Sunday, January 14, 2024

অসমীয়া সাহিত্যত ১৩ জানুৱাৰী

অসম সাহিত্য সভাৰ ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত বুৰঞ্জী শাখাৰ সভাপতিত্ব কৰা হিতেশ্বৰ বৰবৰুৱাৰ আনুষ্ঠানিক শিক্ষা বুলিবলৈ প্ৰৱেশিকা পৰীক্ষাতো উত্তীৰ্ণ হোৱা নাছিল৷ দশম শ্ৰেণীলৈকে পঢ়ি ঘৰুৱা অসুবিধাৰ বাবে চাহ বাগিছাৰ চাকৰি কৰিবলৈ বাধ্য হোৱা বৰবৰুৱা কিন্তু আছিল প্ৰচুৰ অধ্যাৱসায়ী৷ তেখেতে কবিতা লিখিছিল— ‘জোনাকী’ আৰু ‘বিজুলী’ৰ পাতত আৰম্ভ কৰা কাব্যচৰ্চাৰ পৰিণতিত প্ৰকাশিত ‘ঢোপকলি’ (১৯০২) নামৰ কবিতাৰ সংকলনটি বৰবৰুৱাৰ কাব্যচৰ্চাৰ অনুপম দৃষ্টান্ত৷ সমান্তৰালভাৱে তেখেত আছিল ইতিহাসৰ অন্বেষক৷ সেইকথাই বৰবৰুৱাক জনপ্ৰবাদৰ প্ৰতিও আগ্ৰহী কৰিছিল৷ ১৯১২ চনত প্ৰকাশিত বৰবৰুৱাৰ ‘কমতাপুৰ ধ্বংস আৰু ‘বিৰহিনী বিলাপ কাব্য’ আছিল কাব্য আৰু প্ৰবাদৰ অপূৰ্ব অন্বয়—
"সৰলতা ভৰা মুখ আজিও শোভিছে,—
কালৰ চক্ৰতো একো হোৱা নাই লয়।
ছোৱালী কালৰ ৰঙ্গ এতিয়াও আছ,—
ফুল চিঙ্গি, মালা গাঁথি পিন্ধালে গছক
ঠালে মূৰে, গোট গাই ধাৰ ধাৰ কৰি,—
অপূৰ্ব সাজেৰে গছ ৰমক-জমক।
সজালে-পৰালে গছ,—বহিল তলতে
সথীয়ে সইতে দুয়ো হৰিষ মনত,—
উলিয়ালে "দৰা-কন্যা” (ওমোলা পুতলি!)"
অসমীয়া ছনেট-পুথিৰ প্ৰথম ৰচয়িতাৰূপে খ্যাতি থকা বৰবৰুৱাৰ এইসম্পৰ্কীয় সংকলনটিৰ নাম হৈছে ‘মালচ’ (প্ৰকাশ ঃ ১৯১৮ চন)৷ ‘মালচ’ৰ পাতনিত তেখেতে লিখিছিল—
"ইটালী দেশৰ অমৰ কবি ফ্ৰান্সিস্কো পেতবাৰ্কাই প্ৰথমতে এই চতুৰ্দ্দশপদী কবিতাৰ সৃষ্টি কৰে৷ তাৰ পাছত ইউৰূপৰ প্ৰায় সকলো ভাষাতেই ইয়াৰ প্ৰচলন হয়৷ ইংৰাজীতে এই ধৰনৰ কবিতাক “চনেট্‌” (Sonnet) বোলে৷ বঙ্গদেশৰ সৰ্ব্বপ্ৰধান কবি, কবিকুলমণি, মহাত্মা ৺মাইকেল মধুসুদন দত্তই প্ৰথমতে বঙ্গলা ভাষাত চতুৰ্দ্দশপদী কবিতা লিখি, বাট দেখুৱায়৷
বৰ্তমান সময়ৰ অনেক অসমীয়া লেখাৰুৱেও চতুৰ্দ্দশপদী কবিতা লিখিবলৈ হাত দিছে৷ সেই সকলকে দেখি, আমিও সেই অমৰ কবি সকলৰ পদাঙ্ক অনুসৰন কৰি, এই চতুৰ্দ্দশপদী কবিতা কেইটি ৰচনা কৰি, পাঠক সকলৰ ওছৰত ডাঙ্গি ধৰিলো৷ আমাৰ চেষ্টা কিমানদূৰ ফলবতী হৈছে, সেইটো সহৃদয় পাঠক সকলে বিচাৰ কৰিব৷ [ ৮ ]এই পুথিৰ কিছুমান কবিতা "বাঁহী", "ঊষা" আৰু “আলোচনী"ত প্ৰকাশ হৈছিল; আৰু কিছু মান ইং ১৯০২ সনত “ঢোপাকলি” নামে পুথিৰ আকাৰে ছাপা হৈছিল৷ বাকি খিনি, আগৈয়ে ছাপা হোৱা নাই।"
এইবোৰৰ উপৰি বৰুৱাৰ অধিক পৰিচিতি ‘আহোমৰ দিন’ নামেৰে বুৰঞ্জীৰ কিতাপৰ বাবে আৰু মূলাগাভৰুৰ জীৱন আধাৰিত ‘যুদ্ধক্ষেত্ৰত আহোম ৰমণী’ৰ (১৯১৮) বাবে৷ ‘আহোমৰ দিন’ আছিল তেখেতৰ অশেষ পৰিশ্ৰমৰ ফচল৷ ১৯১৮তেই এইখন প্ৰকাশৰ বাবে সাজু হোৱাৰ প্ৰমাণ পোৱা যায় ‘মালচ’ত প্ৰকাশিত এটা বিজ্ঞাপনৰ জৰিয়তে৷ ষষ্ঠ পৃষ্ঠাত প্ৰকাশিত বিজ্ঞাপনটোত কোৱা হৈছিল—
"আহোমৰ দিন৷
শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱাৰ ঋণ।
প্ৰায় ১৪০০ পিঠিৰ ডাঙৰ কিতাপ লিখোঁতাই
প্ৰকাশ কৰিবলৈ যো-জা কৰিছে৷ সদৌ অসমীয়া
ৰাইজৰ উৎসাহ বাঞ্ছনীয়৷"
পিছে তেতিয়াই প্ৰকাশৰ যো-জা কৰিলেও এই কিতাপ প্ৰকাশ পায় তেখেতৰ মৃত্যুৰ পাছত ১৯৮১ চনত৷
এইগৰাকী ব্যক্তিৰ জন্মৰ সঠিক ইংৰাজী তাৰিখ অনুল্লেখিত৷ ১৮৭৬ চনৰ ২৮ পুহত জন্ম, জীৱন সোঁৱৰণীৰ এই তাৰিখে ১৩ জানুৱাৰীলৈ সূচিত কৰে৷ আনহাতে শোণিত বিজয় দাস, মুনীন বায়ন সম্পাদিত ‘কথা বৰেণ্য’ত বৰবৰুৱাৰ ১৯৩৯ চনৰ জানুৱাৰী মাহত মৃত্যু হোৱা বুলি উল্লেখ থাকিলেও দৰাচলতে সেই বছৰৰ ফেব্ৰুৱাৰীৰ পহিলা সপ্তাহত মৃত্যু হোৱাৰ সম্ভাৱনাহে অধিক৷ এইক্ষেত্ৰত আমাৰ ধাৰণাৰ আধাৰ #হৰেন্দ্ৰনাথ_বৰুৱাৰ ‘অসমীয়া’ কাকতৰ সম্পাদকীয় টোকা৷ তদানীন্তন অসমৰ প্ৰতিগৰাকী বৰেণ্য লোকৰ মৃত্যুৰ লগে লগে সম্পাদকীয় নিবন্ধ লিখা বৰুৱাই সাদিনীয়া অসমীয়াৰ ১১ ফেব্ৰুৱাৰী, ১৯৩৯ সংখ্যাত হিতেশ্বৰ বৰবৰুৱাৰ বিষয়ে সম্পাদকীয় নিবন্ধ লিখিছিল৷ তেখেতে লিখিছিল—
“…বৰবৰুৱা ডাঙৰীয়াৰ কাব্য-প্ৰতিভাৰ পৰিচয় অসমীয়া ৰাইজক নতুনকৈ দিবৰ আৱশ্যকতা নাই৷ অসমৰ পুৰণি বুৰঞ্জী বিষয়তো তেখেতৰ সমকক্ষ জনা লোক অসমত খুব বিৰল৷ বিশ্ববিদ্যালয়ৰ উচ্চ মহলাত শিক্ষা নোপোৱাকৈও যে প্ৰকৃত মেধাৱী আৰু …(অস্পষ্ট) লোকে বহুত বিশ্ববিদ্যালয়ৰ উপাধিধাৰী পণ্ডিতকো এইবিলাকৰ সাধনাত চেৰ পেলাই যাব পাৰে— স্বৰ্গীয় হিতেশ্বৰ বৰবৰুৱা ডাঙৰীয়াই সেই উদাহৰণ দেখুৱাই থৈ গৈছে৷…”
তেখেতৰ ১৩ জানুৱাৰীৰ ওপজা দিনত এই সশ্ৰদ্ধ স্মৰণ…

 (2)

ভাৰতীয় অভিযান্ত্ৰিক সেৱাৰ সদস্য-পদ লাভ কৰা প্ৰথম অসমীয়া, প্ৰথম অসমীয়া চীফ ইঞ্জিনীয়াৰ আৰু অসমত কাৰ্যনিৰ্বাহ কৰা প্ৰথম ভাৰতীয় চীফ ইঞ্জিনীয়াৰ— হৰিপ্ৰসাদ বৰুৱাৰ ক্ষেত্ৰত প্ৰযোজ্য এই প্ৰতিটো বিশেষণৰ বাবে অসম আৰু অসমীয়াই গৌৰৱ কৰিব পাৰে৷ অসম বিজ্ঞান সমিতিৰ একালৰ সভাপতিৰো আসন অলংকৃত কৰা বৰুৱাৰ অভিযন্তা হিচাপে খ্যাতি ৰৈ বৈ যোৱা৷ অৱশ্যে অসমীয়া সাহিত্যত তেখেতৰ আন এটা প্ৰসিদ্ধ পৰিচয় আছে৷ সেয়া হৈছে শিশু-সাহিত্যিক৷ ‘’মনত বহু কষ্ট হোৱাত কষ্ট পাহৰি থাকিবলৈ” বুলি শিশুৰ কাৰণে যোৱা শতিকাৰ প্ৰথম দশকত লিখিবলৈ লোৱা সাধু কেইটামানেই তেওঁক এই পৰিচিতি দান কৰিছিল৷ সেইকেইটা সাধুৰ লগতে আন দুটিমান সাধুৰ সংকলন ‘মইনা’ ১৯৩৬ চনত প্ৰকাশ পোৱাটো আছিল এক উল্লেখনীয় কথা৷ কাৰণ এই সাধুবোৰ মূলতে আছিল বিদেশী কাহিনী, কিন্তু বৰুৱাৰ কলমত অসমীয়া ভাষা আৰু সংস্কৃতিৰ শাহ পিন্ধি মইনা হৈ উঠিছিল অসমীয়া শিশু-সাহিত্যৰ এখনি লেখৰ গ্ৰন্থ৷ পাছতো তেওঁ ‘বিৰচতীয়াৰ দেশ’ আৰু ‘এক পক্ষ’ নামেৰে আন দুখন শিশু উপযোগী কিতাপ প্ৰণয়ন কৰিছিল৷

১৮৮৯ চনত খুমটাইত (গোলাঘাট) জন্মগ্ৰহণ কৰা হৰিপ্ৰসাদ বৰুৱাৰ মৃত্যু হৈছিল ১৯৭৪ চনৰ আজিৰ তাৰিখতে, অৰ্থাৎ ১৩ জানুৱাৰী তাৰিখে৷ এই টোকাৰেই বৰুৱাক কৰিছোঁ সশ্ৰদ্ধ স্মৰণ৷

No comments: