Tuesday, December 12, 2023

চাহপানৰ আড্ডাত ‘বাইশ গজৰ যুঁজাৰু’

 লাৱণ্যময়ী ক্ৰীড়াক্ষেত্ৰৰ অধৰৰস পানৰ বাবে মোক প্ৰলুব্ধ কৰা প্ৰধান ব্যক্তিগৰাকী মনোজদা– মনোজ কুমাৰ গোস্বামী৷

১৯৯৭ত আমাৰ অসমৰ প্ৰকাশ আৰম্ভ হোৱাৰ পাছত মনোজদাই মোক এদিন একপ্ৰকাৰ নিৰ্ধাৰণ কৰি দিলে– কাকতৰ প্ৰথম পৃষ্ঠাত খেলৰ বিশ্লেষণমূলক বাতৰি লিখিব লাগিব পূৰ্বজ্যোতি [চুতীয়া], মৃণালদা, (Mrinal Kumar Borah), লুইতৰ (Luit Pathak) লগত মিলি৷
প্ৰথম পৃষ্ঠাত ক্ৰীড়াৰ বিষয়ে লিখাৰ ধাৰা বৰ্তি ৰৈছিল ২০০৬ৰ নৱেম্বৰত মই জনসাধাৰণ কাকত এৰাৰ পৰ্যন্ত৷
ক্ৰীড়া মোৰ চৰ্চাৰ ‘প্ৰধান বিষয়’ কেতিয়াও নাছিল৷ কিন্তু মোৰ জীৱনৰ প্ৰথম আৰু হয়তো অন্তিম ক্ৰীড়া সম্পৰ্কীয় কিতাপ ‘বাইশ গজৰ যুঁজাৰু’ লিখিবলৈ আৰম্ভ কৰাৰ পৰতেই ঠিক কৰিছিলো, কেতিয়াবা যদি সম্পূৰ্ণ হৈ উঠে, মনোজদাৰ হাততেই অৰ্পন কৰিম এই কিতাপ৷ মনোজদাই মোক ক্ৰীড়াৰ বিষয়েই যে লিখিবলৈ বাধ্য কৰাইছিল তেনে নহয়, সাংবাদিক বা সম্পাদক হিচাপে মোৰ সম্ভাৱনাত গুৰুত্ব দিয়া তেখেতেই আছিল প্ৰথম ব্যক্তি৷ তেনে সম্ভাৱনা মুকুলিত হোৱাৰ পৰিৱেশো সংৰচনা কৰা তেখেতেই প্ৰথম৷
…এবাৰেই পতা হৈছিল মোৰ কিতাপৰ উন্মোচনী সভা৷ উৎপল দত্ত দাদাই আঁত ধৰা সেই অনুষ্ঠানত মোৰ অনেক সমস্যাবহুল মুহূৰ্তত কাষত থিয় দিয়া অনুৰাধা বা( Anuradha Sharma Pujaree)ৰ উপস্থিতিত শ্ৰদ্ধেয় গোৱিন্দ প্ৰসাদ শৰ্মা ছাৰে উন্মোচন কৰিছিল ‘প্ৰথম মহাসমৰ’৷ উন্মোচনী সভাৰ পাছত স্বভাৱসিদ্ধ কৌতুকেৰে Utpalদাই কৰা মন্তব্যই মোৰ মনত জোকাৰণি তুলি গৈছিল ঃ উন্মোচক আৰু নিৰ্দিষ্ট বক্তাক যদি আগতীয়াকৈ কিতাপ দিয়াই যায়, সুকীয়া উন্মোচনৰ অৰ্থ কি?
এইকথা মই বিশ্বাস কৰিবলৈ লৈছিলোঁ৷ এজন পঢ়ুৱৈ হিচাপেও মোৰ ধাৰণা, কিতাপ এখনৰ ভিতৰৰ কথাখিনিৰ আচল উন্মোচক পঢ়ুৱৈ আৰু পঢ়ুৱৈ নিৰ্বিশেষে প্ৰতিটো উন্মোচনেই হয় সুকীয়া৷
সেয়েহে ‘বাইশ গজৰ যুঁজাৰু’ৰ উন্মোচনৰ কিবা এটা কৰিবই লাগিব বুলি ৰাজীৱদাই ( Rajib Prakash Baruah) জোৰ দি ধৰাৰ পাছত ভাৱিছিলোঁ, যিসকল সহকৰ্মীৰ ইনপুট কিম্বা ইটো-সিটো সহযোগত এসময়ত আমাৰ অসম তথা জনসাধাৰণৰ প্ৰথম পৃষ্ঠাত লিখিছিলো ক্ৰীড়াৰ প্ৰতিবেদন, পাছৰ কালতো যিসকলে মোৰ কোনো পুৰণি ক্ৰীড়াৰ লেখা সুঁৱৰি মোক কুটুৰি থাকে এই বিষয়ে লিখিবলৈ, তেনে কেইগৰাকীমান প্ৰাক্তন সহকৰ্মীৰ উপস্থিতিত মনোজদাৰ হাতত তুলি দিম এই গ্ৰন্থ৷
প্ৰকাশক অসম পাবলিচিং কোম্পানীয়ে জনালে, ৬ ডিচেম্বৰৰ বিয়লিলৈ চপা হৈ ওলাব ‘বাইশ গজৰ যুঁজাৰু’৷ ৭ ডিচেম্বৰৰ বিয়লি আয়োজন কৰিলোঁ এক অনানুষ্ঠানিক চাহপানৰ আড্ডা৷ কিতাপ কিম্বা কিতাপ লেখোঁতাৰ বিষয়ে কোনো চৰ্চা এই আড্ডাত নহ’ব, কোনেও নাৰাখিব কোনো আনুষ্ঠানিক মন্তব্য, বিপৰীতে স্থান পাব পুৰণি দিনৰ ৰোমন্থনকে ধৰি আন যিকোনো প্ৰসংগই৷ অনুৰাধা বাইদেউ, মানস দা (Manash Kumar Mahanta), ছায়া (Chaya Moni Bhuyan), পৰাগ (Paragmoni Aditya) , ৰাজীৱ (Rajib Mahanta) কে ধৰি অনেকেতো গমেই নাপালে আমন্ত্ৰণৰ উপলক্ষ্য৷ অনুষ্ঠানলৈ ইজন-সিজন অহাৰ পাছতহে আমাৰ হাতত পৰিল কিতাপৰ টোপোলা—আমন্ত্ৰিত ব্যক্তি বাদেই, লেখকেই আড্ডাৰ পূৰ্বে কিতাপ লুটিয়াই চোৱা সম্ভৱ নহ’ল৷ মনোজদাৰ হাতত ‘বাইশ গজৰ যুঁজাৰু’ৰ এটা কপী অৰ্পন কৰাৰ আগতে সকলোকে সম্বোধি মই ৰখা মাত্ৰ দুই মিনিটৰ অনানুষ্ঠানিক বক্তব্যই আছিল এই আড্ডাত কিতাপখন সম্পৰ্কীয় একমাত্ৰ কথা৷
এটা মনোৰম সন্ধিয়া উপহাৰ দিয়াৰ বাবে এইসকল প্ৰাক্তন সহকৰ্মীৰ লগতে আয়োজনটি সকলো ধৰণে প্ৰাণৱন্ত কৰি তুলি মোক অৱশ্যেই ধন্য কৰিছে অনুজ ভাতৃপ্ৰতীম অৰূপ বৰকটকীয়ে৷ FIFAৰ প্ৰতিযোগিতাকে ধৰি দহটাৰো অধিক আন্তৰ্জাতিক কিম্বা বহুদেশীয় প্ৰতিযোগিতাৰ ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত অৰূপৰ আগ্ৰহ, উদ্যম আৰু পৰিকল্পনাতেই এটা সৰু অনুষ্টুপীয়া সমাৱেশে মোৰ প্ৰায় এবছৰীয়া আপাত কৰ্মহীন একৰৈখিক নিস্তৰংগ জীৱনক এটা সন্ধিয়াতে দিলে অসীম সঞ্জীৱনী শক্তি৷ একুৰি বছৰৰ আগতেই সহকৰ্মীৰূপে লাভ কৰা Arupএ কি আন্তৰিকতাৰ বিনিময়ত মোৰ সৈতে জড়িত হোৱাৰ কষ্ট গ্ৰহণ কৰে, সেয়া মোৰ বাবে অৱশ্যেই অবুজ সাঁথৰ৷
শেষত পঢ়ুৱৈ হিচাপে এই কিতাপত আপুনি কি উন্মোচন কৰে সেইটোহে পৰম কথা৷

No comments: