অলেখ প্ৰতিভা থাকিলেও কোনো বিশেষ কাৰণত, বা কেতিয়াবা সমাজৰ উপেক্ষাৰ বাবে কিছুসংখ্যক লোকৰ কিছুমান পৰিচয় লুকাই যায়৷ 'নিবন্ধকাৰ' আৰু অধ্যাপক-সমাজকৰ্মী উদয়াদিত্য ভৰালীৰ ওচৰত ম্লান হোৱা ’গল্পকাৰ’ উদয়াদিত্য ভৰালী তেনে এটি উদাহৰণ৷ অথচ ভৰালীৰ গল্প অসমীয়া গল্পসাহিত্যৰ বৈচিত্ৰ্য আৰু বৈবিধ্যৰ অনন্য উদাহৰণ৷ গভীৰ সমাজবীক্ষা, পৰিমিত ভাষা, প্ৰচ্ছন্ন ব্যংগ তেওঁৰ গল্পৰ সহজাত বৈশিষ্ট্য৷ তৎসত্ত্বেও দুখলগা সত্যটো হ’ল যোৱা ১৫/২০ বছৰত অসমীয়া গল্পৰ যিকেইটি বাচনিমূলক সংকলন ওলাইছে, সেইবোৰত উদয়াদিত্য ভৰালীৰ গল্পই বিশেষ স্থান নাপালে৷ আনকি এসময়ত "যুৱ লেখক’ হিচাপে হোৱা আলোচনাৰ বাহিৰে তেওঁৰ গল্পৰো যথাযোগ্য মূল্যায়ন নহ’ল৷ আমাৰ বহু সমালোচকে যেতিয়া নতুন বাটৰ সন্ধানৰ বিপৰীতে অগ্ৰজই দেখুৱাই যোৱা বাটতে সাৰ-পানী দিয়াৰহে পক্ষপাতী, তেনেস্থলত তেওঁৰ প্ৰতি এনে অৱজ্ঞা-উপেক্ষাত আচৰিত হ’বলগীয়াও নাথাকে৷ কিন্তু কিছু অতিশয়োক্তি যেন লাগিলেও ক’ব লাগিব যে উদয়াদিত্য ভৰালীয়ে গল্পকাৰ হিচাপে পাবলগীয়া গুৰুত্ব নোপোৱাটো অসমীয়া সমালোচকৰহে সীমাৱদ্ধতা৷
বিগত শতিকাত দেশজুৰি উদ্ভৱ হোৱা স্বাধিনতাৰ মোহভংগৰ বেদনাৰ অনিবাৰ্য পৰিণতি আছিল উত্তাল সত্তৰৰ দাৱানল৷ এইকুৰা জুইৰ মাজেৰে অহাৰ বাবেই অসমতো এচাম যুৱ সাহিত্যিকৰ ৰচনাত ক্ষোভ, বঞ্চনা, প্ৰতিবাদৰ প্ৰকাশ ঘটিছিল কেতিয়াবা অগ্নিবৰ্ষী ভাষাৰে, আন কেতিয়াবা গভীৰ ব্যংগৰে৷ কাৰোবাৰ ভাষা আছিল কৰতৰ দৰে ধাৰাল, কাৰোবাৰ হাতুৰীৰ কোবৰ দৰে কৰ্কশ৷ সত্তৰৰ সৰ্বব্যাপী স্ফুৰণ এদিন নিস্তৰংগ হ’ল সঁচা; কিন্তু সাহিত্যক্ষেত্ৰলৈ অনা প্লাৱনে জাঁজী-জাবৰ যিদৰে আনিছিল, সেইদৰে পলস পেলাইয়ো ভৱিষ্যতৰ অনন্ত সম্ভাৱনাৰ ক্ষেত্ৰ তৈয়াৰ কৰিছিল৷ উদয়াদিত্য ভৰালী আছিল এই ক্ষেত্ৰ গঢ়োতাৰে এজন৷
মোৰ ব্যক্তিগত ধাৰণা, বিচিত্ৰ বিষয় আৰু ধাৰণাৰ সৈতে গভীৰ সমাজ চেতনাৰ সাৰ্থক ৰূপায়ন ঘটা অসমীয়া গল্পৰ এখন তালিকা যদি কৰা যায়, সেই তালিকাত ভৰালীৰ ’বেইমানৰ ঠিকনা সন্ধান’ আৰু ’হেঙাৰৰ সীপাৰে’ গল্প দুটিয়ে নিশ্চিতভাৱে স্থান লাভ কৰিব৷
আপাতদৃষ্টিত ক্ৰীড়াভিত্তিক এই দুই গল্পৰ নিৰ্মাণৰ আঁৰত আছে তেওঁৰ ইতিমধ্যে উল্লেখ কৰা সামাজিক চেতনা৷ কোনো একক খেলুৱৈৰ খেল নহয়-- দলীয় খেল ক্ৰিকেট আৰু ফুটবলৰ পটভূমিত লিখা হৈছে দুয়োটা গল্প-- কাৰণ সমাজ ব্যক্তিনিৰ্ভৰ নহয়, সমষ্টিয়েইহে সমাজ৷ পিছে সমাজত সদায় টপ অৰ্ডাৰ বেটছমেনৰ দৰে এক শ্ৰেণীৰ প্ৰাধান্য থাকিব তেনে নহয়, অৱজ্ঞা-অৱহেলাৰে চোৱা টেইল এণ্ডাৰেও লয় নিৰ্ণায়ক ভূমিকা৷ অভাৰ বাউণ্ডেৰিৰ টেইল এণ্ডাৰজনে সেই ভূমিকা লৈছিল তেতিয়া, যেতিয়া তাৰ মনত বেটখন হৈ উঠিছিল মহাজনৰ জেওৰাত ঘপিওৱা ক্ষুব্ধ বনুৱাজনৰ মেচিদাহেন! অৰ্থাৎ ক্ৰীড়া তেওঁৰ গল্পৰ আধাৰ; কিন্তু আধেয় হৈছে সমাজ বাস্তৱতাৰ আঁৰত ক্ৰিয়াশীল শোষণ আৰু নিকৃষ্ট ৰাজনীতি৷ ক্ৰীড়াৰ সৈতে সামাজিক শোষণ, শাসন আৰু ৰাজনীতিৰ এনে অপূৰ্ব অন্বয় আন কোনো অসমীয়া সাহিত্যিকৰ মাজত মই দেখা নাই৷
এইটো ঠিক যে তেওঁৰ বহু গল্পত মধ্যবিত্তীয় অৱস্হান স্পষ্ট৷ কিন্তু যি ৰাজনীতি আৰু সামাজিক শ্ৰেণীস্বাৰ্থ বঞ্চনা আৰু অৱহেলাৰ ঘাই কাৰণ, পঢ়ুৱৈৰ ওচৰত তাক তুলি ধৰাতো ভৰালীয়ে অৱহেলা কৰা নাই৷ অসমীয়া গল্পৰ আলোচনাত এইগৰাকী সাহিত্যিকে যোগ্য স্থান পোৱাহেঁতেন নিশ্চয় তেওঁ পৰৱৰ্তীকালত গল্প লিখা অব্যাহত ৰাখিলেহেঁতেন৷

No comments:
Post a Comment