মই গুৱাহাটীলৈ
পঢ়িবলৈ অহাৰ দেৰ-দুই বছৰৰ পাছৰ
কথা৷ জীৱনৰ কিছু অনিবাৰ্যতাত মন অবসন্ন, বিষণ্ণ৷ উপশম বিচাৰি বহোঁগৈ জিলা পুথিভঁড়াল
অথবা নবীন চন্দ্ৰ হল লাইব্ৰেৰীত, কেতিয়াবা উদভ্ৰান্তৰ দৰে খোজ কাঢ়ি ফুৰোঁ মহানগৰীৰ অলি-গলিত, ৰেলৱে’
ফুটব্ৰীজ অথবা গুৱাহাটী মেডিকেলৰ ৰিচিপচন হলত ঘণ্টাৰ পাছত ঘণ্টা থিয় দি আন কেতিয়াবা
নীৰিক্ষণ কৰি ৰওঁ শ শ অচিন-অজান নৰ-নাৰীৰ মুখ আৰু শৰীৰী ভাষা৷
তেনে এটা
দিনতে ৰাম গগৈক বিচাৰি সাহিত্য সভা ভৱনলৈ যাওঁতেই নে ভগৱতী প্ৰসাদ বৰুৱা ভৱন সংলগ্ন
ৰাজ্যিক কলা বীথিকাত চিত্ৰ প্ৰদৰ্শনী চাই থাকোঁতেই পৰিচয় মানুহজনৰে৷ এদিন গধূলি দীঘলী
পুখুৰীৰ পাৰত দীঘলীয়া হৈছিল আমাৰ আড্ডা৷ তাৰপাছত তেওঁ মোক লৈ গৈছিল তেওঁৰ ‘ঘৰ’লৈ৷
‘ঘৰ’ মানে সাহিত্য সভা ভৱনৰে ভূ-মহলাৰ এটা সৰু কোঠা— কোনোমতে জুৰিছে এখন বিচনা আৰু
দুখন মেজ, কিতাপেৰে ঠাঁহ খোৱা৷ বিচিত্ৰ সেই কিতাপৰ সম্ভাৰ৷ দেৱীপ্ৰসাদ চট্টোপাধ্যায়ৰপৰা
ৰাধাকৃষ্ণনলৈ, হীৰেন গোহাঁইৰ পৰা অম্লান দত্তলৈ, ৰাহুল সংকৃত্যায়নৰ পৰা ৰমিলা থাপৰ-অৰূপা
পটংগীয়া-লক্ষ্মীনাথ তামুলীলৈ, অসমীয়াৰ পৰা বাংলা-ইংৰাজীলৈ৷
‘লোকায়ত’
তেতিয়াও অসমীয়ালৈ অনুবাদ হ’বলৈ বাকী৷
মই তেওঁৰ
পৰা আনি পঢ়িছিলোঁ দেৱীপ্ৰসাদ-ৰমিলা-ৰজনী পাম দত্ত আৰু বহুজন৷
মানুহজন মুনীন
চৌধুৰী৷ জীৱনৰ এছোৱা সময় মোৰ মানসিক সকাহ আৰু পৰিপুষ্টিৰ কাৰক৷
এক বিশেষ
পৰিস্থিতিত মই আৰু প্ৰমোদদা (প্ৰমোদ কলিতা, এতিয়া অসম প্ৰকাশন পৰিষদৰ সচিব)ই এখন দৈনিক
কাকতৰ চাকৰি এৰি থৈ আহিছিলোঁ ৷ নিজে চাকৰিত মকৰলৰ বাবে নিৰ্বাচন কৰা দুজনমান সহকৰ্মীয়ে
আশ্চৰ্যকৰভাৱে আমাৰ বিৰুদ্ধে ‘প্ৰতিষ্ঠানৰ বিৰুদ্ধে ষড়যন্ত্ৰ’ ৰচাৰ অভিযোগ আনি স্বত্বাধিকাৰীলৈ
প্ৰেৰণ কৰিছিল পত্ৰ ৷ (“আপুনি যিসকলৰ দৰমহা বঢ়াবলৈ কয়, তেওঁলোকে এইখন কি দিছে চাওঁক” বুলি স্বত্বাধীকাৰীয়ে
মোৰ হাতত তুলি দিয়া সেই পত্ৰখন এতিয়াও মোৰ লগতে আছে৷) আমি যেতিয়া বিমূঢ়, হতচকিত, চিন্ময়ৰ (খ্যাতিমান আলোকচিত্ৰ-সাংবাদিক
চিন্ময় ৰয়) মুখেৰে এই বাতৰি জানিব পাৰি মুনীনদাই এটুকুৰা কাগজত এইবুলি লিখি পঠিয়াইছিল—
“এইমাত্ৰ চিন্ময়ৰ মুখে সকলোখিনি গম পালোঁ৷…তোমাৰ সোঁহাতখন শক্তিশালী৷ অন্ততঃ এটা প্ৰজন্মৰ
মাজত৷ যিকোনো সিদ্ধান্ত লওঁতে আবেগতকৈ আগস্থান দিবা বিবেকক৷ মনতকৈ মগজুক৷…”
…যিকোনো সিদ্ধান্ত
লওঁতে আবেগতকৈ আগস্থান দিবা বিবেকক৷…
কথাষাৰে আজিও
জোকাৰি আছে৷ কাম কৰে পথ নিৰ্দেশকৰো৷
মুনীনদাই
কেৱল মানসিক সকাহেই দিয়া নাছিল৷
মোৰ সাঁচিপাতৰ
পৰা লেপটপলৈ কিতাপখনৰ উৎসৰ্গা পৃষ্ঠাত মই লিখিছিলোঁ ঃ মহানগৰীত কটোৱা জীৱনৰ এছোৱাত
পাৰ কৰিবলগীয়া হৈছিল বহু অনাহাৰী দিন, গ্ৰাস
কৰিছিল চৰম হতাশাই৷ যি দুগৰাকীৰ ঔদাৰ্যই সেই সময়ছোৱাত আমাক যোগাইছিল সকলো ধৰণৰ সকাহ
আৰু উৎসাহ—অগ্ৰজ মুনীন চৌধুৰী আৰু সোদৰোপম বন্ধু নিৰঞ্জন হাজৰিকাৰ স্নেহসিক্ত হাতত…৷
এই মুনীনদা
এদিন সাহিত্য সভাৰ পৰা বিতাড়িত হ’বলগীয়া হৈছিল৷ শুনা কথা, বিষয়ববীয়াৰ আশ্বাস আৰু নিৰ্দেশত
ধন মোকলাই দিয়া কাগজত অবাধে চহী কৰিছিল মানুহজনে৷
বিষয়ববীয়া
সাৰি গৈছিল৷ কাগজে-পত্ৰই দোষী সাব্যস্ত হৈছিল মুনীন চৌধুৰী৷
অভিমানী মানুহজনে
নিজকে সকলোৰে পৰা আঁতৰাই ৰখাৰ যত্ন কৰিছিল৷
মই ইতিমধ্যে আমাৰ অসম কাকতত জড়িত হৈছিলোঁ৷ মনোজ দাৰ (মনোজ কুমাৰ গোস্বামী) লগতে সেই কাকতো এৰি
পিছলৈ ‘জনসাধাৰণ’লৈ গ’লো৷ তেনেতে এদিন পুনৰ
মুনীনদাৰে সংযোগ৷ একধৰণে মনোজদাৰ অনুমতি অবিহনেই
তেওঁক দিছিলোঁ চাকৰিৰ প্ৰস্তাৱ ৷ তেখেত আগ্ৰহী হোৱাত মনোজদাৰ যাৱতীয় অনুমতিৰ পাছত মুনীনদা
আমাৰ সহকৰ্মী হৈছিলহি৷ কিন্তু মন কৰিছিলো, যিজনে এদিন আনক সকাহ দিছিল, জীৱন-যন্ত্ৰণাত
দগ্ধহৈ সেইজন হৈ পৰিছে আন এজন মানুহ৷ ক্ষীয়মাণ আত্মবিশ্বাসৰ এজন যেন ভীত পুৰুষ৷ তথাপি
বয়সত অনুজৰ প্ৰতিও অমায়িক আচৰণেৰে তেওঁ হৈ উঠিছিল সকলোৰে আপোন৷ ‘জনসাধাৰণ’ৰ সেই পাৰিবাৰিক
বাতাবৰণত তেওঁক আৱৰি ৰাখিছিল প্ৰতিজন সহকৰ্মীয়ে৷
সাংবাদিকতাৰ
বোৱতী সুঁতিত প্ৰতিজন কৰ্মচাৰীয়েই একোটা জাঁজি, সংবাদ-প্ৰতিষ্ঠানসমূহ তেওঁলোকৰ মাজুলী৷
‘জনসাধাৰণ’
এৰি আমিও দিহা-দিহি গ’লোঁ৷ ক্ষীণ হ’লেও যোগাযোগ বিচ্ছিন্ন হোৱা নাছিল৷ পাছলৈ আকৌ দুবাৰ
মুনীন চৌধুৰীৰ সহকৰ্মী হ’লোঁ৷ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমশিশু সাহিত্য কোষ প্ৰকল্পত তেওঁক জড়িত কৰোৱাৰ আঁৰতো আছিল মোৰ লগতে জ্যোতি খাটনিয়াৰ
আৰু খগেন্দ্ৰনাথ তালুকদাৰ (ছাৰ)ৰ উদ্যোগ৷ এই প্ৰকল্পত সাংঘাতিক ধৰণে শ্ৰম কৰিছিল মানুহজনে৷
কিন্তু অসম আন্দোলনৰ তথ্যকোষ প্ৰকল্পত খাটিব পৰাকৈ শাৰীৰিক-মানসিক শক্তি আৰু মুনীনদাৰ
নাছিল৷ কিছু শাৰীৰিক, কিছু পাৰিবাৰিক সমস্যাত ন্যুব্জ মানুহজন বিগত কিছু সময়ত ভাগি
পৰিছিল৷ প্ৰকল্পই নহয়, মাজডোখৰতেই তেওঁ এৰি যাবলগীয়া হৈছিল মহানগৰী৷
আৰু শনিবাৰে তেওঁ উভতি নহাৰ পথেৰে এৰি গ’ল ধৰাধাম৷
মুনীন চৌধুৰীৰ
জীৱন যেন প্ৰতাৰণা-উপেক্ষা-অৱজ্ঞাৰ জীৱন৷ তলমল যৌৱনত যিগৰাকী যুৱতীক লৈ সপোন ৰচিছিল,
যাক প্ৰতিষ্ঠা লাভত সহায় কৰিছিল, সেই যুৱতীগৰাকীয়ে এদিন বঞ্চনা কৰিছিল৷ ‘বুধবাৰৰ’ৰ
পাতত মুনীনদাই গল্পত লিখিছিল—“মই তোমাক জোতা পিন্ধিবলৈ শিকালোঁ, তেওঁ তোমাক বোকাত খোজ
দিবলৈ শিকালে৷…”
‘ঘোষ্ট ৰাইটাৰ’
হৈও কাৰোবাৰ পৰা নাপালে প্ৰতিশ্ৰুত মাননি৷
উপেক্ষা-অৱজ্ঞাৰ
আৰু কিছু কাহিনী আছে৷ কিছুমান কৰুণ, হয়তো অসহ্যকৰো৷ মানুহজন যিহেতু অতীত, এই কাহিনীবোৰেও
আৰু এতিয়া কোনো অৰ্থ বহন নকৰে৷ সেইবোৰ ঘনিষ্ঠসকলৰ মুখে-মুখেই থাকি একালত নোহোৱা হ’ব৷
‘গুডবাই মিষ্টাৰ চিপ্ছ’ৰ সেই অন্তিম বাক্যশাৰীয়েইতো শেষ সত্য—অৱশেষত সকলো কথাই বিস্মৃত
হয়, …all things are forgotten in the end.
No comments:
Post a Comment