Sunday, January 28, 2024

বিশ্ব ক্ৰিকেটৰ বিস্মৃত শক্তিৰ পুনৰুজ্জীৱন?

 

দক্ষিণ গোলাৰ্ধৰ ক্ৰিকেটৰ ভৰকেন্দ্ৰত দেশে যেতিয়া অন্তিমবাৰ জয়লাভ কৰিছিল, তেতিয়া এই ক্ৰিকেটাৰৰ জন্মই হোৱা নাছিল৷ দেওবাৰে—২৮ জানুৱাৰীত এই তৰুণ ক্ৰিকেটাৰৰ বলৰ ঘূৰ্ণীয়েই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দীৰ্ঘ ২৭ বছৰৰ পাছত সম্ভৱ কৰিলে ৱেষ্ট ইণ্ডিজৰ জয়৷

শ্বামাৰ জোছেফ নামটো মনত ৰাখি থওক৷ জীৱনৰ প্ৰথম বলত উইকেট, অভিষেক টেষ্ট ইনিংছত পাঁচ উইকেট,  অভিষেক টেষ্টত পাঁচ উইকেট আৰু এঘাৰ নং স্থানত বেট ধৰি পঞ্চাশ ৰান কৰা প্ৰথমগৰাকী খেলুৱৈ, জীৱনৰ প্ৰথম ছিৰিজতে প্লেয়াৰ অব দ্য ছিৰিজ—শ্বামাৰ জোছেফৰ নামৰ বিপৰীতে অনেক অভিলেখ-উপমা-বিশেষণ সমাগত সময়ত যে লিখা আছে, বাঘা বাঘা ক্ৰিকেট বিশেষজ্ঞই সেইকথা স্বীকাৰ কৰিছে ইতিমধ্যে৷ ২৪ বছৰীয়া গায়েনা পেচাৰৰ স্বপ্নযাত্ৰাই দেওবাৰে অষ্ট্ৰেলিয়াৰ মাটিত ২৭ বছৰৰ পাছত সম্ভৱ কৰি তুলিলে কেৰিবিয়ান দলৰ জয়৷ অথচ শনিবাৰে ব্ৰিছবেনৰ ক্ৰিজৰ পৰা যেতিয়া ওলাই গৈছিল সতীৰ্থৰ কান্ধত ভৰ কৰি, কোনে আশা কৰিছিল শ্বামাৰ জোছেফ নামৰ এই তৰুণে বল হাতত লৈ নামিব পাৰিব স্মিথ-খাৱাজা-লাবুছেন-হেডৰ বিৰুদ্ধে?

বিশ্বক সন্মোহিত কৰা জোছেফৰ বলিঙতকৈও সন্মোহনী শক্তি তেওঁৰ জীৱনৰ৷ তেওঁৰ উত্থানৰ৷ গায়েনাৰ যিখন গাঁৱত জোছেফৰ জন্ম, সেই বাৰকাৰাৰ পৰা সমীপৱৰ্তী চহৰলৈ নাৱত যাবলৈকে সময় লাগে ছঘণ্টাৰো অধিক৷ ২০১৮ৰ অক্টোবৰৰ আগলৈকে ইণ্টাৰনেটে ঢুকি নোপোৱা অঞ্চল এই বাৰকাৰা৷ যিকোনো কেৰিবিয়ান শিশুৰ দৰেই শৈশৱতে প্ৰেম ক্ৰিকেটৰে৷ হাতত বেট, নহ’লেও লাঠি এডালৰেই বল খেলি গৈছিল অবিৰাম৷ দাৰিদ্ৰতা আছিল পৰিয়ালৰ স্বাভাৱিক নিয়তি৷ তেনেদৰেই বিবাহ—পৰিয়ালক ভৰণ-পোষণৰ বাবে বাধ্য হৈ আৰম্ভ কৰিছিল শ্ৰমিকৰ জীৱন৷ পৰৱৰ্তীকালত সামান্য প্ৰমোচন ঘটিছিল নিৰাপত্তাৰক্ষীৰ চাকৰিলৈ৷ ১২ ঘণ্টা ধৰি নিৰাপত্তাৰক্ষীৰ পোচাকত ডিউটী দিয়াৰ বাধ্যবাধকতাত ক্লান্ত হৈছিল জোছেফ৷ ক্ৰিকেটৰ প্ৰতি অন্তহীন ভালপোৱাৰ ভৱিষ্যত দেখোন তেনেই আন্ধাৰ!

জোছেফক বুজি পাইছিল পত্নীয়ে৷ অভয় দিছিল—সংগ্ৰামখন মই চলাই যাম৷ তুমি ক্ৰিকেট খেলা৷ সেইমতেই এদিন আচম্বিতে চাকৰি এৰি দিছিল শ্বামাৰে৷ ক্ৰিকেটত মনোনিৱেশ কৰি গায়েনা হাৰ্পি ঈগলছত স্থান পাইছিল৷ তাতেই কিম্বদন্তী কাৰ্টলী এমব্ৰোচে দেখা পাইছিল এই তৰুণৰ বলিং৷ সেই পথেৰেই ২০২৩ত জাতীয় দলত স্থান৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যোৱা ১৭ জানুৱাৰীত প্ৰথম টেষ্ট অভিষেক৷

 প্ৰথম ইনিংছৰ অন্তিমজন বেটছমেন হিচাপে ৩৬ ৰান কৰি বিদায় লৈ ঘৰুৱা দলটোৰ বিৰুদ্ধে বল দিবলৈ নামিছিল সেই প্ৰথম দিনাই৷ ১৭ জানুৱাৰীত এডিলেইডত বল হাতত লৈ—ৰাণ আপ লৈও প্ৰথম বলটো দিবই পৰা নাছিল জোছেফে : সন্মুখত যে নিজৰেই প্ৰিয় খেলুৱৈ ষ্টিভেন স্মিথ! স্নায়ুচাপৰ মাজতো প্ৰিয় খেলুৱৈৰ অফ ষ্টাম্পৰ বাহিৰৰ বলৰ দূৰ্বলতা ঠিকেই নীৰিক্ষণ কৰিছিল শ্বামাৰে৷ পৰিণতিত প্ৰথম বলতেই স্মিথক বিদায়৷ ১৮ জানুৱাৰীলৈ পাঁচটা অষ্ট্ৰেলীয় উইকেটৰ গৰাকী হৈছিল প্ৰথম ইনিংছতে৷ দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ বিজয়লক্ষ্য ইমানেই সামান্য আছিল যে তাত উইকেট লোৱা-নোলোৱা প্ৰায় নিৰৰ্থক আছিল৷ কিন্তু ২৬ ৰানৰ লক্ষ্যত খাৱাজাক এক দূৰন্ত বাউঞ্চাৰেৰে ৰিটায়াৰ্ড হার্ট কৰাই এই নৱাগত বলাৰে স্মৰণ কৰাইছিল প্ৰায় বিস্মৃত হ’ব ধৰা কেৰিবিয়ান পেচ শক্তি৷

ব্ৰিচবেনৰ দ্বিতীয় টেষ্টত ৱেষ্ট ইণ্ডিজৰ ঐতিহাসিক বিজয়ৰ নায়ক অৱশ্যেই শ্বামাৰ৷ ২৭ জানুৱাৰীত বেটিং কৰি থকাৰ পৰত মিচেল ষ্টার্কৰ বলে ভৰিৰ আঙুলিত কৰা প্ৰচণ্ড আঘাতৰ বাবে ক্ৰিজ এৰিবলৈ বাধ্য হোৱা এই তৰুণ খেলপথাৰত পুনৰ নমাৰ সম্ভাৱনাই আছিল শূণ্য৷ তেওঁৰ ভৰিৰ আঙুলিৰ ফ্ৰেকচাৰ হোৱা বুলিয়েই  পোনতে ধাৰণা কৰা হৈছিল৷ কিন্তু হাজাৰ দূৰ্যোগৰ মাজেৰে বাৰকাৰাৰ পৰা যিজন তৰুণ উঠি আহিছে, দিনমজুৰি কৰাৰ পৰা নিৰাপত্তাৰক্ষী হৈ যিজন ক্ৰিকেটীয় মহাশক্তিধৰ ৰাষ্ট্ৰ পাইছেহি, তেওঁক এই আঘাতেও বাধা দি ৰাখিব নোৱাৰিলে৷ তেন্তে গ্ৰীণ-হেড-কেৰী-ষ্টার্ক-কামিঞ্চহঁতৰ বাধা টিকে কিদৰে?

শনিবাৰে অষ্ট্ৰেলিয়াই যিদৰে আৰম্ভ কৰিছিল বিজয় আছিল অৱধাৰিত৷ দেওবাৰ কিন্তু বিশ্ব ক্ৰিকেটত ক্ৰিকেটীয় অনিশ্চয়তা আকৌ এবাৰ প্ৰতিপন্ন কৰাৰ দিন৷ ১৯০ ৰানত পিছ পৰি থকাৰ পাছত হাইদৰাবাত ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডে বিজয় অৰ্জন কৰাৰ দিনাই ব্ৰিছবেনত ইতিহাস ৰচিলে কেৰিবিয়ান শক্তিয়ে৷ সঠিক ৰূপত ক’বলৈ হ’লে গায়েনাৰ এজন যুৱ ক্ৰিকেটাৰে৷ ভৰিৰ তীব্ৰ যন্ত্ৰণাৰ মাজতো সাতোটাকৈ উইকেট লৈ দলৰ বিজয়ত জোছেফ শ্বামাৰে ল’লে গুৰুত্বপূৰ্ণ ভূমিকা৷

শ্বামাৰ এতিয়া কেৱল গায়েনা বা ৱেষ্ট ইণ্ডিজৰ স্বপ্নৰ কোঁৱৰ নহয়, তেওঁ হৈ উঠিছে বিশ্ব ক্ৰিকেটৰ বিস্মৃত হ’ব ধৰা এক শক্তিৰ পুনৰুজ্জীৱনৰ সম্ভাৱনা৷

No comments: