Sunday, January 14, 2024

অসমীয়া সাহিত্যত ৫ জানুৱাৰী


তেখেত ভাষিক-অসমীয়া পৰিয়ালৰ সন্তান নাছিল৷ পিতৃ আছিল নেপালী সম্প্ৰদায়ৰ, মাতৃ আছিল নগা৷ ১৯১৭ চনত কহিমাত জন্ম লাভ কৰা গোবিন্দ চন্দ্ৰ পৈৰা হৈ উঠিছিল অসমীয়া সাহিত্যৰ নিৰলস সাধক৷ শৈশৱৰে পৰাই তেখেত আছিল গভীৰ শিক্ষানুৰাগী৷ কহিমাতেই প্ৰাথমিক শিক্ষা লোৱা পৈৰাই মধ্য ইংৰাজী (এম ই) পৰীক্ষাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী কালত তেওঁ শিক্ষা ল’বলৈ নাজিৰালৈ আহে যদিও হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি দুনাই কহিমালৈ গৈ শিক্ষকতা কৰিবলৈ লৈছিল৷ নাগালেণ্ডৰ সামাজিক-সাংস্কৃতিক জীৱনৰ সৈতে ঘনিষ্ঠ হৈ উঠা পৈৰা ৰাজ্যখনৰ বিধান সভাৰো সদস্য হৈছিল৷ কিন্তু ইয়াৰ মাজে মাজে অসমীয়া ভাষাৰ চৰ্চা অব্যাহত ৰাখিছিল, অসম সাহিত্য সভাৰ কহিমা শাখাক গতিশীল কৰিও ৰাখিছিল৷ বহুসংখ্যক গল্প লিখাৰ উপৰি পৈৰাই উপন্যাসো লিখিবলৈ লৈছিল৷ ‘প্ৰেম আৰু পৃথিৱীৰ’ গোবিন্দ চন্দ্ৰ পৈৰাৰ এখন জনপ্ৰিয় উপন্যাস৷ ১৯৯৯ চনৰ ৫ জানুৱাৰীত এইগৰাকী সাহিত্যসাধকৰ মৃত্যু হয়৷

No comments: