Saturday, October 04, 2025

এজন মহাপ্ৰাণ অসমীয়া

কিবা এটা বিষয় পঢ়িবলৈ গৈ পাঠ্যপুথি পোৱা নাই, গৱেষণা কৰিবলৈ গৈ বিষয়টোৰ কিতাপ পোৱা নাই৷ আপুনি-মই কৰিম কি? বিষয়টো বাদ দিম, এয়াই স্বাভাৱিক৷ 

কিন্তু ‘অস্বাভাৱিক’ মানুহো আছে৷ তেনে ‘অস্বাভাৱিক’ মানুহে পঢ়িবলৈ পাঠ্যপুথি নাপালেও ঘূৰ্মুটিয়াই ফুৰে৷ আৰু গৱেষণাৰ বাবে কিতাপ নাপায় কি কৰে?—অগ্ৰজ ইতিহাসবিদ সূৰ্যকুমাৰ ভূঞাৰ পৰামৰ্শক্ৰমে সেই তৰুণ গৱেষকে বিষয়টোৰ কিতাপ লিখে৷

দেশজোৰা খ্যাতি অৰ্জন কৰা— অসম-অসমীয়াই গৌৰৱ কৰিব পৰা সেই মানুহজনৰ আজি ওপজা দিন৷


অসমীয়া সমাজৰ প্ৰচলিত বাগধাৰাত সাহিত্যিক আৰু শিল্পীৰ যি কদৰ, আন কোনো লোকৰ প্ৰতি তেনে কদৰ নাই৷ আনহে নালাগে  সন্তানক বৃত্তিগতভাৱে চিকিৎসক-অভিযন্তা কৰিব খোজা সমাজখনত অত্যন্ত নিষ্ঠাৰে সেৱা আগবঢ়াই দেশতে সুনাম অৰ্জা ডাক্তৰ-ইঞ্জিনিয়াৰৰেই বা আদৰ আছে কিমান—প্ৰয়োজনত তেওঁলোকৰ কাষ চপাৰ বাহিৰে? বিজ্ঞান-কৃষি-ভূগোল আদিৰ অটল সাধনাৰে আদৰ্শ স্থাপন কৰাসকল ক’ৰবাতেই ৰয়—যিসকলৰ আদৰ্শৰে আমাৰ উত্তৰ পুৰুষক উজ্জ্বীৱিত কৰাটো সমাজখনৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থতে কিন্তু জৰুৰী৷

৪ অক্টোবৰত জন্মগ্ৰহণ কৰা ভূৱন মোহন দাস আমাৰ বাবে তেনে এগৰাকী আদৰ্শস্থানীয় ব্যক্তি৷

১৯৩১ চনৰ ৪ অক্টোবৰত ওপজা ভূৱন মোহনে ১৯৪৭ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত নাম ভৰ্তি কৰিব খুজিছিল, তেতিয়া তেওঁক নতুনকৈ মুকলি কৰা নৃতত্ত্ব বিষয়টো ল’বলৈ বিভিন্নজনে পৰামৰ্শ দিছিল৷ নতুন বিষয়টোৰ কিতাপ পাবলৈ নাই, আলোচনা কৰিবলৈ অগ্ৰজ ছাত্ৰ নাই—কিন্তু উদ্যম ষোলঅনাই আছিল৷ আৰু আছিল জ্যেকষ্ঠ ভাতৃ বিৰাজ মোহন দাসৰ সাহস৷ পাছলৈ  বিষয়টোৰ মোহত ভূৱন মোহন দাস এনেদৰে আৱিষ্ট হ’ল যে ১৯৫১ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্বৰ প্ৰথম বেটছৰ অনাৰ্চ হৈ তেখেতে উচ্চতৰ অধ্যয়নৰ বাবে পাইছিলগৈ কলকাতা বিশ্ববিদ্যালয়—য’ত লাভ কৰিছিল সেইকালৰ খ্যাতিমান নৃতত্ত্ববিদ এছ এচ সৰকাৰ, এন কে বোস, এম এন বসু, কে পি চট্টোপাধ্যায়, আৰু গুৰু কান্তিভূষণ প্ৰকাশীৰ সান্নিধ্য৷ বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই প্ৰকাশ পোৱা ভূৱন মোহন দাসৰ দুখন গৱেষণাপত্ৰই বিদ্বৎসমাজৰো দৃষ্টি আকৰ্ষণ কৰিছিল৷ প্ৰথম শ্ৰেণীৰ এম এছ চি ডিগ্ৰী লৈ ১৯৫৪ত একেসময়তে কটন কলেজত অধ্যাপনা আৰু এছ এছ সৰকাৰৰ তত্ত্বাবধানত ৰাভাসকলৰ বিষয়ে গৱেষণা কৰিবলৈ গৈ যেতিয়া ক্ষেত্ৰ অধ্যয়নৰ বাহিৰে কোনো কিতাপ পোৱা নাছিল, অনুসৰণ কৰিছিল সূৰ্যকুমাৰ ভূঞাৰ পৰামৰ্শ :  ৰাভাসকলৰ বিষয়ে তুমি কিতাপ পঢ়িব বিচাৰিলে প্ৰথমে নিজে লিখি লোৱা!

ভূৱন মোহন দাস অসম তথা উত্তৰ পূৰ্বাঞ্চলত নৃতাত্ত্বিক অধ্যয়নৰ প্ৰথমগৰাকী ঋত্বিক৷ নৃতত্ত্বক জনপ্ৰিয় কৰা, অসমীয়া ভাষাত নৃতত্ত্বৰ পাঠ্যপুথি লিখা, শিশুৰ বাবে এই বিষয়ৰ কিতাপ ৰচনা কৰা— এনে অলেখ পৰিচয়ৰ ঊৰ্ধত তেখেতৰ বিশাল পাণ্ডিত্যৰ বাবেও ভূৱন মোহন দাসে লাভ কৰিছিল বিশেষ প্ৰসিদ্ধি ৷ ইটালী, জাৰ্মানী আদি দেশৰ ভালেমান বিশ্ববিদ্যালয়ৰ তেখেত আছিল আমন্ত্ৰিত বক্তা—বিদ্যায়তনিক কাৰণতে ভ্ৰমণ কৰিছিল ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া, গ্ৰীচ, ডেনমাৰ্ক, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, হাংগেৰী, ইজিপ্ট, বেলজিয়াম, নেডাৰলেণ্ডছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশ৷ ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত তেখেতৰ ঐকান্তিকতা, বৈজ্ঞানিক সমলৰ প্ৰয়োগ, গভীৰ অনুসন্ধিৎসা, পূৰ্বধাৰণা ৰহিত বিচাৰ আদিৰ বাবেই উত্তৰ পূৱৰ নৃতাত্ত্বিক অধ্যয়নৰ তেখেতক পিতৃপুৰুষৰূপে অভিহিত কৰা হয়৷ পোষ্ট ডক্টৰেল অধ্যয়নৰ সময়ত তেখেতে অসমৰ জনগোষ্ঠীৰ চুলি জাৰ্মানীৰ গৱেষণাগাৰতো পৰীক্ষা কৰাইছিলগৈ— জ্ঞানৰ প্ৰতি তেখেতৰ ইমানেই আছিল ধাউতি৷

২০০৮ৰ ২২ জানুৱাৰীত মৃত্যুবৰণ কৰা এইগৰাকী মহাপ্ৰাণ অসমীয়াক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ৷

-দিগন্ত ওজা

No comments: