প্ৰথম পৰিৱেশন৷ ফটো ঃ জনসত্তাৰ ৱেব আৰ্কাইভৰ সৌজন্যত |
ষাঠি বছৰত ভৰি থ’লে আয়ে মেৰে ৱতন কে লোগো... গীতটোৱে৷ বিগত ষাঠি বছৰত আসমুদ্ৰহিমালয় এনে কোনো ভাৰতীয় নাই, এই গীতটোৰ কথা-সুৰ-কণ্ঠই যাৰ হৃদয় বিগলিত কৰা নাই৷ লতাৰ সুৰৰ যাদুত অৰ্থ নুবুজাকৈয়ো এই গীতত তন্ময় হৈছে এই জম্বুদ্বীপৰ অগণিত শিশু-বৃদ্ধ৷ ১৯৬৩ চনত, চীনা আক্ৰমণৰ উদ্বেগ-আতংকত যেতিয়াও আচ্ছন্ন ভাৰত, গণৰাজ্য দিৱসৰ এক অনুষ্ঠানত প্ৰথমবাৰলৈ পৰিৱেশিত হৈছিল কবি প্ৰদীপ ৰচিত এই গীত৷ দেশৰ ৰাজধানী চহৰত, নেশ্যনেল ষ্টেডিয়ামত তিনি ঘণ্টাজুৰি অনুষ্ঠিত হৈছিল সেই সংগীতানুষ্ঠান-- উদ্দেশ্য আছিল প্ৰতিৰক্ষা পুঁজি সংগ্ৰহ৷ ১৯৬৩ চনৰ ৩০ জানুৱাৰীৰ দ্য আছাম ট্ৰিবিউন কাকতৰ তৃতীয় পৃষ্ঠাত, ২৮ জানুৱাৰীৰ ডেটলাইনত পৰিৱেশিত বাতৰি (শিৰোনাম ঃ ‘ফিল্মষ্টাৰ্ছ ছিং ইন ডেলহী’)ত উল্লেখ কৰা হৈছিল ঃ "Leading filmstars, play-back singers and music directors, gave a three hour cultural programme, in the national stadium here today, in aid of the National Defence Fund. The programme, which was jointly organised by the Ministries if Defence and Scientific Research and Cultural Affairs in connection with the Republic Day celebrations, was attended by the President Dr. Radhakrishnan, Prime Minister Nehru, Cabinet Ministers and Members of Parliament. লতাই গান গোৱাৰ কথাটো এই বাতৰিত নাছিল, আছিল এইবুলিহে যে The programme consisted of some popular film songs and special songs composed for this occasion. এই special songৰ ভিতৰতে যে আয়ে মেৰে ৱতন... আছিল সেয়া স্পষ্ট হৈছে ফেব্ৰুৱাৰীৰ পহিলা সপ্তাহৰ (মোৰ সংৰক্ষণত থকা কাকতখনত তাৰিখটো তেনেই অস্পষ্ট) দৈনিক নতুন অসমীয়াৰ ভিতৰৰ পৃষ্ঠাত প্ৰকাশিত বাতৰিটোত-- ‘‘ইয়াৰ পিচত লতাই অন্তৰৰ সকলো আবেগ ঢালি এটা গীত গালে, এই গীত শুনি দৰ্শকৰ চকুৰ পানী পৰিল৷ আনকি শ্ৰী নেহৰুকো ভাৱপ্ৰৱণ হৈ উঠা দেখা গ’ল৷ নেহৰুৱে অনুষ্ঠানৰ শেষত লতাক সাৱতি ধৰিলে৷ লতাই গোৱা গীতৰ প্ৰথম কলিটো আছিল ‘‘আয়ে মেৰে ৱতন কে লোগো৷ বিশেষকৈ তেওঁৰ গীতৰ এটা শাৰী ‘‘যব খেল ৰহী থি দেশ দেৱালী, ৱহ খেল ৰহে থে হোলী’’ বুলি লতাই গোৱাৰ সময়ত প্ৰায় দৰ্শকৰে চকু সেমেকি পৰিছিল৷...’’ আৰু এই গীতটো গাবলৈকে হয়তো সেইদিনাৰ অনুষ্ঠানত মহম্মদ ৰফীৰ সৈতে দ্বৈত কণ্ঠত দীন তেৰা দীৱানা গীতটো লতাই গোৱা নাছিল, তেওঁৰ অনুমতি লৈ ৰফীক সংগত কৰিছিল ঊষা খান্নাই৷ (দৈনিক নতুন অসমীয়াৰ বাতৰি)
আছাম ট্ৰিবিউন, ৩০ জানুবাৰী. ১৯৬৩, পৃ. ৩ |
দ্য আছাম ট্ৰিবিউনৰ বাতৰিটোত ২৮ জানুৱাৰীৰ ডেটলাইনত ‘হেয়াৰ টুডে’ বুলি উল্লেখ কৰালৈ চায় এই অনুষ্ঠানটো ২৮ জানুৱাৰীত অনুষ্ঠিত হোৱা বুলি ধাৰণা হয়৷ কিন্তু অসমীয়া কাকতৰ বাতৰিটোৰ এটা তথ্যই অনুসৰি এই সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই সম্পন্ন হৈছিল কংগ্ৰেছ সংসদীয় সমিতিৰ বৈঠক৷ লক্ষণীয় কথাটো হ’ল এই বৈঠক হৈছিল ২৭ জানুৱাৰীৰ দিনা৷ বৈঠকখনৰ বিষয়ে দ্য আছাম ট্ৰিবিউনৰ ২৮ জানুৱাৰী সংখ্যৰ প্ৰথম পৃষ্ঠাতে No Abandonment of Non Alignment : Nehru Tells Congress M.Ps শীৰ্ষক বাতৰি পৰিৱেশিত হৈছিল৷ সেই অনুসৰি ‘আয়ে মেৰে ৱতন...’ পহিলাবাৰলৈ পৰিৱেশিত সংগীতানুষ্ঠানৰ দিনটোও ১৯৬৩ চনৰ ২৭ জানুৱাৰী হোৱাটোৱেই সম্ভৱ৷ এই বিষয়ে গুগুলত অনুসন্ধান কৰিও ২৭ জানুৱাৰীৰ দিনটোতেই সংগীতানুষ্ঠানটি হোৱাৰ তথ্য পোৱা গৈছে৷
দৈনিক নতুন অসমীয়াৰ বাতৰি |
আন এক আমোদজনক তথ্য৷ এই গীতটোৰ প্ৰথম কলিটো কবি প্ৰদীপে পোনতে হেনো লিখিছিল বোম্বাইৰ (এতিয়াৰ মুম্বাই) মহিম অঞ্চলত, দোকানী এজনৰ পৰা খালী চিগাৰেটৰ পেকেট এটা লৈ তাৰ ওলোটা পিঠিত৷ সেইদিনা নিশালৈ তেওঁ গীতটো লিখা সম্পূৰ্ণ কৰিছিল৷
এটা গীতৰ আঁৰত কিমান কথা লুকাই থাকে!
No comments:
Post a Comment