tag:blogger.com,1999:blog-65083161084799940032024-03-23T15:43:29.090+05:30manimugdha ম ণি মু গ্ধDIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.comBlogger158125tag:blogger.com,1999:blog-6508316108479994003.post-23134207741492088422024-01-28T19:49:00.004+05:302024-01-28T20:24:33.737+05:30বিশ্ব ক্ৰিকেটৰ বিস্মৃত শক্তিৰ পুনৰুজ্জীৱন? দক্ষিণ
গোলাৰ্ধৰ ক্ৰিকেটৰ ভৰকেন্দ্ৰত দেশে যেতিয়া অন্তিমবাৰ জয়লাভ কৰিছিল, তেতিয়া এই ক্ৰিকেটাৰৰ
জন্মই হোৱা নাছিল৷ দেওবাৰে—২৮ জানুৱাৰীত এই তৰুণ ক্ৰিকেটাৰৰ বলৰ ঘূৰ্ণীয়েই অষ্ট্ৰেলিয়াৰ
বিৰুদ্ধে দীৰ্ঘ ২৭ বছৰৰ পাছত সম্ভৱ কৰিলে ৱেষ্ট ইণ্ডিজৰ জয়৷
শ্বামাৰ
জোছেফ নামটো মনত ৰাখি থওক৷ জীৱনৰ প্ৰথম বলত উইকেট, অভিষেক টেষ্ট ইনিংছত পাঁচ উইকেট,
অভিষেক টেষ্টত পাঁচ উইকেট আৰু এঘাৰ নং স্থানত
বেট ধৰি পঞ্চাশ DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-21947590886125168132024-01-14T17:40:00.001+05:302024-01-14T17:42:15.859+05:30অসমীয়া সাহিত্যত ১৩ জানুৱাৰীঅসম সাহিত্য সভাৰ ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত বুৰঞ্জী শাখাৰ সভাপতিত্ব কৰা হিতেশ্বৰ বৰবৰুৱাৰ আনুষ্ঠানিক শিক্ষা বুলিবলৈ প্ৰৱেশিকা পৰীক্ষাতো উত্তীৰ্ণ হোৱা নাছিল৷ দশম শ্ৰেণীলৈকে পঢ়ি ঘৰুৱা অসুবিধাৰ বাবে চাহ বাগিছাৰ চাকৰি কৰিবলৈ বাধ্য হোৱা বৰবৰুৱা কিন্তু আছিল প্ৰচুৰ অধ্যাৱসায়ী৷ তেখেতে কবিতা লিখিছিল— ‘জোনাকী’ আৰু ‘বিজুলী’ৰ পাতত আৰম্ভ কৰা কাব্যচৰ্চাৰ পৰিণতিত প্ৰকাশিত ‘ঢোপকলি’ (১৯০২) নামৰ কবিতাৰ সংকলনটি DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-86786868629621415022024-01-14T17:28:00.003+05:302024-01-14T17:28:17.065+05:30অসমীয়া সাহিত্যত ১২ জানুৱাৰীঅসমীয়া ভাষা-সাহিত্যৰেই নহয়, অসমীয়া জাতীয় জীৱনৰেই ভোটাতৰা হৈ জিলিকি থকা গুণাভিৰাম বৰুৱা আছিল— ঊনবিংশ শতিকাৰ গৱেষক যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ ভাষাত— ‘‘আনন্দৰাম ঢেকিয়াল ফুকনৰ আধ্যাত্মিক উত্তৰাধিকাৰী”৷ সূৰ্যকুমাৰ ভূঞাৰ ভাষাত ‘’অসমীয়া সাহিত্য চৰ্চাত তেওঁৰ যি প্ৰভাৱ আছিল, সেই প্ৰভাৱৰ অধিকাৰী আজিকালি কোনো হ’ব পৰা নাই৷” ১২ জানুৱাৰী হৈছে সেইগৰাকী প্ৰভাৱশালী ব্যক্তিৰ ওপজা দিন৷ চনটো ১৮৩৪৷এইখিনিতে উল্লেখ কৰিব DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-60966718319449630732024-01-14T17:26:00.009+05:302024-01-14T17:26:34.156+05:30 অসমৰ সমাজ জীৱনত ১১ জানুৱাৰীআধুনিক অসমৰ অৰ্থনৈতিক ভেটি গঢ় লৈছিল চাহ খেতিৰ বাবে এই ভূখণ্ডৰ মাটি উপযোগী বুলি প্ৰমাণিত হোৱাৰ পাছত৷ এই চাহ খেতিৰ পথ ধৰিয়েই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম অধিকাৰ কৰি লৈছিল, পাছলৈ অসমত মৰাপাট, কুঁহিয়াৰ আদি খেতিও কৰিবলৈ গৈ শ্ৰমিক শ্ৰেণী এটাৰ আমদানিত জড়িত হৈছিল, যাৰ অৱধাৰিত পৰিণতিত কাললৈ অসমৰ জনবিন্যাসো ভাগি পৰিছিল৷ সেয়া অৱশ্যে অন্য আলোচনাৰ বিষয়৷ অসমত চাহ খেতিৰ গৱেষণা আৰু DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-52986271129591042922024-01-14T17:24:00.007+05:302024-01-14T17:24:53.380+05:30অসমীয়া সাহিত্যত ৯ জানুৱাৰী(১)‘’আমি এই ক্ষুদ্ৰ পুখীখানি ছপাবলৈ আগ বাঢ়িছো হয় কিন্তু ইয়াক পাঠ কৰি পাঠক সকলে যে সন্তোষ পাব ইয়াক আশা কৰা নাই। তত্ৰাচ তিৰুতাই ৰচা বুলি ইয়াৰ দোষ পাঠক সকলে ক্ষমা কৰিব এই সাহতে ইয়াক মুদ্ৰিত কৰা হল। সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল দেখুৱাই এই পূথীৰ প্ৰধান উদ্দেশ্য৷”ছটা অধ্যায়ত ৪২ পৃষ্ঠাৰ এখনি পুথি৷ অসমীয়া সাহিত্যৰ ইতিহাসত এই কিতাপখন আছিল যথেষ্ট গুৰুত্বপূৰ্ণ৷ কাৰণ ১৮৮৪ চনত প্ৰকাশ পোৱা এইখনেই অসমীয়াDIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-50636046840520252512024-01-14T17:20:00.003+05:302024-01-14T17:20:23.532+05:30অসমীয়া সাহিত্যত ৫ জানুৱাৰীতেখেত ভাষিক-অসমীয়া পৰিয়ালৰ সন্তান নাছিল৷ পিতৃ আছিল নেপালী সম্প্ৰদায়ৰ, মাতৃ আছিল নগা৷ ১৯১৭ চনত কহিমাত জন্ম লাভ কৰা গোবিন্দ চন্দ্ৰ পৈৰা হৈ উঠিছিল অসমীয়া সাহিত্যৰ নিৰলস সাধক৷ শৈশৱৰে পৰাই তেখেত আছিল গভীৰ শিক্ষানুৰাগী৷ কহিমাতেই প্ৰাথমিক শিক্ষা লোৱা পৈৰাই মধ্য ইংৰাজী (এম ই) পৰীক্ষাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী কালত তেওঁ শিক্ষা ল’বলৈ নাজিৰালৈ আহে যদিও হাইস্কুলীয়া শিক্ষা সমাপ্তDIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-53638507286030829362024-01-14T17:14:00.005+05:302024-01-14T17:44:05.330+05:30অসমীয়া সাহিত্যত ৪ জানুৱাৰীতেখেত কেৱল গীতিকাৰ নাছিল; উকীল, নাট্যকাৰ, শিক্ষক, স্বাধীনতা সংগ্ৰামী—অনেক পৰিচয়ৰ গৰাকী আছিল এই ব্যক্তি৷ কিন্তু সকলো পৰিচয় অতিক্ৰমী তেখেত পৰিচিত গীতিকাৰ-সুৰকাৰ আৰু বাউলী কবিৰূপেই৷ বিলত তিৰেবিৰায়..., অ’ নাৱৰীয়া..., কাৰ অধৰৰ হেঙুলেৰে..., কেনে অনুপম শিল্পীৰ তুলি...—অনেক যুগজয়ী গীতেৰে কমলানন্দ ভট্টাচাৰ্যই অসমীয়াক দি গ’ল গীত আৰু কবিতাৰ অনন্য স্বাদ৷ ১৯২৮ চনত, আজিৰ পৰা প্ৰায় ৯৬ বছৰৰ আগতে তেখেতৰ গীতৰ পুথিDIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-38747100780633343622024-01-14T17:12:00.000+05:302024-01-14T17:12:08.631+05:30 পুৰণি দিনৰ কথা- প্ৰথম দৰমহা আয়োগৰ প্ৰতিবেদনদেশে স্বাধীনতা অৰ্জন কৰাৰ পাছত অসমত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত গঠন হৈছিল প্ৰথম দৰমহা আয়োগ৷ এই আয়োগৰ প্ৰতিবেদন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰাৰ পাছত ১৯৪৮ চনৰ মে” মাহত প্ৰকাশ কৰিছিল৷ চৰকাৰৰ বোজা অধিক নাবাঢ়িবৰ বাবে শীৰ্ষ বিষয়াৰ ক্ষেত্ৰত ১৫০০ টকাৰ অধিক বেতন যাতে তেনেদৰে নহয়, তাৰ প্ৰতি নজৰ ৰখা হৈছিল৷ শীৰ্ষ পদাধিকাৰীৰ পৰা নিম্ন মজুৰি পোৱাজনলৈ বেতনৰ ক্ষেত্ৰত যাতে সমতুল ৰক্ষা পৰে সেয়াও আছিল আয়োগৰ লক্ষ্য৷ এই DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-53964054163623507422023-12-12T13:34:00.004+05:302023-12-12T13:34:24.152+05:30চাহপানৰ আড্ডাত ‘বাইশ গজৰ যুঁজাৰু’ লাৱণ্যময়ী ক্ৰীড়াক্ষেত্ৰৰ অধৰৰস পানৰ বাবে মোক প্ৰলুব্ধ কৰা প্ৰধান ব্যক্তিগৰাকী মনোজদা– মনোজ কুমাৰ গোস্বামী৷১৯৯৭ত আমাৰ অসমৰ প্ৰকাশ আৰম্ভ হোৱাৰ পাছত মনোজদাই মোক এদিন একপ্ৰকাৰ নিৰ্ধাৰণ কৰি দিলে– কাকতৰ প্ৰথম পৃষ্ঠাত খেলৰ বিশ্লেষণমূলক বাতৰি লিখিব লাগিব পূৰ্বজ্যোতি [চুতীয়া], মৃণালদা, (Mrinal Kumar Borah), লুইতৰ (Luit Pathak) লগত মিলি৷প্ৰথম পৃষ্ঠাত ক্ৰীড়াৰ বিষয়ে লিখাৰ ধাৰা বৰ্তি ৰৈছিল ২০০৬ৰ DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-49559200170493063912023-12-12T13:32:00.000+05:302023-12-12T13:32:00.567+05:30 নটসূৰ্য সমাৰোহৰ ‘আলি দোমোজাত’ ৯ ডিচেম্বৰ আছিল খ্যাতিমান নাট্যকাৰ, ব্যংগ সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰয়াণৰ দিন৷ এইবেলি তেওঁৰ মৃত্যুৰ দিনটোতে আৰম্ভ হোৱা #নটসূৰ্য_নাট_সমাৰোহত পৰিৱেশিত হ’ল মলয়া গোস্বামীৰ পৰিচালনাৰে মহেন্দ্ৰ বৰঠাকুৰৰ নাটক ‘আলি দোমোজাত’৷একালত মহেন্দ্ৰ বৰঠাকুৰৰ কিছু নাটক চোৱাৰ আৰু গোটাদিয়েক পঢ়াৰ সুযোগ লাভ হ’লেও ‘আলি দোমোজাত’ৰ সৈতে মোৰ পৰিচিতি নাছিল৷ ২০০৫ বৰ্ষত মৃত্যুবৰণ কৰা বৰঠাকুৰৰ এই নাটখনৰ বিষয়বস্তু DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-57663191693800659362023-12-12T13:29:00.002+05:302023-12-12T13:29:25.378+05:30কৰস্পৰ্শ নকৰাৰ পৰিনামঅসমৰ গৱৰ্নৰ তেতিয়া ছাৰ ৰবাৰ্ট ৰীড৷ ছিলেট বা শ্ৰীহট্ট
তেতিয়াও অসমৰ ভিতৰুৱা৷সেয়া ১৯৩৭ চনৰ ২৫ নবেম্বৰ৷ গৱৰ্নৰ ৰীড সপত্নীক উপস্থিত হৈছিলগৈ
শ্ৰীহট্টৰ সুনামগঞ্জত৷গৱৰ্নৰ বুলি কথা৷ ৰীডৰ সন্মানাৰ্থে স্থানীয় এম এল চি খান বাহাদুৰ
গোলাম মুস্তাফাই আয়োজন কৰিছিল এখন চাহমেলৰ৷ সেই চাহমেলত সংগতভাৱেই উপস্থিত আছিল বিভিন্ন
ৰাজনৈতিক নেতা আৰু গণ্যমান্য ব্যক্তি৷সেইসকলৰ সৈতে চা-চিনাকিৰ পৰত ৰীড আৰু তেওঁৰ পত্নীয়ে
DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-15669251715343751812023-09-09T11:06:00.004+05:302023-09-09T15:33:17.319+05:30জন্ম শতবৰ্ষত বিস্মৃত যোগেন্দ্ৰনাথ দিগন্ত ওজা
যেন অসমৰ ৰাজনীতিত বিস্মৃত হ’ল যোগেন্দ্ৰনাথ৷ ১৭জন বিধায়কৰ দলনেতা হৈও আজিৰ এই দিনটোতেই (৯ ছেপ্টেম্বৰ, ১৯৭৯) অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা যোগেন্দ্ৰনাথ হাজৰিকা যেন হৈ উঠিছে আজিৰ প্ৰজন্মৰ বাবে এক অপৰিচিত নাম ৷ সঁচা— অসমৰ হ্ৰস্বকালীন মুখ্যমন্ত্ৰী যোগেন্দ্ৰনাথ হাজৰিকাৰ শাসনৰ কালছোৱাত এনে একো প্ৰশাসনীয় সিদ্ধান্ত হোৱা নাছিল যাৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব ৷ কাৰ্যতঃ হাজৰিকাই DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-41090793931201957172023-09-01T10:32:00.004+05:302023-09-01T18:12:13.200+05:30বিৰল ব্যতিক্ৰমী বিজ্ঞান-সাধক দিগন্ত
ওজাবিজ্ঞান সমাজৰ বাবে, বিজ্ঞান সুস্থ চেতনাৰ বাবে— এই আদৰ্শকে সাৰোগত কৰি সেই হাইস্কুলীয়া দিনৰে পৰা অন্ততঃ ছটা দশকজুৰি নিজকে সমৰ্পীত কৰি অহা ক্ষীৰধৰ বৰুৱাৰ আজি ওপজা দিন৷ অসমৰ পঢ়ুৱৈসমাজৰ ওচৰত বিজ্ঞান-সাহিত্যিক বুলিয়েই মূলতঃ পৰিচিত এই ব্যক্তিজনৰ কিন্তু সেইটোৱেই একমাত্ৰ পৰিচয় নহয়— সাহিত্যিকৰো ঊৰ্ধত তেওঁ বিজ্ঞান আৰু সমাজৰ একত্ৰিত ভাৱনাৰ প্ৰতি এক উৎসৰ্গীত প্ৰাণ৷ সেইবাবেই ডেকা কালৰেপৰা DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-39308235830712851202023-08-31T10:14:00.001+05:302023-08-31T10:20:03.841+05:30 হৰেন্দ্ৰনাথৰ দৃষ্টিত ছাদুল্লাদিগন্ত ওজা[৩১ আগষ্টৰ হৰেন্দ্ৰনাথ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে দৈনিক অসমৰ প্ৰথম
পৃষ্ঠাত প্ৰকাশিত] মাত্ৰ ২৫ বছৰ বয়সতে সেইসময়ৰ জনপ্ৰিয় কাকত ‘অসমীয়া’ৰ (পোনতে তিনিদিনীয়া, পাছলৈ সাদিনীয়া আৰু দৈনিক) সম্পাদকৰ দায়িত্ব লোৱা হৰেন্দ্ৰনাথ বৰুৱাই ‘অসমপ্ৰাণ’ বিশেষণ লাভ কৰিছিল নিৰন্তৰ অসম আৰু অসমীয়াৰ স্বাৰ্থ আগত ৰাখি মাত মতাৰ বাবে, অকুতোভয় আৰু বলিষ্ঠভাৱে মন্তব্য সাব্যস্ত কৰাৰ কাৰণে৷ তেওঁৰ সম্পাদকীয়বোৰ প্ৰমাণ,DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-8208025256664209442023-03-06T09:17:00.005+05:302023-03-06T10:17:21.063+05:30মই মাউৰত নোযোৱাকৈ আছোঁনে? আপুনি?⦿ দিগন্ত ওজা
‘আঁঠু কাঢ়ি শিল্পচৰ্চা
নহয়’ আৰু ‘উদ্বেগ-উৎকণ্ঠা ভৰা সময়ৰ মাজতো অব্যাহত ৰাখিব লাগে সৃষ্টিশীল কৰ্ম’— মূলতঃ
এই দুই বক্তব্য প্ৰতিপাদন কৰি গুৱাহাটীত পৰিৱেশিত হৈ গ’ল সপোনজ্যোতি ঠাকুৰ ৰচিত-পৰিচালিত
দেৰগাঁও নাট্যচৰ্চাৰ ‘মাউৰত নোযোৱা কেইটাৰ কাহিনী’৷ কিন্তু কেৱল হাইজা-ক’লাজ্বৰ-কোভিডেই
জানো মাউৰ (মহামাৰী) বা মৰক? বিহ্বল, গোমোঠা, সন্ত্ৰাসজৰ্জৰ সময়ো হৈ উঠিব পাৰে নেকি
মাউৰৰ তুল্য? ধান বনা DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com1tag:blogger.com,1999:blog-6508316108479994003.post-60151716616303578632023-02-03T09:53:00.005+05:302023-02-03T09:56:39.158+05:30বন্ধ খাম খোলাৰ পাছত প্ৰাসংগিক হ‘ব পাৰে এই কথা আজি, খন্তেক পাচতেই বন্ধ খাম
খোল খাব৷ তাৰ ঠিক প্ৰাকক্ষণত মনলৈ অহা দুআষাৰ৷
১৯৭৪ৰ কাণ্ড এই পত্ৰত থাকক-নাথাকক,
পৰৱৰ্তী কালত নীলমণি ফুকনক আঘাত দিয়া আন এষাৰ কথা ফুকনে উনুকিয়াই থৈ যাব পাৰে, হয়তো!
সেইটো হ‘ল ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ ষষ্ঠ খণ্ডত প্ৰদীপ আচাৰ্যই লিখা কথা৷ ফিলিপ কেমিনো
নামৰ কবি গৰাকীৰ যিটো কবিতাৰ পৰা ফুকনৰ কবিতা নকল কৰা বুলি অভিযোগ উঠিছিল, সেই কবিতাটোযে
আচলতে ফুকনৰেই কবিতাৰ অনুবাদহে DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-49959916905661861042023-02-01T21:01:00.006+05:302023-02-01T23:25:16.054+05:30সৃষ্টিৰ পৰা সৃষ্টিলৈ স্ৰষ্টাৰ দৃষ্টি দিগন্ত
ওজা
ভাস্কৰ
ঠাকুৰীয়াৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল ‘ই.তি.’ৰ মাধ্যমেৰে৷ এই ‘ই.তি.’ সামৰণি বুজুৱা
‘ইতি’ বা বহিঃগ্ৰহৰ প্ৰাণী বুজুৱা E.T. (Extra Terestrial) নাছিল৷ দুটা চৰিত্ৰ ইপ্সিতা
আৰু তিলকৰ নামৰ আদ্যাক্ষৰেৰে ই.তি. আছিল এক কাহিনীৰ শৃংখল, যাৰ মাজেৰে লেখকে কৰিছিল
দ্বিধা আৰু দ্বন্দ্বপূৰ্ণ অনেক সামাজিক সমস্যা তুলি ধৰাৰ প্ৰয়াস৷ ২০০৬ চনত তেতিয়াৰ
‘জনসাধাৰণ’ কাকতৰ আমাৰ দ্বাৰা সম্পাদিত দেওবৰীয়া DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-5914876091351904782022-12-31T15:25:00.001+05:302023-01-01T05:33:18.593+05:30 আহক, অলপ কল্পনা কৰোঁদিগন্ত ওজাআহক, অলপ কল্পনা কৰোঁ৷ আহক, অলপ ডুব যাওঁ ভাবালুতাত৷কল্পনা কৰোঁ বতাহত নোহোৱা হৈ গ'ল ধূলি-ধোঁৱা- যতমানে ৰোগৰ বীজাণু৷মনোৰম সেউজীয়াই আৱৰি ধৰিছে আমাৰ নগৰ-মহানগৰ-গাঁৱৰ প্ৰতিটো পথৰ দুদাঁতি৷ বতাহত সেই গছৰ সুহুৰি তল পেলাবলৈ কোনোৱে বজোৱা নাই উৎকট হৰ্ণ, কোনো চালকে প্ৰণয়ীৰ কাষৰ পৰা বিম্বাশৱদে ঢাপলি মেলা নাই পানশালালৈ, সকলো বাহনৰ গতিৰ শবদত মূৰ্তমান যেন ৰবিশংকৰ-বিলায়েৎ খাঁৰ যুগলবন্দী৷ আৰু তাত DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com2tag:blogger.com,1999:blog-6508316108479994003.post-62392750958254357852022-08-28T13:18:00.009+05:302022-08-29T06:29:36.229+05:30বঁটা-বাহনে সাহিত্যিকৰ মান নিৰূপণ নকৰে ‘ডাঙৰ
মানুহৰ সাধু’ৰ বাবে সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক, সাংবাদিক
দিগন্ত ওজাৰ সৈতে সাক্ষাৎকাৰ
সাক্ষাৎগ্ৰহণঃ কিশোৰ গোস্বামী
২০২২
বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু সাহিত্য বঁটাপ্ৰাপ্তিৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ আৰু
অসমীয়া সাহিত্যলৈ এই সন্মান কঢ়িয়াই অনাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
দিগন্ত ওজা : ধন্যবাদ৷আপোনাৰ
পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থখনৰ নাম ‘ডাঙৰ মানুহৰ সাধু’৷DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-43459979439281440422022-04-30T15:27:00.001+05:302022-04-30T15:27:10.210+05:30 আদা বেপাৰীক জাহাজৰ খবৰদিগন্ত ওজাপুৰণি কাকত খুঁচৰি থাকিলে অনেক সম্ভেদ পোৱা যায়৷বিশেষ কাৰণত ১৯৫০ৰ দশকৰ কাকতৰ পাত লুটিয়াই থাকোঁতে আমাৰ মূল কাৰণটোও বাদ দি আন কিছু বিষয়ে মন কাঢ়ি নিছে৷ দৃষ্টি আকৰ্ষণ কৰা তেনে এটা বিষয় হৈছে জাহাজৰ খবৰ৷কোৱা হয়, আদা বেপাৰীক জাহাজৰ খবৰ নালাগে৷ দেখাত আমিও জাহাজৰ খবৰৰ প্ৰয়োজন নথকা ‘আদা বেপাৰী’য়েই৷ কিন্তু আদা বেপাৰীক সঁচাকৈয়ে জাহাজৰ খবৰৰ প্ৰয়োজন নাথাকেনে? শদিয়ালৈ প্ৰথমবাৰ যাবলৈ ওলাওঁতে জ্যেষ্ঠ DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com1tag:blogger.com,1999:blog-6508316108479994003.post-889543210293124362022-03-06T13:57:00.006+05:302022-03-06T20:26:18.485+05:30অৰূপা পটংগীয়া কলিতাৰ সাহিত্য (৬ মাৰ্চ, ২০২২ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকাৰ জছনাৰ ঝিটাছ উপন্যাসৰ উন্মোচনী অনুষ্ঠানত দিয়া ভাষণৰ লিখিতৰূপ )দিগন্ত ওজা
ছোৱালীজনী গুৱাহাটীত ডাঙৰ হৈছিল৷ নিয়নোজ্জল
লাইটৰ শোভাই শৈশৱ-কৈশোৰত তন্ময় কৰি তুলিছিল স্বাভাৱিকভাৱেই৷ ওপজাৰে পৰা পোৱা ভায়েকৰ
হাঁহিভৰা মুখখন উজলি থাকে তাইৰ চকুৰ সন্মুখত ৷ যিকোনো সন্তানৰ দৰে তাইৰ বাবেও অপূৰ্ব-সুন্দৰ
মাকৰ যুঁইফুলৰ দৰে শুভ্ৰ মমতাময় মুখ৷ শৈশৱ-কৈশোৰত ককাৱকৰ DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-52587945424569040052022-02-22T22:41:00.000+05:302022-02-22T22:41:00.182+05:30নেজাল তৰাৰ দৰেবিদায়, নে
লগ পাম দুনাই?
দুৱাৰডলিত
মগজুৱে কথাষাৰ পিটিকি থাকোঁতে
গান্ধীনগৰ
ধুৱাই আছিল তমোময় ৰ’দে
নিশাহৰ দূৰত্বৰ
কায়াটোক লৈ আবেগৰ উজান-ভাটি
হাত শিথিল,
শৰীৰ আটিল
মনৰ পোৰণি,
বাহুৰ কঁপনিদুবাহু প্ৰসাৰিত হওঁ কি নহওঁতেইবেৰত ওলমি থকা ছবিখনৰ পৰা ওলাই আহিল অমিতাভকৰ্ণপটহত বজ্ৰধ্বনিৰ আঘাত, যি নিৰ্দেশত হতচকিত হৈছিল অংগুলিমালসকলোৱেইতো অস্থিৰ৷ সম্পৰ্ক৷ জীৱন৷ আবেগ৷ বিবেক৷ সময়৷মনৰ স্থিৰতাৰ সূত্ৰও জানো সহজDIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-51732551342535651522022-01-25T14:23:00.009+05:302022-01-26T14:59:52.017+05:30আয়ে মেৰে ৱতন কে লোগো...প্ৰথম পৰিৱেশন৷ ফটো ঃ জনসত্তাৰ ৱেব আৰ্কাইভৰ সৌজন্যত● দিগন্ত ওজাষাঠি বছৰত ভৰি থ’লে আয়ে মেৰে ৱতন কে লোগো... গীতটোৱে৷ বিগত ষাঠি বছৰত আসমুদ্ৰহিমালয় এনে কোনো ভাৰতীয় নাই, এই গীতটোৰ কথা-সুৰ-কণ্ঠই যাৰ হৃদয় বিগলিত কৰা নাই৷ লতাৰ সুৰৰ যাদুত অৰ্থ নুবুজাকৈয়ো এই গীতত তন্ময় হৈছে এই জম্বুদ্বীপৰ অগণিত শিশু-বৃদ্ধ৷ ১৯৬৩ চনত, চীনা আক্ৰমণৰ উদ্বেগ-আতংকত যেতিয়াও আচ্ছন্ন ভাৰত, গণৰাজ্য দিৱসৰ এক অনুষ্ঠানত DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-54564292386536340172022-01-25T10:36:00.004+05:302022-01-25T11:48:21.425+05:30কিতাপৰ ‘মূল্য’, কিতাপৰ ‘দাম’● দিগন্ত ওজা১৯৮৪ চনৰ কথা৷ পূজাৰ বতৰ৷ নিম্নমধ্যবিত্তীয় সংসাৰৰ জোৰা মাৰি ৰাহি কৰা ধনকেইটিৰে সন্তানক চোলা-পেণ্ট কিনি দিয়াৰ মানসেৰে মা ওলাই গৈছিল৷ আমাৰো মন অধীৰ৷ গধূলি ৰিক্সাৰ পৰা হাঁহি হাঁহি নামি অহা মাৰ হাতত কাপোৰৰ টোপোলা নাছিল, আছিল কিতাপৰ ভাণ্ডাৰ৷ মাৰ মুখেৰে জানিব পাৰিলোঁ, টাউনত ৰিক্সাৰ পৰা নামিবৰ পৰতে উমা ছাৰে (বাইদেউহঁতৰ শিক্ষক আছিল, পাছলৈ আমি পঢ়া বিদ্যালয়খন এৰি বেলেগ এখনলৈ গৈছিল) তেখেতৰ DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0tag:blogger.com,1999:blog-6508316108479994003.post-37219427828211130612022-01-23T13:38:00.005+05:302022-01-25T08:15:28.356+05:30যেন উপেক্ষা-অৱজ্ঞাৰ জীৱনদিগন্ত ওজা
মই গুৱাহাটীলৈ
পঢ়িবলৈ অহাৰ দেৰ-দুই বছৰৰ পাছৰ
কথা৷ জীৱনৰ কিছু অনিবাৰ্যতাত মন অবসন্ন, বিষণ্ণ৷ উপশম বিচাৰি বহোঁগৈ জিলা পুথিভঁড়াল
অথবা নবীন চন্দ্ৰ হল লাইব্ৰেৰীত, কেতিয়াবা উদভ্ৰান্তৰ দৰে খোজ কাঢ়ি ফুৰোঁ মহানগৰীৰ অলি-গলিত, ৰেলৱে’
ফুটব্ৰীজ অথবা গুৱাহাটী মেডিকেলৰ ৰিচিপচন হলত ঘণ্টাৰ পাছত ঘণ্টা থিয় দি আন কেতিয়াবা
নীৰিক্ষণ কৰি ৰওঁ শ শ অচিন-অজান নৰ-নাৰীৰ মুখ আৰু শৰীৰী ভাষা৷
তেনে এটা
দিনতে ৰাম DIGANTA OZA. দিগন্ত ওজাhttp://www.blogger.com/profile/17649081174632475590noreply@blogger.com0