বলিষ্ঠ
সংলাপেৰে ভৰা নীৰজ পাণ্ডে পৰিচালিত A Wednesday ছবি
যিসকলে চাইছে, তেওঁলোকে নাছিৰুদ্দিন শ্বাহ-অনুপম খেৰৰ কথা-বতৰাখিনি নিশ্চয় মনত
ৰাখিছে৷ এই ছবিতে কূটাঘাতকাৰীৰ মনোভাৱক নাছিৰুদ্দিনে তুলি ধৰিছিল এই এটা সংলাপেৰে—
আমি তহঁতক এনেদৰেই মাৰিম, তহঁতে কি কৰিবি? আমাৰ অসম কাকতৰ
২৬ জুলাই সংখ্যাত আমি লিখা ‘কুম্ভিলকৰ ৰূপত বিশ্ববিদ্যালয়ৰ গৱেষক-তত্ত্বাৱধায়ক’
সন্দৰ্ভত ড°
পল্লৱী ডেকা বুজৰবৰুৱাৰ দুটাকৈ (ক্ৰমে ২৭ জুলাই আৰু ৩০ জুলাইৰ কাকতত প্ৰকাশিত)
‘অ-স্পষ্টীকৰণ’ আৰু এই ‘অ-স্পষ্টীকৰণ’তে হাত উজান দিয়া দুটিমান লেখা পঢ়ি নাছিৰুদ্দিন
শ্বাহৰ এই সংলাপলৈকে মনত পৰিল ৷ কাৰণ উক্ত লেখাসমূহৰ অন্তৰ্নিহিত অৰ্থ এটাই : আমাৰ
কাম-কাজ এনেদৰেই চলে আৰু এনেদৰেই চলি থাকিব! ড° বুজৰবৰুৱাৰ দুটি ‘অস্পষ্টীকৰণ’ পিছত কিবা লিখিবলৈ যোৱাটো যে ‘হাজাৰ
জগালেও শুয়েই থাকিম’ বুলি টোপনিৰ ভাও ধৰি থকাজনক জগাবলৈ কৰাৰ লেখিয়া শক্তিক্ষয়,
সেইকথা বিচক্ষণ পঢ়ুৱৈয়ে ইতিমধ্যে বুজিব পাৰিছেই ৷ তাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে
পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড° কল্যাণ ভূঞা আৰু সাহিত্য
সমালোচক তথা পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মূৰব্বী অভিজ্ঞান অনুৰাগে
চৌৰ্যবৃত্তি আৰু কৃতজ্ঞতা স্বীকাৰৰ পদ্ধতিৰ বিষয়ে আমাৰ অসম কাকতৰ
২৯ জুলাইত সুন্দৰকৈ উপস্থাপন কৰিছেই ৷ কিন্তু দেখা গৈছে যে ইমানৰ পিছতো
দুৰ্ভাগ্যজনকভাৱে ড° পল্লৱী
ডেকা বুজৰবৰুৱাই গৱেষণাৰ
পদ্ধতিবিজ্ঞানত আশ্ৰয় লোৱা চৌৰ্যবৃত্তিক তেওঁৰ লগতে দুগৰাকীমানে মান্যতা দিয়াৰ
চেষ্টা কৰিছে ৷ এওঁলোকৰ এজন নে দুজন অৱশ্যে ড° বুজৰবৰুৱাৰ দৰে ব্যক্তিয়ে
চহোৱা পথাৰখনৰে দুপতীয়া মূলা— তেওঁলোকে plagiarism কি চীজ, সেইকথা অনুধাৱন
নকৰাটোৱেই স্বাভাৱিক ৷ কিন্তু নামৰ আগত ডক্টৰেট থকা লোকেও যেতিয়া দুষ্কৃতিৰ হকে
ওকালতি কৰে, তেতিয়া দুআষাৰ নিলিখি উপায় নাথাকে৷ সেইবাবেই এই লেখাৰ অৱতাৰণা৷
এইখিনিতেই জনাই থওঁ যে অত্যন্ত প্ৰয়োজন নহ’লে এই সন্দৰ্ভত এয়ে হ’ব আমাৰ শেষ লেখা ৷
আমি
পূৰ্বৰ লেখাতে বিস্তৃতভাৱে দেখুৱাইছিলো কিদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া
বিভাগৰ এগৰাকী জ্যেষ্ঠ অধ্যাপিকা তথা গৱেষক-তত্ত্বাৱধায়ক ড° পল্লৱী
ডেকা বুজৰবৰুৱাই তেওঁৰ গ্ৰন্থ গৱেষণাৰ পদ্ধতিবিজ্ঞানত
ক্ৰমে সুৰভি বন্দোপাধ্যায় আৰু শেখ মকবুল ইসলামৰ দুখন কিতাপৰ পৰা ভাৱ-ভাষা পৰ্যন্ত
নকল কৰি কৰবাত পেৰেগ্ৰাফৰ পিছত পেৰেগ্ৰাফ আৰু কৰবাত পৃষ্ঠাৰ পিছত পৃষ্ঠা নিজৰ বুলি
চলাই দিছে৷ কিন্তু আমাৰ অভিযোগ কেৱল এইটোৱেই নাছিল৷ আমি অৱতাৰণা কৰা আন বিষয়বোৰ
আছিল—
(ক)
আনক গৱেষণাৰ পদ্ধতি বুজাবলৈ যোৱা কিতাপখনতে লেখিকাৰ চৰম অমনোযোগী-অসতৰ্ক মনোভাৱ,
যাৰ পৰিণতিত একেখন কিতাপৰ নাম বেলেগ বেলেগ ঠাইত ভিন্নৰূপত উল্লেখ কৰা হৈছে, যিটোক
বৰ্ণাশুদ্ধি বুলি উপেক্ষা কৰিব নোৱাৰি৷
(খ)
ব্যাখ্যা কৰি দেখুওৱা হৈছিল যে লেখিকাই web ref. বুজি
নাপায় ৷
(গ)
আনক শিক্ষা দিব খোজা কিতাপখনৰ গ্ৰন্থপঞ্জীতে বিসংগতি৷ ইত্যাদি৷ কিন্তু দেখা গ’ল,
পৰৱৰ্তী সময়ত ড° বুজৰবৰুৱা
আৰু তেওঁৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ নাৰায়ণী সেনাবাহিনীয়ে এপিনে চৌৰ্যবৃত্তিক
মান্যতা দিয়াৰ চেষ্টা কৰি আন অভিযোগবোৰৰ সন্দৰ্ভত আওকণীয়া মনোভাৱ প্ৰকাশ কৰিলে,
আৰু আনপিনে অভিযোগ তুলিলে যে— (ক) আমি কুম্ভিলক/ চৌৰ্যবৃত্তি শব্দৰ ব্যৱহাৰ কৰা
উচিত নাছিল, (খ) আমাৰ লেখাৰ ভাষা অমাৰ্জিত, আৰু (গ) পল্লৱী ডেকা বুজৰবৰুৱাৰ সৈতে
কোনো ব্যক্তিগত বিদ্বেষৰ বাবেহে আমি কিতাপখনৰ কুম্ভিলকতাৰ দিশটো দাঙি ধৰিছোঁ! ড° বুজৰবৰুৱায়ো
লিখিছে, “মোৰ সমগ্ৰ জীৱনৰ বিদ্যায়তনিক চৰ্চাক আক্ৰমণ কৰি ‘কুম্ভিলক’ৰ দৰে শব্দৰ
প্ৰয়োগ কিমান যথাৰ্থ পাঠকে বিচাৰ কৰক৷” ড° উমাকান্ত শৰ্মাই
“বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক”ৰ ক্ষেত্ৰত ‘চৌৰ্যবৃত্তি’ৰ দৰে শব্দৰ প্ৰয়োগ কৰাৰ
বাবে “ব্যক্তিগতভাৱে দুখ পাইছোঁ” বুলি জনাইছে৷ (৮ আগষ্টৰ আমাৰ
অসম) অৰ্থাৎ ‘বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে’ চুৰি কৰা কথাটো তেওঁ বেয়া
পোৱা নাই, বেয়া পাইছে সেইকথা ধৰা পেলাই কৰা মন্তব্যতহে! (তেওঁ আনকি আমাৰ চোৰ ধৰাৰ
অধিকাৰকলৈও প্ৰশ্ন উত্থাপনৰ মাজেৰে বৌদ্ধিক সম্পদ, গ্ৰন্থস্বত্ত্ব, কুম্ভিলক কাৰ্য
সকলো একাকাৰ কৰি নিজৰ অসামান্য বুদ্ধিমত্তা জাহিৰ কৰিছে ৷)
কথা
হ’ল, পল্লৱী ডেকা বুজৰবৰুৱাই তেওঁৰ বিতৰ্কিত কিতাপখনত বহুবাৰ যি ৱেবষ্টাৰ
ডিক্সনেৰীৰ উল্লেখ কৰিছে, সেই অভিধানৰ আমাৰ হাতত থকা সংস্কৰণ (Random
House Webster’s Unabridged Dictionary) ৰ মতে Plagiarism–ৰ
অৰ্থ হৈছে— 1. The unauthorized use or close intimation of the language and
thoughts of another author and the representation of them as one’s own original
work. 2. Something use and represented in this manner.
আকৌ Plagiarize শব্দৰ অৰ্থ : To take and use ideas, passages etc. from
(another’s work) by plagiarism. জ্যোতি দ্বিভাষিক অভিধানত
Plagiarism-ৰ অৰ্থ আছে ‘আনৰ লিখনি নকল কৰি নিজৰ বুলি চলোৱা কাৰ্য :
কুম্ভিলাপৰাধ (কুম্ভিল : হ্ৰস্ব-ই কাৰ)৷ ১৯৫০ৰ দশকৰ পূৰ্বে এই শব্দটোৰ অসমীয়া সমাজ
জীৱনত প্ৰয়োজন নাছিল হ’বলা— মোৰ হাতত থকা ১৯৫৫ চনৰ হেম-কোষৰ
তৃতীয় তাঙৰণত শব্দটো অন্তৰ্ভুক্ত হোৱা নাই ৷ ২০১১ চনৰ বৰ্ধিত নতুন সংস্কৰণত
‘কুম্ভিলক’ শব্দটো আছে—হ্ৰস্ব-ই কাৰ ৷ অৰ্থ : চোৰ, আনৰ ভাৱ-চিন্তা বা ৰচনা নকল কৰি
নিজৰ বুলি চলোৱা লোক ৷ হাততে পোৱা ৱামন শিৱৰাম আপ্তেৰ ১৯৮৫ চনত মুদ্ৰিত The
Practical Sanskrit English Dictionary-ত ‘কুম্ভিলঃ’(হ্ৰস্ব-ই)ৰ
অৰ্থ a thief who breaks into a house ৷ ড° মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱা সম্পাদিত আধুনিক
অসমীয়া অভিধান-এ কুম্ভিলক/ কুম্ভীলক দুয়োটা ৰূপকেই অনুমোদন জনাইছে ৷ অৰ্থ : আনৰ
ৰচনা আদিৰ পৰা ভাৱ-ভাষা চুৰ কৰি নিজৰ বুলি চলোৱা মানুহ, হাত লৰ মানুহ ৷ অৰ্থাৎ
বানান যিয়েই নহওক, শব্দটোৱে অসমীয়া অৰ্থ ‘চোৰ’ বা চৌৰ্যবৃত্তিলৈকে আঙুলিয়াই ৷
পঢ়ুৱৈসকলে Diane Pecorari-এ তেওঁৰ Academic
Writing and Plagiarism : A Linguistic Analysis (Continuum,
London, 2008) গ্ৰন্থত
দিয়া সংজ্ঞালৈও মন কৰিব পাৰে—
(Prototypical
plagiarism is) “the use of words and/or ideas from another source, without
appropriate attribution, and with the intention to deceive.”
“Textual
plagiarism is the use of words and/or ideas from another source, without
appropriate attribution.”
তেন্তে
Plagiarist এগৰাকীক
আমি ‘চৌৰ্যবৃত্তি’ৰ আশ্ৰয় লোৱা বুলি ক’লে ভুল ক’ত?
আমাৰ ’অমাৰ্জিত’ ভাষাৰ বিৰুদ্ধে যিসকলৰ আপত্তি, তেওঁলোকে চন্দ্ৰনাথ-লক্ষ্মীনাথ, বেজবৰুৱা-ৰজনীকান্ত, ড° হীৰেন গোহাঁই-ভৱেন বৰুৱা আদিৰ বৌদ্ধিক বিতৰ্কৰ ভাষাক কি বুলি অভিহিত কৰিব? তদুপৰি আমাৰ লেখাটো কোনো কিতাপৰ প্ৰথাগত আলোচনা নাছিল, সেয়া আছিল বিদ্যায়তনিক ক্ষেত্ৰত— তাকো আকৌ আমি সততে ঢুকি নোপোৱা শিক্ষাৰ সৰ্বোচ্চ প্ৰতিষ্ঠানৰ কাণ্ডাৰীৰ মাজত দেখা দিয়া কুম্ভিলাপৰাধৰ দৰে এক বাগধাৰাৰ বিষয়ে ৷ তাৰ ভাষা ইমানেই অমাৰ্জিত হ’লনে? মানে গোটে গোটে চুৰি কৰাটো ’ৰুচিশীল’, তাক ধৰা পেলোৱাৰ ভাষাহে ৰুচিহীন! আমাৰ লেখাৰ আঁৰত ড° উমাকান্ত শৰ্মাই এটা তত্ত্ব আৱিষ্কাৰ কৰিছে : "ওজাৰ প্ৰবন্ধটো পঢ়ি এনেকুৱাকৈও ভাবিবলৈ মন যায় ড° বুজৰবৰুৱাৰ লগত তেওঁলোক দুয়োৰে মতানৈক্য যেন আগৰে পৰাই চলি আছিল৷" পিছে ব্যক্তিগত বিদ্বেষেই যদি আমাৰ সমালোচনাৰ উৎস হ’লহেঁতেন, তেন্তে আমি ড° বুজৰবৰুৱাৰ ৰবীন্দ্ৰ চিন্তা আৰু ভাৰতীয় সাহিত্য বিচিত্ৰাত বলাকাৰ কবিতা আলোচনা কৰোতে তথ্য-সূত্ৰ নথকাকৈ বহু কবিতাৰ প্ৰসংগত কিদৰে ক্ষিতিমোহন সেনৰ বলাকা-কাব্য-পৰিক্ৰমাৰ শাৰীৰ পিছত শাৰীয়ে আহি ভীৰ কৰিছেহি তেনে কথাও উত্থাপন কৰিলোহেঁতেন ৷ আমিতো সেই বিষয়বোৰ অনা নাই, তেন্তে ব্যক্তিগত বিদ্বেষৰ কথা আহিল ক’ৰ পৰা? ড° শৰ্মাই আমাৰ অধিকাৰকলৈও প্ৰশ্ন তুলিছে৷ কিন্তু ২০-২৫ টা বেটছ যিসকলৰ পৰিচালনা-তত্বাৱধানত ওলাব, যিসকল মানৱ সম্পদ গঢ়াত নিয়োজিত, তেওঁলোকৰ কাম-কাজ আৰু মানসিকতা সঠিক হৈছেনে নাই সেইকথা নিৰীক্ষণ কৰাটো সমাজৰ এজন হিচাপে আমাৰ প্ৰতিজনৰে দায়িত্ব নহয় নেকি? এনে প্ৰেক্ষাপটতে ভৱিষ্যতৰ গৱেষকৰ বাবে যুগুতোৱা কিতাপতে চুৰিৰ আশ্ৰয় লোৱা কথাষাৰে ভাবী গৱেষকসকলক কেনে পথৰ পথিক কৰিব, সেই লৈ শংকাই আছিল আমাৰ লেখাৰ উৎস ৷ আমাৰ বিৰুদ্ধে নমা দুই-এজন নাৰায়ণী সেনাৰ তূণৰ পৰা ওলোৱা কাঁড় দেখি পতিয়ন যাবলৈ বাধ্য হৈছোঁ যে ’পথিকৰ পথ’ক লৈ আমাৰ শংকা তেনেই অমূলক নাছিল৷
ড° বুজৰবৰুৱাৰ অন্যতম এখন উৎস-গ্ৰন্থ বাংলা ভাষাৰ গবেষণার পদ্ধতিবিজ্ঞান : সাহিত্য-সমাজ-সংস্কৃতিৰ লেখক শেখ মকবুল ইসলামে আমাৰ লেখাৰ আঁত ধৰি লিখিছে : “বিদ্যায়তনিক কামত মৌলিকতাৰ আগত নৈতিকতাৰ স্থান ৷” (আমাৰ অসম, ৩১ জুলাই) ইসলামে আঙুলিওৱা কথা বহু পত্ৰলেখকে বুজিবলৈ চেষ্টাই কৰা নাই ৷ যথাৰ্থতে Plagiarism-ক গণ্য কৰা হয় অনৈতিক কাৰ্যৰূপে ৷ লেখকে কিয় চৌৰ্যবৃত্তিৰ আশ্ৰয় লয় সেই প্ৰশ্নৰ উত্তৰ বিছাৰি আমি ওপৰত উল্লেখ কৰা গ্ৰন্থত পেকাৰিয়ে লিখিছে : “Sometimes they are dishonest and are willing to break the rules, of which they are quite aware, in order to gain unearned benefit.” দেখা গৈছে, দুটাকৈ অ-স্পষ্টীকৰণৰ মাজেৰে ড° বুজৰবৰুৱাই তেওঁৰ সততাৰ প্ৰতিয়েই প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ তেওঁৰ মন্তব্য : “…ইংৰাজী উৎস একে হোৱা কাৰণেও বাংলা আৰু অসমীয়া ভাষাৰ অনুসৃজন একে হ’ব পাৰে৷ বাংলা আৰু অসমীয়াৰ শাব্দিক আৰু ভাষিক ব্যৱহাৰো যে একে, সেই দিশটো কিন্তু অতি উৰ্বৰ মস্তিষ্কৰ লেখকৰ মনলৈকে নাহিল৷” আমাৰ প্ৰতি তেওঁৰ শ্লেষ-বিদ্ৰুপ হজম কৰিও সুধিব খুজিছোঁ, আত্মৰক্ষাৰ্থে কৰা এই মন্তব্যৰ প্ৰতি তেওঁ নিজে কিমান নিষ্ঠাবান? একে লক্ষ্য-ভাষালৈকে (Target-language) দুজন লেখকে একেখন কিতাপৰ পৰা কৰা দুটা অনুবাদেই দেখোন অনুবাদকদ্বয়ৰ ৰুচি, সাংস্কৃতিক পটভূমি আৰু চিন্তাৰ ভিন্ন প্ৰেক্ষাপটৰ বাবে ভাৱ-ভাষাৰ পৰা বেলেগ হয়৷ এনেস্থলত ‘শাব্দিক আৰু ভাষিক ব্যৱহাৰ’ অভিন্ন হোৱাৰ বাবে দুই ভিন্ন ভাষালৈ একে উৎস-গ্ৰন্থৰ অনুসৃজন পৃষ্ঠাৰ পৰা পৃষ্ঠালৈ একে হ’ব— এই সূত্ৰ আমি জনাত অনুবাদ তত্ত্বত অভিনৱ সংযোজন! আনহাতে বাংলা আৰু অসমীয়া ভাষাৰ ‘শাব্দিক আৰু ভাষিক ব্যৱহাৰ’ অভিন্ন তত্ত্বটোৱে এতিয়াৰ Unicode-ত অসমীয়া লিপিৰ হকে আন্দোলনটোকতো অসাৰ প্ৰতিপন্ন কৰেই, উনবিংশ শতিকাৰ আনন্দৰাম-হেমচন্দ্ৰ-গুণাভিৰাম- লক্ষ্মীনাথ- পদ্মনাথ আদিৰ আন্দোলনকো ভিত্তিহীন কৰি তুলিলে !
কৃতকৰ্মক
মান্যতা দিয়াৰ অপচেষ্টাৰে ড° বুজৰবৰুৱাই ২৭ জুলাইৰ লেখাত ক’লে— “‘মৌলিক’ক
‘মৌলিক’ বুলিয়েই ক’ব লাগিব চাগে, নে তেওঁলোকে ব্যৱহাৰ কৰিলে কাৰণে আনে ব্যৱহাৰ
কৰিলে সেইটো চৌৰ্যবৃত্তি হৈ যাব?” ৩০ জুলাইত আৰু স্পষ্টকৈ লিখিছে : “তথাপি মই
জলজল-পটপট ‘বেলি পূবত উদয় হয় আৰু পশ্চিমত মাৰ যায়’ৰ দৰে সত্যৰ ক্ষেত্ৰত সহায়ক
গ্ৰন্থৰ ঋণ স্বীকাৰ কৰাই পৰ্যাপ্ত বুলি বিশ্বাস কৰোঁ৷” কলৈ যাওঁ, ক’ত লুকাওঁ, চকু
মুদা উজাগৰক কিদৰে জগাওঁ! আমি ছেদৰ পিছত ছেদ, পৃষ্ঠাৰ পিছত
পৃষ্ঠা ড°বুজৰবৰুৱাই হুবহু তুলি দিয়াৰ যিবোৰ উদাহৰণ পূৰ্বৰ লেখাটিত
দেখুৱাইছিলো, সেইবোৰ ‘বেলি পূবত উদয় হয় আৰু পশ্চিমত মাৰ যায়’ৰ দৰে বাক্যনে? হয়—
‘গাখীৰ বগা’ কথাষাৰ যিকোনো লোকে লিখিলেই একে হ’ব আৰু আৰু সেইবাবেই যিকোনো ছফ্টৱেৰৰ
পৰীক্ষাত ১০ শতাংশ plagiarism গ্ৰহণযোগ্য বুলি ধৰি লোৱা হৈছে ৷ কিন্তু প্ৰসংগ-সূত্ৰ আৰু
পাদটীকা-অন্ত্যটীকা নিদিয়াকৈ আনৰ ভাৱ-ভাষা নিজৰ বুলি তুলি দিয়াটো যে কুম্ভিলাপৰাধ,
সেয়াও ‘গাখীৰ বগা’ কথাষাৰৰ দৰেই সত্য৷ ড°বুজৰবৰুৱালৈ আমাৰ প্ৰশ্ন : যিখন
কিতাপত তেওঁ দুখনকৈ বাংলা গ্ৰন্থৰ ভাৱ-ভাষা অনন্ত ফল্গুধাৰাৰ দৰে তুলি ধৰোতে
(গ্ৰন্থপঞ্জীত) “সহায়ক গ্ৰন্থৰ ঋণ স্বীকাৰ কৰাই পৰ্যাপ্ত বুলি বিশ্বাস” কৰিছে,
তেওঁৰ সেই কিতাপৰে কেইবাটিও অধ্যায়ত প্ৰসংগ-সূত্ৰৰ উল্লেখ কৰি পাদটীকাত ইংৰাজী
গ্ৰন্থৰ নামোল্লেখে কি সূচাইছে? ইংৰাজী হ’লে প্ৰসংগ-সূত্ৰ দিব পাৰি, বাংলা হ’লে
নোৱাৰি! আমাৰ প্ৰতি আঙুলি টোঁৱাই তেওঁ কোৱা বাংলা ভাষাৰ প্ৰতি হীনমন্যতা
বুজৰবৰুৱাৰ ক্ষেত্ৰতে প্ৰতিফলিত নহ’লনে?
গ্ৰন্থ
সম্পাদক হেইডি উইলিয়ামছ সম্পাদিত আৰু Gale Cengage Learning প্ৰকাশিত Plagiarism গ্ৰন্থত
পেনছিলভেনিয়াৰ কিংছ কলেজৰ ব্ৰহ্মতত্ত্ব বিভাগৰ অধ্যাপক জনাথন মেলেছিকৰ ‘Plagiarism
is the Result of Students Who Are Unwilling to Learn'
শীৰ্ষক এটা প্ৰবন্ধ আছে৷ নিজৰ অভিজ্ঞতাৰে মেলেছিকে লিখা মতে চাকৰিত যোগদান কৰাৰ
পিছতে তেওঁ যেতিয়া এজন ছাত্ৰই চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱা দেখিছিল, সেই কাণ্ডক তেওঁ
ব্যক্তিগত অপমান হিচাপে গণ্য কৰিছিল৷ মালাছিকৰ মনত প্ৰশ্ন জাগিছিল : “What did
I do to this student to deserve such an insult? How had I failed as a teacher,
to make the student think that stealing someone else’s is acceptable?” আমাৰ
ইয়াত এগৰাকী অধ্যাপকে কুম্ভিলক বৃত্তি অৱলম্বন কৰি গৱেষণাৰ পদ্ধতি শিকোৱা বুলি
সাব্যস্ত হোৱাৰ পিছতো শৈক্ষিক ক্ষেত্ৰৰ এই ’insult’ আমি হজম কৰিছোঁ, একাংশই ইয়াক
মান্যতা দিবলৈ ওলাই আহিছে, প্ৰকাশকে স্পষ্টীকৰণ দিয়া দূৰৈৰ কথা কৰি আছে সেই কিতাপৰ
বিক্ৰী, বিশ্ববিদ্যালয়ৰ অধ্যাপকে কৰি আছে অনুমোদন, জানি-শুনিও অনেকে অৱলম্বন কৰিছে
সুবিধাজনক স্থিতি ৷ নিসন্দেহে এইবোৰ আমাৰ সাম্প্ৰতিক শৈক্ষিক পৰিৱেশৰে প্ৰতিফলন ৷
এনে পৰিৱেশতেই ড° উমাকান্ত শৰ্মাই নপঢ়াকৈয়ে অনুমান কৰিছে যে
বুজৰবৰুৱাৰ গৱেষণাৰ পদ্ধতিবিজ্ঞানৰ পৰা গৱেষকসকল যথেষ্ট উপকৃত হ’ব ৷
(নপঢ়াকৈয়ে এনে অনুমান কৰিব পৰা বিচক্ষণ ব্যক্তি এগৰাকীয়ে আমাক ‘পণ্ডিত’ বোলোতে মনে
মনে পুলকিত হ’লেও পিছত ভাবিলো, যিখন সমাজত উচ্চতৰ মাধ্যমিকত নকল কৰি ধৰা পৰা লোককো
‘পণ্ডিত’ বোলা যায়, সেইখন সমাজত ‘পণ্ডিত’ হোৱাতকৈ আমাৰ বাবে নিমাখিত পঢ়ুৱৈ হৈ থকাই
ভাল!)
“সাম্প্ৰতিক
সময়ৰ সঁচাকেই নমস্য আৰু বুদ্ধি আৰু প্ৰজ্ঞাৰ শীৰ্ষকত আৰোহিত সমালোচক” বুলি আমাক
তাচ্ছিল্য কৰি, “চমক সৃষ্টিৰ জৰিয়তে নিজৰ গুৰুত্ব প্ৰতিষ্ঠাৰ কাৰণে অন্ধ আৰু
মদমত্ত” বুলি আমাৰ প্ৰতি বিৰল সন্মান প্ৰদৰ্শনেৰে ড° বুজৰবৰুৱাই
৩০ জুলাইত লিখা কথাখিনিৰ পৰা গম পালো যে তেখেত অসুস্থ ৷ আমি কামনা কৰিছোঁ তেখেত
সোনকালে আৰোগ্য হৈ উঠক ৷ কিন্তু তাৰ লগে লগে বিদ্যায়তনিক ক্ষেত্ৰত তেওঁৰ দৰে
ব্যক্তিয়ে (তথা লোকসকলে) অৱলম্বন কৰা ‘চুৰি-চাপ্ৰাছী’ পৰিহাৰ কৰি ক্ষেত্ৰখনক সুস্থ
কৰি তোলক, সেয়াও আমাৰ কাম্য৷ সেয়ে হ’লে “…বিদ্যায়তনিক ক্ষেত্ৰৰ পৰা নিৰ্মূল
কৰিবলগীয়া আচল মহামাৰী ব্যাধিবিলাক চিনাক্তই হোৱা নাই…” বুলি ড° পল্লৱী
ডেকা বুজৰবৰুৱাই ভৱিষ্যতে আক্ষেপ কৰিবলগীয়াও নাথাকিব৷
(published in the Amar Asom, August 24, 2018)
facebook discussion link:
https://www.facebook.com/kaushik.das.3386/posts/1869526756436864
No comments:
Post a Comment