বিজ্ঞান কেৱল গৱেষণাগাৰতে আৱদ্ধ নহয়,
বিজ্ঞান মানে কেৱল গাণিতিক হিচাপ-নিকাচো নহয়৷ যুক্তিৰ আধাৰত সত্যৰ সন্ধানেই বিজ্ঞানৰ
বুনিয়াদ৷ বৈজ্ঞানিক মনে সকলো দৃশ্যমান বস্তু, আনকি অনুভৱৰ জগতৰ আঁৰত থাকিব পৰা যুক্তিৰ
বিচাৰ কৰিবলৈ মানুহক উদ্বুদ্ধ কৰে৷ এনে বৈজ্ঞানিক মানসিকতাই হোৱা উচিত সমাজৰ সৌধ৷ এনে
মনোবৃত্তিৰ অভাৱেই একোখন সমাজৰ বিকাশৰ অন্তৰায়— ইয়াৰ অভাৱতেই অন্ধ বিশ্বাস, কু-সংস্কাৰে
ছানি ধৰি সংশ্লিষ্ট সমাজৰ মূল সমস্যাক ধুৱলীবৃত্ত কৰি তোলে, বুজন সংখ্যক লোকে তাৰ ফুটকে নাপায়৷ ৰাজনীতিকেও তাৰেই
সুযোগ লৈ সমস্যা সমাধানৰ পৰিৱৰ্তে জনতাক সংস্কাৰাচ্ছন্ন কৰি তোলাৰ সহজ ৰাস্তাৰে বাহ
বা লৈ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাত ব্ৰতী হয়৷ সৰ্বাত্মক মংগলৰ বাবে সেয়ে সৰ্বাধিক গুৰুত্বপূৰ্ণ
বিষয় হৈছে সমাজৰ বুজন সংখ্যক লোকৰ মাজত যুক্তিবাদী মন গঢি তোলা৷ তেনে বৈজ্ঞানিক যুক্তিবাদেহে
সমাজৰ কলুষতা দূৰ কৰি বিকাশ ত্বৰাণ্বিত কৰিব পাৰে৷
কিন্তু সমাজৰ কেৰোণ নিৰ্মূল কৰা এই
পথ বৰ সৰল নহয়৷ যুক্তিৰ কষটি শিলেৰে ঘটনাৰ বিচাৰ কৰিবলৈ প্ৰয়োজনীয় বিচাৰবোধত গুৰুত্ব
দিয়াৰ বিপৰীতে প্ৰচলিত বিশ্বাসত খামোচ মাৰি ধৰাতেই গৰিষ্ঠ সংখ্যক লোক সদায় অভ্যস্ত৷
তদুপৰি এনে বিশ্বাস ৰক্ষা কৰাৰ বাবে সমাজৰ স্বাৰ্থান্বেষী এটা চক্ৰও নিৰন্তৰ সচেষ্ট৷
তাৰ মাজতো লৌকিকতাৰ বিপৰীতে যৌক্তিকতাৰ প্ৰসাৰ ঘটাবলৈ আমাৰ সমাজত এচাম মুষ্টিমেয় লেখকে
কলম ধৰি আহিছে৷ ৰিপুঞ্জয় গগৈ এনে লেখকসকলৰ অন্যতম৷ বিগত প্ৰায় চাৰিটা দশক ধৰি গগৈয়ে
এইক্ষেত্ৰত একনিষ্ঠভাৱে লৈ আহিছে কলম সৈনিকৰ ভূমিকা৷ তেওঁৰ পূৰ্বৰ দুখন গ্ৰন্থ জীৱন আৰু নষ্ট নীতিবাগীশ আৰু হাইব্ৰিড
দেৱতা, কল্কী অৱতাৰ আৰু ভণ্ড ভৰ্তাৰ পাছত শেহতীয়াকৈ প্ৰকাশিত সময়ে- সমাজে, পদে- প্ৰমাণে এই কথাৰেই প্ৰমান৷
ভণ্ড বাবাৰ পৰা জ্যোতিষৰ বিচাৰ-বুদ্ধিলৈ, সমাজৰ মৰ্মস্থলত লুকাই থকা কু-সংস্কাৰৰ পৰা
জাত-পাতৰ বিভেদলৈ গগৈৰ দৃষ্টি সুতীব্ৰ, এইবোৰৰ বিৰুদ্ধে চিঞাহীৰ প্ৰবাহ অবিৰত৷
গগৈয়ে জানে, তেওঁৰ “সন্মুখত এখন অসামান্য
অমীমাংসীত যুদ্ধ৷ অলৰ-অচৰ সংখ্যাগৰিষ্ঠ, সবল প্ৰতিপক্ষ৷ প্ৰতিপক্ষ পিছে নিৰ্ঘাত শত্ৰুপক্ষও
নহয়৷ মোৰ/ আমাৰেই সমাজৰ মানুহ৷” (দ্বিতীয়খন সংকলনৰ
পাতনি) এইসকলৰ মাজত গগৈয়ে দেখা পোৱা চিন্তাৰ বিভ্ৰান্তিৰ বিৰুদ্ধে অনেক কবলগীয়াৰ মাজৰ
কিছু ৰচনা বা প্ৰবন্ধৰ সমষ্টি সময়ে- সমাজে,
পদে- প্ৰমাণে ৷ কিতাপখনৰ নামেই আভাস দিয়ে, জীৱনৰ পথত দেখা দিয়া বিভ্ৰান্তিয়েই তেওঁৰ
আলোচনাৰ বিষয়বস্তু৷ একেবোৰ সমস্যাৰ বিষয়ে তেওঁ আগতেও লিখিছে, আনেও হয়তো নিলিখাকৈ থকা
নাই, কিন্তু গগৈৰ লিখাৰ ধৰণ সদায় সুকীয়া৷ একে বিষয়কো ন ন ধৰণে উপস্থাপনৰ দক্ষতা তেওঁৰ
অনায়াস৷ যিখন সমাজৰ যিবোৰ মানুহৰ ধ্যান-ধাৰণাৰ বিসংগতি তেওঁ দেখা পাইছে, লেখক সেই সমাজৰ
সেই মানুহৰেই সহ-বাসিন্দা৷ সেয়ে সহজ উপমা, সাধাৰণ উদাহৰণেৰে তেওঁ দেখুৱাব খোজে দৃশ্যমান
সমস্যাৰ আঁৰৰ অদৃশ্য উৎসবোৰ৷ গগৈৰ পঢুৱৈ মাত্ৰেই জানে তেওঁৰ অধ্যয়নৰ বিশালতা— ভাৰতীয়
ধ্ৰুপদী সাহিত্য, বেদ-উপনিষদৰ পৰা ইউৰোপীয় আধুনিক পৰম্পৰালৈ, ইতিহাসৰ পৰা বৈজ্ঞানিক
উদ্ভাৱনলৈ তেওঁৰ চৰ্চা নিৰন্তৰ, অথচ তেওঁৰ
ৰচনা উদ্ধৃতি আৰু পাণ্ডিত্যৰ ভৰেৰে পঢুৱৈৰ বাবে কষ্টসাধ্য নহয়, বৰঞ্চ চমৎকাৰ গদ্য,
জতুৱা ভাষা, অকুতোভয় স্পষ্ট বক্তব্য আৰু বিষয়বস্তু উপস্থাপনৰ ক্ষীপ্ৰতাই দিয়ে পঠনৰ
অনাবিল সোৱাদ৷ অসমীয়া ভাষাৰ এনে চৰ্চাৰ বাবেও গগৈয়ে নিজা স্থান এখন দাবী কৰিব পাৰে
নিশ্চয়৷ বিশদ বিৱৰণেৰে এই আলোচনা দীঘলীয়া কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ সংকলনৰ কেইখনমান ৰচনাৰ
আকৰ্ষণীয় শিৰোনাম এই প্ৰসংগত উল্লেখ কৰিব পাৰি ঃ ‘ঘৰৰ ঘৈণী ল’ৰাৰ মাক, তোমাক নুসুধি
সুধিম কাক’, ‘গেলাগপৰ গৌৰীশংকৰত উঠা গোসাঁই’, ‘সাতভনীৰ পানীমিঠৈ’, ‘গাখীৰ দিয়া টেবুল
আৰু বেজবৰুৱা- বালজাক’ আদি৷ তেওঁৰ অধ্যয়নৰ ব্যাপ্তিৰ বাবেই ৰিপুঞ্জয় গগৈৰ কোনোখন ৰচনাত
বহু প্ৰসংগ-উদাহৰণৰ অৱতাৰণা ঘটে, কিন্তু এইবোৰে মূল বক্তব্যক ধূসৰ নকৰে৷ (উদাহৰণস্বৰূপে
‘ধৰ্ম, বিজ্ঞান, বৈজ্ঞানুক মানসিকতা’)
উৎসতে সামাজিক কেৰোণ নিৰ্মূল কৰিব নোৱাৰিলে
ঘটনা-উপঘটনা অব্যাহত থাকে৷ গগৈৰ মনোযোগ এইক্ষেত্ৰত লক্ষণীয়৷ সেয়ে বিভ্ৰান্তিকৰ সাময়িক
প্ৰসংগৰ আঁত ধৰি ইয়াৰ অন্তৰালৰ চিন্তাৰ বিসংগতি উদ্ঘাটনত তেওঁ নিয়োজিত হয়৷ ‘হিন্দুত্ববাদীৰ
দেশদ্ৰোহিতা আৰু সমালোচকৰ দেশপ্ৰেমৰ পৰীক্ষা’, ‘ধৰ্ম-ধৰ্ষণ সম্বন্ধৰ বিতৰ্ক’, ‘ইতিহাস
নিৰ্মান আৰু বাঁওপন্থীৰ বিভ্ৰান্তি’ আদি তেনে কিছু ৰচনা৷ ‘ইতিহাস নিৰ্মান…’ত তেওঁ বুৰঞ্জী
পুনৰ লিখনৰ শেহতীয়া হিন্দুত্ববাদী প্ৰক্ৰিয়াৰ সমালোচনা কৰিবলৈ গৈ যিবোৰ উদাহৰণ আৰু
যুক্তি দাঙি ধৰিছে সেইবোৰে পঢুৱৈক বিশেষ তৃপ্তি যে দিব, ধুৰূপ৷ সেইদৰে নতুনকৈ উঠা জনজাতিকৰণৰ
দাবীৰো গগৈ বিৰোধী৷ (‘জনজাতিকৰণ আৰু কলেজৰ কাট অব মাৰ্ক’ দ্ৰষ্টব্য৷)
গগৈৰ প্ৰত্যাশাৰ পৃথিৱীত নল মৰি গজালি
ওলোৱাৰ দৰে সীমাহীন দুখ-বেদনাক্লিষ্ট মানুহে উত্তৰণৰ সোপান ৰচে৷ লেখকৰ ভাষাত “কাল্পনিক
ভয়াল ভৱিষ্যতৰ কথা ভাবি কাৰো জীৱনেই বাস্তবিকতে থমকি নৰয়৷” (পৃ. 264) অনেক নেতিৰ মাজত
সমাজৰ অগ্ৰগামী যাত্ৰাও এনেদৰেই অব্যাহত থাকে৷ সমাজৰ একা-বেকা জটিল পথক মসৃন কৰাৰ বাবে
সকলো সময়তে সকলো সমাজতে গগৈৰ দৰে এচাম (কোৱেষ্টলাৰৰ ভাষাত) ‘সচেতন সংখ্যালঘু’ নিমগ্ন
থাকে৷ এই কামত প্ৰশংসা নাথাকে, স্বাৰ্থ বিঘ্নিত হ’ব পৰা প্ৰভাৱশালী চক্ৰৰ লাঞ্চনা-গঞ্জনাহে
থাকে৷ এইবোৰ সহিও নিজৰ কামত অবিচল থকাৰ বাবেই ৰিপুঞ্জয় গগৈৰ দৰে লোকে সাধুবাদ পোৱাৰ
যোগ্য৷
সময়ে- সমাজে, পদে- প্ৰমাণে / ৰিপুঞ্জয় গগৈ/ সমন্বয় প্ৰকাশন, গুৱাহাটী/ মূল্য ২৫০ টকা
published in the অসমীয়া প্ৰতিদিন, October 24, 2021
@Diganta Oza.
Contact at <digantadiganta@gmail.com>
No comments:
Post a Comment