Tuesday, December 12, 2023

কৰস্পৰ্শ নকৰাৰ পৰিনাম

অসমৰ গৱৰ্নৰ তেতিয়া ছাৰ ৰবাৰ্ট ৰীড৷ ছিলেট বা শ্ৰীহট্ট তেতিয়াও অসমৰ ভিতৰুৱা৷সেয়া ১৯৩৭ চনৰ ২৫ নবেম্বৰ৷ গৱৰ্নৰ ৰীড সপত্নীক উপস্থিত হৈছিলগৈ শ্ৰীহট্টৰ সুনামগঞ্জত৷গৱৰ্নৰ বুলি কথা৷ ৰীডৰ সন্মানাৰ্থে স্থানীয় এম এল চি খান বাহাদুৰ গোলাম মুস্তাফাই আয়োজন কৰিছিল এখন চাহমেলৰ৷ সেই চাহমেলত সংগতভাৱেই উপস্থিত আছিল বিভিন্ন ৰাজনৈতিক নেতা আৰু গণ্যমান্য ব্যক্তি৷সেইসকলৰ সৈতে চা-চিনাকিৰ পৰত ৰীড আৰু তেওঁৰ পত্নীয়ে স্বাভাৱিকভাৱেই কৰমৰ্দন কৰিছিল৷ তাকে দেখি স্থানীয় এম এল এ দেৱান আহবাব চৌধুৰী মহা পয়মালত পৰিল৷ গৱৰ্নৰ ৰীড বাৰু যহন তহন—শ্ৰীমতী ৰীডৰ সৈতে তেওঁ কৰমৰ্দন কৰে কিদৰে? পৰনাৰীক এইদৰে স্পৰ্শ কৰাটো শ্বৰীয়ত মতেতো হাৰাম! অস্বস্তি তুংগত উঠিল, যেতিয়া এসময়ত আহবাব চৌধুৰীলৈ হাত আগবঢাই দিলে শ্ৰীমতী ৰীডে৷ এপিনে ‘হাৰ হাইনেছ’, আনপিনে গুনাহৰ ভয়৷ অৱশেষত ভয়ৰেই জয় হ’ল৷ শ্ৰীমতী ৰীডে আগবঢাই দিয়া হাত স্পৰ্শ কৰিবলৈ অমান্তি হ’ল এম এল এ আহবাব চৌধুৰী৷

এনে ধৃষ্টতা সহ্য কৰিব পাৰি?

বিধায়কৰ কাৰ্যত গৱৰ্নৰ-পত্নীয়ে চৰম অপমানিত বোধ কৰিলে৷ এই অপমানৰ বোধে গৱৰ্নৰকো স্পৰ্শ কৰিলে৷ সপৰিয়ালে, সগোত্ৰে গৱৰ্নৰে সেইস্থান ত্যাগ কৰিলে৷

তাৰ পাছৰ পৰিস্থিতি অনুমান কৰক৷ চাহমেলত থকা লোকসকলে দলে দলে ডেপুটী কমিশ্যনাৰক গৈ খাটনি ধৰিলে—ঘটনাৰ পৰিণতি যাতে অধিক অৱনতি নহয় তাৰ দিহা কৰিব লাগে৷ দেৱান চৌধুৰীৰ দোষৰ ভাগী আনসকল হ’ব নোৱাৰে৷ পাৰিলে দেৱান চৌধুৰীকো মাফ কৰি দিয়ক, নহ’লেও আনসকলক দোষমুক্ত কৰক৷ অৱশেষত চুচুক-চামাককৈ খান বাহাদুৰ গোলাম মুস্তাফা, দেৱান আহবাব চৌধুৰী আৰু আন কেইবাগৰাকী লোক শ্ৰীমতী ৰীডৰ কাষ চাপিল৷চৰিয়ত, গুনাহ আদি কথাবোৰ বুজাবলৈ দুগৰাকীমান হিন্দু নেতাও গ’ল৷ তেতিয়ালৈ অনেক সময় পাৰ হৈছিল৷ শ্ৰীমতী ৰীডৰো খং জামৰিছিল৷ তেওঁ প্ৰবোধ দিলে, সকলো এতিয়া অতীত হ’ল—তেওঁ আৰু একে ধৰি থকা নাই৷ তেহে যেনিবা পৰিস্থিতি শাম কাটিছিল৷


No comments: