ল’ৰাটিৰ ঘৰ শিৱসাগৰৰ নিতাই পুখুৰীত৷ ল’ৰাটিয়ে সপ্তম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ শ্ৰেণীকোঠাত সেইদিনা এগৰাকী সিক্ষকে সুধিলে, কছোন, আমাৰ দেশখনৰ নাম কি?
এটি ল’ৰাই ভাবিচিন্তি ক’লে—ডিমৌ৷ এইবাৰ শিক্ষকে কাষৰ জনক সুধিলে—তই ক৷ এইটি ল’ৰাই উত্তৰ দিলে, শিৱসাগৰ৷ শিক্ষকৰ মুখত হাঁহি এটি বিৰিঙি উঠিল৷ পৰৱৰ্তী পাল আছিল আমাৰ লেখাৰ কেন্দ্ৰীয় চৰিত্ৰৰ৷ শিক্ষকৰ হাঁহিটি মু কৰি তেওঁ ভাবিলে-- ডিমৌ নহয়, শিৱসাগৰ নহয়, তেন্তে কি হ’ব? ভাবি থাকোঁতেই মনলৈ আহিল কোনোবা এদিন শুনা গানটোৰ কথা : ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ…৷’ সেয়ে উত্তৰ দিলে—অসম, আমাৰ দশেখনৰ নাম অসম৷
পঢ়াত মন-কাণ মুঠেও নাছিল৷ বিদ্যালয়ৰ পৰা পানী খোৱা চুটীত মনে মনে ঘৰলৈ পলাব পৰাটোৱেই আছিল তেওঁৰ সফলতাৰ মাপকাঠী৷ এদিন ঘটিল অথন্তৰ৷ তেতিয়া অষ্টম শ্ৰেণীত৷ পলাবলৈ যাওঁতেই ধৰা পৰি শতাধিক ছাত্ৰ-ছাত্ৰীৰ ওচৰত আঠু কাঢ়ি পিটন খাবলগীয়া হ’ল৷ “তোৰটো মান-সন্মান নায়েই, দেউতাৰৰো মান-সন্মান নুমুৱালি”—শিক্ষকৰ কথাষাৰে আমাৰ নায়কক জোকাৰি গ’ল৷ ঠিক কৰিলে, পঢ়িব লাগিব৷ তেনেতে এটা কথা কেনেবাকৈ আহি কাণত পৰিল৷ সেই বিদ্যালয়তে পঢ়ি যোৱা এজন ছাত্ৰই গণিতত দেখুওৱা সুখ্যাতিৰ বাবে আমেৰিকালৈ যাব পাৰিছে৷ কথাষাৰে আমাৰ নায়কক উজ্জীৱিত কৰিলে৷ গণিত আৰু বিজ্ঞান মন দি পঢ়িবলৈ বহিল৷ পৰিণতিত মেট্ৰিকত (হাইস্কুল শিক্ষান্ত) লাভ গণিতত ৮৮, বিজ্ঞানত ৭৮ কি ৭৯৷ হ’লে কি হ’ব— প্ৰথম বিভাগ নুজুৰিল৷ এতিয়া বিজ্ঞান পঢ়ে কিদৰে? তাকো ১৬ কিলোমিটাৰ দূৰৈৰ ডিমৌলৈ গৈ?
কোনোমতে ব্যৱস্থা হ’ল৷ কথমপি ছিট যোগাৰ কৰি এডমিশ্যনটো ল’লে৷ প্ৰথমটো ক্লাছ আছিল পদাৰ্থ বিজ্ঞানৰ৷ ঘণকান্ত গগৈ ছাৰে আহি সকলোৰে নাম-ৰিজাল্টৰ খবৰ লৈ ক’লে-- তোমালোকে লাভ কৰি অহা নম্বৰটো এতিয়াৰ পৰা আৰু কামত নাহে৷ মেট্ৰিকৰ নম্বৰ কেৱল ওপৰ খাপৰ এডমিশ্যনৰ বাবেহে৷ ভালদৰে পঢ়িলে থাৰ্ড ডিভিজন পাই অহাজনেও ভাল কৰিব পাৰিবা৷
সেয়া আছিল প্ৰেৰণাৰ আন এক সমল৷ তাৰ পাছত…
উচ্চতৰ মাধ্যমিকত ৭৯ শতাংশ (২২৮ চন), CEEত সুখ্যাতিৰে উত্তীৰ্ণ হৈও কটনলৈ আহি পদাৰ্থ বিজ্ঞানৰ স্নাতক (২০১১), গুৱাহাটী আই আই টিৰ পৰা স্নাতকোত্তৰ, বাংগালুৰুৰ IIScৰ পৰা ডক্টৰেট৷ গৱেষণা কৰি থকাৰ মাজতে বিষয় সলনি কৰি তেওঁ ঠিৰাং কৰে—এই যে চিকিৎসা ক্ষেত্ৰৰ পৰা দৈনন্দিন জীৱনৰ বিভিন্ন সঁজুলিলৈ জগতখন ভৰি উঠিব ধৰিছে মাইক্ৰ’-ইলেক্ট্ৰনিক্সৰে—এইবোৰ সুচলভাৱে পৰিচালিত কৰিবলৈ অত্যাৱশ্যকীয় উপকৰণটো যিহেতু শক্তিৰ অবিৰত প্ৰবাহ, গতিকে বেটাৰী সন্দৰ্ভতে গৱেষণা কৰা যাওক৷ এই কথাই তেওঁক মাইক্ৰ’ বেটাৰীৰ বিষয়ে গৱেষণালৈ আগ্ৰহী কৰি তোলে৷ আৰু গৱেষণাই ডক্টৰেট ডিগ্ৰীয়েই যে প্ৰদান কৰিলে তেনে নহয়, বিজ্ঞানৰ যিকোনো গৱেষকৰ বাবে অন্যতম লোভনীয় নিউটন ফেল’শ্বিপ (চাৰি বছৰলৈ প্ৰতি মাহে প্ৰায় ৪ লাখ টকা) লাভ কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট কৰিলেগৈ৷ তেওঁৰ বেটাৰী-গৱেষণাই চুলিৰ সমান বেধৰ বেটাৰীৰ পথ সুগম কৰিছে৷ বেটাৰী সংক্ৰান্তীয় এই গৱেষণাই এনে কিছু কোষ সম্ভৱ কৰি তুলিছে, যিবোৰ যথেষ্ট শক্তিশালী হোৱাৰ লগতে অকল্পনীয়ভাৱে ক্ষুদ্ৰ৷
সম্প্ৰতি ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ এছছিয়েট প্ৰফেছৰগৰাকী ড০ বুদ্ধ ডেকাবৰুৱা৷ তেওঁৰ গৱেষণা-পত্ৰৰ অলেখ উদ্ধৃতি বিশ্বৰ অনেক বিজ্ঞানীৰ লেখাত সুলভ৷
ভালেমান দিনৰ পৰাই বুদ্ধ ডেকাবৰুৱাৰ নামটো শুনি আহিছিলোঁ৷ সহকৰ্মী ৰাজীব গগৈয়ে প্ৰায়েই উচ্ছ্বাসেৰে কয় যুৱ বিজ্ঞানীগৰাকীৰ কথা৷ সম্প্ৰতি অসমলৈ অহা বিজ্ঞানীগৰাকীক ৰাজীৱে কালি মাতি আনিছিল অসম লাইভ ২৪ৰ কাৰ্যালয়লৈ৷ এজন ব্যক্তিৰ মাজত বিনয়, সৰলতা, আন্তৰিকতা আৰু প্ৰজ্ঞাৰ এনে সন্তুলিত সমাৱেশ দেখিবলৈ পোৱাটো বৰ সহজ নহয়৷ কটনত শান্তনু মহন্ত-ৰাজীৱৰ সৈতে একেটা হোষ্টেলত আছিল বুদ্ধ ডেকাবৰুৱা৷ দুই অগ্ৰজৰ সৈতে বুদ্ধৰ কথাবাৰ্তাতো পুৰণি দিনৰ কিমান ৰোমন্থন!
পৃথিৱীখন দ্ৰুতগতিত সলনি হৈ আহিছে৷ এই পৰিৱৰ্তন আমাৰেই আপোন কোনোবাই ত্বৰাণ্বিত কৰি ৰাখিছে, সেয়া কিমান ভাল লগা অনুভৱ!
(অসমীয়া পঢ়ুৱৈৰ বাবে বুদ্ধ ডেকা বৰুৱাই নিয়মীয়াকৈ লিখিব—‘সমীক্ষণ’ৰ পাতত, যাবৰ সময়ত বিজ্ঞানীগৰাকীয়ে দি যোৱা প্ৰতিশ্ৰুতি৷)




