O দিগন্ত ওজা
বজাৰত ভূপেন-চৰ্চাৰ বাৰেকুৰি কিতাপ থকাৰ পাছতো আৰু এনে দুখনমান কিতাপ ইতিমধ্যে পঢ়ি অঁতোৱাৰ পাছতো ড° বৰ্ণালী বৰুৱা দাসৰ গভীৰ আস্থাৰ গান আমি কিনিছিলোঁ পোনতে সঞ্জীৱ পল ডেকাই দৃষ্টি আকৰ্ষণ কৰোৱাত, আৰু বিশেষকৈ পানবজাৰত বান্ধৱৰ ষ্টলত পাত লুটিয়াই উঠি৷ কিতাপৰ দোকানত গ্ৰন্থখনে আমাক আগ্ৰহী কৰাৰ প্ৰথম কাৰণটো আছিল উৎসৰ্গাসূচক এইশাৰী বাক্য—“ভূপেন হাজৰিকাৰ সুবিশাল সত্তাক সুধাকণ্ঠ উপাধিৰে সংকীৰ্ণ কৰিব নোখোজা প্ৰতিজন সাংস্কৃতিক বিপ্লৱীলৈ গভীৰ আস্থাৰে”৷ ভূপেন হাজৰিকাৰ গীতৰ কথাংশত দীৰ্ঘদিন আমি মুগ্ধ যদিও এই গীতসমূহৰ আঁৰৰ দৰ্শনৰ বৰ বেছি গভীৰ আলোচনা দেখা নাই৷ ড° দিলীপ কুমাৰ দত্তই যুগুতোৱা ড° হাজৰিকাৰ গীতৰ প্ৰণালীবদ্ধ সংকলনতো গীতসমূহৰ প্ৰেক্ষাপটৰ আভাস আছে যদিও দাৰ্শনিকতাৰ সন্ধান নাই৷ (অৱশ্যে এই বক্তব্যৰে আমি ভূপেন-চৰ্চাৰ বাটকটীয়া ড° দত্তৰ বিশাল পৰিশ্ৰমৰ ফচলক সামান্যভাৱেও লঘু কৰিব খোজা নাই, তদুপৰি তেখেতৰ গ্ৰন্থৰ উদ্দেশ্যও আছিল হাজৰিকাৰ গীতৰ সংকলনৰ লগতে জীৱনৰ আভাস দিয়াটোহে৷) ড° হীৰেন গোহাঁইৰ ‘পানেইৰ পোনাকণ’ শীৰ্ষক ৰচনাখনকে ধৰি কিছু বিক্ষিপ্ত আলোচনাক বাদ দি হাজৰিকাৰ গীতৰ সমাজতাত্ত্বিক বিচাৰৰ প্ৰয়াস খুব গভীৰ বা সঘন নহয়৷ সুৰে গীতক প্ৰাণশক্তি দি সমূহৰ মাজলৈ লৈ যায় ঠিকেই, বা সুৰৰ আঁৰতো সৃজনশীলতা অন্তৰ্হিত হৈ থাকে সঁচা— কিন্তু গীতৰ কথাত যি হৃদয়াবেগ জড়িত হৈ থাকে, সেই হৃদয়ানুভূতিৰ অন্তৰালত অধ্যয়ন-অভিজ্ঞতা আৰু সমাজৰ সৈতে নিবিষ্টতা থাকে, তাৰ সন্ধান নকৰিলে গীতিকাৰগৰাকীক সাৰ্থক ৰূপত উপলব্ধি কৰিব পৰা নাযাব৷ বৰ্ণালী বৰুৱা দাসে ক’বৰ দৰে এনে এটা পৰিৱেশেই “অচিৰেই ভূপেন হাজৰিকাকো লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে বুলি আক্ষেপৰ সুৰেৰে আহ্বান কৰিব লগা গুৰুজনৰ শাৰীলৈ লৈ যাব”৷ (পৃ. ২১)
ওপৰে ওপৰে পাত লুটিয়াই যি আগ্ৰহেৰে গভীৰ আস্থাৰ গানখন আনিছিলোঁ, আমাৰ তেনে হেঁপাহ একেবাৰে পূৰণ নহ’লেও এই গ্ৰন্থই ড° হাজৰিকাৰ কেইটামান গীতৰ আঁৰৰ সমাজ বাস্তৱতা আৰু দাৰ্শনিকতাৰ আভাস দিয়াৰ লগতে কিছু চিন্তাসূত্ৰৰো সন্ধান দিলে৷ এইখিনিতে কৈ থোৱা ভাল গীতৰ সৈতে আমাৰ সম্পৰ্ক কেৱল শ্ৰোতাৰ আৰু ভাল লগা কথাংশৰ মনতে পাগুলনি তুলি থকাৰহে৷ আনহাতে আলোচ্য গ্ৰন্থৰ লেখিকাই নিজকে সংগীতৰ বিশ্লেষক হিচাপে “অপাৰ সীমাবদ্ধ” (পৃ. ১৭) বুলি মন্তব্য কৰিলেও তেওঁ সংগীতৰ বিষয়ে লিখা-মেলা কৰি আহিছে আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰো শিক্ষাগ্ৰহণ কৰিছে৷ সংগীতৰ সৈতে থকা এই সম্পৰ্কৰ সূত্ৰেই তেওঁ গীতৰ আলোচনা কেৱল কথা বা তাৰ আঁৰৰ সমাজ-বাস্তৱতাতে সীমাৱদ্ধ ৰখা নাই, সুৰ-তাল আদিলৈও সম্প্ৰসাৰিত কৰি আমাৰ বাবে নতুন খোৰাক যোগাইছে৷ আমি ইতিপূৰ্বে পঢ়া ভূপেন-চৰ্চাৰ গ্ৰন্থসমূহৰ মাজত এয়া একেবাৰে নতুন দিশ৷ যেনে ‘অতীতৰ বুৰঞ্জী’ গীতটোৰ মূল সুৰত কিদৰে ইজিপ্টীয় সংগীত সংশ্লেষিত হৈ আছে, তাত কিদৰে তৰপে তৰপে অসমৰ লোকসংগীতেও স্থান পাইছে, সেইবোৰ বৰ্ণালী বৰুৱা দাসে ফঁহিয়াই দেখুৱাইছে৷ (পৃ. ২৪-২৬) তথ্য আৰু বিশ্লেষণৰ সমাহাৰে চমকৃতও কৰে—“ইজিপ্টীয় সংগীতত, আৰৱীয় মূলৰপৰা অহা মেলডিৰেই মূল জঁকাটো নিৰ্মান হয়, যাক মাকামাট (maqamat) বোলা হয়৷ মূল ৰেকৰ্ডিঙত বাদ্যযন্ত্ৰৰ সহযোগত খুব সুন্দৰকৈ এই সুৰৰ সাজোনটো প্ৰকাশ কৰা হৈছে৷ কিন্তু আশ্চৰ্যজনক কথাটো হৈছে, কোনোধৰণৰ বিশেষ বাদ্যযন্ত্ৰ নোহোৱাকৈও কেৱল কণ্ঠেৰেই এই মূল সুৰটোৰ স্বকীয়তা তেওঁ ৰক্ষা কৰিছে৷” সেইদৰে ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতত ক’ত নামনি অসমৰ বিয়াগীতৰ সুৰ আহিছে, (পৃ. ৫৬) গানটোৰ সুৰে কিদৰে মৰা সমাজৰ কৰুণ বাস্তৱক এবাৰো পাহৰি যাবলৈ দিয়া নাই, (পৃ. ৫৭) ‘কহিমাৰে আধুনিকা ডালিমী’ গীতত কিদৰে নাগালেণ্ডৰ ছাখেচাং আৰু আংগামী নাগাৰ তাতী গানৰ সৈতে বজোৱা লিবুহৰ সাদৃশ্য আছে (পৃ. ৮৮) আদি প্ৰসংগৰ ব্যাখ্যাৰে লেখিকাই কেৱল তেওঁৰ গৱেষকৰ সন্ধানী মনটোৰেই পৰিচয় দিয়া নাই, পঢ়ুৱৈকো সমৃদ্ধ কৰিছে৷
এই গ্ৰন্থৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল প্ৰতিটো অধ্যায়ৰ শেষত দিয়া
হৈছে সংশ্লিষ্ট অধ্যায়টোৰ আলোচনাত প্ৰসংগক্ৰমে উল্লেখ কৰা গীতসমূহৰ কিউ আৰ ক’ড, যিটো
ক’ড এণ্ড্ৰইড মবাইলৰে স্কেন কৰিলেই ইউ টিউবত গীতটো শুনিব পৰা যাব৷ অসমীয়া কিতাপত এনে
ব্যৱস্থা ইতিপূৰ্বে আন কিতাপত হৈছে যদিও সেয়া আমাৰ অজ্ঞাত৷ কিন্তু এই ব্যৱস্থাই লেখিকাৰ
বিশ্লেষণ পঢ়ি যোৱাৰ লগে লগে পঢ়ুৱৈক সংশ্লিষ্ট গীতটো শুনি লেখিকাৰ যুক্তি বিচাৰ কৰি
চোৱাৰো সুযোগ দিয়ে৷
লেখিকাৰ গ্ৰন্থ ৰচনাৰ উদ্দেশ্য আছিল ভূপেন হাজৰিকাৰ পৰিচয় কেৱল ‘সুধাকণ্ঠ’তে
আৱদ্ধ নাৰাখি সমাজৰ নিৰন্ন, নিপীড়িতৰ প্ৰতি সহমৰ্মী ব্যক্তিগৰাকীক তুলি ধৰা৷ তেওঁৰ
কথা আৰু সুৰৰ নিৰ্বাচনৰ আলোচনা কৰা হৈছে এই পথতে৷ বক্তব্যক লক্ষ্যত উপনীত কৰোৱাৰ পথত
ড° হাজৰিকা কিমান মনোযোগী আছিল এই আলোচনাসমূহে সেয়া পঢ়ুৱৈৰ ওচৰত নতুনকৈ
তুলি ধৰিব বুলি ধাৰণা কৰিব পাৰি৷ তদুপৰি হাজৰিকাৰ একোটা গীতৰ বিভিন্ন ৰূপান্তৰ আৰু
তেনে গীতৰে সম্পৰ্কীত সমসাময়িক আন গীতৰো লেখিকাই প্ৰয়োজন বুজি আলোচনা কৰিছে৷ বৰ বৰ
মানুহৰ দোলা গীতটোৰ কথা এই প্ৰসংগতে উল্লেখ কৰিব পাৰি৷ লেখিকাই পঢ়ুৱৈক কেনেদৰে বিভিন্ন
দিশৰ প্ৰতি মনোযোগী কৰিছে মন কৰিব পাৰি এই কথাখিনিত—“গানটোৰ কথাত যদিও দোলাভাৰী এজনৰ
শোকভৰা সুৰ এটা প্ৰচ্ছন্ন হৈ আছে, সি কিন্তু তেওঁক এক পলকৰ বাবেও দোলা কঢ়িয়াই নিয়া
কামটোৰ প্ৰতি অমনোযোগী কৰা নাই৷ ‘হেইয়া না হেইয়া না হেইয়া’ কাহাৰবা তালৰ এই স্বাভাবিক
ছন্দত… … মনত ৰাখিব লাগিব এই ছন্দ সমতলত কঢ়া খোজৰ ছন্দ৷ পাহাৰত হোৰা লৈ উঠি যোৱা পাহাৰীয়া
লোক এজনৰ ছন্দ (খোজৰ?) তথা সুৰৰ লগত বা নদীৰ ভটীয়নী সোঁতত নাও এৰি দিয়া নাৱৰীয়া এজনৰ
ছন্দৰ সৈতে ইয়াৰ পাৰ্থক্য আছে৷… …গানটো সবল, সুঠাম, কৰ্মঠ মানুহৰ গান৷ সেয়েহে সুৰটোত
সুচিন্তিতভাৱে প্ৰয়োগ হৈছে কৰ্মঠ তথা সাহসী পাঞ্জাৱীসকলৰ লোক-সংগীতৰ সুৰ৷…”(পৃ. ৩৭-৩৮)
আনহাতে গীতটোৰ বিভিন্ন ৰূপান্তৰত সুৰ-ধ্বনিৰ কিদৰে, কিয় সলনি হৈছে তাৰো লেখিকাই বিশ্লেষণ
কৰিছে৷
এক কথাত ভূপেন হাজৰিকা চৰ্চাৰ ক্ষেত্ৰত এই গ্ৰন্থ এক গুৰুত্বপূৰ্ণ
সংযোজন৷ ‘কলাগুৰু’ পৰিচয়েৰে বিষ্ণু ৰাভাৰ বিশাল বৈভৱ ঢাকি ৰখাৰ চেষ্টাক তাহানিতে লক্ষ্মীনাথ
তামুলীয়ে উদঙাই দিছিল৷ বৰ্ণালী বৰুৱাৰ এই গ্ৰন্থও ভুপেন হাজৰিকাৰ বিপুলায়তন উপলব্ধিৰ
বিশেষ সহায়ক হ’ব বুলি আমি আশাবাদী৷ কিতাপখনে বহু নতুন দিশ মুকলি কৰি ভূপেন্দ্ৰ-চৰ্চাৰ
নতুন সম্ভাৱনাৰো বাট দেখুৱাইছে৷ আলোচকগৰাকীয়ে আৰম্ভণিতেই মন্তব্য কৰিছে যে হাজৰিকাৰ
একো একোটি গীতক লৈয়েই গৱেষণা হ’ব পাৰে৷ সেই পথত কেইটামান গীতৰ আলোচনা সামৰা আলোচ্য
কিতাপখনক ‘প্ৰথম খণ্ড’ বুলি উল্লেখ কৰি বৰ্ণালী বৰুৱা দাসে ইংগিত দিছে যে এই বিষয়ে
দ্বিতীয় বা তৃতীয় খণ্ডও প্ৰস্তুত কৰা হ’ব৷ পৰৱৰ্তী তেনে আলোচনাত গীতৰ আঁৰৰ সমাজ-বাস্তৱতাৰ
অধিক গভীৰ আলোকপাত আমি আশা ৰাখিম৷ বৰ্তমানৰ খণ্ডটিত গীতৰ আঁৰৰ সামাজিক, ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ
তথ্যসমৃদ্ধ অধিক অৱলোকন আমি আশা কৰিছিলোঁ৷ এই অভাৱ পৰৱৰ্তী খণ্ডই পূৰ কৰিলে আমাৰো হেঁপাহে
পূৰ্ণতা পাব৷ আৰু এটা কথা৷ মূল প্ৰসংগত নহয়, দুটিমান ভাষিক কথাকলৈ সামান্য আপত্তি থাকিল৷
‘পুনৰবাৰ দোহৰা (পৃ. ১৯)’ ইতিবাচকৰ সলনি ‘যোগাত্মক’ (পৃ. ৫৭, যোগাত্মক শব্দটো আজিকালি
সদৰ্থক অৰ্থত বহুতে ব্যৱহাৰ কৰিলেও ই গণিতৰ লগতহে বেছি খাপ খোৱা শব্দ) আদি দুই-এটা
বিসংগতি পৰৱৰ্তী তাঙৰণত দূৰ কৰাৰ প্ৰয়োজন৷
(গভীৰ আস্থাৰ গান, প্ৰথম খণ্ড ৷৷ ড° বৰ্ণালী বৰুৱা দাস৷৷ ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী-১৷৷ প্ৰথম প্ৰকাশ ঃ নবেম্বৰ, ২০২১৷৷ দাম ঃ ১৫০ টকা৷৷)
No comments:
Post a Comment