Sunday, January 14, 2024

অসমীয়া সাহিত্যত ১২ জানুৱাৰী

অসমীয়া ভাষা-সাহিত্যৰেই নহয়, অসমীয়া জাতীয় জীৱনৰেই ভোটাতৰা হৈ জিলিকি থকা গুণাভিৰাম বৰুৱা আছিল— ঊনবিংশ শতিকাৰ গৱেষক যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ ভাষাত— ‘‘আনন্দৰাম ঢেকিয়াল ফুকনৰ আধ্যাত্মিক উত্তৰাধিকাৰী”৷ সূৰ্যকুমাৰ ভূঞাৰ ভাষাত ‘’অসমীয়া সাহিত্য চৰ্চাত তেওঁৰ যি প্ৰভাৱ আছিল, সেই প্ৰভাৱৰ অধিকাৰী আজিকালি কোনো হ’ব পৰা নাই৷” ১২ জানুৱাৰী হৈছে সেইগৰাকী প্ৰভাৱশালী ব্যক্তিৰ ওপজা দিন৷ চনটো ১৮৩৪৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে বিভিন্ন সূত্ৰই গুণাভিৰামৰ জন্ম চন ১৮৩৭ বুলি উল্লেখ কৰিছে৷ কিন্তু তেখেতৰ সুযোগ্য পুত্ৰ জ্ঞানদাভিৰামৰ তথ্যৰ লগতে এই সম্পৰ্কীয় বহু নথি পৰীক্ষা কৰি যোগেন্দ্ৰনাৰায়ণ ভূঞাই ১৮৩৪ চনৰ ১২ জানুৱাৰী তাৰিখেই গুণাভিৰমাৰ জন্ম হোৱা বুলি নিশ্চিত কৰিছে৷ ‘আসাম-বন্ধু’ৰ প্ৰকাশক তথা সম্পাদক গুণাভিৰামে অৰুণোদই কাকতৰ পাততেই লিখিবলৈ আৰম্ভ কৰিছিল৷ ১৮৫৭ চনত তেওঁ লিখা ‘ৰাম-নৱমী’ নাটকৰ কথা প্ৰতিগৰাকী অসমীয়াৰে অৱগত৷ অসমৰ প্ৰথম ৰেজিষ্ট্ৰী বিবাহ আৰু বৰ্ণ হিন্দু পৰিয়ালৰ (যাদুৰাম ডেকা বৰুৱাৰ পাছত দ্বিতীয়) বিধৱা বিবাহ কৰাৰ জৰিয়তে তেখেতে একপ্ৰকাৰ সামাজিক বিপ্লৱৰে সূচনা কৰিছিল৷ ব্ৰিটিছ প্ৰশাসনে ৰায়বাহাদুৰ খিতাপ দিয়া গুণাভিৰামে মহকুমাধিপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল৷ অনেক পাঠ্যপুথিৰ লগতে কবিতা, গদ্য, বুৰঞ্জী আদি লিখাত জড়িত গুণাভিৰাম আধুনিক অসমীয়া সাহিত্যৰ সূচনা পৰ্বৰ সম্ভৱতঃ প্ৰথমগৰাকী গ্ৰন্থ-সম্পাদকো আছিল৷ ১৮৫৩ত তেখেতৰ সম্পাদনাতে প্ৰকাশ পাইছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ সংশোধিত সংস্কৰণ৷
এই টোকাটোৰেই এইগৰাকী দিকদৰ্শী সাহিত্যিকক স্মৰণ কৰিছোঁ৷
(২)
সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত প্ৰকাশকসকলৰ ভূমিকা প্ৰায়েই উপেক্ষিত হৈ ৰয়৷ অসমীয়া সাহিত্যৰ ধাৰা প্ৰৱাহিত কৰি ৰখাৰ ক্ষেত্ৰত যিসকল প্ৰকাশকৰ নাম ল’বই লাগিব, তেওঁলোকৰ ভিতৰত বিচিত্ৰনাৰায়ণ দত্ত বৰুৱা অন্যতম৷ ওপজা ঠাই নলবাৰীত ‘দত্ত বৰুৱা ব্ৰাদাৰ্ছ’ নামৰ কিতাপৰ দোকানৰে বিচিত্ৰনাৰায়ণ দত্ত বৰুৱাই আৰম্ভ কৰিছিল কিতাপৰ ব্যৱসায়৷ ‘ব্ৰাদাৰ্ছ’ৰ আনগৰাকী আছিল হৰিনাৰায়ণ দত্ত বৰুৱা৷ এই দত্ত বৰুৱা ব্ৰাদাৰ্ছ পাছলৈ দত্ত বৰুৱা এণ্ড কোম্পানী হয়৷ বিচিত্ৰনাৰায়ণ দত্ত বৰুৱাই গুৱাহাটীত আইনৰ ব্যৱসায় কৰাৰ সময়তে স্থাপন কৰে লয়াৰ্ছ বুক ষ্টল৷ কিন্তু ওকালতিতকৈ কিতাপৰ মাজতে অধিক কটাই ভাল পোৱা ব্যক্তিগৰাকীয়ে পাছলৈ কায়মনোবাক্যে কিতাপৰ প্ৰকাশনতে মনোনিৱেশ কৰে৷ সেইসময়তে লয়াৰ্ছ বুক ষ্টল হৈ উঠে অসমৰ এক সম্ভ্ৰান্ত প্ৰতিষ্ঠান—গুৱাহাটীৰ লেখককূলৰ আড্ডাৰ স্থান৷
১৯৭৩ চনৰ আজিৰ তাৰিখটোতেই বিচিত্ৰনাৰায়ণ দত্ত বৰুৱাৰ প্ৰয়াণ ঘটিছিল৷ এয়া তেখেতক সামান্য স্মৰণ৷
(৩)
অসম আন্দোলনৰ ভৰপকত সাম্যবাদী আদৰ্শত বিশ্বাসী এগৰাকী অত্যন্ত মেধাৱী ডেকা অধ্যাপকৰ আত্মঘাতী মৰণে ৰাজ্যক জোকাৰি গৈছিল৷ বহুতে সন্দেহ কৰিছিল, এয়া কোনো দুষ্কৃতিকাৰীয়ে কৰা কূটাঘাতৰ কৰুণ পৰিণতি৷ কবি আৰু বিজ্ঞান-লেখকগৰাকীৰ নাম আছিল পুণ্ডৰীকাক্ষ ভঁৰালী৷ আজিৰ দিনটোতেই ১৯৪২ চনত তেওঁৰ জন্ম৷

No comments: