Sunday, January 14, 2024

অসমৰ সমাজ জীৱনত ১১ জানুৱাৰী

আধুনিক অসমৰ অৰ্থনৈতিক ভেটি গঢ় লৈছিল চাহ খেতিৰ বাবে এই ভূখণ্ডৰ মাটি উপযোগী বুলি প্ৰমাণিত হোৱাৰ পাছত৷ এই চাহ খেতিৰ পথ ধৰিয়েই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম অধিকাৰ কৰি লৈছিল, পাছলৈ অসমত মৰাপাট, কুঁহিয়াৰ আদি খেতিও কৰিবলৈ গৈ শ্ৰমিক শ্ৰেণী এটাৰ আমদানিত জড়িত হৈছিল, যাৰ অৱধাৰিত পৰিণতিত কাললৈ অসমৰ জনবিন্যাসো ভাগি পৰিছিল৷ সেয়া অৱশ্যে অন্য আলোচনাৰ বিষয়৷ অসমত চাহ খেতিৰ গৱেষণা আৰু বিস্তাৰত যি দুগৰাকী ‘ব্ৰুচ’ৰ ভূমিকাই ঘাই, তেওঁলোকৰে আলেকজেণ্ডাৰ ব্ৰুচৰ ১১ জানুৱাৰী ওপজা দিন৷
.
১৭৯৩ চনৰ ১১ জানুৱাৰীত স্কটলেণ্ডত জন্ম গ্ৰহণ কৰা চার্লছ আলেকজেণ্ডাৰ ব্ৰুচে অসমত সুদীৰ্ঘকাল কটাইছিল৷ অসমত চাহৰ উদ্ভাৱনৰ স্বীকৃতি প্ৰায়েই দিয়া হয় তেওঁৰ ভাতৃ ৰবার্ট ব্ৰুচক, কিন্তু অসমত ইংৰাজে চীনা চাহৰ খেতি কৰাত আৰম্ভণিতে মনোযোগ দিয়াৰ সময়ত অসমৰ চাহৰ ভিন্নতা প্ৰতিষ্ঠা কৰাত আলেকজেণ্ডাৰ ব্ৰুচৰ ভূমিকা কম নাছিল৷ তেওঁৰ মন আছিল বজ্ৰকঠিন৷ মান সেনাৰ বিৰুদ্ধে যুদ্ধতো অংশ লোৱা ব্ৰুচে অসমৰ পাহাৰ-সমতলৰ শ শ কিলোমিটাৰ পদব্ৰজেই ঘূৰি ফুৰি এই প্ৰদেশত চাহ খেতিৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিছিল৷ অসমৰ চাহ যে চীনতকৈও উন্নত, সেইকথা তেওঁ খেতিৰ ফচলৰে প্ৰতিপন্ন কৰিবলৈও সক্ষম হৈছিল৷ অসমৰ চাহৰ বিষয়ে তেওঁ কিতাপ-পত্ৰও লিখিছিল৷ এনেবোৰ কাৰণতে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচক ১৮৩৯ চনত অসম টী কোম্পানীৰ অধীক্ষক পদতো অধিস্থিত কৰা হয়৷ অৱসৰৰ পাছতো জীৱনৰ বাকীছোৱা সময় তেওঁ অসমতে (তেজপুৰত) কটাই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত জড়িত হৈছিল৷ তেওঁৰ মৃত্যু হৈছিল ৭৮ বছৰ বয়সত, ১৮৭১ চনৰ এপ্ৰিলত, তেজপুৰত৷

No comments: