৩৬৬ত ক্ষান্ত  হ’ল কিৱি ৷ আৰম্ভ হ’ল ভাৰতৰ বেটিং৷ চতুৰ্থ অভাৰ হৈছে কি নাই, সিদ্ধু কট বিহাইণ্ড৷ পৰৱৰ্তী অভাৰত নন ষ্ট্ৰাইকিং এণ্ডৰ পৰা জাদেজা-পতনৰো সাক্ষী হ’ল ৰাহুল৷ শৃংখলাত সমতা স্থাপন দূৰ-অস্ত, আৰম্ভ হ’ব ধ’ৰিলে ফ’ল’-অনৰ হিচাপ-নিকাচ৷ ৰাহুলতো তেতিয়া টেষ্ট ক্ৰিকেটৰ তিনি বছৰীয়া চেমনীয়া— অৱধাৰিতভাৱে সকলোৰে অন্তিম ভৰসা শচীন৷

শচীন আছিল৷ আহিল৷ থাকিল৷ খেলি গ’ল স্বাভাৱিক ছন্দৰ খেল৷ তথাপি ৬৭ ৰানৰ ইনিংছটো আকাংক্ষাৰ তুলনাত তুচ্চ৷ প্ৰয়োজনৰ সাপেক্ষে নগণ্য৷ আকাংক্ষাৰ আটলান্তিকত আচল ব’ঠাধাৰী সেই ৰাহুল৷ আটলান্তিকৰ ব্যাকুলতা সেই ইনিংছত নাছিল৷ ৰাহুলৰ মাজত আছিল নিউজিলেণ্ডক আৱৰি ৰখা প্ৰশান্ত মহাসাগৰৰ দৰেই শান্ত-সৌম্য ৰূপ৷ জয়ৰ সুপ্ত বাসনাৰে চলা মহাসংগ্ৰামো এনে প্ৰশান্তময় হ’ব পাৰে! পৰশুৰাম-শান্তনুনন্দনৰ যুঁজ চাবলৈ হেনো নামি আহিছিল সৰগৰ দেৱতা৷ হেমিল্টনত দ্ৰাবিড়ৰ ত্ৰুটিহীন, ছিদ্ৰহীন ইনিংছ চাবলৈ ক্ৰিকেট-দেৱতা আহিছিল নে নাই নাজানো৷ মানৱাতীত সেই সাধনত কিন্তু বিশ্ব বিমুগ্ধ, বিস্মিত৷ আঠ ঘণ্টাৰো অধিক দুৰ্গৰক্ষাত সেই এবাৰেই লৈছিল ক্লান্ত-অৱসন্ন শ্বট৷ পৰিণতিত ১৯০ৰ ব্যক্তিগত অৱদানেৰে যেতিয়া দ্ৰাবিড় পেভিলিয়নলৈ উভতিছিল, ভাৰতৰ সংগ্ৰহ ৪১৬৷

‘হেমিল্টন’ তাতেই ৰৈ যোৱা নাছিল৷ ক্ৰিকেটবিশ্বই তেতিয়াও  দেখিবলৈ আছিল বহু বাকী৷

ফ্লেমিংবাহিনীয়ে দ্বিতীয়বাৰলৈ বেট ধৰি অন্তিম দিনৰ লাঞ্চৰ পাছতেই ৰাখিলে ৪১৫ ৰানৰ জয়ৰ লক্ষ্য৷ চতুৰ্থ ইনিংছত যিটো প্ৰায় অসাধ্য৷ তাতে কেইৰ্নছৰ সন্মোহনত দুই অপেনাৰে কৰিলে সহজ বশ্যতা স্বীকাৰ৷ মানৱীয় উদ্যম-নিষ্ঠা-আন্তৰিকতাৰ পৰীক্ষাত আকৌ এবাৰ উত্তীৰ্ণ হ’বলৈ বহিল দ্ৰাবিড়৷ সংগী এইবাৰ লৰ্ডছত একেলগে অভিষেক ঘটা সৌৰভ৷ পৰৱৰ্তী চাৰি ঘণ্টা আচুতীয়াকৈ ৰাখি থ’লে দ্ৰাবিড়-সৌৰভে৷

ক্ষমাপ্ৰাৰ্থী৷ পৰৱৰ্তী চাৰি ঘণ্টা নহয়৷ দ্ৰাবিড়ে নিজৰ কৰি ৰাখিছিল হেমিল্টন-পৰৱৰ্তী বিশ্ব ক্ৰিকেটৰ এক দশকৰো ওপৰকাল৷ সেই টেষ্টত বেক টু বেক চেঞ্চুৰী কৰাটোতো এক সাধাৰণ পৰিসংখ্যা৷ যি কাৰণত হেমিল্টন-টেষ্ট অনাগত দিনতো শ্ৰদ্ধেয় হৈ ৰ’ব, সেয়া হৈছে ইয়াতেই চলিছিল এগৰাকী ক্ৰিকেটাৰৰ ১২ ঘণ্টাধিক নিখুঁট প্ৰশান্তময় প্ৰতিৰোধৰ মহতী ইনিংছ৷ তুচ্চ দিনানুদৈনিকতাত লেবেজান হোৱা মানুহে যুগে যুগে এই নিৰুদ্বেগ-নিৰ্বিকাৰ ইনিংছৰ পৰাও জানো আহৰণ কৰিব নোৱাৰিব জীৱনৰ শিক্ষা? (দিগন্ত ওজা)

(আৰু আছে)

No comments: