Saturday, June 26, 2010

ৰীতা চৌধুৰীৰ মাকাম, এটি আলোচনা

by, Diganta Oza, published in Asomiya Pratidin, June 26, 2010

মনত পৰাৰে পৰাই দেখি আহিছো এটা নিৰ্জীৱ কাঠৰ পেৰা। কল্পনাতীত মসৃণ তাৰ দেহা, কেনিও 'তো নাই সামান্য এটা গজাল, কোঠাটোৰ আন বাকচসমূহৰ মাজত সি যেন মূর্তমান ব্যতিক্রম। মনত নাই, কেতিয়াৰ পৰা বাকচটোৰ প্ৰতি অনুভৱ কৰি আহিছো এক দুৰ্বাৰ আকৰ্ষণ। ' পাৰে সেই আকৰ্ষণ পেৰাটোৰ অকল্পনীয় নিমজ ৰূপটোৰ বাবে, ' পাৰে পেৰাটো খুলি তাৰ ভিতৰৰ পৰা মায়ে উলিয়াই অনা কাপোৰবোৰৰ গোন্ধৰ বাবে। (এই কাপোৰবোৰ উলিয়াই অনাৰ সময়ত কেনে গৌৰৱত, কেনে এক প্রশান্তিত উজ্জ্বল হৈ উঠিছিল মাৰ মুখমণ্ডল! ' পাৰে সেই ৰূপ দৰ্শনৰ বাবেও...) কাৰণ যিয়েই নহওক, শৰীৰ-ৰসায়নজনিত কাৰণত ঘৰৰ চৌহদতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হোৱা মোৰ শৈশৱ-কৈশোৰত মাৰ ছাঁ হৈ থকা সূত্রেই যেতিয়া মায়ে পেৰাটোৰ তলা খুলিবলৈ যায় লগে লগে হাজিৰ হৈছিলোগৈ তাৰ কাষত, আৰু বাকচটো জপোৱাৰ অনুমতি বিচাৰি কুটুৰি আছিলো আইক— সেই অনুগ্রহ লৈ সোঁহাতেৰে সাঁফৰখন জপোৱাৰ সময়ত বাওঁহাতখনেৰে অনুভৱ কৰিছিলো পেৰাটোৰ ভিতৰৰ পৰা ওলাই অহা বতাহকণ। আৰু তাৰ আগতে অৱশ্যেই এবাৰ-দুবাৰ চোঁচৰাই চাইছিলো পেৰাটোৰ ভিতৰত চোঁচৰাব পৰাকৈ নিৰ্মিত দেৰাজটো। সুবিধা পালে চাইছিলো দেৰাজত থকা বিভিন্নজনৰ জন্ম পত্ৰিকাত ৰঙীন পেঞ্চিলেৰে আঁকা জন্ম চক্ৰবোৰ। পিচত গম পাইছিলো পেৰাটো নিৰ্মাণ কৰিছিল চীনা কাঠমিস্ত্রীয়ে— ’৬২ৰ যুদ্ধৰ সময়ত সেই মিস্ত্রীয়ে অসম এৰি যাবলগীয়া হোৱাৰ বাবেই আন কেইবাটাও চীনা সঁজুলিৰ লগতে শোভাবর্ধন কৰিছেহি আমাৰ ঘৰত। পিচলৈ আৰু গম পাইছিলো তেনে চীনামূলীয় পৰিয়াল আছে আমাৰ ওচৰতে, ঘৰৰ পৰা বাৰ কি তেৰ কিলোমিটাবমানব ভিতৰতে। কেতিয়াবা হয়তো তেওঁলোকক লগ কৰাৰ কথা পাঙিছিলো মনতে : কিন্তু সেয়া আৰু হৈ নুঠিল, এদিন এৰি থৈ আহিলো বিশ্বনাথ চাৰিআলিমনত পিচে ৰৈ ' বাকচটো জপোৱাৰ আকৰ্ষণ। হয়, বাকচটো বন্ধ কৰাতেই ব্যস্ত থাকিলো সদায়। আজি আচম্বিতে সেই বাকচটো খুলি ধৰিছে এগৰাকী ঔপন্যাসিকাইআৰু যেন কৈছে : চোৱা চোৱা, এটা পেৰাৰ ভিতৰত কাপোৰ-কানিয়েই নাথাকে, তোমালোকৰ ভাই-ভনী, ককাই-বাইৰ জন্ম পত্রিকাই নাথাকে। থাকে এটা গোষ্ঠীৰ, এখিনি মানুহৰ জন্ম পত্রিকাও, তেওঁলোকৰ জীৱন-যন্ত্রণাও।

ৰীতা চৌধুৰীৰ মাকাম উপন্যাসখনে আমাৰ মনত তোলা প্রাথমিক হেন্দোলনি আছিল এনে। মাকামে একে সময়তে আমাক ব্যথিত কৰি থৈ ' দুটা কাৰণতপ্ৰথমতে ঘৰৰ বাকচটোৰ আঁত ধৰি ওচৰতে থকা চীনা মানুহখিনিৰ কাষ চাপিব নোৱাৰাটো আৰু দ্বিতীয়তেযাৰ প্রাবল্যই আছিল সর্বাধিক : ক্রমাৎ অসমীয়া ' খোজা এচাম লোকক চিৰদিনলৈ হেৰুওৱাৰ বেদনা। নিজকে উদাৰ বুলি সততে জাহিৰ কৰা এখন সমাজৰ স্বৰূপ উদঙাই ইতিহাসৰ এটা অনালোচিত অধ্যায়ক দাঙি ধৰি এচাম দুঃস্থ মানুহৰ প্ৰতি এইদৰে পঢ়ুৱৈৰ সহমর্মিতা জগাই তুলিব পৰাটো নিসন্দেহে মাকাম ডাঙৰ সফলতা। সেই অর্থত মাকামে নির্যাতিত মানুহৰ ইতিহাসকে কেৱল দাঙি ধৰা নাই, লগতে অসমীয়া সমাজৰ কেতবোৰ কেৰোণৰো প্রতিচ্ছবি ফুটাই তুলিবলৈ সক্ষম হৈছে। হয়তো এনে বৈশিষ্ট্যৰ বাবেই পঢ়া-শুনাত কিছু পৰিমাণে বাছ-বিচাৰ কৰা এই অভাজনৰো কম দিনৰ ভিতৰতে ৬০৮ পৃষ্ঠাৰ উপন্যাসখন দুবাৰকৈ পঢ়া হৈ উঠিল।

মাকাম বিধৃত হৈছে দুখন প্রতিবেশী ৰাষ্ট্ৰৰ যুঁজত বিপন্ন হোৱা এচাম মানুহৰ সঁচা কাহিনী। ১৯৬২ চনত সংঘটিত ভাৰত-চীনৰ যুঁজত ভাৰতত থকা, বিশেষকৈ অসমৰ চীনামূলীয় তথা চৈনিক লোকে কেনে জীয়াতু ভুগিবলগীয়া হৈছিল সেয়াই উপন্যাসখনৰ মূল সমল। তাকে বর্ণনা কৰিবলৈ গৈ চৌধুৰীয়ে দাঙি ধৰিছে অসমলৈ ঘটা চীনা প্ৰব্ৰজনৰো ইতিহাস। এই উপন্যাস বুৰঞ্জীনিৰ্ভৰগ্রন্থখনৰ শেহলৈ থকা 'লেখকৰ একাষাৰ'তো কোৱা হৈছে: ’’অসমৰ চাহ শিল্প আৰু তাৰ সৈতে জড়িত প্ৰব্ৰজনৰ ইতিহাসৰ সৈতে সাঙোৰ খাই থকা চীনা সমাজৰ সেই অলিখিত ইতিহাসক উপন্যাসৰ ৰূপত তুলি ধৰাৰ লক্ষ্য সন্মুখত লৈ কাম আৰম্ভ কৰিছিলো।‘‘ স্বাভাৱিকতে উপন্যাসখনত বিধৃত হৈছে ঊনবিংশ শতিকাৰ প্ৰথমার্ধৰ পৰা অসমীয়া সমাজ জীৱনৰ এছোৱা সময়। অর্থাৎ কলেৱৰৰ লগে লগে উপন্যাসখনৰ পৰিসৰো বিস্তৃত।

মাকাম উপন্যাসখনৰ মাজতে আন এখন উপন্যাস আছেএইখন উপন্যাসৰ লেখক অৰুণাভ বৰা। সহজ অৰ্থত ৰীতা চৌধুৰীয়ে মাকাম কাহিনী বৰ্ণনা কৰিছে অৰুণাভ বৰাৰ জৰিয়তে। অৰুণাভ মাকামৰে এটা চৰিত্ৰতেওঁ এগৰাকী চৈনিক সাহিত্যিকৰ ঘৃণাৰ পাত্ৰ হৈ উন্মোচন কৰে অসমৰ ইতিহাসৰ তিমিৰাচ্ছন্ন এক কৰুণ সত্য। অৰুণাভে লিখি উলিয়ায় এখন উপন্যাসএই উপন্যাসখন পঢ়ি যাওঁতে তেওঁক এসময়ত ঘৃণা কৰা সেই চৈনিক সাহিত্যিকগৰাকীৰ ওচৰত মুকলি হয় সেই অন্ধকাৰ অধ্যায়। একেবাৰে শেষৰ অধ্যায়ত অৰুণাভো হৈ উঠে ক্ষোভ-বঞ্চনাৰ বলি হোৱাসকলৰে এজনমাকামৰে এটা অন্যতম চৰিত্ৰ।

মাকাম কাহিনীভাগ তিনিটা খণ্ডত বিন্যস্ত। প্রথম খণ্ডৰ আৰম্ভণিতেই অৰুনাভে কানাডাৰ এক আন্তর্জাতিক সন্মিলনত লাইলিনৰ ঘৃণাৰ মুখামুখি হৈছে আৰু আগ্রহী হৈছে ইতিহাস অন্বেষণৰ বাবে। দ্বিতীয় অধ্যায়ত বর্ণিত হৈছে অসমলৈ চাহ গছৰ সন্ধানত অহা ৰবাৰ্ট ব্ৰুচে চিংফৌ বিচা গামৰ ঘৰত ফানাপ (চাহ) খাই অসমত চাহ খেতি কৰিবলৈ মন মেলাৰ কাহিনী। তাৰ পিচৰ অধ্যায়তেই পঢ়ুৱৈক লৈ যোৱা হৈছে চীন দেশলৈ। ইয়াত পঢ়ুৱৈয়ে পাব দাৰিদ্র্য আৰু ক্ষুধাৰ এখন ছবি— ' জীয়াই থকাৰ বাসনাত সন্তানক বিক্ৰী কৰি দিয়া হয়, হেৰাই যায় মানৱতাৰ অভিধা। এনে যন্ত্রণাক্লিষ্ট এটি শিশু হো হান। নিয়তিৰ পুতলা হো হানে কিদৰে ক্রীতদাসৰ জীৱন কটাব লগা হৈছিল, সুচল জীৱনৰ আশাত এদিন চীনৰ পৰা ওলাই আহিছিল, যাত্রাপথত নিদাৰুণ জীয়াতু ভুগি পাইছিলহি অসম, জড়িত হৈছিল অসমত নতুনকৈ আৰম্ভ হোৱা চাহ বাৰীৰ সৈতে আৰু এদিন বিবাহপাশত আৱদ্ধ ' চাহ বাগিচালৈ অনা হিন্দুস্তানী বনুৱাৰ লগত, সেয়াই প্রথম খণ্ডৰ মূল বিষয়। কিন্তু ইয়াৰ লগে লগে বর্ণিত হৈছে অসমত চাহ খেতি কৰাৰ আদি পৰ্বৰ বিভিন্ন তথ্য। তাৰ আধাৰতে পঢ়ুৱৈয়ে পাব চাহ খেতি কৰিবলৈ প্রথমে চীনৰ পৰা গুটি অনাৰ কথা, প্ৰাৰম্ভিক পৰ্বৰ সা-সঁজুলিৰ বিৱৰণ আদিও। আৰু পাব হিন্দুস্তানী বনুৱাসকলৰ প্ৰব্ৰজনৰো কৰুণা বিগলিত কাহিনী।

দ্বিতীয় খণ্ড আৰম্ভ হৈছে মূলতঃ মাকুম চহৰক ভিত্তি কৰি। চাহ শিল্পৰ বনুৱা হিচাপেআৰু পৰৱৰ্তী সময়ত অন্যান্য কাম-কাজৰ বাবে চীনৰ পৰা অনা (তথা স্বাচ্ছন্দ্যকৰ জীৱনৰ আশাত স্বতঃপ্রণোদিতভারে অহা) একাংশ বনুৱাই মাকুম চহৰতে স্থায়ী আবাস পাতিছিল, মাকুমত গঢ় লৈ উঠিছিল চীনা পট্টি। যিজন হো হানে হিন্দুস্তানী বনুৱা ফুলমতীক বিয়া কৰাবলৈ আগবঢ়া কথাৰে প্রথম খণ্ডৰ সামৰণি পৰিছিল, সেই হো হানৰ চতুর্থ পুৰুষ বিবাহোপযোগ্যা হৈ উঠিছে দ্বিতীয় খণ্ডত। 'বলৈ 'লে এইটোৱেই উপন্যাসখনৰ মূল খণ্ড- পঢ়ুৱৈয়ে ইয়াতেই পায় কিতাপখনৰ নামটোৰ গূঢ়ার্থ

‘‘ছাৰহামলোগ মাকুমকো কিউ মাকাম বোলতা?’’ ফুক থিয় 'ল।

‘‘বোলতে বোলতে মাকাম হো গিয়া। মাকামকা মতলব মালুম হায়? 'মা' কা মতলব ঘোঁৰা। 'কাম' মতলব সোণা। মতলব সোণাকা ঘোঁৰা। হামলোগকা মাকাম সোণাকা ঘোঁৰা হায়। চীনামে বহুত আচ্ছা নাম।’’ (পৃঃ ৩২৩)

চীনা যুদ্ধৰ পটভূমিত লিখা উপন্যাস হিচাপে মাকাম পঢ়িবলৈ লোৱা কাৰোবাৰ মনত মাকুমৰ পুৰণি নাম মাকাম বুলি পূর্বধাৰণা ' পাৰে; কিন্তু কাহিনী কথনৰ মাজেৰে চৌধুৰীয়ে (ওপৰত উদ্ধৃত কৰা ধৰণেৰে) জানিবলৈ দিছে যে মাকুমৰ চীনাকৰণহে মাকাম। আনহাতে এই কথাখিনিয়ে নিশ্চিত কৰে : বিশাল উপন্যাসখনৰ দ্বিতীয় খণ্ডটোৰ পৰাই আৰম্ভ হৈছে প্রকৃত কাহিনী।

প্রায় তিনিশ পৃষ্ঠা সামৰি লোৱা দ্বিতীয় খণ্ডটোৱে মূলতঃ ১৯৬১-৬২ চনৰ মাকুমবাসী চীনাসকলৰ ছবি এখন দাঙি ধৰিছে। অসমৰ বিভিন্ন সম্প্ৰদায়ৰ সৈতে বৈবাহিক সম্পর্ক স্থাপনৰ মাজেৰে এসময়ত চীনৰ পৰা অহা লোকসকল কিদৰে মিশ্র সংস্কৃতি আৰু ভাষাৰ গৰাকী হৈ উঠিছে, একাগ্ৰতা আৰু কৰ্মনিষ্ঠাৰে লাভকৰিছে সুচল জীৱন, ক্ৰমান্বয়ে লীন যাব খুজিছে বৃহত্তৰ অসমীয়া সমাজখনৰ 'তে, তাৰ পৰিচয়ৰেই আৰম্ভ হৈছে এইটো খণ্ড। অসমত চাহ বাগিচাৰ সম্প্ৰসাৰণৰ লগে লগে কুশলী কাঠমিস্ত্ৰীৰ প্রয়োজনীয়তাও বাঢ়ি আহিছিল, তেনে অভাৱ পূৰণ কৰিবলৈ 'চীনৰ পৰা কলিকতা হৈ আৰু চীনৰ পৰা বাৰ্মা হৈ' আহিবলৈ আৰম্ভকৰিছিল অনেক মানুহ। এওঁলোকৰ পৰিচয় এটাই— ‘‘দুর্ভিক্ষ, ৰাজনৈতিক অস্থিৰতা, বানপানী, খৰাঙে বিপর্যস্ত কৰি তোলা চীনদেশৰ, বিশেষকৈ দক্ষিণ চীনৰ অতি দুখীয়া আৰু নিৰুপায় মানুহ আছিল সেইবোৰ। প্ৰব্ৰজনকাৰী সেই মানুহবোৰে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ বিনিময়ত উজাৰি দিছিল নিজৰ শ্ৰম আৰু কুশলতা।’’ (পৃঃ ১৪৬) এই পথতেই দ্বিতীয় খণ্ডটোত পঢ়ুৱৈয়ে পায় লী চাঙ, লাৱথিয়ান লী, চী হুই, মেইলিন, কে পি লী, হো ফুক, চিউ, আলান, মেইহাঙ, মকমিন, যুয়ি, টুঙ্চিন, আকঙ্ আদিক। হো হানৰ বংশধৰ মেইলিনৰ প্রণয়প্রার্থী পুলকআহোম সম্প্ৰদায়ৰ যুৱক পুলক বৰুৱা ‘‘ডিব্ৰুগডৰ পৰা লেখাপানীলৈ সামৰি লোৱা বৃহৎ অঞ্চলটোৰ এজন জনাজাত 'ৰা’’। ঘৰৰ একমাত্র সন্তানে চীনা ছোৱালী বিয়া কৰিবলৈ ওলোৱাৰ ঘোৰ বিৰোধী পুলকৰ দেউতাক। পুলক, চিত্ত, আকঙ্, টঙ্চিনহতৰ বন্ধু ৰবীন হৈছে সেনাৰ জোৱান, নবছৰীয়া যুয়িৰ 'চিপাহী দাদা' চীন-ভাৰত সীমান্তত উত্তেজনা আৰু দুয়ো দেশৰ কূটনৈতিক যুঁজত চীনা পট্টিৰ দুজনমান উদ্বিগ্ন হয় ঠিকেই; কিন্তু তাৰ বাহিৰে তেওঁলোকৰ কোনো মূৰৰ কামোৰণি নাই, সুস্থিৰে আৰু শান্তিৰে জীয়াই থকাটোরেই একান্ত কাম্য। তেওঁলোকৰ জীৱনধাৰা সহজ-সৰল : ‘‘চীনা কাহা হে ওইথো বাতভী আচ্ছাসে নেই মালুম। মাকুম বাজাৰমে গাহৰি কাটকে বেচতা। গাহৰিকা দাম পুচোনা।’’ (পৃঃ ১৬৭) ভাৰতীয় নাগৰিকত্ব লোৱাৰ প্রয়োজনো নেদেখে, নাগৰিকত্ব নল'লে দিগদাৰ ' বুলি পুলকে বন্ধু আকঙক সোঁৱৰাই দিওঁতে আকঙৰ পিতৃয়ে ওলোটাই কয় :  ‘‘কি তিকতালি হোগা। ইধাৰমেই সাদী কিয়া। লৰাইকা (দ্বিতীয় মহাসমৰ?) কিতনা দিন পয়লা চীনচে আয়া। ফিৰ একবাৰভী নেই গিয়া। ভুলেই গিয়া চীনকা বাৰেমে।’’ (পৃঃ ১৬১) তথাপি এইসকল লোকৰ সুখী, অনাটনহীন জীৱনক ঈর্ষা কৰা লোকো আছে। সীমান্তৰ উত্তেজনাই খাটি খোৱা এইসকল চীনা লোকৰ প্ৰতি সন্দেহ-অবিশ্বাসৰ আঙুলি টোৱায় স্থানীয় এচামে : ‘‘এইবোৰ নিবোকা মানুহক বুজিবলৈ বহুত বাকী আছে। সিহঁতে কলিকতাৰ পৰা অহা চীনা পেপাৰ পঢ়ে বুজিছে। ৰেডিঅ' পিকিং শুনে।’’ (পৃঃ ২০০)

এনে প্রেক্ষাপটতে চীন-ভাৰত যুদ্ধৰ সময়ত অসমত থকা, ভাৰতত থকা চীনামূলৰ লোকসকলকযিসকল ইতিমধ্যে হৈ উঠিছিল সামাজিক আৰু সাংস্কৃতিকসূত্রে সংশ্লিষ্ট সমাজৰ অংশীদাৰচিহ্নিত কৰা ' ৰাষ্ট্ৰৰ শত্রুৰূপে। মাকুমত মাত্ৰ দুঘণ্টামানৰ ভিতৰতে চীনাপট্টিৰ সকলো পৰিয়ালৰ পৰা মানুহ উঠাই আনি ৰখা ' এটা গোহালিত : কোনোটো পৰিয়ালৰ মাতৃ-পুত্ৰ যদি বিবেচিত হৈছে শত্রু হিচাপে, আন কোনো পৰিয়ালৰ পিতৃ-বোৱাৰী চিহ্নিত ' সন্দেহভাজনৰূপে। মানৱতা ধূলিসাৎ ', প্রতিটো পৰিয়ালকে ভাঙি-ছিঙি পেলোৱা ' কোনো অবুজ নীতিৰ আধাৰত, চীনাপট্টিৰ অনেক ঘৰ 'চীজ' কবি ওলোমাই দিয়া ' এনিমি প্রপার্টিৰ ফলক, আৰু উঠাই অনা মানুহখিনিক শাৰী শাৰী ট্রাকেৰে নি তুলি দিয়া ' এখন ৰে'লতকোনো কোনো ষ্টেশ্যনত এনেদৰে চীনা লোকক তুলি নিয়াৰ বাহিৰে যিখন ট্রেইন আৰু 'তো ৰখোৱা হোৱা নাই, পোহৰ-পানীৰ ব্যৱস্থা নথকা সেই ৰে'লতে সন্তান জন্ম দিয়ে কোনো প্রসূতিয়েঅৱশেষত এনেদৰেই তেওঁলোকক লৈ যোৱা হয় ৰাজস্থানৰ দেওলি জে'ললৈ।

কূটনীতিৰ পাশাখেলত মষিমূৰ হৈ পৰা জীৱনৰ এই বৰ্ণনাই পঢ়ুৱৈক ব্যথিত নকৰাকৈ নাথাকে; তাৰ লগতে সংবেদনশীল পঢ়ুৱৈক মুহূর্মুহূঃ সোঁৱৰাই থাকে : এই সকলো কথা দুর্ভাগ্যজনকভাৱেই সত্য, আৰু ঘটিছিল আমাৰ সমাজতে। ঘটিছিল এইখন অসমীয়া সমাজত, যাৰ উদাৰতাক লৈ গৌৰৱ কৰি অহা হয় সদায়। ৰাষ্ট্ৰই শত্রু বুলি কওঁতে নিমাখিত মানুহখিনিৰ কাষত থিয় দিয়াৰ বাবে আমাৰ বিবেক জাগ্ৰত নহ'ল। নিজৰ এই কৃতকৰ্মৰ বাবে অনুশোচনা হোৱাতো দূৰৈৰ কথা, বিষয়টোকে গাপ দি থোৱা 'যেন আমি বিবেচনা কৰিলো : কোট-পেন্ট পিন্ধি দেহৰ এই ঘাঁ টুকুৰা লুকুৱাই ৰখাই শ্রেয়।

দেওলি জে'লতো তেওঁলোকৰ জীৱন সুখকৰ নাছিলআনকি চীনলৈ পঠিয়াই দিয়াৰ পিচতো ভুগিছিল যমৰ যন্ত্রণা। দেওলি জে' আৰু চীনত পোৱা দুর্ভোগৰ বিৱৰণ আছে উপন্যাসখনৰ তৃতীয় খণ্ডত। ভাৰতত থাকোঁতে যিসকলক গণ্য কৰা হৈছিল চীনৰ স্পাই হিচাপে, চীনত সেইসকলৰে কোনো কোনোজনক আকৌ শাস্তি বিহা ' ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত! বিশ্বজুৰি সেয়েইতো শিপাহীন মানুহৰ অৱস্থাফুটবলৰ দৰে জীৱন! ভাৰতৰ পৰা বিতাড়িত খাটি খোৱা লোকসকলৰ অৱস্থাৰ বিষয়ে ভু ৰাখোতা পিচে কোনো নোলাল; ঘৃণা-অৱহেলা-অনাদৰত পিতা-মাতা, ভ্রাতা-ভগ্নী, স্বামী-স্ত্রী বিচ্ছিন্ন হৈ পৰাসকলৰ ওচৰত থিয় দিয়াৰ প্ৰয়োজনীয়তা কোনেও অনুভৱ নকৰিলেমানৱতাৰ সকলো সংজ্ঞা জলাঞ্জলি দি এই সমগ্ৰ অধ্যায়টো অন্ধকাৰত নিমজ্জিত কৰাৰেই প্ৰয়াস কৰি অহা 'ল। এনে পৰিপ্ৰেক্ষিতত এই কাহিনী উদ্ধাৰ কৰি ৰীতা চৌধুৰীয়ে অন্ততঃ অসমীয়া সমাজৰ কৃতকৰ্মৰ সামান্য প্রায়শ্চিত্ত কৰিছে। শিল্পৰ, সাহিত্যৰ সৰ্বোত্তম কৰ্তব্যই হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠতম ভাস্কর্য মানুহক ৰক্ষা কৰা, মানৱতাক তুলি ধৰা। সেই হিচাপে চৌধুৰীৰ প্ৰয়াস কেৱল শলাগ 'বলগীয়াই নহয়; কাহিনীটোৰ বাবে মাকাম এখন লেখত 'বলগীয়া কিতাপৰূপেও বিবেচিত 'ব। ৰীতা চৌধুৰীৰ এইপর্যন্ত প্রকাশিত উপন্যাসসমূহৰ ভিতৰতে মাকামে বিশিষ্টতা দাবী কৰিব পাৰে নিশ্চয়। কিন্তু প্রশ্ন এটা এইখিনিতেই উঠেঅসমীয়া উপন্যাস সাহিত্যৰ ক্ষেত্ৰত মাকাম স্থান কি '?

এক ঐতিহাসিক প্রেক্ষাপটত লিখা এই উপন্যাসখনত বহু ঘটনা আৰু তথ্যই সন্নিৱিষ্ট হৈছে। যেনেপ্রথম খণ্ডত মূল কাহিনীৰ লগত সংগতি ৰাখি অসমত চাহ শিল্পই ঠন ধৰি উঠাৰ পথত চলা বিভিন্ন যোগাযোগ আৰু সেই সন্দর্ভত দেখা দিয়া প্রতিবন্ধকতা, প্রযুক্তিগত বিকাশ, চীনা শ্ৰমিকৰ পিচত উত্তৰ ভাৰতৰ অভাৱে জুৰুলা কৰা সমাজৰ পৰা চল-চাতুৰীৰে অনা শ্রমিক, তৎকালীন কলিকতা চহৰৰ বিৱৰণ আদি; দ্বিতীয় খণ্ডত অসমৰ সেই সময়ৰ আৰ্থ-সামাজিক ছবিৰ লগতে ভাৰত-চীনৰ কূটনৈতিক সম্পৰ্কৰ বিৱৰণ আদি; আৰু তৃতীয় খণ্ডত চীনৰ সমসাময়িক আভ্যন্তৰীণ ৰাজনৈতিক-সামাজিক বিৱৰণ আছে। দ্বিতীয় আৰু তৃতীয় খণ্ড দুটাৰ এনে বিৱৰণে কাহিনীক বিশেষ ভাৰাক্ৰান্ত কৰা নাই যদিও প্ৰথম খণ্ডৰ বিস্তৃত বিৱৰণক মূল কাহিনী সাপেক্ষে বাহুল্যৰ দোষত দুষ্ট বুলি বহু সময়ত অনুভৱ হয়। পঢ়ুৱৈৰ এনে অনুভৱ হোৱা অস্বাভাৱিক নহয়অধ্যয়নৰ পথত পোৱা প্রায় সকলো তথ্যকে যেন সন্নিৱিষ্ট কৰিবলৈ ' ঔপন্যাসিকে! তাৰ মাজত আকৌ তেওঁ কেতিয়াবা আচম্বিতেই পৰিৱৰ্তনৰ আভাস দিয়ে, পঢ়ুৱৈয়ে তত্ ধৰাৰ সময়তে দুনাই টানি আনে অতীতৰ প্ৰসংগ। উদাহৰণস্বৰূপে ১১৫ পৃষ্ঠাত কোৱা হৈছে—

‘‘তাৰ মাজতে ব্যতিক্ৰম বাগিচাবোৰত থকা চীনা মানুহখিনি।... আজিকালি তেওঁলোক কুলী লাইনত নাথাকে। তেওঁলোকক বাগিচাৰ মাজতেই আছুতীয়া ঘৰ সাজি থাকিবলৈ দিয়া হৈছে।’’

এই কথাখিনি পঢ়িলে পঢ়ুৱৈৰ ধাৰণা হয়: চীনাসকল এতিয়া আৰু কুলী হৈ থকা নাই। অথচ ইয়াৰ মাত্ৰ কেইটামান শাৰীৰ পিচতে আছে :

‘‘...তাৰেই ফলস্বৰূপে আজি হো হানহঁতৰ বাগিচাত সংঘটিত 'বলৈ ওলাইছে চীনা আৰু ভাৰতীয় কুলীৰ মাজত প্ৰথমখন বিয়া।’’ (পৃঃ ১১৬)

এনেধৰণৰ বিভ্রান্তি উপেক্ষা কৰিব পৰাকৈ একেবাৰে কম নহয়। যথার্থতেই প্রথম খণ্ডত দুটা সমান্তৰাল কাহিনী প্রবাহিত হৈছে, চৌধুৰীয়ে এই খণ্ডটো মূল বিষয়ৰ স্বাৰ্থত সংকোচন কৰিব পাৰিলেহেঁতেন। দাৰিদ্র্যপীড়িত চীনা গাঁৱৰ বর্ণনাতো সচেতন পঢ়ুৱৈয়ে যেন শুনা পায় পার্ল এছ বাকৰ নিলগৰ ৰিং। তদুপৰি উপন্যাসখনৰ কথক 'অৰুণাভ বৰা' কাহিনীৰ সৈতে সংযোগ স্থাপন নকৰা 'লেও, বৰং এই চৰিত্ৰটো ননাহেঁতেনো মাকাম সৌষ্ঠৱ হানি নহ'লহেঁতেন। এক কথাত উপন্যাসৰ শেষৰ ফালে অৰুণাভৰ যি সম্পর্ক মূল কাহিনীৰ সৈতে স্থাপিত ', সেই সম্পর্ক যেন মেল'ড্রামাতহে পৰিণত 'ল।

এই বৃহৎ উপন্যাসখনত তুলনামূলকভাবে কম 'লেও কিছু মুদ্রণ বিভ্রাট ৰৈ গৈছে। যেনেঃ আঈ (পৃঃ ৫২৬, ' লাগে আই), চামুচ (পৃঃ ৫৭, ' লাগে চা মুব্যক্তিৰ নাম), প্যখ্যাত (১৫৮, প্রখ্যাত), শোৱাই, শোৱা (৫৪৩, শুৱাই, শুব), খুচৰা (৫৩, খুচুৰা), শুকান কৰি (৭৯, খৰি) ইত্যাদি। এনে ভুলবোৰ কম-বেছি পৰিমাণে আওকাণ কৰিব পাৰি; কিন্তু ছয় শতাধিক পৃষ্ঠাৰ উপন্যাসখনত যিবোৰ ক্রটীয়ে সচেতন পঢ়ুৱৈক বিমোৰত পেলায়, সেইবোৰ কেতিয়াবা তথ্য সংক্রান্তীয়, বহু সময়ত আনহাতে ভাষা সংক্রান্তীয়। এই ত্রুটীসমূহৰ আশী শতাংশই যে লেখিকাৰ অমনোযোগিতাৰে ফচল, সেই কথা অনুধাৱন কৰাটো জটিল নহয়বিশাল পৰিসৰ আৰু কলেৱৰৰ উপন্যাস এখন যুগুতাবলৈ যাওঁতে তেনে ভুল 'বই পাৰে বুলি হয়তো কৈফিয়তো দাঙি ধৰিব পাৰি; বা এই যুক্তিও দিব পাৰি যে এই আসোঁৱাহসমূহে অন্ততঃ মূল কাহিনী বিকৃত কৰা নাইপিছে তাৰ লগতে এই কথাও সত্য যে গৱেষণামূলক কিতাপ এখনত ৰৈ যোৱা এনেধৰণৰ ভুল মানি লোৱাটো কষ্টকৰ হৈ উঠে। তেনে আসোঁৱাহ দূৰ কৰাৰ বাবেই ছপাশাললৈ যোৱাৰ পূৰ্বে পুনৰ পঠন কিম্বা গ্রন্থ সম্পাদনা জৰুৰী হৈ উঠে। দুর্ভাগ্যজনকভাৱে অসমৰ গ্রন্থ প্রকাশন-প্রতিষ্ঠানসমূহে কিতাপৰ সম্পাদনাৰ প্ৰয়োজনীয়তা এতিয়াও বহল অৰ্থত অনুভৱ কৰা বুলি পতিয়ন যাব নোৱাৰি। স্বাভাৱিকতে নিজৰ কিতাপ এখন পাৰ্যমানে দোষমুক্ত কৰাৰ স্বাৰ্থত লেখকে নিজে উপযুক্ত ব্যৱস্থা লোৱাৰ গত্যন্তৰ নাই। মাকাম পঠনে এই কথা নিশ্চিত কৰিলে : সুবিন্যস্ত আৰু সংবেদনশীল কাহিনী নিটোল ৰূপত উপস্থাপনৰ চেষ্টা কৰিলেও পুনৰ পঠনৰ বাবে লেখকৰ আগ্রহ কিম্বা সম্পাদনাৰ অভাৱে তেনে উপন্যাস বা গল্পকইয়াৰ বিপুল সম্ভাৱনা সত্ত্বেও যথাযোগ্য আসনত উপৱিষ্ট হোৱাৰ পথত অন্তৰায় হৈ দেখা দিয়ে।

মাকামে আমাক কাহিনীটোৰ গুণে আকৃষ্ট কৰাৰ পিচতো উপন্যাসখনৰ সন্দৰ্ভত এই আক্ষেপৰ কাৰণ উপন্যাসখনত থকা বাক্য গাঁথনিগত দোষ। উপন্যাসখনৰ প্রথম বাক্যটো : ‘‘মই এই কাহিনীৰ স্রষ্টা নহয়’’; ইয়াত প্রথম পুৰুষ, বর্তমান কাল হোৱা হেতুকে ক্ৰিয়াটো ' লাগিছিল 'নহওঁ' ৫৭৬ পৃষ্ঠাতো এই ভুলৰ পুনৰুক্তি ঘটিছে। বাৰে বাৰেহাঁহি পেলালে' (পৃঃ ৩৪, ৩৮ ইত্যাদি) বুলি আছে, ' লাগিছিল হাঁহি উঠিল। ৩৭ পৃষ্ঠাত ‘‘বেগ দুটা কিচেনত থৈ লাইলিন উভতি আহি মাকৰ ওচৰত বহিল লাইলিন’’— একেটা বাক্যত একেটা কৰ্তা দুবাৰ উল্লিখিত হৈছে। ‘‘মই বুজি পাইছোঁ কিয় লাইলিনৰ চকুত জ্বলি থাকিছিল ক্রোধৰ সেই জুই দুকুৰা।’’ (পৃঃ ৩৯)— ইয়াত জ্বলি থাকিছিলতকৈ 'জ্বলি আছিল' হোৱাটোহে যুগুত। ‘‘কি থাকে অশ্রু আৰু হুমুনিয়াহৰ বাহিৰে? কি থাকে বন্দীত্ব আৰু পাশৱিকতাৰ বাহিৰে?' (পৃঃ ৪৯)— ইয়াত পাশৱিকতাৰ পৰিৱৰ্তে ' লাগিছিল 'পশুত্ব' 'বন্দিত্ব' বানানো ভুল হৈছে। মাকামত বহু শব্দৰ পৃথক বানান আছে, যেনে ইংলণ্ড (পৃঃ ১১৮)/ ইংলেণ্ড (পৃঃ ১৩১) ১৪২ পৃষ্ঠাত আছে : ‘‘ঘড়ী চালে। চাৰে সাতটা।’’— সময় এটা ধাৰণা মাত্র; আৰু এই বাক্যটো যিহেতু উক্তিবাচক নহয় (কথিত ৰূপত ভুল 'বও পাৰে বুলি মানি লৈ) সেয়ে সময়ৰ সৈতে 'টা' নির্দিষ্টসূচক প্রয়োগ গ্রহণীয় নহয়। একে কথা খাটে ১৪৬ পৃষ্ঠাৰ ‘‘ঘড়ীত ছটা বজাৰ সময়ত ইয়াত সাতটা বাজে’’ বাক্যৰ ক্ষেত্ৰতো। ১৪৬ পৃষ্ঠাতে তৃতীয় শাৰীত থকা 'স্বাধীনোত্তৰ' ভুল প্রয়োগ, ' লাগে উত্তৰ-স্বাধীন বা স্বৰাজোত্তৰ (সমাসৰ নিয়ম অনুসৰি) ২৭৮ নং পৃষ্ঠাৰ প্ৰথম দুটা শাৰী পুনৰুক্তিৰ দোষৰে দুষ্ট। ২৮৮ নং পৃষ্ঠাত উল্লেখ থকা মতে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ ভাৰত আক্ৰমণক গৰিহণা দিছে, অথচ পিচৰ বাক্যটোতে আছে : ‘‘তেওঁ হাউছ অব কমন্সত কৈছে যে ভাৰতৰ এই আগ্রাসনৰ বিৰুদ্ধে...’’— ' লাগিছিল ‘‘চীনৰ এই আগ্রাসনৰ বিৰুদ্ধে’’ ৪০৬ পৃষ্ঠাত ‘‘আলান এক মুহূৰ্ত তলমূৰ কৰি ৰৈ থাকিল’’— আলানৰ পৰিৱৰ্তে ' লাগিছিল মেইহাঙ। এইবোৰ কম্পজিঙৰ বা আৰ্হি নিৰীক্ষকৰ ভুল ' নোৱাৰে। ৪৩৮ নং পৃষ্ঠাৰ এই দুটা ক্রমাগত বাক্যতো লেখিকাৰ আন এক অসচেতনতাই পঢ়ুৱৈক অস্বস্তি দিব

‘‘ষ্টেচনৰ বাহিৰত মুকলি পথাৰ এখনত ৰৈ আছিল বাছবোৰ।

মানুহবোৰে নীৰৱে ট্রাকবোৰত উঠিল। প্ৰখৰ ' মূৰত লৈ বাছবোৰ চলিবলৈ ধৰিলে।’’

-- প্রশ্ন হোৱাই স্বাভাৱিক : বাছ ৰৈ থকা অৱস্থাত ট্রাকত উঠিব কেনেকৈ? কিন্তু যিহেতু পুনৰ বাছ চলাৰ কথা কোৱা হৈছে এতেকে ধৰি লোৱা ' যে বাছতেই উঠিল। কিন্তু দুটা পৃষ্ঠাৰ পিচতেই মানুহবোৰক জে'ললৈ কঢ়িয়াই নিয়া গাড়ীসমূহ 'লগৈ ট্রাক— ‘‘সকলো মানুহ লাহে লাহে ট্ৰাকৰ পৰা নামিল।’’ (পৃঃ ৪৪০) এনে বিসংগতিক গভীৰ বিষয় এটাত সৰু প্ৰসংগৰ প্রতি লেখকৰ অমনোযোগিতা বুলিয়েই ' পাৰি। তৃতীয় খণ্ডত চীনদেশলৈ যাবলৈ লোৱাৰ সময়তো বাছ-ট্রাকৰ বিভ্রান্তি গুচা নাইবাছৰ শাৰী আহি ৰৈছে, মানুহবোৰ নামিছে ট্রাকৰ পৰা। (৪৮৯) সেইদৰে ৪৫২ পৃষ্ঠাত প্রথম শাৰীতে উইং কমাণ্ডাৰ অহা বুলি কৈ একেজন বিষয়াক তাৰ পিচৰ শাৰীতে (একেটা পৃষ্ঠাত পুনৰ পিচৰফালে) কেম্প কমাণ্ডাৰ বুলি উল্লেখ কৰা হৈছে : কিন্তু তেওঁ লেখিকাৰ বিৱৰণমতেই কেম্প কমাণ্ডাৰ ' নোৱাৰে, কিয়নো বিষয়াজন আহিছিল কেম্প কমাণ্ডাৰে আহ্বান কৰা মিটিঙৰ কথা জনাবলৈহে। পঢ়ুৱৈয়ে উইং কমাণ্ডাৰ-কেম্প কমাণ্ডাৰৰ বিসংগতি পুনৰ পাব ৪৬৪ পৃষ্ঠাত। 'মূৰ শিতানত' প্রয়োগ ভুল, অথচ এনে প্রয়োগ ঘটিছে অন্ততঃ দুবাৰ (৫৩৫ আৰু ৫৭৩ পৃষ্ঠা) ‘‘... মনত সকলো সময়তে ক্রিয়া কৰি থাকিছিল এটাই প্রশ্নই’’ (পৃঃ ৫৮৭)— 'থাকিছিল' ঠাইত 'আছিল'হে গ্রহণীয়। তদুপৰি শব্দৰ শেষত অসমীয়া ভাষাত '' ব্যৱহাৰ কৰা নহয়, ব্যৱহৃত হয় '' কিন্তু মাকাম এই দিশৰ প্ৰতি লেখিকা মনোযোগী নহ'ল।

কিছুমান ক্ষেত্ৰত 'ডিটেইল' প্ৰতি লেখিকাৰ মনোযোগক তাৰিফ কৰিবই লাগিব। যেনেঃ চীনা যুদ্ধৰ সময়ত আকাশবাণীৰ বাতৰি পঢ়োতা কোন আছিল (পৃঃ ২৫৫ত লিলিদাস মালিকৰ নামোল্লেখ), ১৯৬১-৬২ চনত অসমীয়া ভাষাৰ জনপ্রিয় কিতাপ (পৃঃ ২১৭, ২১৯, ৩৪২ পৃষ্ঠাত 'মনৰ দাপোণ', 'কপলিং চিগা ৰে'', 'ভাড়াঘৰ' উল্লেখ), সেই সময়ত বাগিচাৰ ছুপাৰিণ্টেডেণ্টে চলোৱা লেফ্ট হেও ড্রাইভিঙৰ উইলছ জীপ (পৃঃ ২৬৪) আদি। কিন্তু এনে খুটি-নাতিলৈ তেওঁ সকলো সময়তে দৃষ্টিপাত নকৰিলে। বিশেষকৈ কাহিনী উপস্থাপনৰ ক্ষেত্ৰত চৌধুৰী দুটামান দিশৰ প্রতি বিশেষভাৱে সচেতন হোৱাৰ থল আছিল। দুটা ভিন্ন পৰিৱেশত, পৃষ্ঠা ১২৬-১২৭ আৰু পৃষ্ঠা ১৮৮ত একেটা ডমকইচৰ উল্লেখ নাৰাখি দুটা এনে বেলেগ গীত তেওঁ দিব পাৰিলেহেঁতেন। আনহাতে একেটা অধ্যায়তে অতীত ৰোমন্থনৰ দীঘলীয়া বৰ্ণনা থাকিলে পুনৰ বাস্তৱলৈ উভতি অহাৰ পৰত কোনো স্পষ্ট সংকেত (যেনে এটা শাৰীৰ স্পেচ) থাকিলে পঢ়ুৱৈৰ সুবিধা হয়। ইয়াৰ অন্যথা পঠনত ছন্দপতন ঘটে আৰু ভাবৰ সূত্ৰডাল বিচাৰি হাহাকাৰ কৰিব লাগে। উপন্যাসখন পঠনৰ সময়ত এইকথা বহুবাৰ অনুভৱ হৈছিল। উদাহৰণস্বৰূপে প্রথম খণ্ডৰ দ্বিতীয় অধ্যায়তে প্রায় পোন্ধৰ পৃষ্ঠাজুৰি ৰবাৰ্ট ব্ৰুচৰ চাহ অভিযানৰ বৰ্ণনাৰ পিচত হঠাতে লাইলিনক মাকে কৰা সম্বোধনে (পৃঃ ৩৭) পঢ়ুৱৈৰ বাবে খকমকনিৰ সৃষ্টি কৰে। একেটা সমস্যা পুনৰ আহি পৰিছে ৪৪ পৃষ্ঠাৰ শেষৰফালে, ৫৭৩ পৃষ্ঠাত তথা ৫৮৯ পৃষ্ঠাত। ৪৮৩ পৃষ্ঠাত থকা 'গেপ' আনহাতে অপ্রাসংগিক যেন লাগিল। আকৌ বাক্যৰ শেষত সঘনে, তাকো কেতিয়াবা একেটা পৃষ্ঠাতে কেইবাবাৰো কৰ্তাৰ ব্যৱহাৰ কৰিছে লেখিকাইপঢ়ি যাওঁতে এই কথা অস্বস্তিকৰ হৈও পৰিব পাৰে। যেনে ১৩১ নং পৃষ্ঠাত 'হো হানে' কৰ্তাটো বাৰম্বাৰ বাক্যৰ শেষত আছে। (প্রসংগতঃ ১৪৮ পৃষ্ঠাও দ্রষ্টব্য) ১৩১ পৃষ্ঠাৰে অন্তিম পেৰেগ্ৰাফত আছে ‘‘... এডাল ছয় ইঞ্চি দীঘল হেতা তুলি 'লে হো হানে।’’ হেতাৰ নিৰ্দিষ্টবাচক প্রত্যয় 'ডাল' নে 'খন'? দ্বিতীয় খণ্ডৰ সপ্তম অধ্যায়ৰ আৰম্ভণিতে পুলকৰ কোঠাৰ বৰ্ণনা— ‘‘অলপ দুৰৈত বহি একান্তমনে পদ্ম বৰকটকীৰ 'খবৰ বিচাৰি'খন পঢ়ি আছে।’’ (পৃঃ ২১৭) কোনে পঢ়ি আছে? পঢ়ুৱৈয়ে দুটা পৃষ্ঠা পঢ়াৰ পিচতহে (২১৯ পৃষ্ঠাত গম পায়গৈ যে পঢ়োতাজন হৈছে মিং। ফলত অধ্যায়টোৰ আৰম্ভণিতে ‘‘ককায়েকহঁতৰ মাজত এতিয়া সোমোৱাৰ নিয়ম নাই’’ বাক্যটো কাক উদ্দেশি, সেয়া বহু সময়লৈ অনির্ণীত হৈয়েই ৰয়যিটো পঠনৰ ৰসাস্বাদনৰ পথত বিৰক্তিকৰ হৈ উঠে। আনহাতে ২৪০ পৃষ্ঠাত আছে, পুলক আৰু মেইলিনৰ ‘‘বিয়া যেতিয়া শেষ হৈছে তেতিয়া প্রায় শেষ নিশা।’’ তাৰো কিছু সময়ৰ পিচতহে বিয়াঘৰত চাহপৰ্ব চলিছে। ৰবীন যেতিয়া চৈখোৱা অভিমুখে চাইকেলেৰ গৈ আছে ‘‘তেতিয়া বহুত নিশা।’’ (পৃঃ ২৪৩) 'প্রায় শেষ নিশা' পিচত 'বহু নিশা হোৱাতকৈ 'পুৱতি নিশা' হোৱাৰহে থল আছিল। আকৌ ১৫৭ পৃষ্ঠাত আছে: 'জিৰিককৈ হাঁহিলে মেইলিনে।' হাঁহিৰ বহু ৰূপ আছে, কিন্তু জিৰিককৈ হাঁহি?

আৰু এটা কথা। বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে চিকিৎসা বিজ্ঞানৰো দ্রুত বিকাশ ঘটিছে। এয়া ২০১০ চন। কিন্তু এই একবিংশ শতিকাতো আলৰ বুঢ়া দৌৰি অহা কথা শুনিবলৈ অসমীয়া ভাষাক উনবিংশ শতিকাৰ শেষ ভাগতে ব্যাকৰণৰ সাজ পিন্ধোৱা হেমচন্দ্ৰ বৰুৱা যদি আজি বাচি থাকিলহেঁতেন তেন্তে তেওঁৰো অৱস্থা 'লৈ যাওঁ গোপাল ' লুকাওঁ কৃপাল 'লহেঁতেন। চৌধুৰীয়ে কিন্তু তাকেই কৰিছে মাকাম— ‘‘দৌৰি আহিল আলৰ বুঢ়া লাৱথিয়ান লী।’’ (পৃঃ ৬০২)

এয়া সামান্য দুটামান উল্লেখমাত্র। ভাষা আৰু বাক্যৰীতিৰ ক্ষেত্ৰত এনেধৰণৰ কথাই- কাহিনীৰ অভিনৱত্ব আৰু সংবেদনশীলতা সত্ত্বেও পঠনত ৰসভংগ ঘটায়। গাঁৱে-ভূঞে এতিয়াও পুৰস্কাৰ-সন্মানক যথেষ্ট গুৰুত্ব দিয়া হয়, পুৰস্কৃত লেখকৰ কিতাপক মান্যতাও দিয়া হয় বিশেষভাৱে। একেদৰে অনুশীলন কৰা হয় পুৰস্কৃত লেখকৰ ভাষা। সেয়ে চৌধুৰীয়ে বিষয়টোৰ প্রতি বিশেষ গুৰুত্ব দি পৰৱৰ্তী সংস্কৰণত যথাযথ সংশোধন কৰিব বুলি আশা ৰাখিলো। অন্যথা, তেওঁৰ ভাষাই যদি কোনো -শিকাৰুৰ বাবে আদর্শ হয় তেন্তে সেই শিকাৰুসকলৰ দায়িত্ব 'বলৈ কোনো যে আগবাঢ়ি নাহিব সি ধুৰুপ।

কিন্তু এইবোৰৰ উপৰি উপন্যাসখনত ঐতিহাসিক তথ্যৰ ক্ষেত্ৰতে কিছু খু-দুৱনি ৰৈ 'ল। ডেভিড স্কটে ৰবাৰ্ট ব্রুচক ৱার্নিং দিয়া (পৃঃ ৫১), ব্রজনাথ সিংহৰ সৈতে ব্ৰুচৰ সম্পৰ্ক আদিৰ কথা হৰকান্ত সদৰামীনৰ বুৰঞ্জীটো বাদেই, মেজৰ আডাম হোৱাইটৰ A Memoir of David Scottতো নথকালৈ চাই নিশ্চিত ' পাৰি যে এই প্রসংগতো চৌধুৰীয়ে আনিছে ° সূৰ্য্যকুমাৰ ভূঞাৰ Anglo Assamese Relations কিতাপৰ পৰা। কিন্তু এংলো আছামিজ ৰিলেশ্যনছতো ৰবাৰ্ট ব্ৰুচক 'নেটিভ' বুলিহে উল্লেখ কৰা হৈছে (লয়াৰ্ছ বুক ষ্টল, ১৯৭৪ সংস্কৰণ, পৃঃ ৪৪৫), কাৰণ স্কটলৈ লিখা এখন চিঠিত ব্রুচে নিজকে নেটিভ বুলিয়েই উল্লেখ কৰিছিল। মাকাম পৃঃ ২৩-২৪৩ এইজন ৰবাৰ্ট ব্ৰুচক ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেংগল আৰ্টিলেৰিৰ প্ৰাক্তন মেজৰ বুলি উল্লেখ কৰা হৈছে। (একেটা উল্লেখ আমি পাওঁ জয়ন্ত মাধৱ দত্ত সম্পাদিত সেউজ শিল্পৰ সন্ধান গ্ৰন্থত ° অজিত দত্তই লিখা প্রবন্ধত৷) অথচ ° ভূঞাই এংলো আছামিজ ৰিলেশ্যনছ লিখিছে- ...Robert Bruce, who had been receiving a pension from the Government for having been formerly in the Mahratta army (p. 481) মন কৰিবলগীয়া যে ° ভূঞাই ব্ৰুচৰ পদবী উল্লেখ কৰা নাই। মেজৰৰ দৰে গুৰুত্বপূর্ণ পদমর্যাদাৰ অধিকাৰী হোৱা 'লে ভূঞাই তেওঁৰ গৱেষণা গ্ৰন্থত সেই কথা উল্লেখ নকৰিব, এনে কথা মনে নধৰে। ° ভূঞাৰ তথ্যৰ বিপৰীতে ব্ৰুচক বেংগল আৰ্টিলেৰিৰ মেজৰ বুলি গ্রহণ কৰিবলৈ আমি দ্বিধাগ্রস্ত হওঁ। কাৰণ বেংগল আৰ্মিৰ এটা গুৰুত্বপূৰ্ণ পদবীত থাকোতাজনে গৱৰ্ণৰৰ প্ৰতিনিধি স্কটক নিজৰ পৰিচয় দিয়াৰ প্রয়োজন থাকিলহেঁতেননে? আনহাতে সেনা বিষয়া এজনে প্রশাসনৰ বাধা আওকাণ কৰি পুৰন্দৰৰ পিতৃক সহায় কৰাৰ কথাও গ্রহণ কৰিব নোৱাৰি নিশ্চয়। সেয়ে 'লে ' সেনাৰ আভ্যন্তৰীণ বিদ্রোহৰে নামান্তৰ।

চৌধুৰীয়ে আকৌ লিখিছে ‘‘যোগীঘোপাৰ অৱস্থান আসাম আৰু বেংগলৰ সীমাত হোৱা কাৰণে...’’ (পৃঃ ২৫) কিন্তু আহোম-অসমত 'আসাম' সীমাই কোনোমতে গুৱাহাটী চুইছিলহি, পৰৱৰ্তী পৰ্যায়ত এই সীমা বৰপেটালৈ বিস্তৃত 'লেও গুৱাহাটীত বৰফুকনৰ তলতে এই খণ্ডটোৰ শাসন চলিছিল। (সেই গুৱাহাটীও আছিল আকৌ buffer stateহে৷) আজিৰ অসম ৰাজ্যৰ নামনি খণ্ডক ইয়াণ্ডাবু সন্ধিৰ পিচতহে আহোম-অসমৰ সৈতে জুৰি দিছিল ব্রিটিছ প্রশাসকে। এনেস্থলত ১৮২৩ চনৰ আশে-পাশে যোগীঘোপাৰ অৱস্থান কোনো কাৰণতে আসাম-বেংগলৰ সীমাত ' নোৱাৰে। চৌধুৰীয়ে এংলো আছামিজ ৰিলেশ্যনছ আৰম্ভণিতে জুৰি দিয়া অসমৰ মানচিত্ৰখনত চকু ফুৰোৱা 'লেও দেখিলেহেঁতেন যে যোগীঘোপা আছিল তৎকালীন অসমৰ বাহিৰত। একে কাৰণতে প্রথম খণ্ডৰ দ্বিতীয় অধ্যায়ৰ আৰম্ভণিতে উল্লেখ কৰা ‘‘... বেংগলৰ উত্তৰ-পূৱ অংশৰ গাতে লাগি থকা আসাম ৰাজ্যৰ উজনি খণ্ড’’ বাক্যাংশও তেতিয়াৰ পটভূমিত শুদ্ধ নহ'ব। লেখিকাই তৎকালীন ভৌগোলিক কথাবোৰৰ প্ৰতি সচেতন নোহোৱাৰ বাবেই দুনাই ৬৯-৭০ নং পৃষ্ঠাত আসাম ৰাজ্যৰ অধিকাৰ বাৰ্মাৰ হাতৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লৈ নামনি আসাম নিজৰ হাতত ৰখা বুলি মন্তব্য কৰিছে।

মাকামত হঠাতে অহা বিজুলীৰ চমকনিৰ দৰে মাজে মাজে কেতবোৰ শাৰীৰ কাব্যিকতাই মন পৰশি যায়। দুটামান উদাহৰণ

‘‘এয়া পূজাৰ থলী। উৎসৱৰ থলী। ইয়াত আনন্দই ৰামধেনু হাতেৰে সকলোকে চুই যায়। ইয়াত হৃদয় হৈ পৰে সামান্য বতাহতে হালি-জালি নচা কহুৱাবন।' (২২১)

'বিশাল প্ৰকৃতিৰ ৰহস্যঘন বুকুৰ ভয়াৱহ উচ্চতাত থকা টাৱাঙ...' (২৭১)

'শব্দৰ অন্ত পৰিছে। শোকৰ ৰথে পাৰ হৈ গৈছে প্ৰকাশৰ সীমা। সান্ত্বনাই হেৰুৱাই পেলাইছে অর্থ।' (৪৮৭)

কেতিয়াবা চৌধুৰীৰ ভাষা হৈ উঠিছে তির্যক

'তেওঁলোক চীন দেশৰ ফলীয়া নহয় বুলি কাকো পতিয়ন নিয়াৰ উপায় নাই।

চীনৰ আগ্রাসন তেওঁলোকে সমর্থন নকৰে বুলি কাকো বুজোৱাৰ উপায় নাই। কাকো বুজোৱাৰ উপায় নাই নেহৰু আৰু চৌ এন লাইৰ মাজত বন্ধুত্ব গঢ়ি নুঠা 'লে তেওঁলোকে কেতিয়াও ৰেড চাইনাৰ পাছপোর্ট নল'লেহেঁতেন। ভাৰত চৰকাৰে নাগৰিকত্ব দিয়া 'লে তেওঁলোকে দলিয়াই পেলালেহেঁতেন 'ৰেজিষ্ট্ৰেচন অব্ ফৰেইনাৰ কলছ' 'ফর্ম-'

কোনে থাকি ভাল পায় বিদেশী হৈ? উনৈশশ বিশত আহি উনৈশশ বাষষ্ঠিলৈ?

ওঠৰশ চল্লিশত আহি উনৈশশ বাষষ্ঠিলৈ?' (৩৯৩)

এনে তির্যক সুৰটোৱে, ভুক্তভোগী এচাম লোকৰ বিষাদৰ মহাকাব্যই পঢ়ুৱৈক জোকাৰি যায়। উপন্যাসখনৰ অনেক বিসংগতি সত্ত্বেও এই কাহিনী তুলি ধৰাৰ বাবেই মাকাম গুৰুত্ব থাকিব।


No comments: