Saturday, August 29, 2020

কাকত-আলোচনীৰ দুৰৱস্থা

 ’সাদিন’ বন্ধ হ’ল৷ (সংশ্লিষ্ট কৰ্তৃপক্ষৰ মতে ’বন্ধ’ নহয়, ফৰ্মেট সলনি) ’বিস্ময়’ক জীয়াই ৰাখিবলৈ জনোৱা হৈছে পঢ়ুৱৈক আহ্বান৷ শুনা কথা, আৰু দুখনমান কাকত-আলোচনীৰ বাজিব ধৰিছে মৃত্যুৰ ঘণ্টা৷ অসমীয়া ভাষাত নিৰন্তৰ প্ৰকাশ পোৱাৰ লেখেৰে সবাতোকৈ বেছি আয়ুস পোৱা আলোচনী ’বিজ্ঞান জেউতি’ এতিয়াও প্ৰকাশ পাই আছেনে নাই, তাৰ খবৰ আমি নাপাওঁ বা ৰখা নাই৷ অসমীয়া কাকত-আলোচনীৰ এনে দশাৰ বাবে আচলতে দায়ী কোন? এবাৰ ব্যক্তিগত আলাপত জয়ন্ত বৰুৱা ডাঙৰীয়াই আমাক কৈছিল যে ’সাদিন’ তেখেতৰ আবেগ, 'সাদিন'ৰ প্ৰচলন যিয়েই নহওক, কাকতখন তেখেতে উলিয়াই ৰাখিবই৷ সেই ’সাদিন’ তেখেতে বন্ধ কৰিবলগীয়া হ’ল কিয়? বিগত শতিকাৰ সত্তৰ-আশী-নব্বৈৰ দশকত যিখন আলোচনী নপঢ়া লোক নাছিল, যিখনত নেলেখা সাহিত্যিক আছিল তেনেই তাকৰ, সেই ’বিস্ময়’ৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে কিয়? এশ বছৰৰ আগতে ’বন্তি’, আসাম বান্ধৱ’ আদি বন্ধ হৈছিল অসমীয়া মানুহে ’কাকত’ (তেতিয়া আলোচনীকো কাকতেই বোলা হৈছিল) নপঢ়াৰ অভিযোগত৷ কিন্তু এতিয়া পোনচাটেই তেনে অভিযোগ কৰিব পৰা পৰিৱেশ আছেনে? এইযে বহু কাকত-আলোচনীৰ অৱস্থা দিনকদিনে শোচনীয় হোৱা বুলি সন্দেহ-শংকা বিয়পিব ধৰিছে, তাৰেইবা কাৰণ কি?

++
শুনিবলৈ কিছু আচহুৱা যেন লাগিলেও মোৰ দৃষ্টিত কিন্তু সাম্প্ৰতিক কাকত-আলোচনীৰ দুৰৱস্থাৰ আঁৰত বহু পৰিমাণে লেখক আৰু সম্পাদনা গোষ্ঠীও দায়ী৷ হয়৷ লেখক আৰু সম্পাদকসকলেও কাকত-আলোচনীৰ দুৰ্দশাৰ দায়িত্ব একেবাৰে এৰাই চলিব নোৱাৰিব৷ প্ৰকাশক আৰু ক্ৰেতাৰ বাবে কাকত-আলোচনী এটা পণ্য, এটা commodity৷ প্ৰকাশকে আলু-পিয়াজৰ বেপাৰ নকৰি কাকত-আলোচনীৰ বেপাৰ কৰে৷ সেই পণ্যটো ক্ৰেতাৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি, বা এক নিৰ্দিষ্ট ৰুচি গঢ়ি তোলাৰ মানসেৰে সাজু কৰাৰ দায়িত্ব যিদৰে সম্পাদনা মণ্ডলীৰ, সম্পাদনা মণ্ডলীক সেইক্ষেত্ৰত সহযোগ কৰাৰ দায়িত্বও লেখকসকলৰ৷ বিগত শতিকাৰ নৱমটো দশকত ’নতুন দৈনিক’ৰ জৰিয়তে অসমত আৰম্ভ হৈছিল এক নতুন সোৱাদৰ সাংবাদিকতা৷ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত হেমন্ত বৰ্মন, ৰূপম বৰুৱা, মনোজ কুমাৰ গোস্বামী, বিতোপন বৰবৰা, মিহিৰ দেউৰী, মণিকুন্তল শইকীয়া, ৰয়েল আহমেদ আদিৰ দৰে এজাক দীপ্তিমন্ত তৰুণে কাকতখনক কৰি তুলিছিল নতুন চিন্তা-চেতনাৰ, নতুন উপস্থাপনৰ বাহক৷ কাকতৰ সেই ৰূপ আৰু বাতৰিৰ মনোৰম লেখন-শৈলী দেখি এগৰাকী খ্যাতিমান প্ৰৱীণে (ড° গোঁহাই? এইমুহূৰ্তত নামটো স্পষ্টকৈ মনলৈ আনিব পৰা নাই) মন্তব্য কৰিছিল : মনোজ কুমাৰ গোস্বামী, বিতোপন বৰবৰাই লিখা সংবাদ পঢ়াৰ পাছত অসমীয়া পঢ়ুৱৈয়ে অসমীয়া গল্প পঢ়িবলৈ এৰিব৷ স্মৃতিৰ পৰা লেখা বাবে এই উদ্ধৃতি শব্দানুগ নহয়-- কিন্তু মূল কথা হ’ল সেইসময়ৰ পৰাই আমাৰ পঢ়ুৱৈয়ে পাইছিল সংবাদ সাহিত্যৰ অভিনৱ সোৱাদ৷ (সমাজ বিজ্ঞানৰ ছাত্ৰ হিচাপে পিছত আমাৰ ব্যক্তিগত অধ্যয়নৰ কালত দেখিছিলো বাতৰিৰ ভাষাত নতুন সোৱাদ দিয়াৰ চেষ্টা তাহানিতে গোহাঞিবৰুৱায়ো কৰিছিল৷) আৰু এই ভাষা পৰৱৰ্তী বহু সাংবাদিকৰ বাবেও অনুকৰণীয় হৈ উঠিছিল৷ বাতৰিৰ ভাষা পোনপটীয়া হ’ব লাগে কথাষাৰ মানি লৈও চলিছিল ভাষাৰ সম্পৰীক্ষণ-- আৰম্ভ হৈছিল offbeat/ anchor storyৰ নিৰৱচ্চিন্ন ধাৰা৷ প্ৰায় ২০ বছৰ এনেদৰে চলাৰ পাছত লাহে লাহে যিসকল সাংবাদিক আহি সংবাদক্ষেত্ৰত সোমাবলৈ ল’লে, তেওঁলোকৰ ৮০ শতাংশৰে নাই বিষয়বস্তুৰ গভীৰলৈ যোৱাৰ আগ্ৰহ, নাই ভাষাৰ কালিকা শক্তি বুজাৰ সামৰ্থ্য৷। (এতিয়াতো নিৰ্ধাৰিত কিছু শব্দৰেই চলি যায় টেলিভিছনৰ সাংবাদিকতা!) তেওঁলোকে কাকতত যেতিয়া শ্ৰুতলিপি দি লেখে বাতৰিৰ পাছত বাতৰি, প্ৰতিবেদনৰ পাছত প্ৰতিবেদন, তাৰ ভাষা, বিষয়-বৈচিত্ৰ্যহীনতাৰ প্ৰতি মোহভংগ ঘটি ক্ৰেতাই কাকত এৰাৰ দোষ ক’ত? ইয়াৰ মাজত ব্যতিক্ৰম আছে, সেই ব্যতিক্ৰমীসকলে সামগ্ৰিক পৰিমণ্ডলৰ মাজত পঢ়ুৱৈক আকৰ্ষিতও কৰে ঠিকেই, কিন্তু কাকতখনক পঢ়ুৱৈৰ বাবে ধৰি ৰাখিবলৈ অক্ষম৷ আৰু এনে সাংবাদিকে যেতিয়া সম্পাদনাৰ দায়িত্ব ল’ব, তেওঁলোকে উপযুক্ত ব্যক্তিৰ পৰা উপযুক্ত লেখা বিচাৰিব কিদৰে? মোলৈ দুই-এজন সম্পাদকৰ পৰা মাজে মাজে ফোন আহে, মই লেখি দিব লাগে অসমীয়া সংবাদ জগতৰ সমস্যা বা ইতিহাস! মই তেওঁলোকক বুজাব লগীয়া হয়, কৰ্মক্ষেত্ৰ ব্যক্তিৰ বাধ্যবাধকতা৷ কৰ্মক্ষেত্ৰ আৰু চিন্তা, ৰুচি বা অধ্যয়নৰ বিচৰণথলী একে নহ’বও পাৰে৷ কুল শইকীয়াকতো আৰু অসম আৰক্ষীৰ ইতিহাস কিম্বা ড° ধ্ৰুৱজ্যোতি বৰাক অসমৰ স্বাস্থ্যকেন্দ্ৰৰ সমস্যা লেখিবলৈ দিয়া নাযায়৷ অৰ্থাৎ যাৰ পৰা লেখা বিচাৰে, তেওঁৰ চিন্তা-অধ্যয়নৰ ক্ষেত্ৰৰ বিষয়েই সম্পাদনা সমিতিৰ বহু লোক অৱগত নহয়৷

মনোজ কুমাৰ গোস্বামী, বিতোপন বৰবৰা, প্ৰশান্ত ৰাজগুৰু আদিয়ে সংবাদক সাহিত্যলৈ উত্তৰণ ঘটাইছিল৷ এতিয়াৰ বহু গল্পকাৰে গল্পক কৰি তুলিছে সংবাদসুলভ৷ ’কৰুণ কৌতুক’টো হ’ল,কলত ঢোকা, ঢোকাত কল’ৰ দৰে এনে গল্পৰ বাবেই এচাম সম্পাদকে গল্পকাৰক আৰু তেনে কিছু গল্পকাৰে সংশ্লিষ্ট সম্পাদকৰ বিষয়ে সামাজিক মাধ্যমত উচ্চ প্ৰশংসাৰে ওপচাই পৰস্পৰৰ বিষয়ে উচ্চ ধাৰণাৰ সৃষ্টি কৰি পঢ়ুৱৈক বিভ্ৰান্ত কৰে৷ পঢ়ুৱৈ সেই পথত আগুৱাই গৈ যদি গল্প আৰু কাকত-আলোচনীৰ মানক লৈ হতাশাত ভোগে, তাৰ বাবে ক্ৰেতা-পঢ়ুৱৈক দোষ দিয়াইবা কিমান যুগুত?

ভাষাৰ সেৱাক সামাজিক-সাংস্কৃতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ আমাৰ এতিয়াৰ গৰিষ্ঠসংখ্যক লেখকো দুখলগাকৈ অপাৰগ৷ নিৰ্মম সত্যটো হ’ল বহু লেখকে নকৰে ন্যূনতম পৰিশ্ৰম, পঢ়ুৱৈৰ বিচক্ষণতা আৰু বিচাৰবোধৰ প্ৰতি অৱজ্ঞা-উপেক্ষাৰ মনোভাৱ তেওঁলোকৰ লেখা আৰু ধৰণ-কৰণত স্পষ্ট, বৃত্তিগত একোটা পদবীত থাকি সেই পদবীক ব্যৱহাৰ কৰে লেখা প্ৰকাশৰ বাবে, কোনো নতুন চৰ্চা নাই, বহু সময়ত পূৰ্বজ লেখকৰ ৰচনাৰ চৰ্বিত-চৰ্বনৰে ভৰাই তোলে নিজৰ লেখা, কেতিয়াবা হয়তো অক্ষম অনুবাদ, আন কেতিয়াবা অক্ষমণীয় নকল৷ লেখাৰ অভাৱত ভোগা কাকত-আলোচনীয়ে বহু সময়ত সম্পাদনা সমিতিত জড়িতসকলৰ অজ্ঞতাৰ বাবেই হওক, বা কেতিয়াবা লেখকৰ পদমৰ্য্যাদাৰ প্ৰতি মোহাবিষ্ট হৈয়েই হওক, নিজৰ কাকত-আলোচনীত স্থান দিয়া সেই লেখাসমূহে ৰুচিশীল পঢ়ুৱৈৰ মোহভংগ ঘটালে তাৰ দায়িত্ব লেখক-সম্পাদকেই জানো ল’ব নালাগিব? আন বহু বিজ্ঞ লেখকে এৰাব নোৱাৰে তেওঁলোকৰ স্বভাৱসুলভ এলাহ৷ সম্পাদকৰ নিৰন্তৰ তাগিদা আৰু ফোনৰ পিছত ফোনেও সেইসকল লেখকক টলাব নোৱাৰে৷ আন একাংশ লেখকে গণ্য কৰে, তেওঁলোকৰ অধ্যয়নৰ বিষয়ৰ প্ৰকাশিকা শক্তি অসমীয়া ভাষাৰ নাই৷ আমি নিজে এখন আলোচনীৰ সম্পাদনাৰ সৈতে আঠ বছৰৰো ওপৰকাল জড়িত থকাৰ সময়ত পাইছিলো এনে এলেহুৱা আৰু অসমীয়া ভাষাৰ শক্তিকলৈ সন্দিহান লেখকক৷ এনেদৰে নতুন চিন্তা-চেতনাৰ পৰা অনেক সম্ভাৱনা থকা সত্ত্বেও ভাষাজননী অৱহেলিত হৈ ৰয়, উপেক্ষিত হৈ ৰয় পঢ়ুৱৈসমাজ৷

আমি জানো, এই লেখাই বহুতকে ব্যক্তিগতভাৱে বিতুষ্ট কৰিব৷ অনেকে এই লেখা পঢ়ি যাওঁতেই আমাৰ বিৰুদ্ধে হয়তো ধাৰাল কৰিবলৈ চেষ্টা কৰিছে যুক্তিৰ অস্ত্ৰ৷ কিন্তু সমস্যাৰ গভীৰলৈ যাব নোৱাৰিলে যে সংকটমোচনৰ উপায় নাথাকে, এই সত্য উপলব্ধি কৰিব নোৱাৰিলে আন বহু কাকত-আলোচনী হেৰুৱাবলৈ আমি কেৱল কৰিব লাগিব সময়ৰ অপেক্ষা৷ আঙুলিৰ টিপতে মবাইলত তথ্যভাণ্ডাৰ মোকলাব পৰাৰ ক্ষণত, অজস্ৰ চিন্তাৰ ই-বুক অনায়াসলব্ধ হোৱাৰ এই পৰিৱেশত কাকত-আলোচনীক বচাবলৈ কেৱল পঢ়ুৱৈৰ ওপৰত নিকিনা হোৱাৰ দোষ জাপিলেই নহ’ব-- সংশ্লিষ্ট কাকত-আলোচনী পঢ়িবলৈ সম্পাদনা সমিতিয়ে, নিজৰ লেখা পঢ়িবলৈ লেখকে তাগিদাৰো সৃষ্টি কৰিব পাৰিব লাগিব৷ অসমীয়াই আজি বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰি আছে৷ এইসকল লোকে ভাষাক নতুন বিষয়-বৈচিত্ৰ্য আৰু উপকৰণেৰে সজাব পাৰিলেই ভাষা সমৃদ্ধ হ’ব,ভাষাৰ নিৰ্ভৰযোগ্যতাও তেনেকৈহে বাঢ়িব৷


article originaly posted in my facebook account on June 5, 2020. here is the link :

No comments: