দিগন্ত ওজা
অলপ ব্যক্তিগত কথাৰেই আৰম্ভ কৰিব খুজিছোঁ৷
আমাৰ বিয়াৰ পাছৰ পৰা দেউতাক দীৰ্ঘকাল আনি আমাৰ লগত ৰাখিছিলোঁ৷ অশীতিপৰ দেউতাই আমাৰ ঘৰত থকা সময়ছোৱাত কিতাপ-পত্ৰ পঢ়িয়েই কটাইছিল৷ শৈশৱ-কৈশোৰত, মই বিশ্বনাথত থকাৰ সময়ছোৱাত দেউতাক তেনেদৰে কিতাপত মজি থকা দেখা পোৱা নাছিলোঁ৷ নিম্ন-মধ্যবিত্তীয় সংসাৰ, আৰ্থিক জোৰা মৰাৰ বাবে পুৱা চাকৰিলৈ যোৱাৰ আগতে বা চাকৰিৰ পৰা আহি নিশা এপৰলৈকে বাৰীখনত শাক-পাছলিৰ লগত লাগি থাকোঁতে পঢ়িবলৈ আহৰি নাছিল৷ দেওবাৰে বা বন্ধৰ দিনত দুপৰীয়া শুই উঠি আলোচনী বা কিতাপ এখন লুটিওৱাতো আছিল বিলাস৷ অৱসৰৰ পাছতো দিনটো বাৰীখনেই আছিল দেউতাৰ প্ৰাণ৷ সেই দেউতাই গুৱাহাটীত আমাৰ ঘৰত কিতাপক সাৰথি কৰিছিল৷ তেনে দিনসমূহতে, ২০১৩ চনত প্ৰকাশ পোৱা চন্দনা পাঠকৰ গল্প-সংকলন আণ্টিৰ গলি পঢ়ি দেউতা উচ্ছসিত হৈ উঠিছিল৷ দেউতাৰ মন্তব্য আছিল—
এইৰ গল্পসমূহ বেলেগ৷ একেটা কথাৰ সুৰ ফুটি উঠিছিল সঞ্জীব পল ডেকা আৰু মণিকা দেৱীৰ গল্পক
লৈ৷
দেউতাক
মই উদাহৰণ হিচাপেহে তুলি ধৰিব খুজিছোঁ৷ তেখেত কোনো পণ্ডিত নাছিল, কিতাপৰ পোকো নাছিল৷
ক’ব পাৰি নিতান্তই এজন সাধাৰণ পাঠক৷ কিন্তু এই যে গল্পৰ নামত সম্পৰীক্ষাই বৰ্তমানৰ গল্পক পঢ়ুৱৈৰ পৰা আঁতৰাই নিয়াৰ অভিযোগ উঠে, তাৰ মাজত এজন অতি সাধাৰণ পঢ়ুৱৈয়ে কিহৰ বাবে সঞ্জীব-মণিকা-চন্দনাক
লৈ ক’ব পাৰে যে ইহঁতৰ গল্পবোৰে বেলেগ ধৰণে খুন্দিয়াই যায়?
ইয়াৰ
প্ৰথম আৰু প্ৰধান কাৰণ তেওঁলোকৰ জীৱনবোধ৷ লেখকৰ জীৱন সম্পৰ্কীয় গভীৰ ধ্যান-ধাৰণাই তেওঁৰ
সৃষ্টিক— সেয়া গল্প- কবিতা- উপন্যাস- ৰচনা যিয়েই নহওক কিয়, ‘পঢ়ি ভাল লগা’ৰ পৰা ‘খুন্দিয়াই ৰখা’
কৰ্মলৈ উত্তোলিত কৰিব পাৰে, তেওঁৰ মন- মগজুত দীৰ্ঘসময়লৈ ক্ৰিয়া কৰি থাকিব পাৰে৷ দ্বিতীয়টো
কাৰণ অৱশ্যেই তেওঁলোকৰ প্ৰকাশিকা শক্তি৷
চন্দনা
পাঠকৰ কথাকে ধৰক৷ ২০০৭ কি ০৮চনৰ গৰীয়সী
ৰ কোনোবা এটা সংখ্যাত প্ৰকাশ পাইছিল আলোচনীৰ গল্প-প্ৰতিযোগিতাত পুৰস্কৃত গল্পসমূহ৷
তাৰ মাজতে থকা ‘দেউতা, পুতলা এটা দিবিনে কিনি’ গল্পটো পঢ়ি মই চমক খাই
উঠিছিলোঁ৷ গৰীয়সীৰ এক পৃষ্ঠা কোনোমতেহে
জুৰিছিল গল্পটোৱে— কিন্তু কবিতা-কবিতা লগা গল্পটোৱে জীৱনৰ সীমাৱদ্ধতা, যন্ত্ৰণা আৰু
কাৰুণ্য ইমান গভীৰভাৱে ফুটাই তুলিছিল যে ‘দেউতা, পুতলা এটা দিবিনে কিনি’ গল্পটোৱে আমাৰ
মনত আজিও ৰেখাপাত কৰি আছে৷ তেতিয়ালৈকে অপৰিচিত চন্দনা পাঠকক লৈও সমানে কৌতুহলী হৈ উঠিছিলোঁ৷
আমি এইকথাতো পতিয়ন গৈছিলোঁ যে হৰেকৃষ্ণ ডেকা সম্পাদক নথকাহ’লে গৰীয়সীৰ পাতত চন্দনা পাঠকক আমি নাপালোহেঁতেন,
যিদৰে গীতালি বৰা, দিব্যজ্যোতি বৰা, সঞ্জীৱ পল ডেকা, মণিকা দেৱী আদিক গুৰুত্ব দিছিল
হোমেন বৰগোহাঞিৰ সাতসৰীয়ে৷ চন্দনাই ‘দেউতা,
মোক পুতলা…ৰ প্ৰথম পাঠৰ মাজেৰে যিদৰে আকৃষ্ট কৰিছিল, একে কৌতুহল আমাৰ মাজত সৃষ্টি হৈছিল
সাতসৰীৰ মাজেৰে ওলাই অহা স্বাতী হাজৰিকা
নামৰ লেখিকাগৰাকীক লৈ৷ গল্পৰ মাজেৰে ফুটি উঠা জীৱন-দৰ্শনেৰে আমাক আগ্ৰহী কৰি তোলা স্বাতী
হাজৰিকাই পৰৱৰ্তীকালত লেখা-মেলা বাদ দিলে৷ সামাজিক মাধ্যমত এবাৰ এইবিষয়ে সোধোঁতে তেওঁ—
যিমানদূৰ মনত পৰে এইবুলি কৈছিল যে এগৰাকী লেখকে ওৰে জীৱন লিখি থাকিব বুলি কথা নাই,
তদুপৰি সৃষ্টিশীলতাৰ আন এখন ক্ষেত্ৰত তেওঁ ব্যস্ত৷ সম্ভাৱনাৰ বতৰা লৈ অহা এগৰাকী লোক
সাহিত্যক্ষেত্ৰৰ পৰা আঁতৰি যোৱাটো সাহিত্যৰ সমৃদ্ধিৰ বাবে দুৰ্ভাগ্যজনক সঁচা, তথাপি
এইটোও সত্য যে লিখাৰ বিষয় আৰু প্ৰকাশিকা শক্তি সন্দৰ্ভত নিজে পতিয়ন নগ’লে লিখি থকা
উচিতো নহয়৷
চন্দনাৰ
অৱশ্যে সেই সমস্যা হোৱা নাই৷ তেওঁৰ গল্প এটা আনটোৰ পৰা পৃথক, প্ৰকাশভংগীৰো বিৰক্তিকৰ
পুনৰাবৃত্তি নাই— ইয়াৰ মাজত যিবোৰ বিষয়ে তেওঁৰ গল্পসমূহক এটা সূত্ৰত ধৰি ৰাখিছে সেইবোৰ
হৈছে জীৱন সম্পৰ্কীয় নিজা ভাৱনা আৰু জগতৰ উদ্ভুত পৰিস্থিতিৰ প্ৰতি শ্লেষ-বিদ্ৰূপ৷ একেবাৰে
শেহতীয়াকৈ এই বছৰৰ আৰম্ভণিতে সাতসৰী আলোচনীত
পঢ়া ‘লিভ’ল’জি’ গল্পটোৰ কথাকে ধৰা হওক৷ এক প্ৰেক্ষাগৃহ দৰ্শকৰ সন্মুখত ৰূপায়িত হৈছে
এখন নাটকৰ ছটা দৃশ্য— জীৱনৰ সৰলতা, সুষমতা সেই দৃশ্যসমূহৰ বক্তব্য৷ নাটক শেষ হয়, দৰ্শক
বিৰক্ত, সেয়াই গল্পৰ বক্তব্য৷ গল্পটোৰ শিৰোনামটো বিশেষভাৱে মন কৰিবলগীয়া৷ লিভ’ল’জি
শব্দটো হাততে পোৱা অভিধানসমূহত নাই, আনকি ৰেণ্ডম হাউছৰ Webster’s Unabridged
Dictionaryতো পোৱা নগ’ল৷ ‘জীৱনতত্ব’ৰ সমাৰ্থক হিচাপেই সম্ভৱতঃ এই শিৰোনাম৷ গল্পটো উপৰুৱা
দৃষ্টিত ইমানেই সমতলীয় যে গল্পটোৰ শেষত স্ৰষ্টায়ো জুৰি দিছে শংকামূলক এটা বাক্য— “মোৰ
এটাই চিন্তা, সম্পাদক মহোদয়ে প্ৰকাশৰ উপযোগী বুলি ভাবিলেহে…”৷ অথচ আপাতদৃষ্টিত সমতলীয়
এই গল্পটো হৈ উঠিছে জীৱনৰ অনিবাৰ্যতাক পঢ়ুৱৈৰ ওচৰত পৃথক ধৰণেৰে তুলি ধৰাৰ প্ৰয়াস৷
অভ্যাসত বন্দী মানৱে নিজে সৰল জীৱন বিচাৰি আহিলেও কাৰ্যক্ষেত্ৰত জীৱনৰ মসৃণতা সহ্য
কৰিব নোৱাৰে নেকি বা সংঘাতহীন দিনানুদৈনিকতা কাম্য নহয় নেকি, ‘লিভ’ল’জি’ৰ পঠনে তেনে
অনুভৱেই দিয়ে৷ এক কথাত ই হৈ উঠিছে মানুহৰ বহুমুখি চৰিত্ৰৰ প্ৰতি বিদ্ৰূপবাণ৷
তেওঁৰ
আন এটা গল্প ‘পিঁয়াজ পুৰাণ’ৰ কথাও এই প্ৰসংগতে উনুকিয়াব খুজিছোঁ৷ পিঁয়াজ-আশ্ৰিত ভিন্ন
জীৱনৰ প্ৰতিনিধিৰ সমাৱেশে গল্পটোৰ মাজেৰে আমাৰ সামাজিক সত্যকে তুলি ধৰিছে৷ কি সেই সত্য?—
“পিঁয়াজ বিৰোধীৰ ডিঙিত ওলমিছে৷ ভাৰ বহন কৰিব নোৱাৰি ডিঙিবোৰ বেঁকা হ’বলৈ কেইদিন?” এই
প্ৰেক্ষাপটত শাসকীয় দলেও ভাবে— “পিঁয়াজ এতিয়া বিৰোধীৰ প্ৰতিবাদৰ প্ৰতীক৷ হয়, পিঁয়াজৰ
বিকল্প বিচাৰিবৰ হ’ল৷” গল্পকাৰৰ দৃষ্টিত এয়া এনে এক সময়, য’ত পিঁয়াজৰ বিকল্প হোৱা মূলাতকৈও
মূলাপাতৰ ওজন বেছি, মুকুটৰ ওজনত সিংহাসন ভাৰী৷ কাল নিৰ্বিশেষে ৰাজনৈতিক ভণ্ডামিৰ প্ৰতি
এয়া
প্ৰতীকি
ভাষাত নিসন্দেহে শান দিয়া শেল৷
আচলতে
সামাজিক কেৰোণৰ গুৰি অনুধাৱন কৰিব পাৰিবই লাগিব৷ ‘ৰজা-প্ৰজাৰ সাধু’ৰ পূৰ্বে প্ৰকাশিত
‘ভোট দিয়ক, ভোট দিয়ক’ত ইয়াৰ ইংগিত আছিল৷ ‘পিঁয়াজ পুৰাণ’ত ঘটিছে তাৰ পৰিপক্ক প্ৰকাশ৷
আমি আশা ৰাখিম সামাজিক ব্যবস্থাটোৰ ভুক্তভোগী হৈও ‘নীৰিক্ষক’ আৰু ‘বিশ্লেষক’ৰ দ্বৈত
ভূমিকা ভৱিষ্যতে অধিক কুশলতাৰে পালন কৰিবলৈ চন্দনা পাঠক সক্ষম হ’ব৷ সাহিত্যৰ সমৃদ্ধিও
এনে কথাবোৰতেই নিৰ্ভৰশীল৷
(এই কথাখিনি যুগুতোৱা হৈছিল লেখিকাৰ দ্বিতীখন গল্প সংকলন ‘লিভ’ল”জি’ৰ ১৩ নভেম্বৰ, ২০২১ৰ উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে ক’বলগীয়া মূল কথা হিচাপে৷ লিখিত এই কথাখিনিৰ আঁত ধৰি আৰু কিছু কথা কোৱাৰ পৰিকল্পনা আছিল৷ কিন্তু স্বাস্থ্যজনিত কাৰণত গুৱাহাটী প্ৰেছ ক্লাবৰ উক্ত অনুষ্ঠানত উপস্থিত থাকিব পৰা নগ’ল৷ উন্মোচকৰ কথাখিনি লিখিতভাৱে প্ৰয়োজনত পাঠ কৰি দিবলৈ লেখিকালৈ পঠিয়াই দিয়া হ’ল৷)
No comments:
Post a Comment