“সামন্ত
যুগীয় চিন্তাধাৰাৰ পৰিৱৰ্তন হবই, তাৰ কাৰণে নিৰৱচ্ছিন্নভাৱে এইখন সমাজৰ ভিতৰতে এক প্ৰচেষ্টা
চলাই যাব লাগিব৷”
নগাঁও
জিলাৰ সোণাইপৰীয়া লোকসকলৰ জীৱন-আধাৰিত লক্ষ্মীনন্দন বৰাৰ উপন্যাস কাল ডিঙৰাৰ পালৰ কথা বহুতৰে জ্ঞাত৷ কিন্তু
এইখন উপন্যাসৰ প্ৰকাশৰ (১৯৮৮ চন) এটা দশকৰ পূৰ্বেই সেই একেখন কৃষিজীৱী সমাজৰ আধাৰত
১৯৭৫ চনৰ ছমহীয়া নীলাচলত প্ৰকাশ পাইছিল
সোণাইৰ সোঁত নামৰ এখন উপন্যাস— যিখনৰ লেখকে
পৰৱৰ্তীকালত স্বীকাৰ কৰিছিল যে আংগিকৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল, উপন্যাস
হিচাপে ইয়াৰ সফলতাক লৈ তেওঁ আগ্ৰহীও নাছিল, “উপন্যাস কলাতকৈ… বক্তব্যৰ প্ৰতিহে” তেওঁ
আছিল “অধিক সচেতন”৷ সন্দেহ নাই, এনে কাৰণতেই ‘সোণাইৰ
সোঁত’-এ ইয়াৰ স্ৰষ্টা প্ৰফুল্ল মহন্তক ঔপন্যাসিক বা কাহিনীকাৰৰূপে সবল পৰিচয় গঢ়াত
সহায় কৰিব নোৱাৰিলে৷ কিন্তু বিচাৰ কৰি চালে দেখা যাব, অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ মাজেৰে ১৯৯১ চনত যিজন ব্যক্তিক অসমৰ
পঢ়ুৱৈয়ে পালে, সেই ব্যক্তিজনৰ সমাজ নীৰিক্ষণ আৰু জীৱনবীক্ষাৰ উন্মেষ ঘটিছিল দেৰ দশকৰো
পূৰ্বৰ ‘সোণাইৰ সোঁত’ৰ মাজেৰেই৷ এই লেখকজনে
সেই তেতিয়াই স্পষ্ট মন্তব্য কৰিছিল— “সামন্ত
যুগীয় চিন্তাধাৰাৰ পৰিৱৰ্তন হবই, তাৰ কাৰণে নিৰৱচ্ছিন্নভাৱে এইখন সমাজৰ ভিতৰতে এক প্ৰচেষ্টা
চলাই যাব লাগিব৷” বা, সেইদৰে— “দেউ, বেদৰ কথা
ক’লে বহুত তললৈ যাব৷ বেদৰ দোহাই দি দি যতমানে অপকৰ্ম আপোনালোকে কৰি থাকিব তাত দোষ নাই,
আমি কিবা এটা ক’ব নোৱাৰাকৈ কৰিলেই আমাৰ ওপৰত জাপ মাৰি পৰিব৷”
উপন্যাসখনৰ
এই দুটা বিশেষ উদ্ধৃতি দিয়াৰ কাৰণ এইটোৱেই যে দুয়োটাৰ মাজেৰে এপিনে প্ৰতিধ্বনিত হৈছে
সামন্তযুগীয় শোষণ ব্যৱস্থাৰ বিৰুদ্ধে বলিষ্ঠ ধ্বনি, আনপিনে প্ৰতিফলিত হৈছে ব্ৰাহ্মণ্যবাদী
সমাজখনৰ বিভাজিত বিধিৰ বিৰুদ্ধে বিদ্ৰোহ৷ দুয়োটাৰ ঘনিষ্ঠ সংযোগেই অসমৰ সমাজ গাঁঠনি
এনেদৰে নিয়ন্ত্ৰণ কৰিলে—যাৰ পৰিণতিত ঠন ধৰি উঠাৰ সম্ভাৱনা থকা অসমৰ সমাজখন সোলোক-ধোলোক
হ’ল আৰু বৰ্ণহিন্দু অসমীয়াৰ জাত্যাভিমানে পূৰ্বাপৰ বাস কৰি অহা জনজাতীয় লোকসকলৰ মনত
সন্দেহ-শংকাৰ কুণ্ডলী পকাই নিজ নিজ আৱৰ্তৰ মাজতে উত্তৰণৰ বাট বুলিবলৈ প্ৰৰোচিত কৰিলে৷
মন কৰিবলগীয়া কথা এইটোৱেই যে প্ৰফুল্ল মহন্তই তেওঁৰ পৰৱৰ্তী প্ৰায় সমস্ত ৰচনাতে বিগত
সময়ৰ অসমৰ বিভিন্ন উপকৰণৰ মাজেৰে সমাজৰ এই কেৰোণবোৰ তুলি ধৰি আহিছে নিৰলসভাৱে, ঐকান্তিক
নিষ্ঠাৰে, গভীৰ হৃদয়ানুভুতিৰে৷ তাকে কৰোঁতে মহন্তৰ ভাষা বহুসময়ত হৈ উঠিছে শক্তিশেল,
শব্দই লৈছে শাণিত ৰূপ৷ জন্মসূত্ৰে এখন উচ্চবৰ্ণ অসমীয়া সমাজৰ প্ৰতিনিধি হ’লেও তেওঁ
সেই অসমীয়া সমাজৰহে প্ৰতিভূ, যিখন সমাজ বৰ্ণ-সম্প্ৰদায়-ধৰ্মৰ ক্ষেত্ৰত সাম্যবাদী৷ এনে
কাৰণতেই সমাজৰ কেৰোণ বিচাৰ কৰি পূৰ্বজ বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধেও মহন্তৰ গৰ্জনৰ তীব্ৰতা
কেতিয়াবা পঢুৱৈৰ বাবে মৰ্মভেদী হৈ উঠে৷ আমাৰ ধাৰণা হয়, নিজে জন্মসূত্ৰে উচ্চবৰ্ণৰ হোৱা
বাবেই এনে এচাম মানুহৰ গোড়ামি তথা জাত্যাভিমানে মহন্তক গভীৰ যাতনা দিয়ে, আৰু তাৰ উপশমৰ
বাবেই তেওঁ সেইসকল লোকৰ কৃতকৰ্মৰ বিৰুদ্ধে বজ্ৰকণ্ঠে গুজৰি উঠে৷ তেওঁৰ বিভিন্ন কিতাপৰ
মাজেৰে যাত্ৰাই এনে কথাবোৰেই প্ৰতিফলিত কৰে৷
আমাৰ বিশ্বাস, এইসমূহ দিশ মনত ৰাখিহে সমাজ বিজ্ঞানী হিচাপে প্ৰফুল্ল মহন্তৰ
দৃষ্টিকোণ আৰু দৰ্শনৰ বিশদ বিচাৰ সম্ভৱপৰ৷
***
ড° হীৰেন গোহাঁইৰ ভাষাত “এক তথ্যনিষ্ঠ, বিশ্লেষণাত্মক আৰু নিৰ্মোহ আলোচনাৰে বিষয়টোক এক
ধৰণৰ গভীৰতা দান কৰা” প্ৰফুল্ল মহন্তৰ অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ পাতনিত ড° গোহাঁয়ে মন্তব্য কৰিছিল—“…মাণিকচন্দ্ৰ বৰুৱাৰ
ব্যৱসায়ত কেনে লোকচান হৈছিল, লক্ষ্মীনাথ বেজবৰুৱা কিয় অসমলৈ উভতি নাহিছিল, তৰুণ ফুকন
আৰু নবীন বৰদলৈ কিয় গান্ধী আৰু নেহৰুৰ দৰে সৰ্বভাৰতীয় নেতা নহ’ল, কেতিয়াবা অম্বিকাগিৰী
আৰু বেণুধৰ শৰ্মাই ব্ৰিটিছৰ লগত সহযোগ কৰিছিল ধৰণৰ আহুকলীয়া প্ৰশ্ন আমি নকৰোঁ৷” অথচ
অতীত আৰু ঐতিহ্যপ্ৰীতিৰে একালৰ দিগগজ পুৰুষৰ ওপৰত মোহান্ধ মহত্ব আৰোপ কৰাৰ বিপৰীতে ড° গোহাঁইয়ে কোৱাধৰণৰ ‘আহুকলীয়া প্ৰশ্ন’বোৰৰ তৰপেই ঢাকি ৰাখিছে সেইবোৰ সত্য, যাৰ আলোকত
সীমাৱদ্ধতাৰ মেৰঘৰৰ খিৰিকি বিচাৰি পাব পাৰি৷ ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা অসমীয়া জাতীয়তাবাদৰ
অণু-পৰমাণু থূপ খাই সৌধ এটা হ’ল ঠিকেই, পিছে থূপ খোৱা সেই অণু-পৰমাণুসমূহ ঐকীভূত নোহোৱাৰ
পৰিণতিত জাতীয়তাবাদৰ বলয়টোত মাধ্যাকৰ্ষণীয় শক্তিৰ উদ্ভৱ নহ’ল৷ কেন্দ্ৰীয় আকৰ্ষণী বলৰ
অবিহনে যে গোট খোৱা সমলসমূহো অচিৰেই পৰস্পৰৰ পৰা বিচ্যুত হ’ব পাৰে, সেইকথাৰ প্ৰতি তেতিয়াৰ
অসমীয়া বিদ্বৎসমাজৰ অমনোযোগিতা আজি সৰ্বজনজ্ঞাত৷
লক্ষণীয়
কথাটো হ’ল ১৯৭০ৰ দশকৰ আগলৈকে এনে কথাবোৰ ফঁহিয়াই চাবলৈকো অসমৰ চিন্তক সমাজৰ যেন অনীহা
আছিল প্ৰবল৷ অমলেন্দু গুহ, ড° হীৰেন গোহাঁই আদিয়ে কটা বাটেৰে বন-জংঘল নিৰুকাই, কিন্তু
পৰম্পৰাগত পথেৰে বাট বুলাত অভ্যস্তসকলৰ সন্দিগ্ধতাৰ ধূলি-মাকটি গাত সানি পৰৱৰ্তীকালত
যিসকলে এই বিষয়টোত নিৰলস ব্ৰতী হৈ ৰ’ল, প্ৰফুল্ল মহন্ত তেওঁলোকৰেই অন্যতম৷ কিছু অতিশয়োক্তি
যেন লাগিলেও কবই লাগিব যে নবন্যাসৰ ঊষালগ্নৰ পৰা এই ২০২১লৈকে অনেক আলি-দোমোজাৰে পাৰ
হৈ অহা অসমীয়া সমাজখনক বুজিবলৈ হ’লে মহন্তৰ ৰচনাৰাজিৰ পঠন অপৰিহাৰ্য৷ অসমীয়া সমাজ বুলি যদি
ভৱিষ্যতেও কিবা থাকে, সেই সমাজৰ গতি-প্ৰকৃতি নিৰ্ধাৰণ কৰিবলৈকো মহন্তৰ সকলো ৰচনা নহ’লেও
অন্ততঃঅসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ
লগতে যি তিনিখন কিতাপৰ পাত লুটিয়াবই লাগিব, সেয়া হৈছে অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ (১৯৯৪), জনগোষ্ঠীয় চেতনা ঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন (২০০৩) আৰু বিষয় ঃ জনজাতিৰ মৰ্মবেদনা (২০১৪)৷
আমাৰ এই তালিকাক লৈ কাৰোবাৰ মনত প্ৰশ্ন উঠিব পাৰে, বড়ো জনজাতীয় সমস্যাক কেন্দ্ৰ কৰি ড° মহন্তই জনজাতীয় স্বাধীকাৰ আন্দোলন আৰু বড়ো জাতিসত্তা (২০১১, ২০১৪), ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা, শংকৰদেৱ আৰু বড়ো জাতি’(২০১৪) আৰু বিশেষকৈবড়োভূমিৰ উচুপনি (২০১৪)ৰ দৰে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰাৰ পাছতো আমি নিতান্তই পঠনীয় কিতাপৰ তালিকাত ইয়াৰে এখনো অন্তৰ্ভূক্ত নকৰিলোঁ কিয়?
ইয়াৰ উত্তৰটোও আমি তালিকাভুক্ত কৰা মহন্তৰ কিতাপৰ মাজতে আছে৷ বড়ো জনজাতীয় সমস্যাক কেন্দ্ৰ কৰি লিখা এই কিতাপ কেইখনেই কেৱল নহয়— যোৱা প্ৰায় দেৰ দশক ধৰি মহন্তই জটিল শাৰীৰিক ব্যাধিকো নেওচি প্ৰবল মনোবল আৰু একাগ্ৰতাৰে কাকত-আলোচনীত লিখি অহা প্ৰবন্ধৰাজিও এই সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ, তাত সন্দেহ নাই৷ কোনো গৱেষকে মহন্তৰ এই সম্পৰ্কীয় মন্তব্যত দ্বিমত প্ৰকাশ কৰিব পাৰে— কাৰণ, খ্যাতিমান ইতিহাসবিদ ড° হেৰম্বকান্ত বৰপূজাৰীয়ে আমাৰ অসম কাকতত আমি দুটা দশকৰো আগতে লোৱা এটা সাক্ষাৎকাৰত মন্তব্য কৰাৰ দৰে “ইতিহাসৰ ইতিহাসত শেষ সত্য বুলি কোনো কথা নাই”— কিন্তু মহন্তৰ বক্তব্য কোনো গৱেষকে গ্ৰহণ কৰিব নুখুজিলেও তেওঁ আগ বঢোৱা চিন্তাসূত্ৰৰ বেহু নতুন যুক্তিৰে শক্তি সঞ্চয় কৰিহে অতিক্ৰম কৰিব লাগিব৷ এই প্ৰসংগত ১৯৮৯ চনৰ এক বিতৰ্কৰ উত্তৰ দিবলৈ গৈ প্ৰফুল্ল মহন্তই কৰা এই মন্তব্যও তুলি ধৰিব পাৰি—“…মত সংঘাতৰ পৰাই এদিন সত্য উন্মোচিত হ’ব আৰু অন্তৰ্ৱৰ্তী কালত উদ্ভুত হোৱা এই মতান্তৰ মনান্তৰত পৰ্যবসিত নহ’লেই আমাৰ সমাজত সুস্থ জীৱনধাৰা জীয়াই থাকিব পাৰিব বুলি মোৰ বিশ্বাস৷” (অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, পৃ. ১৩১) তথাপি আমি নিৰ্ধাৰিত চাৰিখন কিতাপৰ মাজত বড়ো জনজাতি সন্দৰ্ভত মহন্তৰ প্ৰচুৰ অধ্যয়নৰ চানেকি নৰখাৰ যুক্তি এইটোৱেই যে তেওঁৰ এনে অধ্যয়নৰ বীজটো নিহিত আছে উল্লেখিত কিতাপ কেইখনৰ মাজতেই৷ ক’ব পাৰি, মহন্তই অসমৰ জনজাতীয় সমস্যাটো যি দৃষ্টিকোণেৰে নিৰীক্ষণ কৰিবলৈ লৈছিল, বড়োসকলৰ জাগৃত চেতনা হৈ উঠিল সেই দৃষ্টিকোণৰ পৰীক্ষাথলী৷ এই পথত সমাজ বিজ্ঞানীগৰাকীয়ে নতুন তথ্য আৰু সূত্ৰৰো আগমন ঘটাইছে হয়, কিন্তু সেই সকলোবোৰ তেওঁ ইতিপূৰ্বে গঢি তোলা ধ্যান-ধাৰণাৰ আধাৰতেই৷ প্ৰবন্ধৰ দৈৰ্ঘ্য আৰু সময়ে সুযোগ দিলে এই আলোচনাৰ পৰৱৰ্তীস্তৰত আমি তেনে ইংগিত দি যাম, অন্যথা প্ৰয়োজনসাপেক্ষে ভৱিষ্যতে সেই বিষয়ে সুকীয়া নিবন্ধত বিষয়টো বিশ্লেষণ কৰাৰ মানস কৰা হ’ল৷
***
“আমি
শাসন-বিচাৰ আদি ৰাজনৈতিক বিষয় বিলাকত হস্তক্ষেপ কৰিব নোখোজো” বুলি আত্মপ্ৰকাশ কৰা ‘আসাম-বন্ধু’ৰ এই ঘোষণাতে সম্পাদক গুণাভিৰামৰ
“অজ্ঞাতেই অসমীয়া মধ্যবিত্তৰ শ্ৰেণী-চৰিত্ৰ আৰু গঠন-বিন্যাস সুন্দৰভাৱে প্ৰকাশ পাইছে”
(অসমীয়া জাতীয়তাবাদৰ…, পৃ. ১২) বুলি ঘোষণা
কৰা প্ৰফুল্ল মহন্তৰ মতে “মধ্যবিত্তই শ্ৰেণীগত
বিকাশৰ প্ৰয়োজনতে সাৰ্বজনিক সভা, ৰায়ত সভা আদি গঠন” (পূৰ্বোক্ত, পৃ. ১২) কৰি “আগৰ ৰাইজমেলৰ সংগ্ৰামী
পথ এৰি চৰকাৰৰ ওচৰত আবেদন-নিবেদনেৰে ৰাইজৰ অভাৱ-অভিযোগ দূৰ কৰাৰ পথ গ্ৰহণ কৰিছিল৷ আবেদন-নিবেদনৰ
এই পথতেই মধ্যবিত্তই লাহে লাগে বিকাশ লাভ কৰিছিল৷” (পূৰ্বোক্ত, পৃ. ১১) তেওঁৰ ধাৰণা,
এই পথতো থলুৱা আৰ্থিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনক লৈ নৱোদিত অসমীয়া মধ্যশ্ৰেণী আছিল
অতি স্পৰ্শকাতৰ, আৰু এনে “দুৰ্বলতাৰ কাৰণেই তেওঁলোকৰ (কংগ্ৰেছৰ) সৰ্বভাৰতীয় জাতীয় চেতনাক
বাট এৰি দিয়া নাছিল৷” (পূৰ্বোক্ত, পৃ. ১৪) সেইবাবেই কংগ্ৰেছৰে সংযোগলৈ অহাৰ পাছতো অসমৰ
মধ্যশ্ৰেণীৰ প্ৰতিনিধিয়ে অসমত আৰম্ভণিতে কংগ্ৰেছ গঠন নকৰি গঠন কৰিছিল ‘আসাম এছোছিয়েশ্যন’,
যিটো সংগঠনে এপিনে সাম্ৰাজ্যবাদ বিৰোধী জাতীয় চেতনাকো বাট এৰি দিব নুখুজিলে, আৰু আনপিনে
অসমীয়া মধ্যবিত্তক স্বদেশী আন্দোলনে প্ৰভাৱিত কৰাৰ ক্ষেত্ৰতো হেঙাৰ হৈ ৰ’ল৷ অৱশ্যে
“প্ৰবীণ মধ্যবিত্তৰ আপত্তি আওকান কৰি” আসাম এছোছিয়েশ্যনৰ বুকুতে ১৯১৬ চনৰ ২৫ ডিচেম্বৰত
অসম ছাত্ৰ সন্মিলন জন্ম দিয়া কথাটোলৈ আঙুলিয়াই মহন্তই ক’ব খোজে যে ছাত্ৰ সমাজৰ ভূমিকাতেই এছোছিয়েশ্যনৰ
চৰিত্ৰলৈ পৰিৱৰ্তন আহিছিল, আৰু ১৯১৭ চনত এছোছিয়েশ্যনৰ তেৰজনীয়া প্ৰতিনিধিৰ দল এটাই
কংগ্ৰেছত যোগ দিছিল— এনেকৈয়ে অসমীয়া মধ্যশ্ৰেণী ভাৰতীয় জাতীয় আন্দোলনৰ লগত জড়িত হৈ পৰিছিল৷
তৎসত্বেও ব্ৰিটিছ পুঁজিৰ লগত জড়িত মধ্যশ্ৰেণীটোৰ অসহযোগ আন্দোলনৰ প্ৰতি আছিল অসহযোগিতা৷
অসমীয়া
মধ্যশ্ৰেণীটোৰ প্ৰতিয়েই নহয়, ভাৰতীয় মধ্যশ্ৰেণীটোৰ প্ৰতিও মহন্তৰ ক্ষোভ সহজাত৷ তোওঁৰ
স্পষ্ট অভিমত— “ব্ৰিটিছ শাসন-শোষণৰ বিৰুদ্ধে প্ৰথম সংগ্ৰাম কৰিছিল কৃষকে৷ গতিকে সেই
অখ্যাত সংগ্ৰামী কৃষকসকলেই ভাৰতীয় প্ৰকৃত (বিপ্লৱী) জাতীয়তাবাদৰ জনক৷ অথচ ভাৰতীয় জাতীয়তাবাদৰ
জনক হিচাপে স্বীকৃতি দিয়া হৈছে ব্ৰিটিছ শাসন-শোষণৰ ওপৰত একান্ত নিৰ্ভৰশীল উচ্চ মধ্যবিত্ত
শ্ৰেণীক, যিটো শ্ৰেণীৰ মূল ৰাজনৈতিক লক্ষ্য আছিল ব্ৰিটিছ স্বাৰ্থত আপোচ কৰি নিজ শ্ৰেণী
স্বাৰ্থ ৰক্ষা কৰা৷” (পূৰ্বোক্ত, পৃ. ১৮) গান্ধী সন্দৰ্ভতো তেওঁৰ কঠোৰ মন্তব্য—“সাম্ৰাজ্যবাদতকৈ
বিপ্লৱী শক্তিলৈহে গান্ধীয়ে বেছি ভয় কৰিছিল৷” (পূৰ্বোক্ত, পৃ. ১৯)
পাঁচশ
বছৰজুৰি শংকৰী ঐতিহ্যৰ গণভিত্তিৰ কাৰণটো, মহন্তৰ মতে, “অসমৰ সমাজ-বিকাশৰ এক বিশেষ ঐতিহাসিক পৰ্যায়ত” জন্মগ্ৰহণ কৰা “শংকৰদেৱে তৎকালীন সেই জনগণৰ
প্ৰাণ প্ৰৱাহৰ লগত নিজকে বিলীন কৰি তেওঁলোকৰ আত্মাৰ খোৰাক যোগাবলৈ সক্ষম” হোৱাটো৷ (পূৰ্বোক্ত,
পৃ. ৩০) প্ৰসংগতঃ তেওঁ মাৰ্ক্সীয় দৃষ্টিকোণেৰে শংকৰদেৱক ন-ৰূপত আৱিষ্কাৰ কৰাত গুৰিব’ঠা
ধৰোঁতা হীৰেন গোহাঁইয়ে কীৰ্ত্তন পুথিৰ ৰস বিচাৰত
কৰা মন্তব্যও তুলি ধৰিছে৷ ড° গোহাঁইৰ ভাষাত, শংকৰদেৱে এহাতে তৎকালীন জনগণৰ “ৰুচি অধিক
মাৰ্জিত, সংস্কৃত অধ্যয়নপুষ্ট মনৰ প্ৰভাৱেৰে উন্নত কৰা আৰু আনহাতে তেওঁলোকৰ মানসিকতাই
ঢুকি পোৱাকৈ লোকায়ত সাহিত্য ৰচনা কৰা মাও জে দঙে উল্লেখ কৰা এই দ্বিমুখী কাৰ্য সম্পন্ন
কৰিছিল অবিস্মৰণীয় সফলতাৰে৷” মহন্তই দেখা পাইছে যে শংকৰৰ এই ভূমিকা আৰু গুৰুত্ব অনুধাৱন
কৰিছিল জ্যোতিপ্ৰসাদে, আৰু সৰ্বাধিক বিষ্ণু ৰাভাই৷ অসমীয়া মধ্যশ্ৰেণীৰ চিন্তাধাৰাৰ
বিৱৰ্তন আৰু বিস্তাৰৰ লগতে জাতীয় চেতনাৰ বৈবিধ্যৰ আলোচনা প্ৰসংগত মহন্তই ৰাভা আৰু জ্যোতিৰ
চিন্তাধাৰাত বিশেষ আলোকপাত কৰাত গুৰুত্ব দিছে৷ এইক্ষেত্ৰত তেওঁ হীৰেন গোহাঁইয়ে দেখুৱাই
যোৱা পথকে অনুসৰণ কৰিছে৷ এইকথা সৰ্বজনজ্ঞাত যে মাৰ্ক্সীয় দৃষ্টিকোণেৰে অসমৰ বহু সমস্যা আৰু দিশ তুলি ধৰাত একনিষ্ঠভাৱে ব্ৰতী হৈ ৰোৱা হীৰেন গোহাঁইয়ে জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাকো এই আলোকতে প্ৰথমবাৰলৈ আৰু গভীৰভাৱে বিশ্লেষণ কৰিছিল৷ এইক্ষেত্ৰত ড° গোহাঁইৰ ‘জ্যোতিপ্ৰসাদৰ মানসিক সংকট
আৰু তেওঁৰ উত্তৰণ’, ‘জ্যোতিপ্ৰসাদৰ চিন্তাধাৰাৰ বিৱৰ্তন আৰু সাম্প্ৰতিক চেতনাত জ্যোতিপ্ৰসাদ’,
‘বিষ্ণু ৰাভাৰ চিন্তাধাৰাৰ স্বৰূপ’, ‘বিষ্ণু ৰাভা আৰু জনজাতীয় স্বৰূপ’ আদি প্ৰবন্ধলৈ
আঙুলিয়াব পাৰি৷ আমাৰ বিচাৰত ড° গোহাঁইৰ এই প্ৰবন্ধকেইটি জ্যোতি-বিষ্ণু চৰ্চাৰ সাৰ্থক
দলিলস্বৰূপ৷ প্ৰফুল্ল মহন্তৰ বিশেষ ভুমিকা এইখিনিত যে জ্যোতি-বিষ্ণুৰ এই গুৰুত্বক তেওঁ
মধ্যশ্ৰেণীৰ ৰূপান্তৰৰ সৈতে বিচাৰ কৰি বিগত সময়ৰ সামাজিক ইতিহাস তুলি ধৰাৰ চেষ্টা কৰিছে৷
সেয়া
কেনেকৈ?
মহন্তই
অসমৰ আনসকল মাৰ্ক্সীয় সমাজ বিশ্লেষকৰ দৰেই মন কৰিছে যে জীৱনৰ শেষ পাঁচ বছৰত জ্যোতিপ্ৰসাদে যোগোৱা অৱদানে “উত্তৰ
পুৰুষক কৰ্মপ্ৰেৰণা যোগাই আছে আৰু থাকিব৷” তেওঁ এইবুলিও উল্লেখ কৰিছে যে জ্যোতিৰ চেতনা
প্ৰৱাহৰ পৰিণতিয়ে মধ্যশ্ৰেণীক শংকিত কৰি তুলিছিল আৰু সেয়ে জ্যোতিৰ ৰূপান্তৰক ঢাকি ৰখাৰো
প্ৰয়াস চলিছিল (বা চলিছে) (অসমীয়া জাতীয়তাবাদৰ…, পৃ. ৬৩)—যদিও ইয়াৰ উদাহৰণাত্মক বিশ্লেষণ
দাঙি ধৰাৰ পৰা মহন্ত বিৰত থাকিল৷ অৱশ্যে জ্যোতি-বিষ্ণুৰ পথনো কেনে তাৰ আভাস মহন্তই তেওঁৰ লেখাৰ মাজেৰে দিছে৷ সেই পথ কেৱল প্ৰভুত্বশালী
লোকসকলৰ সুবিধাৰ্থে লোৱা পথ নহয়, খাটি খোৱা সৰ্বসাধাৰণৰো— জাত- পাত- বৰ্ণ- ধৰ্ম সম্প্ৰদায়
নিৰ্বিশেষে সকলোৰে মংগল ভাৱনাৰ পথ৷
মহন্তৰ
এই পথ নিসন্দেহে সমাজবাদী, বা অধিক স্পষ্টকৈ মাৰ্ক্সীয় দৰ্শনৰ পথ৷ তেওঁৰ বিদ্ৰোহী ভাৱনা
সেয়ে খাজনা শোষণৰ বিৰুদ্ধে মধ্যশ্ৰেণীৰ নিৰৱতাত তীব্ৰতৰ হৈ উঠে, কেতিয়াবা প্ৰয়োজনাতীত
ক্ষোভেৰে৷ অতীত ভুলৰ কঠোৰ সমালোচনায়েই ভৱিষ্যতৰ মাৰ্গ নিৰ্ণয় কৰিব নোৱাৰে— সেই সমালোচনাই
সমাজৰ গভীৰত প্ৰোথিত বিকাৰৰ বীজসমূহ উৎখাত কৰাতো অনুঘটক হ’ব লাগিব৷ তদুপৰি সমাজ এক অবিৰত পৰিৱৰ্তনশীল প্ৰক্ৰিয়া— অনেক উপকৰণে নিয়ন্ত্ৰণ
কৰা জনতাৰ চেতন-মননৰ বৈচিত্ৰ্যই এই পৰিৱৰ্তনত নিজা ভূমিকা পালন কৰে৷ অতীতৰ ভুল নিৰূপনত
সেয়ে ভাবাবেগ বৰ্জন অতি জৰুৰী, যিটো মহন্তই মাজে-সময়ে পৰিহাৰ কৰি চলা যেনো অনুভৱ হয়৷
অৱশ্যে ড° মহন্তই কেৱল অতীতৰ ভুল নিৰ্ধাৰণতে সচেষ্ট নহয়, তেওঁ অতীতৰ সাৰ্থক কথাবোৰ তুলি ধৰি
সঠিক পথৰো সন্ধান দিয়াত ব্ৰতী৷ সমন্বয়াত্মক অসমৰ সমাজ-সংস্কৃতিৰ পথত তেওঁ জ্যোতি-বিষ্ণুৰ
উপৰি তুলি ধৰিছে আন বহু দিগগজৰ চিন্তাধাৰা, যাৰ মাজত আছে অম্বিকাগিৰীও৷ মহন্তৰ ভাষাত
যিজনে “অসমৰ সকলো জনগোষ্ঠীৰ নাম উল্লেখ কৰি ডেকা বয়সৰ আত্মবিশ্বাস আৰু দৃঢতাৰে তিনি
কুৰি চাৰি বছৰ বয়সত কৈছিল— “উঠা, যোৱা, সেই আগৰ দৰেই তোমাৰ পৰ্ব্বতবাসী ভাই-ভনীসকলক
বুকুত সুমুৱাই আঁকোৱালি লোৱাগৈ৷ নমাই আনা ভৈয়ামলৈ
তেওঁলোকক তোমাৰ মাজত সন্মানীত স্থান দিবলৈকে— আৰু যোৱাগৈ পৰ্ব্বতলৈ উঠি তেওঁলোকৰ মনৰ
পৰা তোমাৰ ওপৰত পুহি ৰখা সন্দেহৰ ভাৱ নিৰ্মূল কৰি তোমাৰ একাত্মবোধৰ উদাৰতাৰে তেওঁলোকৰ
হৃদয় জয় কৰিবলৈকে৷” (বিষয় ঃ জনজাতিৰ মৰ্মবেদনা,
পৃ. ১২৫)
ৰায়চৌধুৰীৰ বাণীক কাৰ্যত পৰিণত কৰিবলৈ তৎকালীন প্ৰভাৱশালী গোষ্ঠী যত্নপৰ হোৱাহেঁতেন অসমৰ পৰৱৰ্তী দুৰ্যোগ প্ৰৱল নহ’লহেঁতেন৷ এইখিনিতেই মহন্তৰ ক্ষোভৰ সংগত কাৰণ পঢ়ুৱৈয়ে কিছু সমবেদনাৰে উপলব্ধি কৰিব পাৰিব নিশ্চয়৷
***
ড° প্ৰফুল্ল মহন্তৰ সৰ্বোত্তম কৃতি (magnum opus)
হিচাপে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ
কথা বিগত তিনিটা দশকজুৰি অসমৰ সামাজিক ইতিহাসৰ ক্ষেত্ৰত চৰ্চিত হৈ আহিছে৷ সমাজ
এখনৰ নিয়ন্ত্ৰাৰ ভূমিকাত অৱতীৰ্ণ হোৱা মধ্যশ্ৰেণীৰ গতি-গোত্ৰ আৰু চেতন-মননৰ
বিশ্লেষণেহে উক্ত সমাজখনক গভীৰভাৱে হৃদয়ংগম কৰাত সহায়ক হয়৷ অসমত এনে বিশ্লেষণৰ
প্ৰয়াস চলিছিল ১৯৭০ৰ দশকত প্ৰকাশিত তিনিমহীয়া আলোচনী নতুন পৃথিৱীৰ পাতত৷ ড° ৰমেশ চন্দ্ৰ কলিতাৰ ‘স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা’, (নলবাৰী, ১৯৮৬) লক্ষ্মীনাথ
তামুলীৰ ‘ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ
অৱদান’ (যোৰহাট, ১৯৮৮), বা ড° অমলেন্দু
গুহৰ জমিদাৰকালীন গোৱালপাৰাৰ আৰ্থ-সামাজিক
অৱস্থা (১৯৮৪) আদিতো অসমীয়া মধ্যশ্ৰেণীৰ এনে ভূমিকাৰ বিষয়ে
আলোকপাত কৰা হৈছিল৷ কিন্তু সুকীয়াকৈ অসমীয়া মধ্যশ্ৰেণীৰ বিষয়ে বিস্তৃত আলোচনাৰ
ক্ষেত্ৰত ড° মহন্তৰ গ্ৰন্থখনেই
প্ৰথম গুৰুত্বপূৰ্ণ নিদৰ্শন৷ মহন্তৰ কিতাপখন পালোঁ বাবেই আমি পৰৱৰ্তী কালত পালোঁ অনিল
ৰায়চৌধুৰীৰ নামনি অসমৰ মধ্যশ্ৰেণী (গুৱাহাটী, ১৯৯৮) বা আৰু পাছলৈ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ অসমৰ সামাজিক ৰূপান্তৰ আৰু মধ্যশ্ৰেণীৰ বিকাশ (গুৱাহাটী, ২০০৫)৷
এইটো ঠিক যে মহন্তৰ গ্ৰন্থখনত দাঙি ধৰা বক্তব্য পৰৱৰ্তীস্তৰত উদ্ধাৰ হোৱা তথ্যৰ
আধাৰত ন-কৈ অৱলোকন কৰা হৈছে; কিন্তু অধিক গভীৰ
আলোচনাৰ বাবে উদ্বুদ্ধ কৰা হিচাপেও অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ গুৰুত্ব মন কৰিবলগীয়া৷
লক্ষ্যণীয়
কথাটো হ’ল ড° মহন্তই নিজেও অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ
সংবৰ্ধন ঘটাইছে৷ গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণত (২০০৯) ‘অসমীয়া মধ্যবিত্ত শ্ৰেণী’ আৰু
‘প্ৰাচীন আৰু মধ্যযুগীয় অভিজাত শ্ৰেণীৰ উত্থান আৰু পতন ঃ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ
উদ্ভৱ’ শীৰ্ষক দুটি দীঘলীয়া আলোচনাৰ সংযোজন ঘটাইছে৷ (যদিও আমি গ্ৰন্থ এখনৰ নতুন
সংস্কৰণত নতুন পাঠ জুৰি দিয়াতকৈ পৰিপুৰক গ্ৰন্থ লিখাৰ সপক্ষেহে জোৰ দিওঁ৷) সংযোজিত
অধ্যায় দুটা বিষয়টোক লৈ সমাজ বিজ্ঞানীগৰাকীৰ নিৰন্তৰ অধ্যয়নৰেই ফচল৷ অনুভৱ হয়, এনে
অধ্যয়নৰেই তেওঁ অসমত মধ্যশ্ৰেণীৰ আৰ্যদম্ভ অধিক গভীৰভাৱে লক্ষ্য কৰিছে আৰু
সমান্তৰালভাৱে দেখা পাইছে পূৰ্বাপৰ বাস কৰি অহা জনজাতীয় সমাজখনক কৰা
অৱহেলা—“এনেকৈয়ে উচ্চবৰ্ণহিন্দু সমাজখনে বৰ্ণ-বৰ্ণবাদ (cast-castism)ক
জাতি-জাতিয়তাবাদ (nation-nationalism)ৰ
লগত একাকাৰ কৰি জাতিৰ আধাৰত অসমীয়া মধ্যবিত্ত শ্ৰেণীটোক এটা সু-সংহত ৰূপ দিবলৈ
সক্ষম হয় আৰু বহুভাষিক, বহুজাতিক, বহুধৰ্মীয়, জনজাতি প্ৰধান অসমত বৰ্ণহিন্দু
প্ৰধান অসমীয়া মধ্যবিত্ত সমষ্টিৰ লোকসমষ্টিয়েই প্ৰভূত্বশালী অসমীয়া জাতিৰূপে
পৰিগণিত হয়৷” (অসমীয়া মধ্যবিত্ত…, ২০০৯,
পৃ.২২) মহন্তই পৰৱৰ্তী কালত কৰা সমাজ বিজ্ঞানৰ বিশ্লেষণসমূহত এই তাত্ত্বিক স্থিতি
বিশেষভাৱে মন কৰা যায়৷
অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ
মনোযোগী পঠনে কেতিয়াবা সমাজ বিজ্ঞানী মহন্তৰ বক্তব্যক লৈ মনত প্ৰশ্ন তুলিব পাৰে৷
এটা পৰস্পৰ বিপৰীত বক্তব্যৰ উদাহৰণেই দিয়া যাওক৷ কিতাপখনৰ এঠাইত আছে—“…আৰ্যসকলে
ক্ৰমে পূব ফালে আগবাঢি আহিছিল৷ হিমালয়ৰ পাদদেশৰ অৰণ্য পুৰি আহি, কৰতোৱা নদীকে সীমা
কৰি তাতেই থমকি ৰৈছিল৷ তাৰ পৰা আৰু পূবফালে অহাৰ কোনো তথ্য আমাৰ হাতত নাই৷ অসম
আৰ্য বসতিৰ অনুপযুক্ত বিবেচিত হোৱাৰ কাৰণেই বংগৰ পৰা পূবফালে আৰ্যগোষ্ঠী আগবঢ়াৰ
প্ৰশ্ন উঠিব নোৱাৰে৷” (পূৰ্বোক্ত, পৃ. ৭৭) ইয়াৰ পাছতে আছে— “এই ভূখণ্ড যে আৰ্যসকলে
থিতাপি লবৰ কাৰণে সকলোফালৰ পৰাই সুচল ঠাই সেইটো নৰকক ৰজা পতাৰ বহুকাল আগতেই
আৱিষ্কাৰ কৰিছিল৷” (পুৰ্বোক্ত, পৃ.৭৮) অৱশ্যে ক’ৰবাৰ এটা বক্তব্য-বিভ্ৰান্তিৰে
সামগ্ৰিক ধ্যান-ধাৰণাৰ বিচাৰ কৰিবলৈ যোৱাটো বৌদ্ধিক ভণ্ডামিৰহে নামান্তৰ৷ আনহাতে
আমাৰ বিশ্বাস, গুৰুত্বপূৰ্ণ পঠনত অনুভূত দোমোজাই যদি কাৰোবাক বিষয়টোৰ গভীৰলৈ প্ৰৱেশৰ বাবে প্ৰৰোচিত কৰে, তেন্তে সেই পাঠে অনাগত সময়ত অনুপুংখ বিশ্লেষণৰো অনেক সম্ভাৱনা বহন
কৰে৷
কিন্তু
অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসৰ
সৰ্বাধিক মূল্য হ’ল দেৰশ বছৰৰ ওপৰকালৰ অসমীয়া সমাজৰ গতিপ্ৰবাহ উপলব্ধিৰ বাবে ইয়াৰ
অপৰিহাৰ্যতা৷ সমাজৰ চালিকা শক্তিৰ ভূমিকা লোৱা অসমীয়া মধ্যশ্ৰেণীৰ চেতন-মননক ড° মহন্তই যিমান গভীৰভাৱে পৰ্যবেক্ষণ কৰিছে, সিয়েই
সমাজখন অন্য এক দৃষ্টিকোণৰ পৰা বুজাত সহায়ক হৈ ৰ’ব৷ ইতিমধ্যে কোৱাই হৈছে, সমাজ
বিজ্ঞানীগৰাকীৰ এই দৃষ্টিকোণ জনজাতীয় সমাজখনৰ প্ৰতি সহৃদ্যতাৰে, আৰ্যদম্ভ পোষণ কৰা
লোকসকলৰ দোষ-ত্ৰুটীৰ বিচাৰেৰে৷ এই পথতেই জনগোষ্ঠীগত
চেতনা ঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্নত তেওঁ ক’লেগৈ—“জনজাতিসকলৰ মাজত বৰ্ণবাদ
ধাৰাশায়ী হোৱাৰ পিছত, প্ৰতিষ্ঠিত প্ৰভূত্ব ৰক্ষাৰ কাৰণে অসমীয়া ভাষা-সংস্কৃতিৰ
অস্ত্ৰ পাট থৈ আৰ্যদম্ভই আৰ্যাৱৰ্তত আত্মগোপন কৰি পাণ্ডৱ বৰ্জিত অসমলৈ ৰপ্তানী
কৰিবলৈ ধৰিলে বিভিন্ন পূজা-পাৰ্বন, মূৰ্তি, আচাৰ-অনুষ্ঠান, আৰু বিভিন্নৰূপৰ
‘বাবা’ৰ, প্ৰতিটোৰে পৃষ্ঠপোষকতা কৰিবলৈ ধৰিলে থলুৱা অসমীয়া, অনা-অসমীয়া ব্যৱসায়ীৰ
যোগে ভাৰতীয় ব্যৱসায়ী পূঁজিপতি এচামে৷ তেওঁলোকৰ আনুকুল্যত বৰ্ণহিন্দু প্ৰধান
মধ্যশ্ৰেণীয়ে অসমীয়া ভাষা-সংস্কৃতি আৰু হিন্দু ধৰ্ম হাতত লৈ ফেট তুলি উঠিল৷” (পৃ.
৮৩)
নিসন্দেহে
এই আমদানিকৃত সংস্কৃতি তথা ‘ভগবান’ৰ জোৱাৰ আৰু তাত এচামৰ আত্মসমৰ্পন আমাৰ সমাজৰ
কেন্দ্ৰমূলতেই তক্ষকৰ দংশনতুল্য হ’ল৷
***
আমি
ইতিমধ্যে দাঙি ধৰা ড° প্ৰফুল্ল
মহন্তৰ দৃষ্টি আৰু দৰ্শনৰ বাবেই তেওঁ জনজাতীয়ৰ মৰ্মবেদনা উপলব্ধি কৰে, জনগোষ্ঠীগত
আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰে, বড়োভূমিৰ উচুপনি শুনা পায়, সম্প্ৰীতিৰ
সূত্ৰৰ সন্ধানত শংকৰদেৱৰ জাত-পাতহীন দৰ্শনৰ কাষ চাপে, জ্যোতি-বিষ্ণু-অম্বিকাগিৰীৰ
উদাৰ চেতনাৰ সম্ভেদ লয়৷ মন কৰিবলগীয়া যে মহন্ত সত্ৰীয়া পৰম্পৰাৰ কাল সংহতিৰ লোক৷
জনজাতীয় সমাজখনক শংকৰী-বৈষ্ণৱ দৰ্শনৰ কাষ চপাই অনাত উদাৰ কাল সংহতিয়ে লৈছিল
বিশিষ্ট ভূমিকা৷ এনে এটা পৰম্পৰায়েই তেওঁক সোণাইপাৰলৈ চকু দিবলৈ আগ্ৰহী কৰি সোণাইৰ সোঁত লিখোৱাইছিল, খাটি খোৱা
সমাজখনক লৈ দ্বিতীয়খন উপন্যাস ইতিহাসে
ৰিঙিয়ায় (গুৱাহাটী, ২০০১) লিখিবলৈ হেঁপাহ জন্মাইছিল৷ হয়তো জনজাতীয় সমাজখনৰ
প্ৰতি অৱহেলা-বঞ্চনাৰ দিশবোৰে সমাজলৈ অনা ভাঙোন সন্দৰ্ভতে অধিক মনোযোগী হৈ ৰোৱাৰ
কাৰণেই ঔপনিৱেশিক কালত অসমলৈ প্ৰব্ৰজিত লোকসমষ্টিক কেন্দ্ৰ কৰি (চাহ সম্প্ৰদায় আৰু
পূৰ্ববংগীয় মূলৰ মুছলমান) সমাজ বিজ্ঞানী ড° মহন্তই বিশেষ আলোচনা কৰাৰ অৱকাশ পোৱা নাই৷
দৰাচলতে
সনাতনী সমাজখনক সুসংগঠিত কৰি আগবঢ়াই নিয়াৰ প্ৰচুৰ সম্ভাৱনাক আওকান কৰা কথাসমূহেই মহন্তৰ চেতন-মননত ক্ৰিয়াশীল
হৈ ৰ’ল৷ জাতি গঠনৰ নামত সংঘটিত এনে কেৰোণসমূহৰ আলোচনাকালত সমাজ বিজ্ঞানী মহন্তৰ
মাজত নিজা অৱস্থানগত বিহ্বলতাও মাজে-সময়ে লক্ষ্য কৰা যায়৷ ভাৱ হয়, কুৰি শতিকাৰ
দ্বিতীয়াৰ্ধৰ পৰা অসমৰ সমাজখনত প্ৰকট হোৱা বিহ মেটেকাৰ শিপা আৰু ফুলৰ বাবেই মহন্তৰ
মনত এই ভাৱাবেগৰ জন্ম৷ তাত নিহিত থাকিব পাৰে গভীৰ অসম প্ৰেম— হ’ব পাৰে ভৱিষ্যত
প্ৰজন্মক কেন্দ্ৰ কৰি অভিভাৱকৰ উৎকণ্ঠাও এই ভাৱাবেগৰ আন এক কাৰণ৷ মাৰ্ক্সীয় নিৰাবেগ
সমালোচনাৰ পৰিধি ভঙাৰ এই কথাটোৱে ড° প্ৰফুল্ল মহন্তৰ মাজত সমান্তৰালভাৱে ক্ৰিয়াশীল
জাতীয় প্ৰেমকেই নিসন্দেহে উদ্ভাসিত কৰে৷
(অতিৰিক্ত
টোকা ঃ আমি এই প্ৰবন্ধৰ আৰম্ভণিৰপিনে উল্লেখ কৰা ড° হেৰম্বকান্ত বৰপূজাৰীৰ সেই কথাষাৰৰ দৰে ইতিহাসৰ
ইতিহাসত শেষ সত্য বুলি যিহেতু একো নাই, সেয়ে মহন্তৰ সৈতে মতান্তৰ থকাও অস্বাভাৱিক
নহয়৷ অসমৰ সমাজ বৈজ্ঞানিক অধ্যয়নত আমি কৰা তেনে কিছু মন্তব্য আগ্ৰহী পঢ়ুৱৈয়ে আমাৰ অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন গ্ৰন্থত
বিচাৰি পাব৷ কিন্তু অকপটে স্বীকাৰ কৰোঁ, ড° প্ৰফুল্ল
মহন্তৰ সৈতে মতান্তৰ ঘটি নতুন সত্যত উপনীত হ’বলৈও মহন্তৰ গ্ৰন্থ পঢ়িব লাগিব, তেওঁ
সৃষ্টি কৰা যুক্তিৰ বেৰ ভেদিবলৈ অনেক তথ্য ঘাটিব লাগিব৷ আমি এই প্ৰবন্ধত মহন্তৰে
কোনো মতান্তৰ দাঙি ধৰা নাই, কিয়নো এই
লেখাৰ উদ্দেশ্য ড° প্ৰফুল্ল মহন্তৰ
মতাদৰ্শ বা দৃষ্টি-দৰ্শনৰ বিচাৰ কৰা নহয়, তাৰ সন্ধান কৰাহে৷ তাৰ বাবে আমাৰ মন আছিল
তেওঁৰ, আমাৰ দৃষ্টিত সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ কেইখনৰ থূলমূল আভাস দিয়াও— যিটো
সময় আৰু প্ৰবন্ধৰ দৈৰ্ঘ্যৰ বাবে সম্ভৱ হৈ নুঠিল৷ সদ্যহতে সমাজ বিজ্ঞানীজনৰ বিশিষ্ট
অৱদানৰ সংক্ষিপ্ত অৱলোকন কৰিয়েই আমাৰ আলোচনা সামৰা হ’ল৷)
@Diganta Oza.
Contact at <digantadiganta@gmail.com>
No comments:
Post a Comment