Monday, September 08, 2025

এখন কাব্য সংকলনৰ ৰূপালী বৰ্ষত পঞ্চম প্ৰকাশ

‘‘দিচাংমুখৰ এবাটি আপং 
পান কৰি
পাহৰিব পাৰি জীৱনৰ সৰ্বস্ব বিষাদ 
অথবা উজ্জ্বীৱিত কৰিব পাৰি সমস্ত শৰীৰ 
কেৱল তেনেকৈ ভাবি নাহিবা 
মোৰ বুকুৰ বান্ধৈ’’

কি এক আহ্বান এই স্তৱকটিৰ— দিচাংমুখ মানে কেৱল আপং খোৱাৰ থলী নহয়, আপং খাই শৰীৰ উজ্জ্বীৱিত কৰাৰ স্থান নহয়৷ ইয়াৰ মানুহ নদীৰ দৰে উদাৰ, দিচাংমুখৰ মানুহৰ অৰণ্যৰ দৰে কোনো আক্ষেপ নাই ৷ ঠাইখনলৈ নিমন্ত্ৰণ আছে : ‘‘সুখ-দুঃখৰ পোহাৰ মেলি/ সৃষ্টিৰ প্ৰেৰণা বুটলি/ সম্প্ৰীতিৰ সংশয় ৰোধিবলৈ / আহিবা মোৰ দেশৰ মানুহ৷’’ সকলো জনজাতিক আন্তৰিকতাৰে আঁকোৱালি লৈ বহল উদাৰ অসমীয়া সমাজৰ ভেটি গঢ়িবলৈ ১৯২০ৰ দশকতে মহীচন্দ্ৰ মিৰিয়ে কৰা আহ্বানৰেইতো এয়া আছিল প্ৰতিধ্বনি— ৰোধ কৰিব লাগিব ‘সম্প্ৰীতিৰ সংশয়’! আৰু সেইবাবেই ১৯৯৮ত গংগামোহন মিলি নামৰ তৰুণ কবিজনৰ ‘দিচাংমুখৰ এবাটি আপং’ নামৰ কাব্য সংকলনটিয়ে প্ৰকাশৰ লগেলগেই কাব্যপ্ৰাণৰ মাজতেই নহয়, সমাজৰ বহু শুভচিন্তকৰ মনতো খলক তুলিছিল৷ সেই কবিতা সংকলনটিয়ে ২৫ বছৰ অতিক্ৰম কৰিছে— শেহতীয়াকৈ প্ৰকাশ পাইছে সংকলনটিৰ পঞ্চম সংস্কৰণ৷ ‘দিচাংমুখৰ এবাটি আপং’ কাব্যগ্ৰন্থৰ প্ৰতি অসমীয়া কাব্যৰসিকৰ এই সঁহাৰি ধেমালি নহয়!

 অসমীয়া কাব্যক্ষেত্ৰতে দিচাংমুখ আৰু গংগামোহন যেন সমাৰ্থক৷ এই সংকলনৰ বাবেই দিচাংমুখে অনেকক বিশেষভাৱে মাতিছিল৷ মনত পৰে, এবাৰ অৰিন্দম বৰকটকী আৰু ৰফিকুল হোছেইনৰ সৈতে উজনিযাত্ৰাত দিচাংমুখত নিশা কটোৱাৰ পৰিকল্পনাও কৰিছিলো৷ কিন্তু বোকাখাতত গাড়ীত উঠিয়েই ‘দিগন্ত, আমি গৈয়েই থাকিম নে’ বোলা ৰফিকদাৰ কথাৰ মৰ্মাৰ্থ বুজি যোৰহাট বাইপাছৰ পৰা ওলাওঁতেই দিনটোৱে গধূলি ভাঙি সান্ধ্যসাজো সলাইছিল৷ আৰু বৰ্ষণমুখৰ নিশা যেতিয়া অৰিন্দমৰ পত্নীৰ মৰাণৰ ঘৰ ওলাইছিলোগৈ, তেতিয়া কুকুৰাৰো টোপনিৰ ৰাগ ভাগি কলমটনি লাগিবৰ হৈছিল৷ আমি দিচাংমুখ গৈ নোপোৱা এই যাত্ৰাৰ এক ‘ৰফিকুলীয় গদ্য’ ইতিপূৰ্বেই প্ৰকাশ পাইছে৷

পঞ্চম প্ৰকাশৰ বকলা পিঠিৰ সত্যজিত নাথে কৰা শিল্পকৰ্মৰ অংশ

 সেইবাৰ দিচাংমুখৰ যাত্ৰাৰ সামৰণি পৰিছিলগৈ মৰাণ-দুলীয়াজান হৈ ডিব্ৰু-ছৈখোৱাত৷ কিন্তু দিচাংমুখৰ এবাটি আপঙে তোলা খলকৰ বাবেই পাছত সেই ভৰুণ তটিনীৰ মোহনাত আচ্ছন্ন হৈছিলোগৈ গংগামোহন মিলি, জনৰাজ য়েইনকে ধৰি অনেকৰ কবিতা আৰু ঐনিতমৰ ৰাগিত৷ গভীৰ নিশা ঘাটত এৰাল দি মোহনাত মেলি দিয়া ডিঙাত উন্মুক্ত আকাশমুখী হৈ ঐনিতম আৰু বাঁহীৰ সুৰ পান কৰাৰ কেনে এক অপূৰ্ব মাদকতাময় পৰিকল্পনা কৰিছিল জনৰাজে!

সেইদিনাও দিচাংমুখত আকাশে কান্দিছিল৷ বা ক’ব পাৰি, মাদকতাময় পৰিৱেশত মাতাল হ‘বলৈ ডাৱৰবোৰ বৰষুণ হৈ নামিছিল৷

 আফচোছ, অনন্ত সৃষ্টিশীল মনৰ গৰাকী জনৰাজ আজি আৰু নাই৷

কিন্তু দিচাংমুখে বিক্ৰমসিং য়েইন, অনিল পাংগিং, অনুজ য়েইন, চেদি মেল’ৰ দৰে অনেক কবি-শিল্পীক নিৰন্তৰ সাৰপানী যোগাই আহিছে৷ সেই দিচাংমুখেই গংগামোহনৰ স্ৰষ্টা৷ সেইবাবেইতো তেওঁ ক’ব পাৰে, ‘‘আমি জন্মসূত্ৰে লাভ কৰিছিলোঁ /নদীক ভালপোৱাৰ বৰ্ণমালা /নিৰিবিলি আত্মীয়তাৰে স্নান কৰি /পাহৰি যাওঁ যন্ত্ৰণাৰ দিনলিপি৷’’

ফেচবুক লিংক - https://www.facebook.com/share/p/1VAQyCbv2H/

No comments: