Monday, September 13, 2021

সেই মুখ, সেই মাত...

পোহৰৰ বেগেৰে মোৰ পৰাই আৰম্ভ হয় পলায়ন দ্ৰুতি

মই তোমাৰ ঘটনা দিগন্ত

আৰু তুমি মোৰ বাবে ৰহস্যৰ কলীয়া খাদ

 

কৃষ্ণ গহ্বৰত লীন হ’বলৈ হাজাৰ জ্যোতিস্কৰ ইমান হেঁপাহ!

ঘটনা দিগন্ত সেই আকুল ব্যাকুল সমদলৰ সাক্ষী

তোমাৰ পৰাও নিলগেই মোৰ নিয়তি

 

তনু স্থানু নহয় স্থান, মনো সলনি হয় সময়ৰ দৰে

দুয়োৰে ৰসায়নেই জানো নহয় অনুভৱৰ তৰংগ

মনৰ খবৰো তেনে আপেক্ষিক, আইনষ্টাইন!

 

ধ্ৰুৱ তেন্তে কি…

তোমাৰ  সাঁথৰ ভাঙি ভাঙি মই নিজেও এটা সাঁথৰ

(আমাৰ বাবেতো সপোন আৰু কবিতাই সাৰ...)

 

 মাথোঁ দুচকুত ভাহি ৰয় সেই লৱনি মুখ, কলিজাত জুনুকা মাত,

আৰু কোমল-কঠিন অপ্ৰাপ্তিৰ তন্ময়তা

1 comment:

Madhurjya Roy said...

"মই তোমাৰ ঘটনা দিগন্ত...
আৰু তুমি মোৰ বাবে ৰহস্যৰ কলীয়া খাদ..." -- বঢ়িয়া 👏🏼👏🏼👏🏼