Thursday, August 12, 2021

অসমত বল বমৰ আৰম্ভণি কেতিয়া

 

১৯৯০ চন৷ ১২ আগষ্টৰ নিশাৰ বাছত বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ৷ ভবা নাছিলো যে শিক্ষালাভৰ বাবে কৰা এই যাত্ৰায়েই পৰৱৰ্তীকালত মোক গুৱাহাটীৰ স্থায়ী বাসিন্দা কৰি তুলিব৷ ১৩ আগষ্টৰ বোৱাৰী পুৱা শৰাইঘাট- মালিগাঁও- মাছখোৱা পাৰ হৈ ধীৰ গতিৰে বাছখন চলি আছে, মাজে মাজে গতিৰ যতি৷ কাৰণটো ধৰিব পৰা নাই ৷ হঠাতে বাহিৰলৈ চাই এটা দৃশ্য দেখি চূৰ্তি হেৰাল৷ অসংখ্য মানুহ, বেলেগ বেলেগ বেশভূষা, কোনোৱে ৰাষ্টাইদি আগবাঢিছে বাগৰি বাগৰি, প্ৰায় প্ৰত্যেকৰে হাতে হাতে একোটা পানীৰ পাত্ৰ৷ মানুহবোৰে কৰিছে কি ! মোক থবলৈ অহা দাদা, সমনীয়াক থবলৈ অহা খুৰা— কাৰো ওচৰত যেন প্ৰশ্নটোৰ উত্তৰ নাই৷ বাছৰ কৰ্মী এজনে জনালে, এয়া ধৰ্ম কৰিছে৷ দেহক কষ্ট দি

কিছুমানে কৰে এনেকুৱা৷ খোলা খিৰিকিৰে উফৰি আহিছিল সেইসকল লোকৰ শৃংখলহীন শব্দ৷ উৎকৰ্ণ হৈ উমান ল’ব খোজোতেহে সেই শব্দ-সমদলৰ মাজৰ উমৈহতীয়া শব্দটো ধৰিব পাৰিলো৷ সেয়া আছিল ‘বলে বম’ বা ‘বল বম’৷

বিশ্বনাথ চাৰিআলি নগৰখনে সেই ১৯৯০ত আজিৰ দৰে বিস্তাৰ লাভ কৰা নাছিল৷ কিন্তু ভিন্ন ধৰ্ম-সম্প্ৰদায়ৰ কলা-কৃষ্টি- ধৰ্ম- আচাৰেৰে  বাৰেবৰণ, নানা ৰহণ চৰোৱা নগৰখনত আমি মনত পৰাৰে পৰা দেখি আহিছিলোঁ অনেক পূজা-পাৰ্বন৷ (এতিয়াৰ দৰে পাৰস্পৰিক অবিশ্বাস-বিদ্বেষো নাছিল৷ মোমাইদেউহঁতৰ ঘৰখনত স্বাধীনতাসংগ্ৰামী ককাদেউতাৰ ওচৰলৈ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি কত যে লোক আহিছিল— ক’তা, কাৰো ক্ষেত্ৰতেইতো ধৰ্ম-সম্প্ৰদায়ৰ বাছ-বিচাৰ কৰা হোৱা নাছিল! গোটেই সমাজখনৰ ক্ষেত্ৰতেই বিয়া-বাৰুৰ কথা বাদ দি এনে মনোভাৱ দেখাই নাছিলোঁ৷) সেই বিশ্বনাথতো আমি ১৯৯০ত গুৱাহাটীলৈ অহাৰ আগেয়ে বল বম বোলা বিশ্বাস এটা যে আছে, দেখাতো বাদেই শুনাও নাছিলোঁ৷

যোৱা কিছু বছৰত এই বল বম ৰাজ্যৰ চুকে কোণে শিপাইছে ৷ থলগিৰি অসমীয়া সমাজৰো বহু লোকে বল বমত  অংশ ল’বলৈ ধৰিছে ৷ এই কথাই স্পষ্ট কৰিছে যে আত্মবিশ্বাসহীন অসমীয়াই আনটো বাদেই, নিজৰ ঈশ্বৰৰ ওপৰতো আস্থা হেৰুৱাইছে৷ হয়, অসমীয়াৰ নিজৰ একোৰে ওপৰত নিৰ্ভৰতা নোহোৱা হৈছে৷ আনকি নিজৰ ঈশ্বৰেও ৰক্ষা কৰিব পাৰিব বুলি অসমীয়াই যেন বিশ্বাস নকৰে৷ কাৰো ধৰ্ম বিশ্বাসত আঘাত নকৰাকৈয়ো কওঁ, একালত কেৱল তুলসী তলত চাকি জ্বলোৱা, কীৰ্তন-ভাগৱত পাঠ কৰা অসমীয়াই দুৰ্গা পূজা-সত্য নাৰায়ণ পূজা হৈ চথ পূজা-বল বমত অংশ লোৱা কথা অসমীয়াৰ এই আস্থাহীনতাৰে প্ৰকাশ৷

কিন্তু ঠিক কেতিয়াৰ পৰা অসমত বল বমৰ পৰম্পৰা আৰম্ভ হৈছে? ১৯৯০-৯১ চনৰ ’আজিৰ অসম’ কাকতৰ মাহেকীয়া আলোচনীৰ কোনোবা এটা সংখ্যাত (স্পষ্টকৈ উল্লেখ কৰিবলৈ সংখ্যাটো এই মুহূৰ্তত বিচাৰি পোৱা নগ’ল) বলবমৰ বিষয়ে এটা সৰু টোকাত উল্লেখ কৰা হৈছিল যে দুবছৰমানৰ পৰাহে গুৱাহাটীত বলবম দেখিবলৈ পোৱা গৈছে আৰু আৰম্ভণিৰ তুলনাত এই বিশ্বাসত উজান দিওঁতাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে৷

অসমত বল বমৰ আৰম্ভ পিছে গুৱাহাটীত হোৱা নাছিল৷ আমাৰ হাতত পৰা তথ্য মতে ১৯৮০ৰ দশকৰ আগভাগত ডিব্ৰুগড়ত বল বমৰ উকমুকনি হৈছিল৷ উদ্যোগ লৈছিল ডিব্ৰুগড়ৰ নয়া বজাৰ সেৱা সমিতিয়ে৷ সমিতিৰ অধ্যক্ষ ৰাধেশ্যাম ডালমিয়াই এই উপলক্ষে এখন গোহাৰি-পত্ৰও প্ৰকাশ কৰিছিল৷ হিন্দী ভাষাত প্ৰকাশ পোৱা গোহাৰিখনৰ শিৰোনাম আছিল “বল হম- বল হম”৷ আৰক্ষী বিভাগৰ নথিবদ্ধ তথ্য অনুসৰি লিথোগ্ৰাফ (চাইক্ল’ষ্টাইল্ড) কৰা গোহাৰিখন বিলোৱা হৈছিল ১৯৮৩ চনৰ জুলাই মাহৰ ২৪ তাৰিখে৷ গোহাৰি-পত্ৰখনত কোৱা হৈছিল যে কচাৰীঘাটত ব্ৰহ্মপুত্ৰৰ পবিত্ৰ পানী তুলি তিনিচুকীয়াৰ শিৱধামলৈ বিগত বছৰবোৰৰ দৰে ২৪ জুলাইৰ পৰা ২১ আগষ্টলৈ প্ৰতি দেওবাৰে নিয়া হ’ব৷ সেৱা সমিতিয়ে ডিব্ৰুগড়- তিনিচুকীয়া পথৰ ডিকম, চাবুৱা, পানীতোলা আৰু হিজুগুৰিত লঘু বিৰতিৰ বাবে শিৱিৰ স্থাপন কৰাৰ উল্লেখো এই গোহাৰি-পত্ৰত আছিল৷

আমি এতিয়ালৈকে পোৱা এয়াই অসমত বল বমৰ প্ৰথম লিখিত উল্লেখ৷ সেইসূত্ৰে ডিব্ৰুগড়তেই হৈছিল নেকি বল বমৰ আৰম্ভণি? এটা তথ্যৰ আধাৰত খাটাংকৈ সিদ্ধান্ত এটাত উপনীত হ’ব নোৱাৰি সঁচা, তথাপি এই কথা ধুৰূপ যে বল বম অসমত আৰম্ভ হোৱা বৰ বেছি দিনৰ কথা নহয়৷ হয়তো ৪০-৪৫ বছৰৰহে আগৰ কথা ৷ নহলেনো গোহাৰি-পত্ৰ প্ৰকাশ কৰি বল বমৰ বিষয়ে প্ৰচাৰ বা সেই বিষয়ে সজাগ কৰিব লাগিল হেঁতেন নে?

@Diganta Oza.

Contact at  <digantadiganta@gmail.com>