তেখেত কেৱল গীতিকাৰ নাছিল; উকীল, নাট্যকাৰ, শিক্ষক, স্বাধীনতা সংগ্ৰামী—অনেক পৰিচয়ৰ গৰাকী আছিল এই ব্যক্তি৷ কিন্তু সকলো পৰিচয় অতিক্ৰমী তেখেত পৰিচিত গীতিকাৰ-সুৰকাৰ আৰু বাউলী কবিৰূপেই৷ বিলত তিৰেবিৰায়..., অ’ নাৱৰীয়া..., কাৰ অধৰৰ হেঙুলেৰে..., কেনে অনুপম শিল্পীৰ তুলি...—অনেক যুগজয়ী গীতেৰে কমলানন্দ ভট্টাচাৰ্যই অসমীয়াক দি গ’ল গীত আৰু কবিতাৰ অনন্য স্বাদ৷ ১৯২৮ চনত, আজিৰ পৰা প্ৰায় ৯৬ বছৰৰ আগতে তেখেতৰ গীতৰ পুথি ‘বাউলী’ৰ প্ৰকাশ আছিল অসমীয়া সাহিত্যৰ এক যুগান্তকাৰী ঘটনা৷ ১৯৩৫ চনত কলিকতাৰ চেনোলা গ্ৰামোফোন কোম্পানীত তেখেতে বাণীবদ্ধ কৰাইছিল বিলত তিৰেবিৰায়..' আৰু 'কাৰ অধৰৰ হেঙুলেৰেকে ধৰি কেইবাটিও গীত ৷
দাৰিদ্ৰ্যপীড়িত পৰিয়ালৰ সন্তান কমলানন্দই অৰ্থনৈতিক তাড়নাত বি এ আধাখনীয়া কৰি কলিকতাৰ পৰা গুচি আহিবলগীয়া হৈছিল ঠিকেই, কিন্তু পিতৃ মহদানন্দ ভট্টাচাৰ্যৰ পৰা পোৱা বাদ্য-সংগীতৰ শিক্ষাক সমল কৰি সংগীত আৰু কবিতাৰ যি নিৰলস চৰ্চা কৰি গ’ল, সেইবোৰেই অসমীয়া গীতিসাহিত্যক অক আসনত বহুৱাবলৈ সক্ষম হৈছিল৷ তেওঁ ‘বাউলী’ লিখিছিল স্নেহৰ ভাতৃৰ বিয়োগত—স্বাধীনতাৰ ৰণত নামি কাৰাবৰণ কৰোঁতেও লিখিছিল ‘বিয়াল্লিছৰ ছহীদ’ আৰু ‘নাৱৰীয়াৰ সুৰ’৷
কি কষ্টৰ জীৱন আছিল ‘বাউলী কবি’ৰ! শিক্ষালাভৰ বাসনাত প্ৰাইভেটকৈ লৈছিল একাধিক ডিগ্ৰী, দেশক স্বাধীন কৰাৰ স্বাৰ্থত নিজে আন্দোলনত জড়িত হোৱাৰ লগতে ভাতৃদ্বয়কো জড়িত কৰাইছিল—অথচ স্বাধীনতা লাভৰ পাছত পোৱা চাকৰি কিছুদিনৰ পাছতে চৰকাৰে বিলোপ সাধন কৰি কবিক ঠেলি দিছিল চৰম যন্ত্ৰণাৰ মাজলৈ— যি যন্ত্ৰণাই চমু কৰিছিল কমলানন্দৰ জীৱন!
১৯৫১ চনৰ এই ৪ জানুৱাৰীতেই মৃত্যু হৈছিল বাউলী কবিৰ…
No comments:
Post a Comment