শিৰোনামটোত গুৰুতৰ ভুল এটা থাকি গ’ল৷ বয়স ৯৪ বছৰ, শৰীৰত বলিৰেখা প্ৰকট, আগৰ সেই দৃপ্ত খোজ নাই; কিন্তু সেই কাৰণতে বৃদ্ধ বুলিব পাৰিনে? স্মৃতি এতিয়াও সতেজ, কৰ্মত তৎপৰ— বয়স দেখোন তেওঁৰ বাবে লেকাম লগোৱা ঘোঁৰা!
কথাটো এমাহ হ’বৰে হ’ল৷ যোৱা ৮
আগষ্টত ৯৪ বছৰত ভৰি
থৈছে এইগৰাকী ব্যক্তিয়ে৷ স্বাভাৱিকতে শুভেচ্ছা
জনাবলৈ পুৱাই অনুৰাগীয়ে ভীৰ কৰিছিল৷ তেনে এগৰাকী অনুৰাগীৰ সাধাৰণ কৌতূহল নিৰসনৰ বাবে তেখেতে
জনালে, অপেক্ষা কৰি আছে ককায়েকৰ শুভেচ্ছা পত্ৰৰ বাবে৷ কাৰণ তেওঁলোক দুয়ো—অৰ্থাৎ ককায়েক-ভায়েকে
পৰস্পৰলৈ শুভেচ্ছাপত্ৰত নিৰূপন কৰে ভৰি থোৱা বয়সৰ সংখ্যাটোৰ বৈশিষ্ট্য! অৱশ্যেই ইয়াৰ
গুৰু দায়িত্ব লয় জ্যেষ্ঠ ভাতৃয়ে৷
ককায়েকৰ নাম অলিভাৰ৷ বয়স
৯৬ বছৰ৷ ব্ৰিটেইনতেই নহয়, বিশ্বৰ বিজ্ঞানীসমাজতে অলিভাৰ এটা পৰিচিত নাম৷ তাত্ত্বিক
পদাৰ্থবিজ্ঞানী অলিভাৰে পৰিসাংখ্যিক বলবিদ্যাৰ পৰা গণিতলৈকে বিভিন্ন ক্ষেত্ৰত অৱদান
আগবঢ়াইছে৷ সেইহেন ককায়েকৰ পৰা শুভেচ্ছাৰ বাবে ভায়েক আকুল নহৈ পাৰেনে?
অলিভাৰৰ এই ৯৪ বছৰীয়া
ভায়েকজনক পিছে বিশ্বজুৰি প্ৰখ্যাত৷ বিজ্ঞানৰ সাধাৰণ খবৰ ৰখা অগণন লোকৰ বাবেই এইগৰাকী
লোক এটি সন্মানৰ, শ্ৰদ্ধাৰ নাম৷ ২০২০ চনত ৯০-৯১ বছৰ বয়সত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা
লাভ কৰিছে এইগৰাকী গাণিতিক পদাৰ্থবিদ তথা বিজ্ঞানৰ দাৰ্শনিকে৷ ৰ’জাৰ পেনৰ’জ তেখেতৰ
নাম৷
বিজ্ঞানৰ দাৰ্শনিক আৰু
গাণিতিক পদাৰ্থবিজ্ঞানী হিচাপে ৰ’জাৰ পেনৰ’জৰ সমান খ্যাতি৷ তেওঁক মান্যতা দিয়া হয় আইনষ্টাইনৰ
পৰৱৰ্তী আপেক্ষিকতাবাদৰ সবাতোকৈ প্ৰসিদ্ধ গৱেষক হিচাপেও৷ ২০২০ৰ ৬ অক্টোবৰৰ বিয়লি, পদাৰ্থ
বিজ্ঞানৰ নোবেল বঁটা ঘোষণাৰ ঠিক পাছতে সামাজিক মাধ্যমতে ‘পেনৰ’জৰ এগৰাকী অনুৰাগী হিচাপে আমাৰ বাবেও এয়া আনন্দৰ বতৰা’
বুলি উল্লেখ কৰি মই লিখিছিলো—
‘‘পদাৰ্থ বিজ্ঞানৰ বিভিন্ন বিষয়ে মোক এতিয়াও আকৰ্ষণ কৰে৷ বুজা নুবুজাৰ মাজতো যিসকল লেখকৰ ৰচনাই আপ্লুত কৰে, তেওঁলোকৰে এগৰাকী ৰ’জাৰ পেনৰ’জ৷ পেনৰ’জৰ খ্যাতি গণিতজ্ঞ হিচাপে যিমান, পদাৰ্থবিদ হিচাপেও সিমানেই৷ আইনষ্টাইনক বুজিবলৈ হ’লেও পেনৰ’জৰ পথ এৰিব নোৱাৰি৷ (বিশেষকৈ তেওঁৰ পাতনি সম্বলিত
Einsteins' Miraculous Year: Five Papers that changed the face of Physics অৱশ্যেই পঠনীয়৷) তেওঁ যে এগৰাকী উচ্চ পৰ্যায়ৰ দাৰ্শনিক, পেনৰ’জৰ দুখনমান গ্ৰন্থ তাৰ প্ৰমাণ৷ বিজ্ঞানৰ সৈতে দৰ্শনৰ ঘনিষ্ঠ সম্পৰ্ক প্ৰতিভাত হৈছে তেওঁৰ
"শ্বেড’জ অফ দ্য মাইণ্ড"ত৷’’ দৰাচলতে ষ্টিফেন
হকিঙৰ সৈতে লগ লাগি পেনৰ’জেই এই মতবাদ দাঙি ধৰিছিল যে কৃষ্ণ গহ্বৰৰ ভিতৰত স্থান আৰু
সময়ো অসীম ঘনত্বৰ এটি বিন্দুত পতিত হয়, যাক তেওঁ অভিহিত কৰিছিল মহাকৰ্ষীয় অদ্বৈত অৱস্থান
(ছিংগুলাৰিটি) বুলি৷
ৰ‘ব, অলিভাৰ আৰু ৰ‘জাৰৰ মাজতেই পেনৰ‘জ পৰিয়ালৰ পৰিচয় সীমাবদ্ধ নহয়৷ তেওঁলোকৰ একমাত্ৰ ভগ্নী শ্বিৰলী হডছন এগৰাকী খ্যাতিমান জিন বিজ্ঞানী৷ ১৯৪৫ চনত ওপজা শ্বিৰলী এই ৮০ বছৰ বয়সতো লণ্ডন বিশ্ববিদ্যালয়ৰ ছেইণ্ট জৰ্জ হস্পিতাল মেডিকেল স্কুলত কেন্সাৰ জেনেটিক্স বিভাগত অধ্যাপনাৰত৷ ৰ‘জাৰতকৈ দুবছৰৰ সৰু জনাথন আছিল দবা খেলৰ গ্ৰেণ্ড মাষ্টাৰ (১৯৯৩ চন)—তাৰো বহু পূৰ্বে তেওঁ অৰ্জন কৰিছিল ব্ৰিটিছ চেচ চেম্পিয়নশ্বিপৰ প্ৰায় একডজনমান খিতাপ৷ আৰু দেউতাক লিঅ’নেল পেনৰ‘জ আছিল একাধাৰে জিনতত্ত্ববিদ, গণিতজ্ঞ, মনোৰোগ বিশেষজ্ঞ৷ লিঅ‘নেল পেনৰ‘জেই প্ৰতিগৰাকী সন্তানৰ মনত সুমুৱাই দিছিল গণিত তথা দবা খেলৰ নিচা৷
পেনৰ‘জৰ যে ৮ আগষ্টত জন্মদিন, সেইটো মোৰ মনত থকাৰ কথাই নাছিল৷ কিছু
পলমকৈ সামাজিক মাধ্যমৰ এখন মঞ্চত দৃষ্টিগোচৰ হ’ল ৯৪ বছৰীয়া ওপজা দিনত ৰ‘জাৰ পেনৰজৰ
কথা আৰু চালচলনৰ এটা ভিডিঅ’৷
১৯৮১ চনৰ ৮ আগষ্টত ৫০ বছৰ হৈছিল পেনৰ’জৰ৷ ককায়েক অলিভাৰে শুভেচ্ছাপত্ৰ
(কাৰ্ড)ত উল্লেখ কৰিলে, ৫০ হৈছে দুই ধৰণে দুটা ভিন্ন বৰ্গৰ যোগফল হিচাপে প্ৰকাশ কৰিব
পৰা সবাতোকৈ সৰু সংখ্যা৷ কাৰণ ৫০= ৫X৫ + ৫ X৫ আৰু ৭ X৭ +১ X১ (৫ৰ বৰ্গ যোগ ৫ৰ বৰ্গ,
৭ৰ বৰ্গ যোগ ১ৰ বৰ্গ)৷ তেতিয়াৰেপৰা অলিভাৰে ভায়েকে ভৰি থৈ অহা প্ৰতিটো বয়সৰ সংখ্যাৰ
গাণিতিক বৈশিষ্ট্য নিৰূপন কৰি আহিছে৷
এই দুই পুৰোধাই বয়সক লেকাম লগাই যিদৰে চিন্তা আৰু কৰ্মত সক্ষম হৈ
আছে, তাৰ আধাৰত প্ৰতি বছৰে ৯৫, ৯৬, ৯৭কে ধৰি এশৰ অধিক সংখ্যাৰ বৈশিষ্ট্য নিৰূপণ হৈ
থাকক; তেওঁলোকৰ চিন্তা আৰু কৰ্মই বিজ্ঞানৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি ৰাখক— আমাৰ সেইটোৱেই
আশা৷ (দিগন্ত ওজা)
facebook post link- https://www.facebook.com/share/p/17J6pHRaQd/