হৰেন্দ্ৰ নাথ বৰুৱা কেৱল সাংবাদিক নাছিল, তেওঁ আছিল দেশৰ স্বাধীনতাৰ আগৰ আৰু পাছৰ অসমৰ সমাজ জীৱনৰ অগ্ৰণী সৈনিক৷ আন্দোলনকালীন সক্ৰিয় কংগ্ৰেছ কৰ্মী আৰু নেতা হিচাপে স্বাধীনতা লাভৰ পাছত বিধায়ক-সাংসদ নহ’লেও তেওঁ ল’ব পাৰিলেহেঁতেন গুৰুত্বপূৰ্ণ চৰকাৰী চাকৰি, কিন্তু সাংবাদিকতাকে কৰি ল’লে জীৱনৰ লগৰী, ‘নিবনুৱা’কালত ওকালতি৷ কংগ্ৰেছী আছিল হয়, কিন্তু ৰাধিকামোহন ভাগৱতীৰ দৃষ্টিত “কংগ্ৰেছৰ ভৰসুঁতিৰ পৰা ওলাই স্বতন্ত্ৰ মত আৰু ভংগীমাৰে জনস্বাৰ্থৰ বিৰুদ্ধে কোৱা কংগ্ৰেছৰ কটু আৰু দূৰদৃষ্টিসম্পন্ন সমালোচনা” কৰি হৰেন্দ্ৰনাথ হৈ উঠিছিল স্বতন্ত্ৰ সাংবাদিক, উন্নত শিৰৰ অকুতোভয় সম্পাদক৷ ১৯৩৪ চনত চন্দ্ৰকুমাৰৰ ‘অসমীয়া’ৰে আৰম্ভ কৰি ১৯৭৬ত ‘নতুন অসমীয়া’ৰ পৰা অৱসৰ লৈ মৃত্যুপৰ্যন্ত লিখা-মেলা অব্যাহত ৰখা হৰেন্দ্ৰ নাথে পঞ্চল্লিছ বছৰীয়া সাংবাদিক জীৱনৰ পঁয়ত্ৰিছ বছৰেই কাৰ্যনিৰ্বাহ কৰিছিল সম্পাদক হিচাপে৷ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ মতে বহু পঢ়ুৱৈয়ে হৰেন্দ্ৰ নাথৰ সম্পাদকীয় পঢ়িবলৈকে কাকত কিনিছিল– “Haren Barua is well known for his editorials. A prominent lawyer of Sivasagar told me that he used to subscribe to “Natun Asamiya” to read Barua’s editorial....” (“Two Veteran Journalist Retire” by Birendra Kr. Bhattacharyya, The Assam Tribune, July 6, 1976) ইয়াৰ অন্তৰালত আছিল হৰেন্দ্ৰ নাথৰ তীক্ষ্ণধী সমাজ পৰ্যবেক্ষণ৷ সাংবাদিকতা বৃত্তিটোৰ সৈতেই সামাজিক নিৰীক্ষণ নিহিত হৈ থাকে সঁচা; কিন্তু অসম আৰু অসমীয়াৰ প্ৰতি গভীৰ অনুৰাগে সমকালৰ ঘটনাক্ৰমৰ প্ৰতি গঢ়ি তোলা সংবেদী মনটোৰ বাবে এইগৰাকী কলম-সৈনিকৰ পৰ্যবেক্ষণ পৰিগণিত হৈছিল সূক্ষ্ম নিৰীক্ষণত৷ গ্ৰুপিঙৰ সময়ৰ পৰা অসমৰ বিদেশী বহিস্কাৰ আন্দোলনলৈকে বৰুৱাই লোৱা ভূমিকাৰ লগতে তেওঁ লিখা ‘ৰিফ্লেকশ্যনছ অৱ আছাম কাম পাকিস্তান’ (১৯৪৪), ‘এ গ্লিম্পছ অৱ আছাম ডিষ্টাৰ্বেঞ্চেছ’ (১৯৬০), ‘আছাম্ছ ষ্ট্ৰাগল্ ফৰ ছাৰভাইভেল’ (১৯৮০) আদিৰ উপৰি ১৯৪৫ চনত লিখা ‘অসমৰ সমস্যা আৰু ভৱিষ্যত’ নামৰ পুস্তিকাখন ইয়াৰ নিদৰ্শন হৈ ৰৈছে৷
প্ৰত্যক্ষ উৎসৰ পৰা হৰেন্দ্ৰ নাথ বৰুৱাক বুজি পাবলৈ এই কিতাপবোৰেই বজাৰত উপলব্ধ নহয়৷ অথচ অসমৰ সমাজ জীৱনৰ এচোৱা সময় চৰ্চাৰ বাবে হৰেন্দ্ৰ নাথক উলাই কৰিব নোৱাৰি৷ কেৱল কলম-সৈনিকৰে নহয়, অগ্ৰণী ৰণুৱাৰো ভূমিকা লোৱা ব্যক্তিগৰাকীৰ প্ৰামাণ্য, গ্ৰহণযোগ্য জীৱনী এখনো এতিয়ালৈকে হৈ নুঠিল৷ এনে প্ৰেক্ষাপটত এই ব্যক্তিগৰাকীৰ দৃষ্টি আৰু দৰ্শনৰ এচেৰেঙা লাভ কৰাত সহায়ক হৈ উঠিছে শেহতীয়াকৈ নীলমণি সেন ডেকা সংকলিত-সম্পাদিত হৰেন্দ্ৰ নাথ বৰুৱাৰ ‘দৈনিক অসমীয়া’ৰ সম্পাদকীয়সমূহৰ একত্ৰ সংকলন৷ কেৱল হৰেন্দ্ৰ নাথ বৰুৱাৰেই নহয়, ডেকাই সংকলন কৰিছে দেৱকান্ত বৰুৱা সম্পাদিত ‘দৈনিক অসমীয়া’, এনেকি পূৰ্বৰ ‘সাদিনীয়া অসমীয়া’ কাকতৰো সম্পাদকীয়সমূহ (প্ৰকাশক গোকুল কলিতা, বি আৰ বুক ষ্টল, পানবজাৰ, গুৱাহাটী)৷ আন বহু ৰাজনীতিকৰ দৰে দিনটোৰ চব্বিশ ঘণ্টাই ৰাজনৈতিক কাম-কাজত ব্যস্ত নাথাকি নীলমণি সেন ডেকাই যোৱা কিছু বছৰত অসমৰ সমাজ-বিজ্ঞান অধ্যয়নৰ পথত যিসমূহ বৰঙণি আগ বঢ়াইছে, তাতকৈ গভীৰ সমাজসেৱা আৰু এজন ৰাজনীতিকৰ বাবে কি হ’ব পাৰে?
“বিশ্বনিয়ন্তাক প্ৰণিপাত কৰি অসম দেশৰ সমূহ ৰাইজলৈ নমস্কাৰ জনাই” “হে অসমীয়া/ ভাবাঁ, সংশয় দুৰ কৰাঁ” আহ্বানেৰে (ফুকন, প্ৰসন্ন কুমাৰ, ‘অসমৰ সম্বাদ-পত্ৰৰ সমীক্ষাত্মক অধ্যয়ন’, ১৯৯৬, পৃ. ৩৬১-৬২) ১৯১৮ চনত সদানন্দ দুৱৰাৰ সম্পাদনাত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘অসমীয়া’ ওপজাৰ সময়ত হৰেন্দ্ৰ নাথ আছিল দহ বছৰীয়া কিশোৰ৷ পৰৱৰ্তীকালত কাকতখনৰ সৈতে জড়িত হৈ তেওঁ যেতিয়া ‘দৈনিক অসমীয়া’ৰ সম্পাদকৰ দায়িত্ব লৈছিল, দেশে স্বতন্ত্ৰতা অৰ্জন কৰা তেতিয়া চাৰে পাঁচ মাহো হোৱা নাছিল৷ নৱজাত শিশু এটিক আপদাল কৰাৰ দায়িত্ব কেৱল পিতৃ-মাতৃৰেই নহয়, সমাজৰ সকলোৰে৷ নৱজাত ভাৰতৰ, বিশেষকৈ সেই ভাৰতৰ নুমলীয়া জী অসমৰ পৰিচৰ্যাৰ ক্ষেত্ৰতো সমাজৰ অতন্দ্ৰ প্ৰহৰীৰূপে হৰেন্দ্ৰ নাথো অৱতীৰ্ণ হৈছিল পৰামৰ্শদাতাৰ ভূমিকাত৷ এই দায়িত্ব বহন কৰোঁতে কেতিয়াবা যদি তেওঁৰ ভাষা আছিল মৰম লগাকৈ কোমল, আন কেতিয়াবা কৰ্তৃত্বশীলভাৱে কঠোৰ৷ এইক্ষেত্ৰত নীলমণি সেন ডেকাক আশ্ৰয় কৰিয়েই উনুকিয়াব পাৰি যে ‘নতুন অসমীয়া’ৰ সম্পাদকৰূপে বৰুৱাই মন্ত্ৰীসকলৰ বেতন বৃদ্ধিৰ প্ৰতিবাদ কৰি লিখা সম্পাদকীয়ৰ বাবে বিশেষাধিকাৰ সমিতিৰ ওচৰতো হাজিৰ হ’ব লগা হৈছিল৷
স্বদেশানুৰাগ আৰু জাতিপ্ৰেম যি গৰাকী সাংবাদিকৰ আছিল চালিকা শক্তি, সেই হৰেন্দ্ৰ নাথ বৰুৱাক এইবোৰ কথাই অৱশ্যে ক্ষান্ত কৰিব পৰা নাছিল৷ দেশহিতৈষিতা তথা অসমীয়াত্ব তেওঁৰ মূল মন্ত্ৰই নাছিল, কেতিয়াবা ঘাই অস্ত্ৰতো পৰিণত হৈছিল৷ ইয়াৰ অৱধাৰিত পৰিণতিত তেওঁৰ লেখাই কাচিৎ হয়তো নিৰাবেগ চৰিত্ৰ হেৰুৱাইছিল, তথাপি অসম-অসমীয়াৰ স্বাৰ্থ ভিন্ন চিন্তাই তেওঁৰ মাজত স্থান পোৱা নাছিল৷ এই কথা বৰুৱাৰ লেখক জীৱনৰ আগভাগ অবধি সমগ্ৰ জীৱন মন কৰা যায়৷ পৰৱৰ্তীকালত অসমত গুৰুতৰ সমস্যাৰ ৰূপত মূৰ দাঙি উঠা বাংলাদেশী (মাজৰ এছোৱা সময়ত পূব পাকিস্তানী) অনুপ্ৰৱেশক লৈ একপ্ৰকাৰ বিগত শতিকাৰ ত্ৰিশৰ দশকৰ পৰাই বৰুৱা আছিল সৰব৷ এই পথতেই তেওঁ ৰচনা কৰিছিল ‘অসমৰ সমস্যা আৰু ভৱিষ্যত’ নামৰ পুস্তিকাখন৷ সমান্তৰালভাৱে মুছলিম মৌলবাদে ল’ব পৰা ভয়াবহ ৰূপ এটাও তেওঁ নিৰন্তৰ উনুকিয়াই আছিল৷ দেশৰ স্বাধীনতা অৰ্জনৰ লগে লগে মুছলীম লীগক ভংগ কৰি দিয়াত তেওঁ গুৰুত্ব আৰোপ কৰিছিল, আৰু এইক্ষেত্ৰত ছাদুল্লাই জিন্নাৰ পৰামৰ্শৰ বাবে বাট চোৱা কথাত তেওঁ স্তম্ভিত হৈছিল৷ (২৮ জানুৱাৰি, ১৯৪৮ৰ সম্পাদকীয়৷) একেদৰে অসমৰ ভগনীয়া সমস্যাটোৰ বিপৰীতে তেতিয়াৰ কলিকতীয়া কাকতে ওকালতি কৰাৰ বিৰুদ্ধেও বৰুৱাৰ ধাৰাল কলমেৰে নিগৰিছিল চিঞাহী৷
‘দৈনিক অসমীয়া’ৰ প্ৰায় এবছৰ দুমাহৰ সংকলিত সম্পাদকীয় লেখাসমূহত তৎকালীন প্ৰায় সকলো সংঘটনেই যেন সামৰি লোৱা হৈছিল৷ ৰেলৱে’ৰ ঘাই কাৰ্যালয় গুৱাহাটীলৈ অহাৰ পাছতো অসমৰ লোকক মকৰল নকৰাৰ পৰা মিউনিচিপালিটী সমস্যালৈ, চৰকাৰে ধান-চাউলৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ পৰা ‘আসাম ট্ৰিবিউন’ কাকতৰ বিৰুদ্ধে লোৱা ব্যৱস্থালৈ, অসমৰ জনস্বাস্থ্য সম্পৰ্কীয় আচনিৰ পৰা নগাঁও চহৰৰ চাফাই আন্দোলনলৈ হয়তো সেইসময়ত অসমত এনে কোনো গুৰুত্বপূৰ্ণ ঘটনা ঘটা নাছিল, যিটো হৰেন্দ্ৰ নাথৰ নিজা দৃষ্টিকোণৰে সম্পাদকীয় স্তম্ভত উপেক্ষিত হৈ ৰৈছিল৷ এনে কাৰণতে বৰুৱাৰ ‘দৈনিক অসমীয়া’ৰ সম্পাদকীয়সমূহৰ মাজেৰেই অসমত যে ১৯৪৮ৰ ৫ এপ্ৰিলত নিজাকৈ হাইক’ৰ্টৰ সূচনা হৈছিল, বছৰটোৰ জুলাই মাহত প্ৰধান মন্ত্ৰীৰ বানপানী সাহায্য পূঁজিৰ পৰা কামৰূপ আৰু শিৱসাগৰৰ দুৰ্গতসকললৈ এহেজাৰ টকাকৈ বৰঙণি আগ বঢ়াইছিল (“এইখিনি সাহায্যই দুদ্দৰ্শাগ্ৰস্ত বিৰাট জনতাৰ কাৰণে কিবা হ’ব বুলি আমি নাভাবোঁ”– ১৯৪৮ৰ ২৪জুলাইৰ সম্পাদকীয়) আদি কথাবোৰৰ এতিয়াও লেখ থাকি গ’ল আৰু সেয়ে বিষয়বোৰ সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত ভাবি চোৱাৰো সুযোগ ল’ব পাৰি৷ওৰেতো জীৱন কলমকে সাৰথি কৰি অসম-অসমীয়াৰ পৰা ভাৰত-ভাৰতীয় হৈ বিশ্ব মানৱতাৰ কল্যাণৰ হকে সৰৱ হৈ ৰোৱা হৰেন্দ্ৰ নাথ বৰুৱাৰ সাংবাদিকতাৰ চোকে তেওঁৰ আন সাহিত্যিক প্ৰতিভাক আঁৰতেই ৰাখি গ’ল৷ বিশেষকৈ কাব্যৰসিক বৰুৱাজন
যেন অন্ধকাৰতেই ৰৈ গ’ল৷ তেওঁৰ এই কবিতাসমূহতো প্ৰতিফলিত হৈছিল হৰেন্দ্ৰ নাথৰ অসমপ্ৰেম৷ দেশ পৰাধীন হৈ থকা কালতে ‘আৱাহন’ত (১৯৩৩ চনৰ জুলাই সংখ্যা) প্ৰকাশিত ‘স্মৃতি’ শীৰ্ষক কবিতাৰ এটা পংক্তি প্ৰসংগতঃ তুলি দিব পাৰি– “গুচিল যেতিয়া সেই আবেগ মনৰ, / দেখিলোঁ সি নগ্নবেশ–/ অসমৰ অৱশেষ–/ অসমৰ ৰাজলক্ষ্মী হাতত পৰৰ, / প্ৰাণত উদ্ৰেক হ’ল শত দিবাকৰ৷” অসমীয়াক জগাবলৈ তেওঁ আন এটি কবিতাত লিখিছিল ঃ “চিনাকী দিবলৈ হিয়া ভাগি যায়, / চিনাকী দিয়াৰ উপায় নাই, / নাই আজি মোৰ ভাস্কৰ, মাণিক, লাচিত, মূলা, জয়মতী নাই/ তাকেই কওঁ আজি উৰ্বশীক মই– অসমত আৰু মানুহ নাই৷” হৰেন্দ্ৰ নাথে হাতে লিখা অৱস্থাতে থৈ যোৱা এনে কেইটিমান কবিতাৰ এখন বহী অলপতে আমাৰ হাতত পৰিছেহি৷ এই কবিতাবোৰ প্ৰকাশ হ’লে পঢ়ুৱৈয়ে নিসন্দেহে পাব হৰেন্দ্ৰ নাথ বৰুৱাৰ আন এক পৰিচয়, যাৰ অসম-আাত্মা কবিতাৰ মাজেৰেও জাগৰুক হৈ উঠিছিল৷ ৰাজীৱ প্ৰকাশ বৰুৱাই আমাৰ জড়িয়তে কবিতাৰ সংকলনটি যে প্ৰকাশৰ দিহা কৰিছে, সেই ঘোষণাৰেই স্মৃতি-দিৱসত হৰেন্দ্ৰ নাথ বৰুৱালৈ যাচিলোঁ শ্ৰদ্ধাঞ্জলি৷
No comments:
Post a Comment