Monday, July 30, 2018

কুম্ভিলকৰ ৰূপত বিশ্ববিদ্যালয়ৰ গৱেষক-তত্ত্বাৱধায়ক



সাহিত্যত চৌৰ্যবৃত্তি নতুন কথা নহয় ৷ বৌদ্ধিক সম্পদ চুৰিৰ এনে নিকৃষ্ট কাৰ্য কেৱল সামাজিক অপৰাধেই নহয়, আইনৰ দৃষ্টিতো কুম্ভিলক বৃত্তি দোষণীয়-দণ্ডণীয় ৷ ইয়াৰ  বিৰুদ্ধে সেয়ে বিভিন্ন দেশত বলবৎ হৈছে বিভিন্ন আইন ৷ সেইবুলি বৌদ্ধিক সম্পদ চুৰিৰ কাৰবাৰটো বন্ধ হোৱা নাই­— বৰঞ্চ সৃষ্টিশীল সাহিত্যক অতিক্ৰমী গৱেষণামূলক কৰ্মতো কুম্ভিলক মনোবৃত্তিয়ে ভীৰ কৰিছেহি ৷ ভাৰতত সমস্যাটো ইমানেই জটিল হৈছেহি যে বিভিন্ন নিষ্ঠাবান গৱেষকৰ নিৰন্তৰ আহ্বানত সঁহাৰি জনাই মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে চলিত বৰ্ষতে এক আইন প্ৰণয়ন কৰি চৌৰ্যবৃত্তিত জড়িত গৱেষকৰ পঞ্জীয়ন বাতিলৰ উপৰি অধ্যাপনাত নিয়োজিত তত্বাৱধায়কৰ ক্ষেত্ৰত দুবছৰলৈ বাৰ্ষিক বেতন বৃদ্ধি বন্ধ কৰাৰ দিহা কৰিছে ৷ সিমানেই নহয়, এই আইন অনুসৰি তিনি বছৰলৈ বাতিল হ’ব তত্বাৱধায়কৰ স্বীকৃতি ৷ (…penalties for faculty members would be extended to a loss of 2 years of pay increases and a 3-year ban on supervising students.—“India creates unique tiered system to punishplagiarism” by Pallava Bagla, posted in 'Scientific Community', April 9, 2018) অৱশ্যে এই আইনী ব্যৱস্থাত গৱেষণাপত্ৰ, প্ৰবন্ধ, গ্ৰন্থ বা আন যিকোনো ধৰণৰ দলিলৰ ক্ষেত্ৰত ১০ শতাংশ চুৰি মানি লোৱা হৈছে আৰু এইকথাক লৈয়েই একাংশ বিদ্বানে তুলিছে প্ৰবল আপত্তি৷ উদাহৰণস্বৰূপে নেচনেল ইন্সটিটিউট অব এডভাঞ্চড ষ্টাডিজৰ প্ৰাক্তন সঞ্চালক, আনৱিক বিজ্ঞানী ভি এছ ৰামমূৰ্তিৰ মতে চৌৰ্যবৃত্তিত মাত্ৰাৰ কথা থাকিবই নোৱাৰে ৷ এই ব্যৱস্থাক সেয়ে তেওঁ হাস্যকৰ বুলি অভিহিত কৰি ইয়াৰ পুনৰ বিবেচনাৰ বাবেও আহ্বান জনাইছে— “Is this a joke?... (A sliding scale) is not acceptable, since plagiarism is plagiarism…” (ibid)৷ এনেবোৰ আপত্তিৰ বাবেই আহিবলৈ লৈছে বৌদ্ধিক সম্পদ চুৰি প্ৰতিৰোধৰ অধিক কটকটীয়া আইন৷

কিন্তু এয়াতো হৈছে গৱেষণা কৰ্মত দেখা দিয়া কুম্ভিলক বৃত্তি প্ৰতিৰোধৰ ব্যৱস্থা৷ পিছে গৱেষণা কৰ্মৰো এক নিৰ্দিষ্ট প্ৰণালী থাকে­­— কোনোবাই যদি তেনে প্ৰণালীৰ কিতাপতে পৃষ্ঠাৰ পিছত পৃষ্ঠা চুৰি কৰে, তেন্তে তেওঁৰ ক্ষেত্ৰত আইনী ব্যৱস্থা কি হ’ব? কথাষাৰ মনলৈ আহিছে ডিৱ্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা গৱেষণাৰ তত্বাবধায়ক ড° পল্লৱী ডেকা বুজৰবৰুৱাৰ গ্ৰন্থ গৱেষণাৰ পদ্ধতিবিজ্ঞান পঢ়ি ৷ অনুজ গৱেষকসকলক গৱেষণাৰ পদ্ধতি বুজাবলৈ গৈ তেওঁৰ কিতাপৰ পাতে পাতে ড° বুজৰবৰুৱাই যি হাৰত চৌৰ্যবৃত্তিৰ আশ্ৰয় লৈছে, সেয়া দেখিলে নিষ্ঠাবান পঢ়ুৱৈৰ চকু কপালত উঠিব ৷ এই প্ৰশ্নও মনলৈ আহিব— এয়াই যদি অসমৰ একোখন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকাৰ কামৰ নমুনা হয়, তেন্তে সেই বিশ্ববিদ্যালয়ৰ সামগ্ৰিক মান কেনে হ’ব?
(২)
নিজে বিশ্ববিদ্যালয়ৰ চৌহদত গৱেষণা নকৰিলেও কলেজত পঢ়ি থকাৰে পৰাই গৱেষণা প্ৰণালীৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰি আহিছোঁ৷ সেইবাবেই ছাত্ৰ অৱস্থাতে ড° মহেন্দ্ৰ বৰাৰ গৱেষণা প্ৰণালীতত্ব (ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিচেম্বৰ ১৯৯২)ৰ উপৰি ১৯৯৩ চনত কিনিছিলো ড° সুৰভি বন্দোপাধ্যায়ৰ বাংলা গ্ৰন্থ গৱেষণাঃ প্ৰকরণ ও পদ্ধতি ( দে’জ পাব্লিচিং, কলকতা, জুলাই, ১৯৯০), পিছলৈ MLA Handbook For Writers of Research Papers (East West Press Pvt. Ltd, 2009), চিকাগো মেনুৱেলছ (The Chicago Manual of Style, University of Chicago, London, 2010) আদি৷ (ড° নগেন শইকীয়াই লিখা এনে ধৰণৰ অসমীয়া কিতাপ এখন প্ৰকাশৰ সময়তে আনৰ পৰা ধাৰলৈ আনিহে চাইছিলো— মোৰ হাতত কিতাপখন নাই বাবে নিশ্চিতকৈ নামটো ক’ব নোৱাৰিলো৷) এই আগ্ৰহতেই ২০১৭ চনৰ জুলাইত প্ৰকাশিত ড° বুজৰবৰুৱাৰ কিতাপখন শেহতীয়াকৈ ক্ৰয় কৰিছিলো ৷ পিছে কিতাপখনৰ পাত লুটিয়ায়েই হতভম্ব হ’লো৷ পঢ়ুৱৈক পঢ়া-শুনা নকৰা অজলা বুলি ভৱা ড° বুজৰবৰুৱাই এপিনে তেওঁৰ কিতাপত অনুজ গৱেষকক নিষ্ঠাবান হ’বলৈ আহ্বান জনাইছে, আনপিনে গৱেষণাৰ পদ্ধতিবিজ্ঞান হৈ উঠিছে পঢ়ুৱৈ তথা নিজৰ কৰ্মৰ প্ৰতি তেওঁৰ নিষ্ঠাহীন ঔদ্ধত্যৰ চূড়ান্ত প্ৰকাশ ৷
মাত্ৰ দুটিমান উদাহৰণ ৷ গৱেষকৰ হাতপুথি সম্পৰ্কীয় অসমীয়া ভাষাৰ অগ্ৰণী কিতাপ ড° মহেন্দ্ৰ বৰাৰ গৱেষণা প্ৰণালীতত্বৰ নামটি ড° বুজৰবৰুৱাই তেওঁৰ গ্ৰন্থৰ ’প্ৰস্তাৱনা’ৰ চতুৰ্থ শাৰীত (পৃ. ৭) উল্লেখ কৰিছে ’গৱেষণাৰ প্ৰণালীতত্ব পৰিচয়’ বুলি ৷ কেনেবাকৈ ড° বৰাৰ কিতাপখনৰ নাম পৰৱৰ্তী তাঙৰণত সলনি হৈছে নেকি নিশ্চিত হ’বলৈ গৱেষণাৰ পদ্ধতিবিজ্ঞানৰ সহায়ক গ্ৰন্থপঞ্জীত চকু ফুৰাওঁতে দেখিলো, এইবাৰ নামটো আছে গৱেষণা প্ৰণালী তত্ব বুলি, অথচ কোন চনৰ কোনটি তাঙৰণৰ তেওঁ সহায় লৈছে তাৰ উল্লেখ নাই— যিটো গৱেষকৰ অন্যতম কৰ্তব্য ৷ আনহাতে ড° নগেন শইকীয়াৰ কিতাপখনৰ নামটিও 'প্ৰস্তাৱনা'ত আছে এটা ('গৱেষণা পদ্ধতিতত্ব'), গ্ৰন্থপঞ্জীত আছে আন এটা (’গৱেষণা পদ্ধতি পৰিচয়’)৷ দুয়োখন একেখনেই কিতাপ নে বেলেগ বেলেগ? এইখন কিতাপৰ ক্ষেত্ৰতো গ্ৰন্থপঞ্জীত প্ৰকাশৰ চন-তাৰিখৰ উল্লেখ নাই৷ গ্ৰন্থপঞ্জীত সুৰভি বন্দোপাধ্যায়ৰ বাংলা কিতাপখনৰো নাম উল্লেখ আছে 'গৱেষণাঃ প্ৰকাৰ ও পদ্ধতি' বুলি, কিন্তু নিশ্চিত হোৱাৰ বাবে মই পানবজাৰত খবৰ লৈ গম পালো যে ড° বন্দোপাধ্যায়ৰ একেবাৰে নতুন মুদ্ৰনতো মোৰ হাতত থকা ১৯৯০ চনৰ প্ৰথম প্ৰকাশৰ নাম, আনকি (মহেন্দ্ৰ বৰাৰ ভাষাত ক’বলৈ গ’লে) কাছুটিখনো অপৰিৱৰ্তিত আছে— মাথোঁ পূৰ্বৰ পকাবন্ধাৰ সলনি নতুন তাঙৰণত কেচাবন্ধা হৈছে৷ এইসকলোবোৰ চেৰাই হাঁহি উঠা কাৰবাৰটো হৈছে ড° বুজৰবৰুৱাই ৱেব ৰেফাৰেঞ্চ কথাটোৱেই বুজি নোপোৱাৰ ফলত গৱেষণাৰ পদ্ধতিবিজ্ঞানৰ সহায়ক কিতাপৰ তালিকাত সোমাইছেহি ৱেবছাইটত থকা ৰেনছিকৰ এটা প্ৰবন্ধ৷ (গ্ৰন্থপঞ্জীত  David B Rensik ৰো সম্পূৰ্ণ নামটি নাই ৷ একো নুবুজাকৈ চৌৰ্যবৃত্তিৰ আশ্ৰয় লোৱাৰ বাবেই যে এই আসোঁৱাহ হ’বলৈ পালে, সেয়া আমি পিছলৈ দেখুৱাম৷) এইবোৰ বেমেজালিৰ কৈফিয়ৎ কি হ’ব? ছপাৰ ভুল বুলিতো পঢুৱৈক সদায় অজলা সজা নাযায়!
গ্ৰন্থপঞ্জীৰ এই বেমেজালিৰ জালখন চেৰাই ড° বুজৰবৰুৱাৰ কিতাপৰ মূল আলোচনাত চকু ফুৰাওঁতে অধিক স্তম্ভিত হ’লো৷ গৱেষণাৰ পদ্ধতিবিজ্ঞানৰ আৰম্ভণিতেই গৱেষণা কাক বোলে ক’বলৈ গৈ কোনো ফুট নোট বা প্ৰসংগসূত্ৰ নিদিয়াকৈ তুলি দিয়া হৈছে সুৰভি বন্দোপাধ্যায়ৰ কিতাপৰ শাৰী ৷ তলত দুয়োখন কিতাপৰ উদ্ধৃতি দিয়া হ’ল৷
”…গবেষণার উদ্দেশ্য সত্যকে আবিষ্কার করা— অনুসন্ধান অৰ্থাৎ সত্যের অনুসন্ধান ৷ কোনো বিষয়ে নবতর ও নিশ্চিত কোনো সিদ্ধান্তে উপনীত হওয়ার জন্য প্ৰগা অনুসন্ধানই গবেষণার মূল কথা, সংক্ষেপে, কোনো বিষয় সম্পৰ্কে নতুন চিন্তা, আলোকপাত করা, বিভিন্ন বিষয়ের পৰ্যালোচনা এবং তাদের পারস্পরিক আন্তঃসম্পৰ্ক আবিষ্কার করার নামও গবেষণা৷ ক্ৰমপ্ৰসারণের সম্ভাবনাতেই মানুষ তার মননবৃত্তির অনুশীলনে প্ৰয়াসী হয়৷ জ্ঞানের রহস্যরাজ্যে তার নিত্যনতুন অনুসন্ধানের আগ্ৰহই রূপ নেই গবেষণাই৷” (বন্দোপাধ্যায়ঃ ১৯৯০, পৃ. ১১)
''…এই গৱেষণাৰ উদ্দেশ্য সত্যক আৱিস্কাৰ কৰা— সত্যৰ অনুসন্ধান কৰা ৷ কোনো বিষয় সম্পৰ্কে নতুন সত্য আৱিষ্কাৰ কৰাৰ লক্ষ্যেৰে নিশ্চিত কোনো সিদ্ধান্তত উপনীত হ’বলৈ কৰা অধ্যয়নপুষ্ট অনুসন্ধান, পুনঃ পুনঃ পৰীক্ষণ অথবা সূক্ষ্ম অনুসন্ধান ৷ একোটা বিষয়ৰ বিষয়ে তথ্য লাভ কৰিবলৈ নতুন চিন্তাত আলোকপাত কৰি বিভিন্ন প্ৰাসংগিক বিষয়ৰ পৰ্যালোচনা আৰু সেই বিষয়ৰ লগত তাৰ পাৰস্পৰিক আন্তঃসম্পৰ্ক আৱিষ্কাৰ কৰাৰ নামো গৱেষণা ৷ মুঠতে জ্ঞানৰ ক্ৰমপ্ৰসাৰণৰ সম্ভাৱনাত মানুহে নিজৰ মননবৃত্তিৰ অনুশীলনত ব্ৰতী হয় গৱেষণাত ৷ জ্ঞানৰ বিশাল আৰু জটিল ৰহস্যৰাজ্যত নিত্য-নতুন ৰহস্য উদ্ঘাটনৰ কাৰণে মানুহৰ নিত্য-নতুন অনুসন্ধানৰ অভিযান প্ৰতিফলিত হয় গৱেষণাত ৷…” (বুজৰবৰুৱাঃ ২০১৭, পৃ. ১১)
ইমানেই নহয়, ড° বুজৰবৰুৱাই গৱেষণাৰ যি নটা বিশেষত্ব উল্লেখ কৰিছে, (পৃ. ১৩-১৪) সেই বিশেষত্ব কেইটিও বহুলাংশে— মাজত দুটা সলনিৰে— কোনো প্ৰসংগসূত্ৰ নিদিয়াকৈ হুবহু সুৰভি বন্দোপাধ্যায়ৰ পৰাই তুলি দিয়া হৈছে৷ পাৰ্থক্য এটাই, বন্দোপাধ্যায়ে উল্লেখ কৰা বিশেষত্বত (পৃ. ১১-১২) বুজৰবৰুৱাই সামান্য ব্যাখ্যা জুৰি দিছে৷ কিন্তু বাক্য, আনকি শব্দৰ কিমান মিল আছে চাওক—
১)”গৱেষণা এক প্ৰকাৰ মৌলিক কৰ্ম ৷…” (বুজৰবৰুৱা)
”গবেষণা হলো একটি মৌলিক কাজ ৷” (বন্দোপাধ্যায়)
২) সাধাৰণতে একোটি নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি গৱেষণা কাৰ্য পৰিচালিত হয় ৷… (বুজৰবৰুৱা)
”সাধারণত একটি বিষয়কে কেন্দ্ৰ করেই গবেষণা কাৰ্য পরিচালিত হয় ৷” (বন্দোপাধ্যায়)
৩)”কোনো বিশেষ দৰ্শন, দৃষ্টিভংগী বা মতবাদৰ দ্বাৰা আগতীয়াকৈ প্ৰভাৱিত নহৈ খোলা মনেৰে নিৰপেক্ষভাৱে আত্মনিয়োগ কৰি কৰা গৱেষণাইহে কোনো নতুন বিষয় বা সত্যৰ ব্যাখ্যা কৰিবলৈ সক্ষম হয় ৷…” (বুজৰবৰুৱা)
”কোনো বিশেষ দৰ্শন, দৃষ্টিভংগী বা মতবাদের দ্বারা প্ৰভাবিত না হয়ে খোলা মনে গবেষণাই আত্মনিয়োগ করতে হয়৷ (বন্দোপাধ্যায়)
বুজৰবৰুৱাই দিয়া ৫ নং বিশেষত্ব আৰু সুৰভি বন্দোপাধ্যায়ৰ ৪ নং বিশেষত্বৰ মিল চাওক—
”গৱেষণাৰ মান নিৰ্ভৰ কৰে গৱেষকৰ কৌতুহলী জিজ্ঞাসা, অনুসন্ধিৎসু দৃষ্টিভংগী আৰু ধৈৰ্যশীল অধ্যয়নৰ ওপৰত ৷” (বুজৰবৰুৱা)
''গবেষণার মান নিৰ্ভর করে গবেষকের কৌতুহলী ও অনুসন্ধিৎসু দৃষ্টিভংগীর ওপর৷” (বন্দোপাধ্যায়)
আকৌ,
''… কোনো বিষয়ে নতুন কোনো নীতি বা সিদ্ধান্তত উপনীত হোৱা আৰু তেনে সিদ্ধান্তৰ সাধাৰণীকৰণেই হ’ল গৱেষণা৷” (বুজৰবৰুৱাই দিয়া ৬নং বিশেষত্ব৷)
''কোনো বিষয়ে নতুন কোনো নীতি বা সিদ্ধান্তে উপনীত হওয়া এবং সেই সিদ্ধান্তের সাধারণীকরণই হল গবেষণার মূল উদ্দেশ্য৷'' (বন্দোপাধ্যায়, ৬ নং বিশেষত্ব৷)
৭ নং বিশেষত্ব—” গৱেষণা… … বৈজ্ঞানিক পদ্ধতি৷ ইয়াৰ মূল ভিত্তি যুক্তি, তথ্য আৰু প্ৰমাণ অথবা পৰিমাপ আৰু পৰিসংখ্যাগত উপস্থাপনৰ ওপৰত নিৰ্ভৰশীল হয়৷” (বুজৰবৰুৱা)
''’গবেষণা’ যেহেতু একটি বৈজ্ঞানিক পদ্ধতি, তাই এর মূল ভিত্তি যুক্তি, পরিমাপ বা পরিসংখ্যানগত উপস্থাপনের ওপর প্ৰভূত নিৰ্ভরশীল৷'' (বন্দোপাধ্যায়)
৯নং বিশেষত্বটো সুৰভি বন্দোপাধ্যায়ৰ পৰা আনোতে ড° বুজৰবৰুৱাই অৱশ্যে সামান্য বুদ্ধিমত্তাৰ পৰিচয় দিছে ৷ হ’লেও মন কৰক—
”গবেষণা হলো গবেষকের জ্ঞান ও বুদ্ধির সচেতন প্ৰয়োগ ও প্ৰকাশ ৷” বন্দোপাধ্যায়ৰ এই বাক্যটোৰ সাৰমৰ্ম একে ৰাখি নিজৰ ’জ্ঞান-বুদ্ধি-প্ৰজ্ঞাৰ প্ৰয়োগ’ ঘটাই, বাক্যটিৰ আগত কেইটিমান শব্দ জুৰি দি ড° বুজৰবৰুৱাই কৰিছেঃ ”অনুসন্ধান আৰু সিদ্ধান্তৰ এক সন্মিলিত গঠন প্ৰক্ৰিয়াত সম্পন্ন হয় গৱেষণা, য’ত গৱেষকৰ জ্ঞান, বুদ্ধি, প্ৰজ্ঞাৰ সচেতন প্ৰয়োগ ঘটে ৷
কিতাপ এখন লিখোতে আন কোনো লেখকৰ চিন্তা-চেতনা, ধ্যান-ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হ’বই পাৰে ৷ কিন্তু আন লেখকৰ অধ্যয়ণপ্ৰসুত সংশ্লেষিত ধাৰণা বা বিশ্লেষণ বাক্যৰ পিছত বাক্য সচেতনভাৱে তুলি দিওঁতে কেৱল গ্ৰন্থপঞ্জীত উক্ত কিতাপৰ নামোল্লেখ কৰাই যে যথেষ্ট নহয়, সংশ্লিষ্ট পৃষ্ঠা বা অধ্যায়ৰ শেষত প্ৰসংগসূত্ৰত উল্লেখ কৰাৰো প্ৰয়োজন আছে, সেই বিষয়ত বুজৰবৰুৱা ইমানেই অজ্ঞ নে?  তেওঁ দেখোন নিজেই 'পৰিশিষ্ট-'ত ’গৱেষণাকৰ্মত নীতিনিষ্ঠতা’ৰ বিষয়ে লিখিছে (অৱশ্যে বুজৰবৰুৱাৰ এই”নীতিনিষ্ঠা’’ৰ উৎস কি, সেয়া আমি পিছলৈ পাম)— ”পূৰ্বৱৰ্তী  কোনো গৱেষক/ লেখক অথবা লেখকৰ উদ্ভাৱিত কোনো লিখিত ধাৰণা/ কোনো তত্ত্বভাৱনা/ উদ্ধৃতি ইত্যাদি ব্যৱহাৰ কৰিলে তাৰ উপযুক্ত স্বীকৃতি দিয়া উচিত৷” (বুজৰবৰুৱাঃ পৃ. ১৪৯) আকৌ, ”আনৰ লেখা/ আন গৱেষকৰ গৱেষণা কৰ্ম/ আনৰ তথ্য নিজৰ নামত চলোৱাৰ প্ৰৱণতা সম্পূৰ্ণ অনৈতিক কাৰ্য ৷ গৱেষণা কাৰ্যত কুম্ভিলক বৃত্তি (plagiarism) সদায়েই বৰ্জনীয় ৷” (বুজৰবৰুৱাঃ পৃ. ১৪৯-১৫০)  পিছে আনক নৈতিকতাৰ শিক্ষা দিয়া লেখিকাগৰাকীয়ে নিজে গ্ৰহণ কৰা কুম্ভিলক বৃত্তিৰ কি কৈফিয়ৎ দিব?
এখন অগ্ৰণী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক-তত্ত্বাৱধায়ক উদ্ভাৱিত গৱেষণাৰ পদ্ধতিবিজ্ঞান লিখাৰ এই চমৎকাৰ কৌশল দেখি আমি তাপ মাৰিবই খুজিছিলো৷ কিন্তু কৌশলটো জানি থলে ভৱিষ্যতে কামত আহিব বুলি ভাৱিয়েই 'তৎকালে' আৰু 'তৎকালীনভাবে'ৰ ('তৎকালীন' আকৌ ’ভাবে’! পৃ. ১৩) পাৰ্থক্য তথা প্ৰয়োগ বুজি নোপোৱা অসমীয়াৰ গৱেষিকা-অধ্যাপিকাগৰাকীৰ উদ্ভাৱনৰ প্ৰতি কৌতুহলী হৈ উঠিলো ৷ সেইসূত্ৰেই তেওঁৰ গ্ৰন্থপঞ্জীত উল্লিখিত আৰু আমি পূৰ্বে নপঢ়া শেখ মকবুল ইসলামৰ বাংলা গ্ৰন্থ গবেষণার পদ্ধতিবিজ্ঞানঃ সাহিত্য-সমাজ-সংস্কৃতি (ডিচেম্বৰ ২০১২, বংগীয় সাহিত্য সংসদ, কলকাতা)খন বিচাৰি অনা হ’ল ৷ মকবুল ইসলামৰ কিতাপখন পঢ়ি অঁতাই আমাৰ হতভম্ব হোৱাৰ পাল৷ পল্লৱী বুজৰবৰুৱাই সুৰভি বন্দোপাধ্যায়তে থমকি নৰৈ যি নিৰ্ভিক আৰু নিৰ্লজ্জভাৱে শেখ মকবুল ইসলামৰ কিতাপখনৰ বহু অংশ পৃষ্ঠাৰ পিছত পৃষ্ঠা জুৰি চুৰি  কৰিছে— সেয়া দেখি এজন নিমাখিত অসমীয়া পঢ়ুৱৈ হিচাপেই আমি লজ্জানত হৈছোঁ ৷ চৰুৰ চাউলৰ উমান পাবলৈ হেনো এটা চাউল পিতিকি চালেই যথেষ্ট ৷ আমাৰ এই আলোচনা পঢ়ি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ঠিৰাং কৰিব, তেওঁলোকৰেই জ্যেষ্ঠ সহকৰ্মী এগৰাকীৰ কৃতকৰ্মৰ দায়িত্ব আনসকলে ল’ব নে নলয় ৷ অন্যথা সামগ্ৰিকভাৱে বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাসকলৰ কৰ্ম আৰু চিন্তাৰ মানকলৈয়েই যে গভীৰ প্ৰশ্নৰ উদয় হ’ব, সেয়া ধুৰূপ ৷
(৩)
শেখ মকবুল ইসলামৰ কিতাপখনৰ সৈতে পল্লৱী ডেকা বুজৰবৰুৱাৰ কিতাপখনৰ নামৰ মিলটো আমি উপেক্ষাই কৰিছোঁ ৷ যদিও পল্লৱীয়ে তেওঁৰ কিতাপৰ নামৰ সৈতে জুৰি দিয়া উপ-নামটোৰো ইছলামৰ কিতাপৰ নামৰ সৈতে সাদৃশ্য আছে, (ইসলামৰ গবেষণার পদ্ধতিবিজ্ঞানঃ সাহিত্য-সমাজ-সংস্কৃতি, বুজৰজৰুৱাৰ গৱেষণাৰ পদ্ধতিবিজ্ঞানঃ সাহিত্য-সমাজ-সংস্কৃতিৰ গৱেষণা সম্পৰ্কত) গৱেষণাৰ বিষয়ভিত্তিক হাতপুথিত এনে মিল হ’বই পাৰে ৷ কিন্তু ইসলামৰ কিতাপৰ পৰা প্ৰসংগসূত্ৰ উল্লেখ নকৰাকৈ বাক্য, ধাৰণা আনকি ৰেখাচিত্ৰ পৰ্যন্ত পৃষ্ঠাৰ পিছত পৃষ্ঠা কিদৰে বুজৰবৰুৱাই নিজৰ নামত চপাই বাঃ বা লোৱাৰ লগতে বিশ্ববিদ্যালয়ত গ্ৰহণ কৰি থকা পদবীকো কলুষিত কৰিছে তাৰ কেইটিমান মাত্ৰ উদাহৰণ দিব খুজিছোঁ ৷ কেইটিমান বুলি এইবাবেই কোৱা হৈছে কিয়নো চকুত পৰা সকলোখিনি দাঙি ধৰিবলৈ হ’লে আমাৰ এই লেখাটোৱেই এখন সৰু-সুৰা কিতাপৰ ৰূপ ল’ব ৷ সেয়ে পোনতে তলত কেইটিমান উদাহৰণ দি লোৱা হ’ল ৷
''…গৱেষণাৰ পদ্ধতি হ’ল কোনো তত্ত্ব বা দাৰ্শনিক ভিত্তি সাপেক্ষ, যি গৱেষণা কৰ্ম সম্পাদিত হয় তাৰ তথ্য সংগ্ৰহ আৰু তথ্য বিশ্লেষণৰ কৌশল (Technique) ৷ গৱেষণাৰ পদ্ধতিবিজ্ঞান হ’ল পদ্ধতি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা কৰ্মৰ ভিত্তিস্বৰূপ (underlying) তাত্ত্বিক আৰু দাৰ্শনিক বিশিষ্টতা ৷ গৱেষণাৰ পদ্ধতি আৰু পদ্ধতিবিজ্ঞানৰ সম্পৰ্ক আছলতে পাৰস্পৰিক আৰু এই আন্তঃসম্পৰ্ক তলত দিয়া ৰেখাচিত্ৰৰ সহায়ত দেখুৱাব পাৰি—'' (বুজৰবৰুৱাঃ পৃ. ২০)
''…রিসাৰ্চ মেথড হল কোন তত্ত্ব বা দাৰ্শনিক ভিত্তি সাপেক্ষে যে গবেষণা কৰ্ম সম্পন্ন হয় তার তথ্য সংগ্ৰহ ও তথ্য বিশ্লেষণের কৌশল (Technique) ৷ রিসাৰ্চ মেথডলজি হল— গবেষণার মেথড সম্পৰ্কিত অধ্যয়ন এবং গৱেষণা কৰ্মের অন্তৰ্মগ্ন (underlying) তাত্ত্বিক এবং দাৰ্শনিক বিশিষ্টতা ৷ রিসাৰ্চ মেথড এবং রিসাৰ্চ মেথডলজির সম্পৰ্ক আছলে পারস্পরিক ৷ উভয়ের আন্তঃসম্পৰ্ক নিচের রেখাচিত্ৰে প্ৰদৰ্শিত হল—'' (ইসলামঃ পৃ. ৪৩)
কোৱা বাহুল্য যে এইখিনিতে বুজৰবৰুৱাই তুলি দিয়া ৰেখাচিত্ৰখনো ইসলামৰেই৷
গৱেষণাৰ শ্ৰেণীকৰণৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ ইসলামৰ পৰা আমাৰ লেখিকাই সম্পূৰ্ণ দুটা ছেদ কিদৰে আদিৰ পৰা অন্তলৈ চুৰি কৰিছে সেয়া তলত দিয়া হ’ল ৷ বাহুল্যৰ ভয়ত মাজৰ বাক্যবোৰ নিদিলেও আগ্ৰহী পঢ়ুৱৈয়ে ৰিজাই চালে দেখিব যে এইবাৰো বাংলা কিতাপখনৰ কোনো এটা শব্দই বুজৰবৰুৱাই বাদ দিয়াৰ কৃপণালিকণ কৰা নাই—
''বৰ্ণনামূলক আৰু বাখ্যামূলক গৱেষণাৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে ৷ এই দুটি প্ৰকাৰ পৰস্পৰ বিচ্ছিন্ন অথবা আন্তঃসম্পৰ্কৰহিত নহয়৷… … সেয়ে বর্ণনামূলক আৰু ব্যাখ্যামূলক গৱেষণাৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে ৷ বিশেষকৈ সাহিত্য আৰু সংস্কৃতিৰ গৱেষণাৰ এটা বৃহৎ অংশ বৰ্ণনাই অধিকাৰ কৰে৷… … পৰৱৰ্তী কালত সকলো বৰ্ণনাৰ ওপৰত ভিত্তি কৰি নানাবিধ ব্যাখ্যা-বিশ্লেষণ চলি থাকে৷'' (বুজৰবৰুৱাঃ পৃ. ৪৪-৪৫)
''বৰ্ণনামূলক এবং বাখ্যানমূলক গবেষণার মধ্যে পারস্পরিক সম্পৰ্ক আছে৷ এই দুটি ভঙ্গী পরস্পরের থেকে বিচ্ছিন্ন নয় বা আন্তঃসম্পৰ্কহীনও নয়৷… … তাই বর্ণনামূলক গবেষণা ও ব্যাখ্যানমূলক গবেষণার মধ্যে পারস্পরিক সম্পৰ্ক আছে৷''
''বিশেষত সাহিত্য ও সংস্কৃতির গবেষণার একটি বড় অংশই Descriptive৷… … পৰবৰ্তীকালে সেই সব Description –এর ওপর ভিত্তি করেই নানাবিধ ব্যাখ্যা-বিশ্লেষণ (Explanation- Analysis) চলতে থাকে৷'' (ইসলামঃ পৃ. ৪১)

গৱেষণাৰ ডেটা বা তথ্য সম্পৰ্কে ক’বলৈ গৈ AKPC Swain-ৰ উদ্ধৃতি দি ইসলামে লিখিছে— ''গবেষণার কাজে সৰ্বাধিক গুরুত্বপূৰ্ণ হল- উপাদান, তথ্য বা Data ৷ উপাদান না থাকলে কোন গবেষণার অগ্ৰগতিই অসম্ভব ৷ তাই একজন গবেষক বিভিন্ন সূত্ৰ থেকে তার প্ৰয়োজনীয় Data সংগ্ৰহ করেন ৷ তথ্যের উৎসের ওপর ভিত্তি করে গবেষকরা Data-কে তিনটি শ্ৰেণীতে ভাগ করে থাকেন ৷ সেগুলি হল—Primary Source, Secondary Source এবং  Tertiary Source (Swain, Pg 145) ৷'' (ইসলামঃ পৃ. ২৫) ইসলামতো বাদেই, ছোৱাইনৰো উল্লেখ নকৰাকৈ এইকথাখিনিকে বুজৰবৰুৱাই পঞ্চম অধ্যায়ৰ আৰম্ভণিতেই কিদৰে শব্দগত অনুবাদ কৰিছে চাওকঃ ''গৱেষণা কৰ্মত সৰ্বাধিক গুৰুত্বপূৰ্ণ হ’ল তথ্য ৷ তথ্য নোহোৱেকৈ কোনো গবেষণা আগবঢাই অসম্ভব ৷ সেয়ে এজন গৱেষকে বিভিন্ন সূত্ৰৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰে ৷ সেই তথ্য গৱেষকে তিনিভাগত ভাগ কৰে— মুখ্য উৎস (Primary Source), গৌণ উৎস (Secondary Source), তৃতীয় উৎস (Tertiary Source)৷'' (বুজৰবৰুৱাঃ পৃ. ৭৭) কেৱল ইমানেই নহয়, এই প্ৰসংগত মৌলিক উৎস হ’ব পৰা সাতোটা সূত্ৰও বুজৰবৰুৱাই তুলি দিছে ইসলামৰ পৰাই ৷ তাকে কৰোঁতে শব্দৰ সাজসজ্জা সলনিৰ কষ্টকণো কৰাৰ পৰা আমাৰ গৱেষক-তত্ত্বাবধায়ক বিৰত আছে—
(ক) ''মৌলিক গবেষণাই যে তথ্য আগে উল্লেখিত হয়নি''- ইসলাম (''মৌলিক গৱেষণাত যি তথ্য আগতে ক’তো উল্লেখ হোৱা নাই''- বুজৰবৰুৱা)
(খ) ''সংগৃহীত সেই তথ্য যার ব্যাখ্যা বিশ্লেষণ এখনও হয়নি''- ইসলাম৷ (''সংগৃহীত এনে তথ্য যাৰ ব্যাখ্যা বা বিশ্লেষণ এতিয়াও ক’তো হোৱা নাই৷''-বুজৰবৰুৱা)
(গ) ''কোন গবেষণা কৰ্মের প্ৰথম মুদ্ৰণ বা E-publication''- ইসলাম (''কোনো গৱেষণা কৰ্মৰ প্ৰথম মুদ্ৰণ অথবা প্ৰথম ই-পাব্লিকেছন''- বুজৰবৰুৱা) ইত্যাদি৷

সাতোটি সূত্ৰৰে এনে শব্দানুগ মিলক কি বুলি ক’ব— কাকতালীয়? কিন্তু ইয়াৰ পিছৰ সংক্ষিপ্ত বক্তব্যৰো দেখোন মিল শব্দানুগ! (''সাহিত্য-সংস্কৃতি, সমাজবিজ্ঞানৰ… গণ্য হ’ব পাৰে৷''-বুজৰবৰুৱাঃ পৃ. ৭৮৷ ''সাহিত্য-সংস্কৃতি-সমাজবিজ্ঞানের… গণ্য হবার দাবী রাখে৷''- ইসলামঃ পৃ. ২৬) ছেকেণ্ডেৰী ডাটা ছ’ৰ্চৰ ক্ষেত্ৰতো এটাও শব্দ বাদ নিদিয়াকৈ ড° বুজৰবৰুৱাই ইসলামৰ বক্তব্য-বিশ্লেষণকেই তুলি দিছে৷ সকলো অংশ তুলি দিয়াৰ পৰিৱৰ্তে তলত কেৱল নিৰ্দেশনা-সূত্ৰ দিয়া হ’ল—

''প্ৰাথমিক তথ্য বা সমলৰ ব্যাখ্যা-বিশ্লেষণ কৰি যি সমল বা তথ্য গ্ৰহণযোগ্য হয় গৌণ উৎস বোলা হয় ৷ গৌণ উৎসৰ মাজত আঁকৰ-চৰিত্ৰত (Raw Characteristics)কৈ আঁকৰ তথ্য বা সমল (Raw Data)ৰ ব্যাখ্যা-বিশ্লেষণ বেছি হয়৷… …এইক্ষেত্ৰত মনত ৰখা উচিত হ’ব যে আঁকৰ/মৌলিক উপাদানেই হ’ল প্ৰাথমিক উৎস আৰু মৌলিক উপাদান  সম্পৰ্কিত কোনো লিখা/ বিশ্লেষণ/ ব্যাখ্যা— হ’ল গৌণ তথ্য উৎস৷'' (বুজৰবৰুৱাঃ পৃ. ৭৮)

''প্ৰাইমারি ডাটার ব্যাখ্যা-বিশ্লেষণ করে যে ডাটা প্ৰকাশিত হয়েছে তাকেই Secondary Data Source বলা হয় ৷ সেকেণ্ডারি ডাটা সোৰ্স-এর মধ্যে আকর-চরিত্ৰ অপেক্ষা আকর উপাদানের ব্যাখ্যা-বিশ্লেষণ বেছি থাকে৷… …এক্ষেত্ৰে মনে রাখতে হবে— আকর/মৌলিক উপাদানই হল প্ৰাইমারি সোৰ্স এবং মৌলিক উপাদান সম্পৰ্কিত কোন লেখা/ বিশ্লেষণ/ ব্যাখ্যা— হল সেকেণ্ডারি ডাটা সোৰ্স ৷'' (ইসলামঃ পৃ. ২৬)
Tertiary Source সন্দৰ্ভত ড° বুজৰবৰুৱাই আকৌ যিখন ৰেখাচিত্ৰ দিছে (পৃ. ৭৯), সেইখনো ইসলামৰ পৰাই (পৃ. ২৭) তুলি দিয়া৷ পাৰ্থক্য এটাই— ইসলামে দিয়া ইংৰাজী শব্দৰ পৰিৱৰ্তে ড° বুজৰবৰুৱাই ব্যৱহাৰ কৰিছে অসমীয়া শব্দ ৷ কিন্তু পোনে পোনে তুলি দিয়াৰ ফলত Interpretation of Raw Data-ৰ স্থানচ্যুতি ঘটি লেখিকাৰ ৰেখাচিত্ৰখন ইসলামৰ দৰে সহজবোধ্য নহ’ল ৷

এতিয়া চাওক সততাৰ নিদৰ্শন দাঙি ধৰাৰ ক্ষেত্ৰত আমাৰ লেখিকাৰ অৱস্থান৷ মুখ্য তথ্যসমূহৰ সংগ্ৰহৰ কথা ক’বলৈ গৈ ড° বুজৰবৰুৱাই তিনিটা উপায়ৰ কথা কৈছে৷ (পৃ. ৮০) যদিও এই তিনিটাও ইসলামৰ পৰাই লোৱা, ধৰি লোৱা হ’ল যে একে তিনিটা উপায়, তাকো একে ক্ৰমত 'বেলেগেও ক’ব পাৰে'— পিছে তাৰ পিছতেই ইসলামে G.L Ray আৰু S Mandal-ৰ Research Methods in Social Science গ্ৰন্থৰ পৃষ্ঠা সংখ্যা পৰ্যন্ত উল্লেখ কৰি তুলি দিয়া বাক্য এটা (''এছাড়া কোন কোন বিদ্যাশাখায় Projective Technique ব্যবহৃত হয়ে থাকে''- ইসলামঃ পৃ. ২৭) ড০ বুজৰবৰুৱাই নিজৰ বুলিয়েই তুলি দিছে (''ইয়াৰ উপৰিও কোনো কোনো শাখাত প্ৰক্ষিপ্তভাৱেও কৌশলৰ প্ৰয়োগ ঘট''— বুজৰবৰুৱা, পৃ. ৮০)

বুজৰবৰুৱাই গৌণ তথ্যসমূহৰ ছটা উৎসসহ এই বিষয়ক কথাখিনিও লৈছে ইসলামৰ পৰা—

''সেকেণ্ডারি ডাটা মুদ্ৰিত বা অমুদ্ৰিত দুটি উপায়েই থাকতে পারে৷… …যে সূত্ৰ থেকে তথ্য নেওয়া হোক না কেন, তথ্যের প্ৰামাণিকতা (Authenticity) যাচাই করতে হবে, এবং সংশ্লিষ্ট গবেষণার ক্ষেত্ৰে তার প্ৰাসঙ্গিকতা (Relevance) থাকতে হবে৷'' (ইসলামঃ পৃ. ২৭)

''গৌণ তথ্য মুদ্ৰিত বা অমুদ্ৰিত দুয়োটি উপায়েৰেই পাব পাৰি৷… …যি সূত্ৰৰ পৰাই তথ্য সংগ্ৰহ কৰা নহওক কিয়, সকলো তথ্য বা সমলৰ প্ৰামাণিকতা (Authenticity) বিচাৰ কৰিব লাগিব আৰু সংশ্লিষ্ট গৱেষণাৰ ক্ষেত্ৰত তাৰ প্ৰাসংগিকতা (Relevance)ও থাকিব লাগিব৷'' (বুজৰবৰুৱাঃ পৃ. ৮০) (মাজৰচোৱা বাক্যৰো মিল হুবহু৷)

কাৰ্যতঃ উদাহৰণ লিখি আৰু পঢ়ি আমনি লগাকৈ ইসলামৰ পৰা বুজৰবৰুৱাই নকল কৰি লিখিছে তেওঁৰ গ্ৰন্থ৷ বুজৰবৰুৱাই তেওঁৰ কিতাপৰ ৮১ৰ পৰা ৮৩ পৃষ্ঠালৈ, আকৌ ৮৪, ৮৬, ৮৭, ৮৮, ৮৯,  ৯২, ৯৩, আৰু ১২৫ পৃষ্ঠাত, পৰৱৰ্তী স্তৰত পুনৰ প্ৰায় সম্পূৰ্ণৰূপত ১৩০ৰ পৰা ১৩২ পৃষ্ঠালৈ আৰু ১৩৭ৰ পৰা ১৩৯ পৃষ্ঠালৈ ইসলামৰ পৰা যিদৰে অবিকল চুৰি কৰিছে তাৰ মাথোঁ উল্লেখ হে কৰিব খোজা হৈছে৷ বুজৰবৰুৱাই ৮১ৰ পৰা ৮৩ পৃষ্ঠালৈ সামৰি লোৱা 'গৱেষণাৰ তথ্য সংৰক্ষণৰ বিভিন্ন পদ্ধতি', 'তথ্য প্ৰক্ৰিয়াকৰণ পদ্ধতি', 'সম্পাদন', 'সাৰসংগ্ৰহ', আৰু 'শ্ৰেণীকৰণ' শব্দানুগ তুলি দিছে ক্ৰমে ইসলামৰ কিতাপৰ পৃষ্ঠা ২৯, ৩০ আৰু ৩১ৰ  পৰা ৷ তাকে কৰোঁতে ইসলামৰ ৰেখাচিত্ৰই তুলি দিছে নিৰ্দেশনা চিহ্নবোৰ সামান্য সলনি কৰি— ইসলামে দিয়া ইংৰাজী term বোৰ অসমীয়া কৰি ৷ ইমানেই নিৰ্লজ্জকৰ হৈছে এই চৌৰকাৰ্য যে শ্ৰেণীকৰণৰ উদাহৰণত বিষয় ('হস্তনিৰ্মিত ধাতু') পৰ্যন্ত অবিকল ৰখা হৈছে ৷ (ইসলামঃ পৃ. ৩১-৩২, বুজৰবৰুৱাঃ পৃ. ৮৪) তথ্যভাণ্ডাৰ বা ডেটাবেছ প্ৰসংগত ইসলামে পৃ. ২৮ত দিয়া Swainৰ উদ্ধৃতিটো কোনো তথ্যসূত্ৰ নিদিয়াকৈ বুজৰবৰুৱাই গৱেষক পণ্ডিতৰ মত বুলি অনুবাদ কৰি দিছে ৷ (পৃ. ৮৬) 'তথ্যভাণ্ডাৰৰ সংৰক্ষণ আৰু পৰিচালন ব্যৱস্থা'ত জুৰি দিয়া ৰেখাচিত্ৰ, (বুজৰবৰুৱাঃ পৃ. ৮৭, ইসলামঃ পৃ. ২৯) তথ্যৰ প্ৰক্ৰিয়াকৰণ’ৰ বক্তব্য, (বুজৰবৰুৱাঃ পৃ. ৮৭, ইসলামঃ পৃ. ২৯) 'গুণগত আৰু পৰিমাণগত তথ্য'ৰ বৰ্ণনা আৰু সংলগ্ন ৰেখাচিত্ৰ, (বুজৰবৰুৱাঃ পৃ. ৮৮, ইসলামঃ পৃ. ৩৩-৩৪) আৰু সামগ্ৰিক দৃষ্টিত তথ্যৰ শ্ৰেণীকৰণত সংলগ্ন ৰেখাচিত্ৰ (বুজৰবৰুৱাঃ পৃ. ৮৯, ইসলামঃ পৃ. ৩৪) আমাৰ গৱেষক-তত্ত্বাবধায়কৰ কুম্ভিলক বৃত্তিৰ ''উজ্জল চানেকি''৷ এওঁ আনকি গৱেষণাৰ কৰ্ম আঁচনিখনৰ ''বিবেচ্য দিশ''বোৰো (পৃ. ৯১ত) তুলি দিছে ইসলামৰ (পৃ. ৩৬) পৰাই— এইক্ষেত্ৰতো বিবেচ্য দিশবোৰৰ কোনো সালসলনি ঘটা নাই ৷ গৱেষণা প্ৰকল্প বিজ্ঞানসন্মত হ’বলৈ নিশ্চিত হ’বলগীয়া দিশবোৰো তেওঁ ইসলামৰ পৰাই 'নিশ্চিত' হৈ লৈছে৷ (বুজৰবৰুৱাঃ পৃ. ৯২, ইসলামঃ পৃ. ৩৭) ইমানখিনি যিহেতু ঘটিছেই— গৱেষণা আঁচনিৰ প্ৰয়োজনীয়তা বুজাবলৈ ইসলামৰ ৰেখাচিত্ৰখন অনাত আচৰিত হ’বলৈনো কি থাকিল? (বুজৰবৰুৱাঃ পৃ. ৯৩, ইসলামঃ পৃ. ৩৮)

আনহাতে তত্ত্বাবধায়কৰ প্ৰশংসা-পত্ৰত থাকিবলগীয়া সত্যকেইটি বাৰু একে হোৱাৰ (বুজৰবৰুৱাঃ পৃ. ১২৫, ইসলামঃ পৃ. ৫৪)  যুক্তি এটা কৰবাত আছে বুলি ধৰি লোৱা হ’ল৷ কিন্তু নিজে গৱেষক-তত্ত্বাৱধায়ক হৈও বুজৰবৰুৱাই 'পি-এইচ ডি গৱেষণাৰ সম্ভাব্য খচৰা'ত যি শিৰোনাম দিছে (পৃ. ১২৫) সেই শিৰোনামো আহিছে ইসলামৰ (পৃ. ৫৩) পৰা ৷ এই খচৰাৰ 'ভূমিকা'খনো ইসলামৰ পৰা অবিকল তুলি দিয়াৰ ধৃষ্টতাকনৰ পৰা ড° বুজৰবৰুৱা আঁতৰি নাথাকিল ৷ (বুজৰবৰুৱাঃ পৃ. ১২৯, ইসলামঃ পৃ. ৫৬-৫৭) 'গৱেষণাৰ মূল আলোচ্য বিষয়'তো অনুৰূপ৷ (বুজৰবৰুৱাঃ পৃ. ১২৯, ইসলামঃ পৃ. ৫৭) আনকি বুজৰবৰুৱাই তেওঁৰ কিতাপত পৃ. ১৩০ৰ আদিৰ পৰা ১৩২ৰ অন্তলৈকে ইসলামৰ পৃ. ৫৮ ৰ পৰা পৃ. ৬০লৈ ইমানেই অবাধভাৱে তুলি দিছে যে গৱেষণাৰ খচৰাৰ 'বিশ্লেষণ' (বুজৰবৰুৱাঃ পৃ. ৯৩, ইসলামঃ পৃ. ৩৮), 'অধ্যায়ভিত্তিক বিশ্লেষণ' (বুজৰবৰুৱাঃ পৃ. ১৩১, ইসলামঃ পৃ. ৫৯), 'উপসংহাৰ' (বুজৰবৰুৱাঃ পৃ. ১৩২, ইসলামঃ পৃ. ৫৯-৬০) দুয়োখন কিতাপত একাকাৰ হৈ পৰিছে৷ বুজৰবৰুৱাই এইক্ষেত্ৰত কৰা বুদ্ধিমানৰ কাম এটাইঃ সেয়া হৈছে ইসলামে দিয়া বাংলা উদাহৰণবোৰ অসমীয়া কৰি দিয়া— বাংলা প্ৰবাদে যাদুঃ ইসলাম, অসমীয়া প্ৰবাদত যাদু-মন্ত্ৰৰ উল্লেখঃ বুজৰবৰুৱা৷

গৱেষণা-পত্ৰৰ এক নিৰ্ধাৰিত সজ্জা থাকে৷ লোকেছ কৌলে মেথডলজি অৱ এডুকেচনেল ৰিছাৰ্চ গ্ৰন্থত দেখুওৱা পৰ্ব বিভাজনৰ আধাৰত আৰু কৌলৰ উল্লেখেৰে ইসলামে গৱেষণা-পত্ৰৰ এক সজ্জা দাঙি ধৰিছে৷ (ইসলাম, পৃ. ৬২-৬৩) আমাৰ অধ্যাপিকাই কাৰো কোনো স্বীকৃতি নিদিয়াকৈ সেই সজ্জাটোকে পৃ. ১৩৭ৰ পৰা ১৩৯লৈ অবিকল তুলি দিছে৷ (গ্ৰন্থপঞ্জী চাই গম পোৱা গ’ল, কৌলৰ কিতাপ বুজৰবৰুৱাই পঢ়াই নাই৷)

আমি এই লেখাৰ আৰম্ভণিৰপিনে উল্লেখ কৰিছিলো যে 'পৰিশিষ্ট-১'ত ’গৱেষণাকৰ্মত নীতিনিষ্ঠতা’ৰ বিষয়ে লিখিবলৈ গৈ বুজৰবৰুৱাই মন্তব্য কৰিছেঃ ”পূৰ্বৱৰ্তী  কোনো গৱেষক/ লেখক অথবা লেখকৰ উদ্ভাৱিত কোনো লিখিত ধাৰণা/ কোনো তত্ত্বভাৱনা/ উদ্ধৃতি ইত্যাদি ব্যৱহাৰ কৰিলে তাৰ উপযুক্ত স্বীকৃতি দিয়া উচিত৷” (বুজৰবৰুৱাঃ পৃ. ১৪৯) আকৌ, ”আনৰ লেখা/ আন গৱেষকৰ গৱেষণা কৰ্ম/ আনৰ তথ্য নিজৰ নামত চলোৱাৰ প্ৰৱণতা সম্পূৰ্ণ অনৈতিক কাৰ্য ৷ গৱেষণা কাৰ্যত কুম্ভিলক বৃত্তি (plagiarism) সদায়েই বৰ্জনীয় ৷” (বুজৰবৰুৱাঃ পৃ. ১৪৯-১৫০)  এই প্ৰসংগতে আমি এইবুলিও লিখিছিলো যে  পল্লৱীৰ এই ''নীতিনিষ্ঠা''ৰ উৎস কি, সেয়া আমি পিছলৈ পাম ৷ হয়— দুখ লগা সত্যটো হ’ল অধ্যাপনাত নিয়োজিত এগৰাকী ব্যক্তি হৈ এই বাক্যকেইটিও লিখিছে চুৰি কৰি— ”পূৰ্ববৰ্তী কোন গবেষকের/ লেখকের উদ্ভাবিত বা লিখিত ধারণা/ তত্ত্বভাবনা/ উদ্ধৃতি- ইত্যাদি ব্যবহার করলে তার উপযুক্ত স্বীকৃতি দেওয়া জরুরী৷” আকৌ, ”অন্যের লেখা/ অধস্তন ছাত্ৰ-ছাত্ৰী/ গবেষকের লেখা বা অপরের সংগ্ৰহ করা তথ্য নিজের নামে চালানোর প্ৰবণতা পুরোপুরি অনৈতিক (তবে উপযুক্ত স্বীকৃতি সহ ব্যবহার করা যেতে পারে)৷ গবেষণার কাজে Plagiarism সৰ্বদাই বৰ্জনীয় ৷” (ইসলামঃ পৃ. ১১৬) মন কৰিব, ”তবে উপযুক্ত স্বীকৃতি সহ ব্যবহার করা যেতে পারে”— ইসলামৰ এই অংশ বুজৰবৰুৱাই বাদ দিছে হয়তো তেওঁৰ ”স্বীকৃতি নিদিয়াকৈ নিজৰ নামত চলোৱাৰ প্ৰৱণতা”ৰ বাবেই! পিছে কেৱল এই দুটি বাক্যই নহয়— বুজৰবৰুৱাই ’পৰিশিষ্ট-১’ৰ, বিশেষকৈ পৃষ্ঠা ১৪৮ৰ আৰম্ভণিৰ বাক্যৰ পৰা পৃ. ১৫০ৰ অন্তিম বাক্যটোলৈকে ইসলামৰ পৃ. ১১৫ৰ পৰা ১১৭ৰ কথাখিনিয়েই প্ৰায় তুলি দিছে৷ সেয়াই যেনিবা গৱেষণাৰ  নৈতিকতাৰ সাধাৰণ দিশবোৰ অপৰিৱৰ্তিত ৰাখি বাকী অংশ সামান্য সালসলনি কৰি দিয়া হৈছে৷ তাকে কৰিবলৈ যাওঁতে সলিসিয়ানৰ হয় ফাঁচীৰ লেখীয়া অৱস্থা হ’ল আমি আৰম্ভণিতে কৈ অহা গ্ৰন্থপঞ্জীত সংঘটিত 'ৱেব ৰেফাৰেঞ্চ' বিসংগতিত৷ ইসলামে এক ৱেবছাইটত প্ৰকাশিত David B Rensikৰ উদ্ধৃতি দি গৱেষণা-নৈতিকতাৰ Codes and Policies সূত্ৰাকাৰে দাঙি ধৰিছিল আৰু এই সূত্ৰৰ অন্তত see: Codes and Policies for Research Ethics; Web Ref-5 বুলি সামৰণীৰ উল্লেখপঞ্জীত সন্নিবিষ্ট ৫ নং ৱেব ৰেফাৰেঞ্চ চাবলৈ নিৰ্দেশনা দিছিল ৷ সেই Web Ref-5কে আমাৰ অবোধ তত্ত্বাৱধায়কে সম্ভৱতঃ  Codes and Policies নামৰ 'কিতাপ'খনৰ প্ৰকাশক বুলি গণ্য কৰি সেইমতে গ্ৰন্থপঞ্জীত সন্নিবিষ্ট কৰিলে!


(৪)
প্ৰসংগ-সূত্ৰ আৰু গ্ৰন্থপঞ্জীৰ ন্যূনতম জ্ঞান নথকা, আনৰ সংশ্লেষিত ধাৰণা, বক্তব্য, পৃষ্ঠাৰ পিছত পৃষ্ঠা নিজৰ নামত চপাই দিয়া ড° পল্লৱী ডেকা বুজৰবৰুৱাৰ গৱেষণাৰ পদ্ধতিবিজ্ঞান এক কথাত বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপিকা তথা গৱেষক-তত্ত্বাৱধায়কৰ কুম্ভিলক বৃত্তিৰ অনন্য উদাহৰণ৷ আমি হাততে পোৱা দুখন বাংলা কিতাপৰ পৰা যি অবাধ হাৰত ড° বুজৰবৰুৱাই চুৰি কৰা কথাটো আমি দেখা পালো, তাৰ আধাৰত এই সন্দেহেও মনত উক দিছে যে কিতাপখনৰ বাকী অংশ আমি নপঢ়া আন কিতাপৰ পৰা তুলি দিয়াও অস্বাভাৱিক নহ’ব ৷ প্ৰশ্ন হৈছে এনে এগৰাকী লেখিকাৰ বিৰুদ্ধে এই লেখাৰ একেবাৰে আৰম্ভণিতে উল্লেখ কৰা বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰস্তুত কৰা আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা কুম্ভিলক বৃত্তি প্ৰতিৰোধ আইন বলৱৎ হ’ব নে নহয়? নে এই কাৰ্য ভৱিষ্যতে কুম্ভিলক বৃত্তি অৱলম্বন কৰিব খোজা লেখককুলৰ বাবে আদৰ্শ আৰু অভিযোগমুক্ত হোৱাৰ কৈফিয়ৎ হৈ ৰ’ব? ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন অধ্যাপকসকলে ড° বুজৰবৰুৱা কৃতকৰ্মৰ দায়িত্ব কি ধৰণে ল’ব? The Chicago Manual of Style-ত নতুন কিতাপৰ প্ৰকাশন-চুক্তি সন্দৰ্ভত কোৱা হৈছে যে—   ”The author, in addition to granting rights to the publisher, typically guarantees that the work is original and has never before been published and that it does not violate copyright or libel anyone or otherwise expose the publisher to legal liability.” (পৃ. ১৭১) ডিব্ৰুগড়ৰ 'বনলতা' প্ৰতিষ্ঠানে ড° বুজৰবৰুৱাৰ পৰা তেনে 'নিশ্চয়তা' পাইছিল নে? চৌৰ্যবৃত্তিৰ আশ্ৰয় লৈ প্ৰস্তুত কৰা গৱেষণাৰ পদ্ধতিবিজ্ঞানৰ দায়বদ্ধতাৰ ক্ষেত্ৰত ’বনলতা’ৰ বক্তব্য কি হ’ব?

এই প্ৰশ্নবোৰৰ উত্তৰতে অসমীয়া গ্ৰন্থ আৰু গৱেষণা ক্ষেত্ৰত ভৱিষ্যতে দেখা দিব পৰা কুম্ভিলক বৃত্তি ৰোধৰ ব্যৱস্থা নিৰ্ভৰশীল৷

(published in Amar Asom, July 26, 2018, page 5)


No comments: