Sunday, October 31, 2021

বাইশ গজৰ যুঁজাৰু/ নতুন ‘হেড ছাৰ’ (অন্তিম খণ্ড)

দৰমহাৰ ধনকণ, সীমিত উপাৰ্জন ৰাহি কৰি বিপদৰ দিনলৈ জমা কৰি ৰাখিবলৈ ভাৰতীয় মধ্যবিত্তই কত কি যে কৰিব নালাগে...৷

পাৰি, হিচাপ-নিকাচৰে সেয়াও সম্ভৱ৷ হওকেই বাৰু আয় সামান্য৷ পৰিকল্পনা নিখুঁট হ’লে ক’ৰবাত বিনিয়োগো কৰিব পাৰি টানি মানি ৰাহি কৰা আৰ্জন৷ তাৰ পথৰ সন্ধান দি ‘পেংগুইন’ প্ৰকাশিত এখন কিতাপত (ডাইমণ্ড ইন দ্য ডাষ্ট ঃ কনজিষ্টেণ্ট কম্পাউণ্ডিং ফৰ এক্সট্ৰা অৰ্ডিনেৰী ৱেল্থ ক্ৰিয়েশ্যন) লিখা হৈছিল ঃ বিনিয়োগ হৈছে টেষ্ট ক্ৰিকেটৰ দৰে৷ সিমানেই নহয়, বিনিয়োগকাৰীৰ লক্ষ্যও হোৱা উচিত কুশলতা আৰু ব্যৱহাৰিক দক্ষতাৰ সমন্বয়ৰে বিশাল সফলতা লাভ কৰা ‘লিকটা’ দ্ৰাবিড়ৰ দৰে কোম্পানীৰ সঠিক বাচনি৷

ভাৰতীয়ক ধনৰ ব্যৱহাৰৰ কাৰ্যকৰী পৰামৰ্শ দিবলৈও ৰাহুলৰেই উদাহৰণ৷

সৌৰভ মুখাৰ্জী, ৰক্ষিত ৰঞ্জন, সলিল দেশাইয়ে যথাৰ্থ উদাহৰণেই দিছে৷ মাৰাঠা ব্ৰাহ্মণ শাৰদ দ্ৰাবিড়ৰ সন্তান ৰাহুল দ্ৰাবিড়ত পৰিগণিত হোৱাৰ আঁৰততো কুশলতা আৰু ব্যৱহাৰিক দক্ষতাৰ সমন্বয়েই মূল! আৰু এই যে বিশেষণটো— লেকেটা!

বহু ক্ৰিকেট বিশেষজ্ঞৰো সেইবাবে দ্ৰাবিড়তেই বিনিয়োগ সৰ্বাধিক৷

সেই যে প্ৰথম শতৰাণটো আহিছিল জোহানেছবাৰ্গত…

ক্ৰনিয়েৰ দক্ষিণ আফ্ৰিকা তেতিয়া তগবগ তেজীঘোঁৰা৷ ডোনাল্ড-পোলকৰ সাফল্যৰ ৰবি বিৰাজ কৰিছে মধ্য গগণত৷ এই দুই পেচাৰৰ আগমন মানেই প্ৰতিপক্ষৰ শিৱিৰত কঁপনি৷ ক্ৰনিয়েৰ ‘অস্ত্ৰ ভাণ্ডাৰ’ত আৰু আছিল ক্লুজনাৰ, কালিনান, কিৰ্ষ্টেন৷ শচীন নেতৃত্বাধীন ভাৰত প্ৰথম দুয়োখন টেষ্টত পৰাস্ত৷ জোহানেছবাৰ্গ আছিল ভাৰতৰ বাবে মাথোঁ সন্মান ৰক্ষাৰ ৰণ৷ 

আৰম্ভ হ’ল ভাৰতৰ বেটিং৷ প্ৰথম ২৩ অভাৰত ৰান ২৫৷

কিন্তু পুৱাৰ ফেঁহুজালিৰে দিনটোৰ বতৰৰ আভাস লোৱাৰ ক্ষেত্ৰ ক্ৰিকেট নহয়৷ বিক্ৰম ৰাথোৰৰ পতনৰ পাছত দ্ৰাবিড়ৰ প্ৰৱেশে দুনাই বুজাই দিছিল শতিকাজুৰি আপ্তবাক্যত পৰিণত হোৱা সেই কথা— ক্ৰিকেট মানেই গভীৰ অনিশ্চয়তা৷ আজিও সাঁথৰ, ’৯৭ৰ ১৬ জানুৱাৰীত জোহানেছবাৰ্গৰ ক্ৰিজলৈ সোমাই যাওঁতে ৰাহুলে হাতত বেটৰ লগতে কি নিছিল— বেডিং, নে চিমেণ্ট!

বেটছমেনতো নহয়, যেন চেলাপেটি জোক৷

প্ৰায় ন ঘণ্টাৰ সেই প্ৰতিৰোধ ভাঙিবলৈ ডোনাল্ড -পোলকেও সলনি কৰিবলগীয়া হ’ল লাইন আৰু লেংথ৷ অৱশেষত যেতিয়া ব্যক্তিগত ১৪৮ ৰানত অন্তিমটো উইকেটৰ ৰূপত ৰাহুল পেভিলিয়নলৈ উভতিছিল, দলৰ তেতিয়ালৈ সংগ্ৰহ ৪১০৷ দ্বিতীয় ইনিংছত দ্ৰাবিড়ৰ ৮১য়েই দলক দেখুৱাইছিল জয়ৰ মুখ৷ কালিনানৰ শতৰান আৰু বতৰৰ বিঘিনিয়ে ভাৰতৰ শতৰু শালিছিল সঁচা, তথাপি দ্ৰাবিড় যুগ আৰম্ভৰ সেয়াই আছিল পূৰ্বৰাগ৷ যাৰ অন্য নাম হৈ উঠিছিল অসম্ভৱক অতিক্ৰমৰ অদমনীয় বাসনা৷ দলৰ ফল’ অনৰ পাছতো জয় সম্ভৱ—এই পথতেই গঢ় লৈছিল তাৰ অনন্য উদাহৰণ৷

ইডেন গাৰ্ডেনৰ সেই ইনিংছৰ কথা থাকক৷ অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে লক্ষ্মণ-দ্ৰাবিড়ৰ সেই বিৰত্বব্যঞ্জক কাহিনী নাজানে কোনে? সেয়াতো ক্ৰিকেটৰ মহাকাব্য৷ মানুহৰ মন-মগজু-বিবেক অধিকাৰ কৰি লোৱা, অতীত-বৰ্তমান ভেদি ভৱিষ্যতলৈ শাস্ত্ৰীয় সংগীতৰ সুৰ হৈ ৰোৱা কাহিনীক নতুনকৈ তুলি ধৰাৰ বাবে যোগ্যতা মোৰ নাই৷ তাৰ বাবে এক হ’ব লাগিব চৌৰাচিয়া-জাকিৰ হুছেইন- বিছমিল্লা খাঁ৷

সেয়া থাকক৷ চকুৰ আগত ভাঁহিছে ২০০৪ৰ এটা ইনিংছ৷

ৰাৱালপিণ্ডিত সেইদিনা নামিছিল ভাৰতৰ বসন্ত৷

চ’তৰ জুই আৰু ব’হাগৰ বসন্তৰ সংক্ৰান্তি সেয়া৷

পাকিস্তানলৈ গৈছিল গাংগুলীৰ ভাৰত৷ আব্বাছ-ইমৰাণৰ দেশত ভাৰতৰ টেষ্ট জয় যেন পূৰণ নোহোৱা সপোন৷ গাভাস্কাৰ- অমৰনাথ- কপিল-বিশ্বনাথৰ শক্তিয়েও পৰা নাছিল ১৯৭৮-৭৯ত, পৰা নাছিল ’৮৪-৮৫ত, ৰবি-আজহাৰ-শচীন- কপিলৰ বাবেও অসম্ভৱ আছিল ’৮৯ত৷

গাংগুলীৰ ভাৰত আছিল বেপৰোৱা৷ অকুতোভয়৷ প্ৰথম টেষ্টতে ত্ৰিশতকেৰে মুলতানৰ চুলতানৰূপ ধৰি বিজয় আনি দিছিল চেহৱাগে৷ লাহোৰত পাকিস্তানে সমতা স্থাপন কৰাৰ পাছত ৰাৱালপিণ্ডি হৈ উঠিল ‘সিদ্ধান্তৰ স্থান’৷ পাকিস্তানক প্ৰথম ইনিংছত ২২৪ত বালাজী-পাঠান-নেহৰাই বান্ধি ৰাখিলেও আখটাৰৰ প্ৰথম বলতেই য়াচিৰ হামীদৰ হাতত বন্দী হ’ল চেহৱাগৰ কেট্চ৷ গেলাৰী ফাটি পৰিল পাক সমৰ্থকৰ উল্লাসেৰে৷

সেইদিনা আছিল ১৪ এপ্ৰিল, চ’তৰ সংক্ৰান্তিকাল৷

দ্ৰাবিড়ে আখটাৰৰ সন্মুখত অৱস্থান লওঁতে কোনেও ধৰিব পৰা নাছিল মনত তেওঁ কঢিয়াই আনিছে ভাৰতলৈ বসন্ত অনাৰ সংকল্প৷ চকু হীমশীতল, হাতত চিৰাচৰিত ‘গাণ্ডিৱ’৷ পাৰ্থিৱে কিছু দূৰলৈ সহযোগ কৰাৰ পাছত শচীনেও বিদায় ল’লে ব্যক্তিগত এক ৰানত৷ ৰাহুলৰ মাজত সেই লৈ বিহ্বলতা নাছিল৷ ৭৪০ মিনিট সমৰক্ষেত্ৰত থাকি ৩০ ৰানৰ দূৰত ত্ৰিশতকৰ পৰা থমকিল ঠিকেই, কিন্তু তেওঁৰ বাবেই সম্ভৱ হ’ল ভাৰতৰ ৬০০ ৰান৷ অৱধাৰিতভাৱেই সিদ্ধান্তৰ টেষ্টত ইনিংছ ব্যৱধানত জয়ী হৈ ভাৰতে চূৰ্ণ কৰিলে পাকিস্তানৰ দৰ্প৷

হয়, ৰাহুল দৰ্পহাৰী৷

তেওঁৰ নামৰ সৈতে এইটো বিশেষণো প্ৰযোজ্য৷ সেইবাবেই প্ৰয়োজনত এদিনীয়াত হেংদাঙৰ দৰে ঘূৰাব পাৰে বেট, ল’ব পাৰে উইকেটৰ পাছতো অৱস্থান৷ আনৰ দৰ্প নাশ কৰাৰ পথতো কেনে এক সৌম্য ৰূপ!

যেন ৰাহুল বুদ্ধ-গান্ধীৰ সাৰ্থক অনুসৰণকাৰী…

(খ)

চিকিৎসক পত্নী বিজেতাৰ সৈতে
২০০৭ত ৰাহুলৰ অধিনায়কত্বত ইংলেণ্ডলৈ গৈছিল ‘টীম ইণ্ডিয়া’৷ কোনো এখন এদিনীয়াত বলাৰক নিৰন্তৰ পৰামৰ্শ দিয়াৰ অনিবাৰ্যতাত অধিনায়কে লৈছিল মিড অফত অৱস্থান৷ দুটা নে তিনিটাকৈ কেট্চ তলকিবই পৰা নাছিল শ্লিপৰ ফিল্ডাৰে৷ সেই খেলৰ চলন্ত বিৱৰণী দেখি উত্যক্ত হ’ল এই যুগৰ জনপ্ৰিয় বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহ৷ তাৰ এমাহ কি দুমাহ পূৰ্বে প্ৰকাশ পাইছে তেওঁৰ ইণ্ডিয়া আফটাৰ গান্ধী ৷ গুহ ক্ৰিকেটৰো এগৰাকী অনুৰাগী লেখক-গৱেষক৷ সেইদিনাই তেওঁ ভাৰতৰ দলপতিলৈ লিখিলে, শ্লিপেই তোমাৰ স্থান— এদিনীয়া বুলি নহয়, ক্ৰিকেটৰ যিকোনো ফৰ্মেটত তুমি ভাৰতে জন্ম দিয়া শ্লিপৰ সৰ্বশ্ৰেষ্ঠ ফিল্ডাৰ৷ এই স্থানত সকলো ফিল্ডাৰৰেই তোমাৰ পৰা দূৰ-দূৰণিত অৱস্থান৷

গুহৰ কথাত যুক্তি আছিল৷ ফিল্ডাৰ হিচাপে সৰ্বাধিক কেট্চৰ বিশ্ব অভিলেখ ৰাহুলৰেই৷ জয়বৰ্ধনে, কালিছ, পণ্টিং, মাৰ্ক ৱ’… ৰাহুলৰ পাছতেই যিসকলৰ স্থান, সকলোৱে কোন কাহানিবাই লৈছে অৱসৰ৷ এতিয়াও খেলি থকাসকলৰ যিজন শীৰ্ষত, তেওঁৰো এই অভিলেখ চুবলৈ বহু বাকী৷ গুহৰ পৰামৰ্শৰ কাৰণো এইটোৱেই৷

দুদিন পাছতে মেইলত দ্ৰাবিড়ৰ সঁহাৰি আহিল৷ লিখিছিল, আপোনাৰ শেহতীয়া কিতাপখন পঢিছোঁ৷ আপুনি ঠিকেই লিখিছে, আমাৰ সকলো বুৰঞ্জী যেন গান্ধীতেই ৰৈ গৈছে৷ মই কিতাপখন এতিয়াও পঢ়ি অঁটোৱা নাই৷ পঢ়ি পিছে ভাল লাগিছে৷ এইখনৰ লগতে আন বহু বিষয়ে আপোনাৰ সৈতে কথা পতাৰ মন আছে…

 গুহৰ পৰামৰ্শক লৈ এটাও শব্দ তাত নাছিল৷ কিন্তু মেইলত প্ৰতিভাত হৈছিল দ্ৰাবিড়ীয় স্তৰ৷ দলীয় নীতিক লৈ টীম মেনেজমেণ্টৰ বাহিৰে কাৰো সৈতে আলোচনা কৰিবলৈ তেওঁ অসন্মত, লাগিলে যিমানেই বিদ্বান নহওক কিয়৷ সেই বিদ্বানৰ সৈতে তেওঁ পাতিব কিতাপৰ কথা৷ ভূগোল- বুৰঞ্জী- সাহিত্যৰ কথা৷

দুই সন্তানৰ সৈতে
বহুতেই জানে, ৰাহুল কিতাপৰ ৰসগ্ৰাহী পাঠক৷ অনেকেই দেখিছে দীঘলীয়া ইনিংছ বেট ধৰি অহাৰ পাছত কিতাপৰ মাজত মছগুল হৈ ৰোৱা মুহূৰ্ত৷ কিতাপৰ সৈতে তেওঁৰ অভিন্ন বন্ধুত্ব৷ ৰাহুলৰ  ভাষাত গ্ৰন্থ তেওঁৰ অৱসাদ দূৰ কৰাৰ সংগী৷

এইবোৰেই দ্ৰাবিড় চৰিত্ৰটোত আৰোপ কৰিছে মহত্ব৷ হয়, কেৱল ধ্ৰুপদী ইনিংছবোৰেই দ্ৰাবিড়ক মহান কৰি তোলা নাই৷ ৰানেইতো সকলো নহয়৷ শচীনৰ তুলনাত প্ৰথম ৫০ খন টেষ্টত শতক, ৰান, গড় সকলোতে আছিল চেহৱাগেই আগত৷ আজি আৰু তেণ্ডুলকাৰৰ তুলনাত কোনেও ‘বীৰু’ক মহান বুলি নকয়৷

ৰানেই সকলো নহয়৷ চমক সৃষ্টি বাদ দিয়া, তুমি কিমান কি কৰিছা সেয়াও মূল কথা নহয়, কৃতকৰ্মৰ বাবে গ্ৰহণ কৰা পথহে আচল, কাৰণ সেয়া একান্ত তোমাৰ— এয়াতো জীৱনৰো শিক্ষা৷

ক্ৰিজত, ফিল্ডত, ড্ৰেছিং ৰূমত নিজৰ কাৰ্যৰে দ্ৰাবিড়ে ধীৰে ধীৰে প্ৰমাণ কৰিছে তেওঁ ক্ৰিকেটৰ অনন্য সাধাৰণ চৰিত্ৰ৷ ১৯৯৬ত অভিষেক ঘটা খেলুৱৈজনে মাৰ্জিত, অথচ দৃঢ়তাৰে নিগাজি কৰি ল’লে স্বকীয় আসন৷ বিগত শতিকাৰ নব্বৈৰ দশকে আনিছিল পৰিৱৰ্তনৰ ধুমুহা৷ বতৰ সলনিৰ নিদৰ্শন দিছিল বলিউদে, দিছিল ক্ৰিকেটীয় গাঁঠনিৰ বিৱৰ্তনে৷ লাৰা-শচীনৰ প্ৰতাপত ক্ৰমাৎ অস্তমিত হৈছিল ভেংছৰকাৰ-মঞ্জৰেকাৰৰ শৈলী৷ কিন্তু ৰাহুলে প্ৰমাণ কৰিলে ‘ৰ’ছ’মন’, ‘বেটেলশ্বিপ পটেমকিন’ৰ মৰ্যাদা একবিংশ শতিকাতো অম্লান, ডিছপ’জিবল ক্ৰিকেট’ৰ দিনতো ধ্ৰুপদী শৈলীৰে আজুৰি আনিব পাৰি বিজয়৷  শতৰুৰো কৰিব পাৰি হৃদয় জয়৷

…মনৰ চকুত স্থিৰ হৈ ৰৈছে ২০০২ৰ লীডছ টেষ্ট৷ ২২ৰ পৰা ২৪ আগষ্টলৈ সগৌৰৱে উজলি উঠিছিল ভাৰতীয় বেটিঙৰ তিনিওটা স্তম্ভ৷ দ্ৰাবিড়, শচীন, সৌৰভে ব্যক্তিগতভাৱে পাৰ কৰিছিল তিনিটা অংকৰ সীমা৷ অথচ টছত জিকি গাংগুলীয়ে বেটিঙৰ সিদ্ধান্ত লওঁতে উচপ খাই উঠিছিল বহু প্ৰাক্তন ক্ৰিকেটাৰ৷ কামুকৰ দৰে সেউজীয়া পৃষ্ঠতলে য’ত ফাষ্ট বলাৰত নিৰন্তৰ দিয়ে বাসনাৰ হাতবাউল, তাত ভাৰতীয় অধিনায়কে কিয় লৈছে আত্মঘাতী সিদ্ধান্ত? চেহৱাগৰ খৰতকীয়া বিদায়ে দৃঢ় কৰি তুলিছিল তেওঁলোকৰ ভাৱনা৷ বেটক পক্ষাঘাতগ্ৰস্ত কৰি তুলিব পৰা সেই পৰিৱেশত বিশ্বৰ অগণিত দৰ্শকে দেখিছিল বেটৰ ধ্ৰুপদী সঞ্চালন৷ এপিনে বাউঞ্চাৰ বৰ্ষণ, আনপিনে প্ৰলুব্ধ কৰিব পৰা অফ ষ্টিকৰ বাহিৰৰ বলৰ মাজত দূৰ্বলতাক প্ৰশ্ৰয় নিদিয়াৰ সংকল্প৷ ফ্ৰণ্ট ফুট ডিফেন্সৰ সেই সুনিপুন দ্ৰাবিড়ীয় কলাত এতিয়াও আচ্চন্ন বহু বিশ্লেষক৷ তেওঁলোকে আজিও বখানে, ৰাহুলৰ ডিফেন্সৰ বাবেই সম্ভৱ হৈছিল শচীন-সৌৰভৰ শতক৷

ৰাহুল অনন্য৷ সম্ভৱতঃ আমাৰ জীৱদ্দশাত দেখিব পৰা তেঁৱেই অন্তিমজন ধ্ৰুপদী বেটছমেন৷

তেওঁ ‘বেলেগ’৷  সেইবাবেই মঞ্চালোকৰ পৰা আঁতৰি নিৰৱে নিজক জড়িত কৰিব পাৰে তৰুণ প্ৰতিভা সৃষ্টিত৷ জনমানসৰ পৰা আঁতৰাই ৰাখিব পাৰে ব্যক্তিগত জীৱন৷ বিবাহ বাহৰৰ বাহিৰত ভিৰ কৰা মিডিয়াৰ আঁৰতেই বিয়া সম্পন্ন কৰি গোপনীয়তা ৰক্ষাত সহযোগ কৰা সংবাদ মাধ্যমক জনাব পাৰে আন্তৰিক ধন্যবাদ৷ 

‘বাইশ গজ’ৰ সংগ্ৰাম আৰু ব্যক্তিগত জীৱন দৰ্শন একাকাৰ কৰি তোলাজনৰ বিষয়ে লিখি জানো তৃপ্ত হ”ব পাৰি?

এই সমাপন আপাততঃ অসমাপ্ত হৈয়েই ৰওঁক৷ (সমাপ্ত)

(সন্নিৱিষ্ট আলোকচিত্ৰসমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত৷ তাত এই লেখকৰ কোনো স্বত্ব নাই৷)

No comments: