(মৃত্যুৰ এমাহ উপলক্ষে)
পূৰ্বজ্যোতি চুতীয়া গ’লগৈ৷
অসমৰ সংবাদক্ষেত্ৰই হেৰুৱালে আমাৰ সমসাময়িক এগৰাকী বলিষ্ঠ ক্ৰীড়া সাংবাদিকক৷ ভাৱ-ভাষা-বক্তব্য-বিষয়বস্তুৰ সমতুল ৰক্ষাত পূৰ্বজ্যোতিৰ দক্ষতা আছিল ঈৰ্ষণীয়৷ কোনো কোনো ক্ৰীড়া সাংবাদিকক ক্ষুণ্ণ কৰিলেও এই কথা ক’বই লাগিব যে তেওঁৰ সমসাময়িকভাৱে বা পৰৱৰ্তীকালত এই ক্ষেত্ৰখনলৈ অহা আনসকলৰ বিপৰীতে একমাত্ৰ পূৰ্বজ্যোতিয়েইহে দীৰ্ঘদিন বিশ্লেষণী ক্ৰীড়া সাংবাদিকতাৰ ধাৰক-বাহক হৈ ৰৈছিল৷ হয়৷ কোনোজনে যেতিয়া কেৱল ভাষাৰ সম্পৰীক্ষণতে মজি ৰ’ল, কোনোজনে বাতৰিৰ যথাযথ পৰিৱেশনতে মাথোঁ গুৰুত্ব দি ৰ’ল, সেই সময়ত পূৰ্বজ্যোতিৰ খেলৰ প্ৰতিবেদন আৰু ৰচনাৰ মাজত দেখা গৈছিল বিষয়বস্তুৰ বিশ্লেষণৰ লগতে গদ্যৰ অন্বয়৷ পূৰ্বজ্যোতিৰ গদ্যক চমৎকাৰ বুলিব নোৱাৰি সঁচা, কিন্তু তেওঁৰ সমসাময়িক কোনোজনে ভাষাৰ পৰীক্ষাৰ নামত লিখা আভজা-আধা কেচেলুৱা প্ৰতিবেদনৰ বিপৰীতে এইগৰাকী ক্ৰীড়া সাংবাদিকৰ গদ্যই বক্তব্য-বিশ্লেষণৰ মাজলৈ পঢুৱৈৰ মন-মগজুক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত কৰিছিল চুম্বকৰ কাম৷ পোনতে ‘আজিৰ বাতৰি’ আৰু পৰৱৰ্তী কালত ‘আমাৰ অসম’ কাকতখনে প্ৰথম পাঁচ-ছবছৰত পঢুৱৈক আকৃষ্ট কৰা কাৰকসমূহৰ অন্যতম আছিল পূৰ্বজ্যোতিয়ে যুগুতোৱা ক্ৰীড়াৰ প্ৰতিবেদন৷ এগৰাকী বয়স্ক সম্পাদকে এই ক্ষেত্ৰখনৰ পৰা তেওঁক বেলেগ ক্ষেত্ৰ এখনলৈ আঁতৰাই লৈ নোযোৱাহ’লে পূৰ্বজ্যোতি চুতীয়াই হয়তো অসমীয়া ক্ৰীড়া সাংবাদিকৰূপে লাভ কৰিলেহেঁতেন আন এক মাত্ৰা৷ কিন্তু জীৱনৰ কৰুণ অনিবাৰ্যতা এইটোৱেই যে কিছুমান ‘হেঁতেন’ৰে জীৱনক জুখি চাব নোৱাৰি৷
কেইবাদিন ধৰি ভাবিছোঁ পূৰ্বজ্যোতিৰ বিষয়ে লিখাৰ কথা৷ এৰি এহা বৃত্তিগত জীৱনৰ এছোৱা সংক্ষিপ্ত সময় পূৰ্বজ্যোতিক পাইছিলোঁ সহকৰ্মীৰূপে৷ বয়সৰ ব্যৱধান নেওচি আমাৰ মাজত ঘনিষ্ঠ বন্ধুত্ব গঢ লৈ উঠিছিল এইকণ সময়তেই৷ নিশা লে’-আউট সামৰি কান্তিৰ কেণ্টিনত প্ৰায় নিয়মিত মৃনালদা ( মৃনাল কুমাৰ বৰা ) সমন্বিতে বহা ৰসাল আলাপ, বিহুৰ বন্ধত ঘৰলৈ যাব নোৱাৰা সময়ত আমি সাত-আঠ ঘণ্টা ধৰি দিয়া আড্ডা, মৃনালদাৰ ৰুক্মিণী গাঁৱৰ তেতিয়াৰ ভাৰাঘৰত পূৰ্বজ্যোতিৰ গন্ধৰ্ব বিবাহৰ ঠিক পূৰ্বে ৰাজীৱ মহন্তৰো উপস্থিতিত ওৰে নিশা কৰা পৰিকল্পনা, পানবজাৰৰ পদপথত গীতিমালিকা-লেনিনে পূৰ্বজ্যোতিৰ উপস্থিতিত উদযাপন কৰা মোৰ ওপজা দিনৰ কথা, ২০০০ বৰ্ষত পূৰ্বজ্যোতিৰ ‘শতাব্দীৰ অলিম্পিক’ কিতাপখনৰ প্ৰথম ক’পীটো প্ৰকাশক মনোৰঞ্জন বৰ্মনে হাতত তুলি দিয়াৰ সময়ত বেটুপাততে উপাধিৰ বানান ভুল হোৱা দেখি পোনতে কৰা খং পাছত সামৰি থোৱা, অথবা বিশ্বকৰ্মা পূজাৰ পূৰ্ব-সন্ধ্যাৰ পৰা পূজাৰ নিশালৈ মজি থকা দিনবোৰৰ স্মৃতি সুৱঁৰিবলৈ এতিয়া আৰু পূৰ্বজ্যোতি নাহে৷
‘আজিৰ বাতৰি’ত চিনাকি, ‘আমাৰ অসম’ত সহকৰ্মী৷ মনোজ কুমাৰ গোস্বামীৰ নেতৃত্বত (সম্পাদক অৱশ্যে হোমেন বৰগোহাঞি) ‘আমাৰ অসমে’ ইতিমধ্যে আৰম্ভ কৰিছিল সাংবাদিকতাৰ আন এক যাত্ৰা৷ এই কাকতৰ প্ৰথম পৃষ্ঠাত ময়ো লিখিবলৈ লৈছিলোঁ ক্ৰীড়াৰ প্ৰতিবেদন৷ মোক এইক্ষেত্ৰত পোনতে সৰ্বাধিক উৎসাহিত কৰা লোক দুজন আছিল মৃনালদা আৰু পূৰ্বজ্যোতি, কেতিয়াবা বনদা-- বনজিৎ ভট্টাচাৰ্য৷ পিছলৈ কাকতৰ প্ৰথম পৃষ্ঠাত মাজে-সময়ে পূৰ্বজ্যোতি আৰু মৃনালদাক বাদ দি ক্ৰীড়াৰ প্ৰতিবেদন যুগুতোৱাতো মোৰ বাবে নিয়মিত কৰ্ম হৈছিল মনোজদাৰ নিৰ্দেশত— কেতিয়াবা লুইত পাঠকে লৈছিল এই দায়িত্ব, কিন্তু পূৰ্বজ্যোতিৰ সৈতে আলোচনা নকৰাকৈ আমি সাধাৰণতে ক্ৰীড়াৰ প্ৰতিবেদন যুগুতোৱা নাছিলোঁ৷ বিগত শতিকাৰ নব্বৈৰ দশকৰ প্ৰভাৱশালী সাংবাদিক, ‘দ্য হিন্দু’ কাকতৰ (সম্ভৱতঃ ক্ৰিকেট এডিটৰ) আৰ মোহনত আমি দুয়ো মজি ৰৈছিলোঁ৷ ৰাষ্ট্ৰীয় কাকতৰ বিভিন্ন বিশ্লেষকৰ মাজত আমি চলাইছিলো বিভিন্ন সমলৰ সন্ধান৷ দেখিছিলো, ক্ৰীড়াক্ষেত্ৰলৈ নতুন কোনো ‘টাৰ্ম’ৰ আগমন ঘটিলেই সেয়া বুজিবলৈ পূৰ্বজ্যোতিৰ কিমান হেঁপাহ! আজিৰ দৰে ইণ্টাৰনেট সুচল নোহোৱাৰ সেই দিনত ক্ৰিকেটলৈ ডাকৱৰ্থ-লিৱিছ পদ্ধতিৰ আগমন হোৱাৰ প্ৰায় লগে লগে আপাতদৃষ্টিৰ জটিল সেই গাণিতিক সূত্ৰ বুজি নুঠালৈকে কেইবাখিলা কাগজত আঁক-বাক কৰিছিল পূৰ্বজ্যোতিয়ে৷ টেনিছৰ পৰা ফুটবললৈ, এথলেটিকছৰ পৰা বাস্কেট বললৈ কতোৱেই দেখা নাছিলোঁ আগ্ৰহ বা বিশ্লেষণৰ অভাৱ৷ অথচ তেনেই নিমাখিত আছিল তেওঁৰ ধৰণ-কৰণ, দেখিলে এনে লাগে যেন এইবোৰ তেনেই তুচ্ছ কাৰবাৰ, তেওঁ একো এটা যহাবলগীয়া কাম কৰা নাই!
বহু সময়ত পূৰ্বজ্যোতি আছিল বল্গাহীন৷ আৰু পূৰ্বজ্যোতিৰ কৌতুকবোধ! কি নিঃসংকোচে আৰু নিৰ্দ্বিধাই বয়সৰ সীমা চেৰাই যিকোনো অগ্ৰজ বা অনুজ সহকৰ্মীৰ সন্মুখত পূৰ্বজ্যোতিয়ে কৰি দিব পাৰিছিল যিকোনো মন্তব্য৷ অনেক কনিষ্ঠক কথাৰে কাণ-মূৰ ৰঙা কৰি দিয়াত সিদ্ধহস্ত পূৰ্বজ্যোতিৰ প্ৰগলভ চৰিত্ৰই তেওঁক কৰি তুলিছিল বহুতৰে প্ৰিয়জন৷ এইজন সহকৰ্মীয়ে এবাৰ সৌৰভ কুমাৰ চলিহাৰ সৈতে চিনাকি কৰাই দিবৰ বাবে মোক কুটুৰিছিল৷ আন কোনো সাহিত্যিকৰ প্ৰতি পূৰ্বজ্যোতিৰ কেতিয়াও আগ্ৰহ দেখা নাছিলোঁ৷ সেইবাবে পূৰ্বজ্যোতিৰ লগত এদিন ওলালো সেই মহাপ্ৰাণ সাহিত্যিকৰ ঘৰলৈ৷ গেট খুলি মই সোমাই গ’লোঁ৷ পূৰ্বজ্যোতিয়ে যথাবিহিত বাহিৰতে বাইকখন ৰখালে৷ কিন্তু দুৱাৰ খুলি সৌ কু চ ওলাই অহাৰ পাছত পূৰ্বজ্যোতিৰ উমঘাম নাই৷ চাহৰ প্ৰস্তাৱ মই প্ৰত্যাখ্যান কৰিবলগীয়া হ’ল৷ মোৰ উৎকণ্ঠা, পলম হ’লে কিজানিবা পূৰ্বজ্যোতিয়ে মোক এৰি গুচি যায়! ওলাই আহি দেখোঁ, পূৰ্বজ্যোতি ৰৈ আছে গলিটোৰ মুখৰ দোকান এখনৰ কাষত৷ মোক দেখি হাঁহি হাঁহি মন্তব্য কৰিলে— “হৌৰা, এইগৰাকীক দেখি স্কুলৰ অংকৰ মাষ্টৰলৈহে মনত পৰিল হে, সেয়ে সোমাবলৈকে ভয় লাগিল!”
বহু কথা কোৱাৰ পাছতো বহু কথা ৰৈ যায়৷ কম দিনৰ সহকৰ্মী হ’লেও পূৰ্বজ্যোতিৰ বিষয়ে কৈ ওৰ পেলাব নোৱাৰি৷ নোৱাৰাখিনি স্মৃতিতে থাকক৷ পূৰ্বজ্যোতি বিস্মৃতি নহয়৷ পূৰ্বজ্যোতি কেৱল স্মৃতি৷
(সন্নিৱিষ্ট আলোকচিত্ৰখন ১৯৯৯ মানৰ৷ তুলিছিল সম্ভৱতঃ অনুপম নাথে, ‘আমাৰ অসম” কাকতৰ পৰা বালিভাত খাবলৈ যাওঁতে নৌকাবিহাৰৰ সময়ত৷)
Originaly posted in:
https://facebook.com/story.php?story_fbid=10215687741904835&id=1780994328
No comments:
Post a Comment